ন-হন্যতে –জোনমণি দাস

 

তোমাৰ হাত দুখন মোৰ চকুলোৰে তিতিলত
বেলিফুলবোৰ মৰহি থাকিল

মোৰ হাতদুখন তোমাৰ দুহাতত উমাল হৈ উঠিলত
উইচিৰিঙাই উচুপি উঠিল

খোলা খিৰিকিৰে সোমাই
মোৰ বুকুত বহিবলৈ আহিল
বিনৈ বনৰ বতাহ

বতাহত মোৰ আধা লিখা কবিতাৰ কাগজখন উৰি গ’ল
গধূলি হ’ল ডাউকৰ ডেউকাত

তোমাৰ হাতৰ পৰা মোৰ হাতদুখন মোকলাই মই
আইনাত মুখ চাওঁতেই দেখিলোঃ

তোমাৰ চকু দুটা চৰাই হৈ উঠিছে
আৰু চাউল বিচাৰিছে
মোৰ শূন্য হাতৰ আঁজলিত…
————————-

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক