পকা ধানৰ মাজে মাজে (দুই ) (মাধুৰীমা ঘৰফলীয়া)

শুৱনি আমাৰ গাওঁখন অতি
শুৱনি গছেৰে ভৰা,
ডাল ভৰি ভৰি ফল ফুল লাগে
ক’ত পাওঁ তলসৰা।

সাৰৌপ, সাৰৌপ……..মা ঐঐঐঐঐঐঐঐঐ আয়ৈ ঐঐঐঐঐঐঐ…..
টেটুফলা চিঞৰ এটা মাৰি আইজনীয়ে ভিতৰলৈ লৰ মাৰিলে। বাপেকে তেতিয়াও হালোৱা এছাৰি ডাল জোকাৰিয়ে আছিল !
-ঐ হাইজাত মৰা , লআজনীয়ে পঢ়ি আছিল তইনো বাউ তাইক তেনেকৈ কোবাব লাগে নে……কিহৰ হাতৰ খজুৱতি লাগি আছে হয় নে….খবৰদাৰ আজিৰ পৰা লআৰ গাত হাত দিবি খুন্দনা মাৰি মুৰ ফালি দিম ….
কথা নাই বতৰা নাই আইজনীক তেনেকৈ কোবোৱা দেখি আইতাক জকজকাই উঠিল।
-তই মনে মনে থাক আই , নিজেতো ক ৰ চুক কেইটা তাকে নাজান, নাতিনীয়েৰে হতকো তেনে কৰিব নালাগে।
-ক নাজানিলে কি হব তোৰ দৰে আমি মুৰুখমতি নহয় নহয়। আয়ৈ লআজনীয়ে ইমান শুৱলা কৈ পঢি আছিল, সি কেঁচাই-খোৱাই আহি তাইক কন্দুৱালেহি।
-তোৰ সেই লআজনীয়ে যে বৰ নেওঁতাখন মেলি লৈ কবিতা পঢি আছিল সেইয়া জানো তই জা’ন আই ?
-তাৰ পৰানো কি হল , নেওতাত কিবা কবিতা থাকিব নাপায় নেকি……
মাকৰ অঁকৰামিখিনিত দেখি ৰংমনৰ হাঁহি উঠি গল। হাঁহি হাঁহিয়ে কলে
– পায় পায়….পিছে শুৱনি আমাৰ গাওঁ খনি নেওঁতাত নাথাকে, তাত এক এক গুণ এক হে থাকে।
মাকৰ মুখখন মেল খাই গল। মাকক তাতে এৰি সি নাদৰ ফালে গল। পথাৰৰ পৰা আহি ভৰি হাত ধুৱা হোৱাই নাই।
-আইজনীৰ মাক ঐঐ.. গামোচাখন দে চোন।
ৰংমনৰ মাতত ভিতৰৰ পৰা গামোচাখন লৈ আইজনীৰ মাক নামৰ শৰীৰটো ওলাই আহিল। সেইটো শৰীৰত এতিয়া দগমগীয়া গাভৰু সোনমণীৰ অলপো চিনচাব নাই। ঘৰ সংসাৰত পৰি এতিয়া সেই শৰীৰ ৰংমনৰ বাবে আইজনীৰ মাক হৈ পৰিছে, আন কাৰোবাৰ বাবে বোৱাৰী, লৰা-ছোৱালী হালৰ বাবে মা…….সোনমণীৰ ঠাইত শৰীৰটোৱে বিভিন্ন জনৰ বাবে বিভিন্ন পৰিচয় হৈ পৰিছে। হয়তো সোনমণীয়ে নিজেও পাহৰি পেলাইছে তাই যে এসময়ত সোনমণী আছিল, তাইৰো নিজৰ বুলি, একান্তই নিজৰ বুলি মন এটা আছিল। এইবিলাক কথা লৈ মুৰ ঘমাবলৈও সিহঁতৰ সময় নাই।
-সৰুকনৰ বাপেক আহিছিল, পৰহিলৈ বোলে সিহঁতৰ ন ভূই। হালখন খুজিছে….
ৰংমনক গামোচাখন দি আইজনীৰ মাকে কথাটো কলে।
-তই পিছে কি কলি ?
-মইনো কি কম, আমাৰ ন ভুইৰ দিনাও টো সিহঁতি লাগি দিবহি লাগিব, গতিকে মহেনে হাল লৈ যাব বুলি কলো।
মহেন ৰংমনৰ ঘৰৰ হালোৱা লৰাটো নাম।
-ভালে কলি দে….ই বিটু কত গল ?
-ভিতৰতে আছে…বায়েকে মাৰ খোৱা দেখি টেপেচা লাগি আছে।
-অ…..হেৰি নহয় চাহপানী এবাটি দে মই বাৰীতে অলপ লাগো। বাঁহনিৰ ফালৰ তামোল কেইজোপা বাঁহ কেইজোপামানে হেঁচি ধৰিছে ,সেই কিজোপা কাটিয়েই পেলাওঁ।
আইজনীৰ মাকে সন্মতিসূচক ভাবে মুৰ দুপিয়াই পাকঘৰলৈ সোমাই গল। ৰংমনে পীৰা এখন লৈ বাৰাণ্ডাতে বহি পৰিল। নিজৰ হাতখনলৈ চালে সি, নাঙল , কোৰৰ নাল ধৰি ধৰি হাতখন দিনে দিনে খহটা হৈ পৰিছে। হয়তো ক’ৰবাত মনটোও খহটা হৈ পৰিছে। মনৰ কথা ভাবিবলৈ আজি কালি সময়ে নোহোৱা হল দেখোন ! বাপেক ঢুকুৱাৰ পাছত উত্তৰাধিকাৰী হিচাপে সিয়েই গাওঁৰ গাঁওবুঢ়া হল। মাটি বাৰীৰ হিচাপত আনৰ সমানেই হলে কি হব , তথাপি সি গাঁওবুঢ়া। মান মৰ্যদা অলপ হলেও আনত কৈ বেছি। তাতে লৰা ছোৱালী এহাল হোৱাৰ পাছত তাৰ দায়িত্ববোধো বাঢ়িল।
-লওক।
ৰংমনৰ ভাবত খেলিমেলি লগাই আইজনীৰ মাকে চাহপানী এবাতি তাৰ কাষতে দি মাত লগালে।

চাহপানী বাতি খাই ৰংমন দা খন লৈ বাঁহনিৰ ফালে গল। বাঁহ কেই জোপা কাটি মহেনক চিঞৰ এটা মাৰি বাঁহ কেইটা মুকলি লৈ টানি উলিয়াবলৈ কৈ সি পুনৰ পথাৰৰ ফালে গল। মহেনে পথাৰৰ মাজৰ কঠীয়ানি এখনতে হালোৱা গৰু হাল এৰাল দি থৈছিল , এৰাল ডাল অলপ লৰাই দিলে ভাল হব বুলি সি ভাবিলে। ৰ’দটো চৌ চৌৱাই দি আছিল। ৰোৱনীবোৰ তেতিয়াও পথাৰতে আছিল।

আয়ৈ খালেঐঐঐঐঐঐঐঐঐঐঐঐঐঐঐঐঐঐঐঐঐঐঐঐ………..
নিজৰ ভাবতে মগ্ন হৈ গৈ থকা ৰংমন চক খাই উঠিল। ইফালে সিফালে চাই দেখিলে ৰোৱনী এজনীয়ে তালফাল লগাই পথাৰৰ কেঁচা আলিবোৰ ভাঙিছে। ৰংমনৰ হাঁহি উঠি গল। জোক লাগিব পাই। জোকলৈ ইমান ভয়য়ে যদি ৰুবলৈ নো কিয় আহে এইবোৰে….ৰংমন লৰালৰিকৈ সেইফালে আগবাঢ়ি গল। ইতিমধ্যে ৰোৱনী জনীৰ লগত থকা কেইজনীও তাইক সহায় কৰক চাৰি ভয়ে ভয়ে আলিত উঠিল গৈ।
-জোকলৈ যদি ইমান ভয়ে ৰুবলৈ আহনো কিয় অ…
ৰংমনে ৰোৱনীজনীৰ ভৰিটো থাপ মাৰি ধৰি কলাফুলৰ পৰা মস্ত ডাঙৰ জোক এটা এৰুৱাই আনি দূৰলৈ দলিয়াই দি কলে। জোকটো দেখি বাকী কেইজনী ভয়তে কোচ-মোচ খাই গল।
-ভয় লাগে বুলিয়েই নুৰুলে হে হব। জোকটো এনেও এৰিলেহেঁতেন , তোক কোনে এৰুৱাবলৈ আহিবলৈ কৈছিল …
জোক লগা গৰাকীৰ খেচখেচনী শুনিহে ৰংমনে তাইৰ মুখলৈ চালে। জয়া !!! ৰংমনে ভেবা লগা দেখি জয়াও থতমত খাই গল। তাই লৰালৰিকৈ বিশৃংখল হৈ পৰা কঠীয়াৰ ফেৰাটো চিজিল কৰাত লাগিল।
-তাই তেনেকৈ কলে কি হব ৰংমন কাই….জোকটো তই নেৰুৱা হলে তাই আজি গোটেই পথাৰৰ আলি ভাঙি শেষ কৰিলেহেঁতেন। হো ল তামোল এখন ল ….
মামণী নামৰ ৰোৱনী জনী হাঁহি হাঁহি কথাটো কৈ ৰংমনক তামোল এখন দিলে। ৰংমনেও পৰিবেশটো পাতল কৰিবলৈ কলে-এৰা ভালৰ দিন নাইকিয়া হল বুজিছ মামণী। দে দে তামোলকে খাওঁ। পিছে এইবাৰ যদি জোক লাগে মানুহৰ নাম ধৰি চিঞৰিবি দেই।
ৰংমনৰ কথা শুনি জয়াৰ বাহিৰে গোটেই কেইজনী ৰোৱনী খিলখিলাই হাঁহি উঠিল। পানীত জপং জপং শব্দ কৰি ৰংমন আঁতৰি গল। তাৰ ফালে পিঠি দি ৰৈ থকা জয়াই তালৈ উভতিও নাচালে , পিছে জপং জপং শব্দটোৱে তাইৰ বুকুত এক অদ্ভুত ঢৌ তুলি থৈ গল। মামনীহতৰ খিল খিলনিবোৰ তাইৰ কানত যেন সোমোৱাই নাই। মনটোৱে বাৰে বাৰে কিবা কিবি বোৰ ভাবিবলৈ ধৰিলে। কিমান দিন হল বুকুখন এনেকৈ কঁপি উঠা নাই….কিমান দিন হল শৰীৰৰ মাজেৰে গৰম বতাহ এজাক বৈ নোযোৱা ! সেই যে তাইৰ মনৰ কথা নুবুজাৰ বাবেই সি সোনমণীক পলুৱাই নিছিল সেইদিনাৰ পৰাই টো অলপ অলপ কৈ তাই মৰি গৈছিল। চকুপানীবোৰ শুকাই গৈছিল। মাক বাপেকে বৰ জোৰ কৰাতো তাই কাৰো সৈতে বিয়াত নবহিল। ৰংমনৰ সৈতে বাটে পথে দেখা দেখি হলেও কেতিয়াও মাতবোল নকৰে। চকুলৈও নাচাই। জোৰ কৰিয়েই তাই সেই আবেগবোৰ মাৰি পেলাইছিল। সেইখিনি আবেগেই আজি ৰংমনৰ অলপ স্পৰ্শতেই যেন আকৌ পাহ মেলি উঠিছে। জয়াৰ কঠিয়া গুজি থকা হাতখন কঁপি উঠিল।

গৰু হালৰ এৰাল দিয়া ঠাই সলনি কৰি দি ৰংমন কঠীয়ানি খনতে থকা গছ এজোপাৰ ছাঁতে বহি পৰিল। দূৰৈত ৰুই থকা জয়াহঁতলৈ চালে সি। হুমুনিয়াহ এটা ওলাই গল। ছোৱালীজনীয়ে বিয়াত নবহিলেই। হয়তো তাই তাক বহুত ভাল পাইছিল। পিছে কৱ নোৱাৰা দোষতেই তাই চিৰ জীৱনৰ বাবে অকলশৰীয়া জীৱন এটা আকোৱালি ল’লে। সোনমণীক আকোৱালি ল’বলৈ যাওঁতে সি দেও দি যাব লগা হল তাইৰ মৌন ভালপোৱা , হয়তো সিহঁত দুয়োটাই দেখা সপোনবোৰ। এক অজান দুখ বোধে ৰংমনক চুই গল।

-গাটো বেয়া নেকি আপোনাৰ ?
আইজনীৰ মাকৰ মাতত ৰংমন চক খাই উঠিল।
-ন..হ..য়..!!
-তেতিয়া হলে ভাত কেইটা লিৰিকি বিদাৰি আছে যে….?
এইবাৰ ৰংমনে একো উত্তৰ নিদিলে। কাষতে থকা চৰিয়াটোতে হাতখন ধুই ভাতৰ পাতৰ পৰা উঠি আহিল। সেই দুপৰীয়াৰ পৰাই তাৰ মনটো কিবা লাগি আছে। নাভাবোঁ বুলি ভাবিলেও বাৰে বাৰে জয়াৰ মুখখনে তাক আমনি কৰিছেহি।
-দুপৰীয়া বোলে আপুনি জয়াহঁতৰ পথাৰলৈ গৈছিল…..
আইজনীৰ মাকে তামোলৰ বটাটো লৈ ৰংমনৰ কাষতে বহি লৈ সুধিলে। মানুহজনীৰ কথাষাৰ শুনিয়েই কিয় জানো ৰংমনৰ খঙটো ভমককৈ জ্বলি উঠিল।
-অ গৈছিলোঁ তাৰ পৰা তোৰ কি হল ? মই জয়াক সাবটিও ধৰিলোঁ ? তাই তোৰ সতিনীয়েৰে যে গাত লাগিল ন……কোন কুকুৰক মোৰ পাছত লগাইছ হা….কাটি দুচেও কৰিম চিনি পোৱা নাই। মোক সন্দেহ কৰিবলৈ আহিছ …
আইজনীৰ মাকক আচৰিত কৰি ৰংমন দপদপাই ঘৰৰ পৰা ওলাই গল। যাওঁতে ভৰিটোৱে বটাটোও গুৰিয়াই থৈ গল ! ৰংমনৰ আচৰিত খঙটো দেখি মানুহজনী তাতে দৰক লাগিল !

দুভাগ নিশা ক’ৰবাৰ পৰা ঢলংপলং কৈ আহি ৰংমন ঘৰত সোমাল হি। ঘৰত সোমায়েই সি দৰজাখনত প্ৰচণ্ড গোৰ দুটামান সোধাই আইজনীৰ মাকক গালি পাৰিবলৈ ধৰিলে- বইজ্জাত মাইকী ,গিৰিয়েক সন্দেহ কৰিবলৈ আহিছ, গিৰিয়েৰৰ পাছত চোৰাংচোৱা লগাইছ, ডিঙি চেপি দিখৌত উটুৱাই দিম গম পোৱা নাই ! তোৰ বাবেই…তোৰ বাবেই মই জয়াক এৰিলোঁ, সেই হেন ৰূপৱতী ছোৱালীজনীক এৰি তোক আনিলোঁ আকৌ তই মোক সন্দেহ কৰিবলৈ আহিছ…..পিঠিত বৰ কাঁহ বজোৱা নাই যে তেল ফাটিছে তোৰ। ৰহ ৰহ তোৰ তেল ফটাম ,ৰহ……. জয়াক..জ….
বকি বকি বৰঘৰৰ মাটিতে ৰংমন শুই পৰিল। পাকঘৰৰ দুৱাৰমুখত এন্ধাৰে-মুন্ধাৰে ৰংমনলৈ বুলি অপেক্ষা কৰি বহি থকা আইজনীমাক তাতে জঠৰ হৈ পৰিল। মানুহজনীৰ বাবে যেন গোটেই পৃথিৱীখনে এটা নতুন ৰূপলৈ লাহে লাহে সলনি হব খুজিছে ..সেই ৰঙ এন্ধাৰ, গাঢ় এন্ধাৰ !!

পিছদিনা পুৱা দোকমোকালিতে উঠি ৰংমনে নিজেই হালখন লৈ পথাৰ গল। মহেনে কোৰ খন লৈ কুকুৰ খুজীয়া খোজেৰে তাৰ পাছে পাছে গল। গোমোঠা মুখেৰে হাল বাই থকা ৰংমনক দেখি ৰঙীয়াল মহেনেও নিৰৱে আঁচ কুৰিবলৈ ধৰিলে। বিটুৱে আহি পথাৰত চাহপানী দি গল হি। আন দিনাৰ দৰে ৰংমনে তাক পঢ়া শুনাৰ বিষয়েও একো নুসুধিলে। পথাৰলৈ ৰোৱনীবোৰ এজনী দুজনী আহিবলৈ ধৰিলে। ৰংমনে আঁৰ চকুৰে জয়াহঁতৰ মাটিৰ ফালে চালে …তাই অহাই নাই ! কালিৰে পৰা ৰংমনৰ মনত যেন কিবা এটা জেদ সোমাইছে ….আইজনীৰ মাকে তাক যদি সন্দেহেই কৰিব পাৰে, তেন্তে সি কিয় একো কৰিব নোৱাৰিব….আজি সুবিধা পালেই সি জয়াক সুধিব-তাইৰ যদি এতিয়াও তালৈ মন আছে সি তাইক লৈ আনিব ! ক’তই তেনেকৈ দুজনী বিয়া কৰাইছে…!! যোৱাকালি মাজনিশা লৈকে লখেৰ ঘৰৰ চেৰাপ ভাটিত বহি দেউতিৰ সৈতে তাকে পাতিছিল। প্ৰথমজনী ঘৈণীয়েক ৰহেদৈ গ্ৰহণীত মৰাৰ পাছত দেউতিয়ে আকৌ এজনী আনিলে। ৰহেদৈৰ ফালৰ দুটা লৰা আছিল। দেউতিৰ বোলে আৰু এজনীৰ সৈতে মন খাইছে ! এতিয়া ৰংমনৰ কথা শুনি সি জপিয়াই উঠিল। লগে লগে তাক আগৰ দৰেই উৎসাহ দিলে।
-হাল বাইছ নে পথাৰত থকা মাছ গন্তি কৰিছ….?
-হা !!!!!!!!!!
-মুখখন মেলি কি চাইছ….হো তামোল ল …।
ৰংমনে গৰু হাল ৰখাই প্ৰথমে চকু দুটা মোহাৰিলে….তাৰ বিশ্বাস হোৱা নাই…সঁচাই এইজনী জয়াই নে….নিজকে চিকুটি চালে সি..অ সঁচা দেখোন !
-তইনো এইফালে কত ৰুৱলৈ যাৱ ?
কোনোমতে নিজকে চম্ভালি ৰংমনে সুধিলে।
-বৰদাইৰ ঘৰৰ আজি ন ভূই বুলি নাজান নেকি…তালৈকে যাওঁ।
-অ….পিছে আজি যে হাইঠা মাটিত পৰিল…কথাটো কি….?
-হাইঠা মাটিত পৰা নাই আগৰ দৰেই গছতেই পৰি আছে…তই দিনকণা যে নেদেখ !
বুকু জ্বলি যোৱা হাঁহি এটা মাৰি জয়া যাবলৈ ওলাল। পিছ মুহুততে কিবা এটা ভাবি ৰৈ কলে- কালি আবেলি বৰদাইৰ ঘৰত সোনমণীক লগ পাইছিলোঁ। তাইৰ আগত বৰ্ণনা দিলোঁ বোলো তই কেনেকৈ মোৰ ভৰি জোক এৰুৱালি আৰু মই যে তোক এনেই গালি পাৰিলোঁ তাকো কলো। তোক বেয়া নাপাবলৈ কৈ পঠাইছিলোঁ…তাই কলে গৈ নে বাৰু…..?
জয়াক লগ পাই ৰংমনৰ যিমান ভাল লাগিছিল এতিয়া এই কথাষাৰ শুনাৰ পাছত সেই ভাল লগা খিনি লগে লগে চেঁচা পৰি আহিল। ইছ ! সি মানুহজনীক এনেই ইমান গালি শপনি পাৰিলে। বেচেৰীয়ে কি’জান এই কোৱা কথা খিনি কে তাক কৱ খুজিছিল ! ছিঃ ছিঃ সি যে কিমান তললৈকে ভাবিব পাৰে।
-কি হল আকৌ ভেবা লাগিলি যে…..লাগি থাক মই যাওঁ। পিছে তোৰ মানুহজনী হলে বৰ ভাল দেই , তাইৰ গিৰিয়েকে পুৰণি প্ৰেমিকাক সাৱটি ধৰা বুলি কলতো গা নজ্বলিল…বিয়া পাতি নিলেও চাগৈ একো নক’ব বুজিছ।

খিল খিলাই হাঁহি জয়া গুছি গল। ৰংমন ৰৈ থকাতে ঠাইতে থাকিল। জয়া কি বুজাব খুজিছে সি বুজিছে, সি অলপ আগত ভাবি থকাখিনিকে হয়তো জয়াই কৈ গল। তথাপি সি বুজিব খুজা নাই। ঘৰত তাৰ বাবে এজনী মানুহ ৰৈ আছে, তাৰ মৰমৰ মাতষাৰৰ বাবে ৰৈ আছে, এই মুহুতত সেইটোত কৈ ডাঙৰ কথা তাৰ বাবে একো হব নোৱাৰে। মহেনৰ হাতত হাল খন গতাই ৰংমন লৰা-লৰি কৈ ঘৰলৈ উভতিল।।

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
অঞ্জল বৰা
8 years ago

গোটেই গল্পটো এখন ছবিৰ দৰে লাগিল৷ সুন্দৰ বৰ্ণনা৷

Monindra Doley
3 years ago

অতি সুন্দৰ কবিতা

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক