ন প্ৰভাত -মানবেন্দ্ৰ কুমাৰ শৰ্মা

 

‘ৰিজু উঠানা৷’
ৰিজু নুঠিল, তাই আমন-জিমনকৈ বহিয়েই থাকিল৷ মালাৰ বেয়া লাগিল৷ হ’ল বুলি ইমানকৈ মাতাৰ পিছতো ৰিজুই উঠিব নালাগেনে? আজি আবেলিটোৱে তাই পানী কৰি দিলে! আজিকালি সিহঁতে খেলাৰ বাবে সময়ো কমকৈ পায়, নতুন স্কুলৰ পৰা খোজ কাঢ়ি ঘৰ পাওঁতে প্ৰায় এক ঘণ্টামানেই লাগে৷ ভাত-পানী খাই খেলিবলৈ আহোঁতে বেলা পৰি আহে, অলপ পিছত এন্ধাৰেই নামিব৷ আজি বা ৰিজুৰ কি ঠেহ লাগিল! অলপ খেলিয়েই তাই যি বহিল, বহিয়েই আছে৷ মালাই ইমান মাতি আছে অথচ তাই নুঠে, কথাও নকয়৷
মালাৰ খং উঠিল৷ হ’ল বুলি আৰু কিমান সহ্য কৰিব! ‘তুমি উঠিবানে? নহ’লে মই ঘৰলৈ যাওঁ, তোমাৰ যি মন যায় কৰি থাকা৷ ’
মালা সঁচাকৈ যাবলৈ ওলাল, ৰিজুই কান্দিব ধৰিলে৷ মালা বিবুদ্ধিত পৰিল৷ কিয় কান্দিছে তাই? এতিয়া কি কৰা যায়?
‘তোমাৰ কি হ’ল ৰিজু? ’
ৰিজু নিৰুত্তৰ, তাইৰ কান্দোন বাঢ়িলহে৷
উপায়হীন মালাই একে দৌৰেই গৈ ৰিজুৰ ঘৰ পালে৷ ৰিজুৰ মাকো আহিল, মাকক দেখি ৰিজু বহাৰ পৰা উঠিল৷ তাইৰ ফালে চাই মাকে সকলো বুজিলে, মুখেৰে এটা তপত হুমুনিয়াহ ওলাল৷ এদিন তেৱোঁ এনেদৰেই কান্দিছিল৷ ৰিজুই পিন্ধি থকা কাপোৰত স্পষ্ট হৈ জিলিকি আছে সেই ৰঙা ৰঙা ডগ্‌মগীয়া দাগ!
নিজকে আশ্বস্ত কৰি ৰিজুৰ মাকে ক’লে, ’মাজনী তই একো চিন্তা নকৰিবি৷ যিদৰে প্ৰাইমাৰী স্কুল এৰি ওপৰৰ ক্লাছ পালি, সেইদৰে তই ডাঙৰো হ’লি৷ এইবোৰ ডাঙৰ হোৱাৰহে চিন, বেলেগ একো নহয়৷ তই ভয় নকৰিবি, একো চিন্তা নকৰিবি৷’
কিন্তু জীয়েকক চিন্তা নকৰিবলৈ ক’লেও ৰিজুৰ মাকৰহে চিন্তা লাগিল! কি কৰা যায় এতিয়া? এই ক্ষেত্ৰত যা-যোগাৰৰ বাবে পৰ্যাপ্ত সময়ো পোৱা নাযায়, নিয়মমতে হাতত মাত্ৰ তিনিদিনহে৷ মাতিবলগীয়া মানুহো বহুত; ইষ্ট-কুটুম্ব বা গাঁৱৰ মানুহ কাক বাদ দিব? অনুষ্টুপীয়াকৈ নিয়মটো কৰোঁ বুলি ভাবিলেও ভালেখিনি পইচাৰ দৰকাৰ৷ তাতেই মানুহবোৰৰ আজিকালি যিহে ধুম উঠিছে; দুদিনমান আগতে মণ্ডলৰ জীয়েকৰ যেন একেবাৰে বিয়াখনহে পাতিলে, বেণ্ড পাৰ্টিও মাতিছিল৷ সিহঁতে এতিয়া কি কৰিব! মানুহজনে গা তঙাই দুদিনমান আগতে উঠিছেহে৷ সাঁচতীয়া যি অলপ আছিল মানুহজনৰ বেমাৰত তাৰো তলি উদং হ’ল৷
ৰিজুৰ মাকে ক’লে, ‘যোৱাচোন মালা, এখেত পথাৰতে আছে, সোনকালে আহিব কোৱা৷’
ধাননিৰ মাজৰ আলিয়েদি মালাই দৌৰ দিলে৷
‘তাৱৈ’
ৰিজুৰ দেউতাকে ঘূৰি চালে৷
‘আমৈয়ে আপোনাক মাতি পঠিয়াইছে৷ ’
দুয়ো খৰ-ধৰকৈ ঘৰলৈ আহিল৷
কথাটো শুনি ৰিজুৰ দেউতাকৰ কেনে লাগিল নিজেই ধৰিব নোৱাৰিলে৷
ৰিজুৰ মাকে সুধিলে, ‘মনটো মাৰি পেলালে যে? ’
’ৰ’বা আমাৰ গোটৰ সঞ্চয়ৰ পৰা কিমান টকা ল’ব পাৰি তাৰেই হিচাপ কৰি আছোঁ৷ ’
ৰিজুৰ মাকে ক’লে, ’ ধাৰলৈ টকা-পইচা একো আনিব নালাগে দিয়ক৷ এতিয়া ধাৰ লোৱা মানে পিছলৈ আৰু বোজা বাঢ়িবহে৷ ’
’আৰে তুমি কি কোৱা? নিয়মটো কিবাকৈ কৰিবলৈও চোন আমাৰ হাত খালি? ’
’নিয়ম মনাৰ সঁচাকৈয়ে প্ৰয়োজন আছেনে নাই, কথাটো ময়ো বহুত ভাবিলোঁ৷ আৰু নিয়ম মানেনো কি? আচলতে এই অৱস্থাৰ স’তে নিজকে খাপ খুৱাবলৈ তাই ভালকৈ শিকিবহে লাগে৷ মই আছোঁ তাইক বুজাবলৈ, মই মাকজনীয়ে শিকাব নোৱাৰিলে গোটেই জগৎখন উঠি আহিলেও তাইক একো বুজাব নোৱাৰে৷ আজিকালি সিহঁতে বহুত কথা জানেই, কেৱল প্ৰথমতে সেইবোৰৰ মুখামুখি হওঁতেহে অসহজ বোধ কৰে৷’
‘তথাপিও নিয়ম বুলি একো নকৰিবানে? ’
‘নিয়মবোৰ মানুহৰ সুবিধাৰ বাবে মানুহেই বনোৱা নহয় জানো? সেইবোৰ সেই সময়ৰ সমাজ ব্যৱস্থাৰ লগত হয়তো খাপ্‌ খোৱা আছিল, কিন্তু আজিৰ যুগৰ লগত সঁচাকৈ খাপ খায়নে? আমি নামতহে আধুনিক হ’লোঁ, কিন্তু প্ৰাচীন আচাৰবোৰ খামোচিয়েই থাকিলোঁ৷ আগতে বাল্য বিবাহৰ প্ৰচলনো আছিল, সময়ত ছোৱালীজনী বিয়াৰ নামত কাৰোবাৰ ঘৰলৈ উলিয়াই দিব পাৰিলেই মাক-বাপেকে বৃহৎ সফলতা বুলি ভাবিছিল৷ বিয়াৰ উপযুক্ত সময় হোৱাৰ ইংগিত ছোৱালীবোৰক ঈশ্বৰে এনেদৰেই দিয়ে বুলি মানুহে বিশ্বাস কৰি সেই কথাটো সকলোৱে জানক সেই ভাবতহে ঢাক-ঢোল পিতিছিল- আমাৰ জনীও বিয়া দিব পৰা হ’ল, কোন ক’ত আছ’ ওলাই আহ, অন্ততঃ আমাৰ এইজনীকো কোনোবাই পছন্দ কৰ!
তেতিয়াতো পঢ়া-পাতিৰ কথাও নাছিল, বিয়া দিব পাৰিলেই যেন লেঠা শেষ! আমি এইক সাধ্যমতে পঢ়োৱাৰ কথা ভাবিছোঁ, গতিকে ঢোল পিতাৰ কি দৰকাৰ? আপুনি চিন্তা নকৰিব, নিয়মৰ কথা আৰু আমি নাভাবোঁ৷ ’
‘তথাপিও মানুহে আমাক বেয়া বুলে যদি? তেতিয়া জানো তোমাৰ ভাল লাগিব? ’
‘মানুহৰ কথা ভাবি সকলো কাম কৰিলে আমাৰেই সমস্যা৷ কোৱা মানুহ বহুত ওলায়, কিন্তু বিপদৰ সময়ত কাকো নাপায়৷ কোনোবাইতো সঠিক বাট দেখুৱাবই লাগিব৷ চাব, আমি এই বাটে যোৱাৰ পিছত লাহে লাহে আন বহুতেও এই বাট ল’ব৷ আমি আমাৰ সাধ্য মতেহে ব’ঠা বোৱা ভাল, বেলেগক দেখুৱাবলৈ গৈ ময়ুৰৰ পাখি গুজি পেখম ধৰিলে পিছত কিজানি কোনো কূলৰে নহ’ম৷’
‘অৱশ্যে কথাবোৰ তুমি ঠিকেই কৈছা৷ আমাৰ দৰে মানুহৰ বাবে এই ৰীতি আচলতে অযথা খৰচৰ বাটহে৷ পিচে চাবা যাতে তাই মনত অসন্তোষ নাপায়৷’
‘আপুনি চিন্তা নকৰিব৷ তাইৰ মনত এইবোৰ সহজ নোহোৱালৈ আমি লগত থাকিমেই, মালাহঁতৰ ঘৰখনো আছে৷ সোণকালেই তাই সৱ বুজি উঠিব৷ আমি তাইক ঠিক মতে কিদৰে ৰাখিব পাৰোঁ সেইটোহে চাব৷ সিদিনা মণ্ডলৰ ঘৰলৈ যাওঁতে দেখিলোঁ, এইফালে একেবাৰে কি কাৰবাৰ, কিন্তু সেইফালে জীয়েকক ৰাখিছে মাটিত বিছনা পাৰি৷ এই সময়ত আমাৰ গালৈ বেমাৰ সহজে সোঁচৰে, মাটিত থাকিলে সেই সম্ভাৱনা আৰু বেছি৷ সেয়ে তাইক মই বিছনাত থাকিব দিছোঁ৷ ’
‘ভালেই কৰিছা, পিছে তাই এতিয়া কি কৰি আছেনো? ’
‘কিয়, আপুনি এবাৰ চাই নাহে কিয়? ’
‘আৰে তুমি কি কোৱা? এই সময়ত পুৰুষৰ মুখ চাব নাপায় বুলি নকয় জানো? ’
‘একো নহয় যাওক, মই তাইক সৱ শিকাই-বুজাই আহিছোঁ৷ আৰু তাই পুৰুষৰ নহয়, বাপেকৰ মুখখনহে চাব৷ আপোনাক দেখিলে তাই মনটোত অলপ সাহো পাব৷ ’, ৰিজুৰ মাকে হাঁহি মাৰি ক’লে৷
‘কথাটো অৱশ্যে ঠিকেই কৈছা৷ ব’লা আমি মাজনীৰ কাষলৈ যাওঁ৷ ’
‘ৰ’ব, আপুনি ভালকে মুখ-হাত ধুই আহক৷ চাব যাতে আমাৰ পৰা তাইলৈ ৰোগ সোঁচৰাৰ সুযোগ নাপায়৷ ’
মালা লগত আছিল যদিও ৰিজুই মন মাৰি আছিল৷ মাক-দেউতাকে গৈ মাত লগালে, ‘মাজনী! ’
ৰিজুৰ মুখত হাঁহি ফুটিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments