পকা ধানৰ মাজে মাজে (মাধুৰীমা ঘৰফলীয়া)

পকা ধানৰ মাজে মাজে

 

মাধুৰীমা ঘৰফলীয়া

 


 

(১)

ফিৰফিৰকৈ বতাহ এজাক বলি আছে। বতাহ লাগি পথাৰৰ পানীবোৰত সৰু সৰু ঢৌ এটা উঠিছে। ডঁৰিকনা মাছবোৰে তাতে জাক পাতি মুকলি-মূৰীয়া হৈ সমদল জুৰিছে। বেলিটো আহি ৰুপহী গাওঁৰ কাষৰ হাবিখনত লাগিলহি। পথাৰৰ একাষে থকা বড়জোপাত পৰি হাইঠা চৰাই এগালে কলকলাই আছে। হঠাতে হৈ চৈ কৰি গাভৰু এজাক পথাৰত নামিল। হাইঠা গালৰ কিছুমানে ভয় খাই উৰি গ’ল। ডঁৰিকনা মাছখিনিৰ সমদলটোও ছেদেলি-ভেদেলি হৈ গ’ল।

-ৰহদৈ ঐ সেইখিনি দল এইফালে দে…

জয়াৰ মাতত ৰহেদৈয়ে নিজে গোটোৱা দল খিনি লৈ পানীতে ওপঙাই তাইৰ ফালে টানি দিলে।

-হো ল…ভেটাৰ মুখত দল অলপ বেছিকৈ দিবি। নহ’লে মাছবোৰ ওলাই যাব।

ৰহেদৈয়ে ভৰি দুটা দাঙি জোক লাগিছে নেকি পৰীক্ষা কৰি কৰি জয়াক কথাটো ক’লে।

-মাছ কিন্তু আছে দেই, মই দল টানি থাকোঁতেই এইটো গৰৈ পালো চা….ভেটাটো ভালকৈ শুৱাব লাগিব হ’লে।

মাকনে হাতৰ মুঠিৰে কোনোমতে ধৰি ৰাখিব পৰা গৰৈটো দেখুৱাই ক’লে।

-আছে আছে….এইটো হোলাত মাছ নাথাকিলে কেনেকৈ হ’ব হয় নে। সোনকালে দল গোটা তহঁতে।

বোকা অলপ খান্দি সেউতি মাত লগালে। এইবাৰ মাত বোল বন্ধ কৰি গোটেই কেইজনী কামত লাগি গ’ল।

ভেঁটা হৈছে মাছ ধৰা এটা সহজ উপায়। গাওঁৰ ছোৱালী, বোৱাৰীবোৰে লগ লাগি পথাৰৰ হোলাবোৰত এই ভেঁটা বোৰ দিয়ে। ভেটা দিবৰ বাবে মাটি এডৰাৰ আটাইতকৈ দ ঠাই টুকুৰা বাচি লোৱা হয়। তাত প্ৰথমে চাৰিওফালে বোকাৰে বান্ধ দি লয়। আৰু বোকাৰ ওপৰত দল ঘাঁহ আদি দি ভেঁটাটো আয়ত আকাৰৰ দৰে সজাই পেলোৱা হয়। দ ফালে মুখখন ৰাখি নেভেটাকৈ ৰাখে। আৰু সেই মুখৰ কাষতে লানি পাতি দল অলপ ৰাখি থয়। ভেঁটাটো সাজি শেষ হলে সকলোৱে পথাৰ ডৰা হাতেৰে, ভৰিৰে পানী চটিয়াই মাছবোৰ ভেঁটাটোৰ মুখখনৰ ফালে খেদি আনে আৰু ভেঁটাৰ কাষ পোৱাৰ লগে লগে কাষতে থকা ঘাঁহ বা দলৰ দমেৰে সেই মুখখন বন্ধ কৰি দিয়ে। তাৰ পাছত সেই ভেঁটাটোৰ ভিতৰত বন্দী হৈ পৰা মাছবোৰ জাকৈৰে ধৰা হয়।

-সোণমণি তই দেখোন আজি তেনেই নিমাতী হৈ আছ, মায়েৰে কিবা ক’লে নেকি?

দল এসোপা টানি আনি থাকোঁতে ৰহেদৈয়ে কাষতে থকা সোনমণিক সুধিলে।

-নাই একো হোৱা নাই অ। ব’ল ভেঁটা শুৱাব হ’ল।

সোণমণিৰ কথাত ৰহদৈয়ে লৰালৰিকৈ দলখিনি ভেটাৰ মুখত ৰাখিলেগৈ। তাৰ পাছৰ আধা ঘণ্টা সময় বৰ ব্যস্ততাৰে পাৰ কৰিলে সিহঁতি।

-তই সদায় কেনেকৈ মাছ বেছিকৈ পাৱনো? ভেঁটা মাৰি উঠি কঠীয়ানি এখনত বহি জিৰাওঁতে জয়াই সোণমণিৰ খালৈটো চাই সুধিলে।

-মই মাছ নাপালে কোনে পাব। পিছে এতিয়া আমি ইয়াত বহি থাকিলে পিতাইয়ে যে ৰাতি ঘৰত সোমাবলৈ নিদিয়ে সেয়া খাটাং।

সোণমণিয়ে মিচিকিয়াই হাঁহি এটা মাৰি কলে। গোটেই কেইজনী নিজৰ নিজৰ জাকৈ কেইখন তুলি লৈ ঘৰলৈ বুলি খোজ দিলে।

নঙলাডাল খুলি চোঁতালত সোমায়েই সোণমণিয়ে দেখিলে মাকে আবেলিৰ চোঁতালখন সৰাই নাই। ঘৰৰ দুৱাৰখনো বন্ধ। মাক নাই চাগৈ। জাকৈ আৰু খালৈটো পিৰালিতে থৈ বাঢ়নীটো লৈ লৰালৰিকৈ দুয়োখন চোঁতাল সাৰিলে। বাহিৰে বাহিৰে গাটোও তিয়াই আহিল। চাকি কেইটাত তেল ভৰাবলৈ লওঁতেই মাক আহি ওলালহি।

-মাছ মাৰিবলৈ যোৱাৰ চলেৰে কাৰ ঘৰত মেখেলা ধুই আছিলি, হয়নে শাঁখিনী?

মাকে আহিয়েই গালি আৰম্ভ কৰি দিলে। সোণমণিয়ে আন কালৰ দৰেই নিমাতেই কাম কৰি থাকিল।

-মাত নামাতি ৰণ জিকিম বুলি ভাবিছ নেকি…বাপেৰে আহক আজি।

বকি বকি মাকে গৈ খালৈটো জুমি চালে। ডাঙৰ ডাঙৰ গৰৈ কেইটা দেখি মানুহজনী অলপ শান্ত হ’ল। ‘ইয়াক ধৰ’ বুলি কান্দি থকা দুবছৰীয়া লৰাটো সোণমণিক দি মাছ বছাত লাগিল। ভায়েকক লৈ সোণমণি চোঁতাললৈ ওলাই আহিল। গুণ গুণকৈ গান এটা আওৰালে। ভায়েকটোৱে মাকতকৈ তাইকহে বেছি ভাল পায়। তাইৰ কোলাত উঠিয়েই সি কান্দোন এৰিলে। আকাশলৈ চালে তাই…..মাজে মাজে তাই এইদৰেই আকাশলৈ চাই। আকাশৰ কোনোবাটো চুকত তাইৰ মাক আছে চাগৈ। সেইজনী মাক যি তাইক জন্ম দিছিল। যিগৰাকীয়ে তাইৰ গাত ফুট এটাও পৰিবলৈ দিয়া নাছিল। কেনে আছিল সেইদিন…..সোণমণিয়ে চকু মুদি উমান লব খুজে। সোঁৱৰণী অলপ আহি তাইক জুৰুলা কৰি যায়। তাই মাক-পিতাকৰ প্ৰথম সন্তান। সোণমণিৰ পাছত কেইবাটাও সন্তান হৈছিল যদিও এটাও সন্তান বাচি থকা নাছিল। সোণমণিৰ আঠ বছৰ বয়সত সন্তান জন্ম দিবৰ সময়ত মাকৰ মৃত্যু হৈছিল। মাক ঢুকুৱাৰ এবছৰ পাছতেই পিতাকে আকৌ বিয়া পাতিছিল।  মা মা অস্ফুটভাবে মাতি চালে তাই-তোক নোপোৱা হলেই আজি হয়তো মই সুখী হব পাৰিলোঁহেঁতেন। পাইও হেৰুৱালোঁ তোক….তই থকাৰ সময়খিনিৰ সোঁৱৰণীয়ে মোৰ আজি সময়খিনি বেছি যন্ত্ৰণাদায়ক কৰি তুলিছে মা……

-সো…ণ ….ম…ণি….

কাৰোবাৰ চেপা মাতত সোণমণিয়ে চলচলীয়া হৈ পৰা চকু দুটা মচি মচি ইফালে সিফালে চালে। গাৰ নোম মুনিব নোৱাৰা আন্ধাৰত দেখিলে আলি ফালে থকা সিহঁতৰ বাৰী সীমাৰ জেওৰা কাষত কোনোবা এটা ৰৈ আছে। সোণমণি লৰালৰিকৈ সেইফালে গল।

-কিয়, কি হ’ল ৰংমন কাই?…এই গধূলি বেলিকা কিহৰ বাবে এই লীলাখন কৰিছ….আইয়ে গম পালে কাটিব।

খঙৰে তাই ৰংমনক কলে।

-বোলো জয়াই আজি কিবা ক’লে নেকি….অথনি তহঁতক ভেটা দিবলৈ যোৱা দেখিছিলোঁ।

ৰংমনে সোণমণিৰ হাতত টোপোলা এটা দি সুধিলে।

-একো কোৱা নাই তাই। কিবা ক’লে মই তোক কম গৈ নহয়। আৰু এইবোৰ কি দিছ….আয়ে দেখিলে মোকে সন্দেহ কৰিব।

-এহ একো নকয় দে চানা দুটামান আনিছোঁ, খাবি। জয়াকো তহঁতৰ ঘৰলৈ আহিলে অলপ দিবি। আৰু শুন তাইক এইবাৰ কবি আইয়ে মোলৈ ছোৱালী চাইছে। তাই যদি মন দিওঁ-নিদিওঁ কৰি থাকে মই বেলেগক আনি বৰঘৰ শুৱনি কৰিমগৈ।

কথাষাৰ কৈয়ে খৰ খোজেৰে ৰংমন আঁতৰি গল। সোণমণিয়ে লৰালৰিকৈ ঘৰলৈ উভতি চালে মাকে দেখা নাইতো! এই ৰংমনটোৱে কাহানিবা মাৰিব তাইক। সিদিনা বড়-গছৰ তলত তাইক জোৰকৈ ৰখাই জয়াৰ কথা সুধিছিল। সিফালৰ পৰা আহি থকা খুৰীয়েক এজনীয়ে দেখিলে যদিও একো নক’লে বুলিহে ৰক্ষা।

ৰংমন, গাওঁৰ গাঁওবুঢ়াৰ একমাত্ৰ পুতেক। অৱশ্যে গাঁওবুঢ়া আৰু গাওঁৰ আনবোৰ মানুহৰ ঘৰৰ সৈতে ধন সম্পদৰ বিশেষ একো পাৰ্থক্য নাই। তথাপিও গাঁওবুঢ়াৰ পুতেক বুলিয়েই তাৰ মইমতালি অলপ বেছি। বিয়া-বাৰু কৰাবও নুখুজে। মাথো আজি ইজনী, কালি সিজনী ছোৱালীৰ মন লৈ ফুৰে। সেইটো স্বভাৱৰবাবে এবাৰ  বাপেকে তাক সকিয়াই দিলে, এইবাৰ সি যিজনীৰ লগতে ঘুৰিব সেইজনীকে ঘৰত সুমুৱাব লাগিব। বাপেকৰ কথা বুলিলেই যে আদেশ সেয়া সকলোৱে জানে আৰু সেই আদেশ অমান্য কৰাৰ সাহস কাৰো নাই। সেইবাবে তাৰ পাছৰে পৰা ৰংমন অলপ সাৱধান হল।  পিছে মন হে কিমান দূৰ বান্ধি ৰাখিব পাৰিব, এইবাৰ তাৰ চকু পৰিল গাওঁৰ আন এটা চুকৰ সোণমণিৰ দদায়েকৰ জীয়েক জয়াৰ ওপৰত। পিছে জয়াই তাক গুৰুত্বই নিদিয়ে। এনেও ৰূপহী বুলি জয়াৰ নাম এটা আছে, গতিকে তাই তাক নচুৱাই আছে। ৰংমনে নিজৰ মাজতে এটা সিদ্ধান্ত ল’লে জয়াকে সি তাৰ লগৰী কৰি আনিব। কিমান আৰু প্ৰেমৰ খেলা খেলি থাকিব। সেইবাবে সি এইবাৰ সোণমণিৰ কাষ চাপিল। তাইৰ হতুৱাই জয়াৰ মন ঘুৰাবলৈ চেষ্টা কৰিছে। সোণমণি স্বভাৱত বৰ আজলী গতিকে অলপ আবেগিক হৈ ৰংমনে তাইক নিজৰ ফলিয়া কৰি লৈছে।

-ঐ চগা পৰা দি তেনেকৈ ৰৈ আছ যে বাপেৰে মাতি আছে শুনা নাই নেকি মহাৰাণীয়ে?

মাকৰ মাতত সোণমণি খপজপাই বহাৰ পৰা উঠিল। ভায়েকক বিচনাত শুৱাই দিবলৈ আহিবলৈ তাইও কাষতে বহি বহিয়ে টোপনি গৈছিল। দিনটোৰ ভাগৰে তাইক জুৰুলা কৰি পেলাইছিল। হামিয়াই হামিয়াই তাই জুহালৰ ফালে গল।

-পিতাই….মাতিছিলি?

বাপেকে মূৰ তুলি তাইলৈ চালে। কিবা এটা ক’বলৈ বুলি মুখখন মেল খাইছিল হে মাকজনী শোৱা কোঠাৰপৰা আটাহ পাৰি ওলাই আহিল।

-মই নকওঁ নে এইৰ তেল ফাটিছে বুলি আপুনি আক মোৰ কথা শুনিবই নুখুজে, আদৰৰ জী যে…..

-আকৌ কি নো হ’ল?

ঘৈণীয়েকৰ কথাত বিৰক্তি সুৰেৰে সোণমণিৰ বাপেকে সুধিলে।

-কি হ’ব….জীয়েৰৰ বিচনাত এই গাল চানা। মাছ মাৰিবলৈ যোৱা জীয়েৰে চানা কোনখন পথাৰত থকা দোকানৰ পৰা আনিলে সোধক তাইক।

সোণমণিৰ চকু ডাঙৰ হৈ গ’ল। চানা খিনি চাই ভায়েক শুৱাবৰ সময়ত কাষতে থকা টেবুলখনতে থৈছিল। ভাবিছিল তাক শুৱাই লৈয়ে সেইখিনি লুকুৱাই থৱ। পিছে ভাগৰত সকলোবোৰ পাহৰি থাকিল। তাই ভয়ে ভয়ে এবাৰ বাপেকলৈ এবাৰ মাকলৈ চালে। ইতিমধ্যে মাকৰ চিঞৰে গাওঁৰ এটা চুকলৈ ৰজনজনাই গৈছে।

-কেৰকনৰ ঘৈণীয়েকে সিদিনা মোক কৈছেহি নহয় সেই গাঁওবুঢ়াৰ লম্পট পুতেকটোৱে বোলে সিদিনা তাইৰ সৈতে বড়তলত মেল মাৰি আছিল। সিদিনা ঘৰলৈও আহিছিল। মই হ’লে কৈ দিছোঁ এনেকৈ হ’লে জীয়েৰে ঘৰত থাকোঁতেই নাতিৰ মুখ দেখিবলৈ পাব।

-ছিঃ তুমি অলপ লাগ বান্ধ ৰাখি কথা ক’ব নোৱাৰা নে?

ঘৈণীয়েকৰ কথাত সোণমণিৰ বাপেকে মৃদু প্ৰতিবাদ কৰি ক’লে।

-মোক সাৱধান কৰাতকৈ জীয়েকক নোসোধে কিয় এইবোৰ কিহৰ লীলা খেলা? যাবলৈ মন আছে যদি তাই নাযায় গৈ কিয়…

-সোণমণি….মায়েৰে কোৱা কথাবোৰ সঁচা নেকি?

বাপেকে এইবাৰ অলপ কঠোৰ হৈ সোণমণিক সুধিলে।

-পিতাই……ন…হ

সোণমণিয়ে কবলৈয়ে নাপালে মাকে আহি তাইৰ চুলিকোছাত থাপ মাৰি ধৰি সুধিলে-কোনে তোক চানা খুৱাইছে….ভালে ভালে ক…ৰংমনে দিয়া নাই নে?

-ৰংমন কাইয়ে দিছিল কিন্তু……

এইবাৰ সোণমণিৰ কথা আধৰুৱা কৰিলে বাপেকৰ হালোৱা এছাৰিৰ কোব কেইটাই। সোণমণিৰ কান্দোনেৰে চুকটোৰ ৰাতিৰ নিৰ্জনতা থানবান কৰি পেলালে।

 

(২)

 

মানুহজনে হাত দুখন পিঠিৰ ফালে ৰাখি বৰঘৰটোৰ এবাৰ ইফালে সিফালে খুব খঙৰে অহা যোৱা কৰি আছে। তেওঁৰ প্ৰতিটো কথাই বাঘৰ গোঁজৰণিৰ দৰে ঘৰৰ মূধচ উৰুৱাওঁ উৰুৱাওঁ কৰি আছে। বাকী মানুহবোৰ চেপেটা লাগি এঠাইত থিয় হৈ আছে। যোৱা দুদিন মান ধৰি গোটেই গাওঁতে ৰংমন আৰু সোণমণিৰ কথা বিয়পি পৰিছে। কথাবোৰ মানুহৰ মুখত পৰি ডাঙৰ হৈ গৈ আছে। সেই ঢৌৱে গাঁওবুঢ়াৰ ঘৰখনো বাৰুকৈয়ে কোবাই গৈছে।

-কুলাঙ্গাৰ, তোৰ বাবে মই সমাজত মুখ উলিয়াব নোৱাৰা হলো। আজি ইজনী কালি সিজনীক লাগি ফুৰিব আৰু ছোৱালীৰ বাপেক দদায়েকে মোক কথা শুনাব। তোৰ বাবেই এই গাঁওবুঢ়াই লোকৰ কথা শুনিব লগা হৈছে। লোকৰ ওচৰত মুৰ তল কৰিব লগা হৈছে।

-আপুনি অলপ তাৰ কথাও শুনকচোন …সি বোলে সেই জয়াক হে আনিব খুজিছিল, সোণমণিৰ মাকেহে এইবোৰ কথা উলিয়াইছে।

গাওঁবুঢানীয়ে পুতেকক বচাবলৈ বুলি গিৰিয়েকক সৈমান কৰাবলৈ চেষ্টা কৰিলে।

-তুমি মনে মনে থাকা হে। তুমি কথা লুকুৱাই লুকুৱাই তাক ইমান বেয়া কৰি পেলালা। আৰু কাৰ কথা কৈছা সেই কেৰকনৰ চাটৰি জীয়েকজনীক সি আনিব?…..নোৱাৰে মই জীয়াই থকালৈকে সি সেইজনীক ঘৰত সুমুৱাব নোৱাৰে। মাক নোহোৱা ছোৱালী এজনী গোটেই সমাজতে বদনাম কৰি বেলেগক আনিব…নোৱাৰে বুলিছোঁ, নোৱাৰে। মই কি কৈছোঁ তই শুনিছ নে…..

গাঁওবুঢ়াই ভয়তে কোচ মোচ খাই থকা ৰংমনৰ ফালে চাই আদেশৰ সুৰত কলে। ৰংমনে কোনোমতে মাত এষাৰ উলিয়াই ক’লে-পিতাই, সোণমণিৰ বাপেকে তাইক মোলৈ নিদিয়ে….

-কোনে নিদিয়ে?

গাঁওবুঢ়া আকৌ জাঙুৰ খাই উঠিল।

-বাপেকে…

ৰংমনে ফুটা নুফুটা মাতেৰে আকৌ ক’লে।

-সেই তিৰোতা সেৰুৱাটোৱে নিজে কিবা সিদ্ধান্ত লয় জানো? ঘৈণীয়েকে যি কয় তাকে আখৰে আখৰে শুনে। আৰু সেইজনীয়ে সতীয়া জীয়েকক কিয় আমাৰ ঘৰলৈ দিব…আমাৰ ঘৰলৈ আহিলে তাই সুখত নাথাকিব জানো? ছোৱালীজনীৰ সুখ তাইৰ চকুৰে সহিব পাৰিব জানো। মোৰ কথা হ’ল তই তাইক ঘৰ সোমোৱাহি….কেনেকৈ তই জান। যদি তই তাইক এই কেইদিনৰ ভিতৰতে আনিব নোৱাৰ তইও এই ঘৰৰ পৰা ওলাই যাবি।

বাপেকৰ আদেশ মুৰ পাতি লৈ ৰংমন ভাগৰুৱা খোজেৰে ঘৰৰ পৰা ওলাই আহিল। গাঁওবুঢ়ানীয়ে আচৰিত দৃষ্টিৰে গাঁওবুঢ়ালৈ চালে। মানুহজন ইমান কঠোৰ কেনেকৈ হব পাৰে। গাঁওবুঢ়াই তেতিয়া শান্ত হৈ বটাৰ পৰা তামোল এখন লৈ মুখত ভৰাইছে। মনত এনে এক আনন্দৰ আভা! যেন বহুদিনৰ মুৰত কিবা এটা বোজা তেওঁৰ মুৰৰ পৰা আঁতৰিল। তামোলখন পাগ লগাৰ পাছত পিকখিনি বাহিৰত পেলাই আহিলগৈ। গাঁওবুঢানী তেতিয়াও সৰগ পৰা মানুহৰ দৰে তাতে থিয় হৈ আছিল। গাঁওবুঢ়াই লাহেকৈ তেওঁৰ কাষ চাপি কোমল মাতেৰে কলে-ইমান চিন্তা নকৰিবা। মইও মোৰ ল’ৰাৰ ভালৰ কথাই ভাবিম দিয়াচোন। ঘৰ ধৰিবলৈ মন নকৰা ল’ৰাটোক এই চেগতে বান্ধিব পাৰিলে নো কি বেয়া কথা? তাতে সোণমণিও ছোৱালীজনীও বৰ ভালচোন।

এইবাৰ গাঁওবুঢানীৰ মুখত হাঁহি বিৰিঙিল।

নৈৰ পাৰৰ এই আমজোপাৰ তলত মন গলেই সি বহেহি। তাৰ অসুৰ মনটো ইয়াত আহি কেঁচুৱাৰ দৰেই শান্ত হৈ পৰে। ফেৰফেৰীয়া বতাহ এজাক বলি আছে। মনটো যেন বতাহ জাকৰ সৈতে উৰি যাব খুজিছে। ক’ৰ পৰা যে কথাবোৰ কি পালেগৈ। বাপেকে আজি তাক যেনেকৈ কৈছে সি যদি সোণমণিক নানে নিৰ্ঘাত ঘৰৰ পৰা ওলাব লাগিব। জয়াৰ মুখখন তাৰ সমুখত ভাঁহি আহিল। তাই যদি তাক নচুৱাই নাথাকি লগে লগে মন দিলেহেঁতেন তেতিয়া হয়তো আজি ইমানখিনি নহয়গৈ। জয়াক সি আজিও বুজি নাপালে আচলতে তাই তাক ভাল পায় নে নাপায়। আৰু সোণমণি…..সোণমণিৰ কথা মনলৈ অহাৰ লগে লগে ৰংমনৰ মনটো বেয়া লাগি গল। তাৰ বাবেই বেচেৰীয়ে ইমান বদনামৰ সন্মুখীন হল। মানুহৰ মুখত বাপেকে গুৰুলা গুৰুল কৈ পিটিলে বুলিও শুনিছে। এনেই দুখেৰে তাইৰ কোলা ভৰি আছে, আকৌ এগাল সি চপাই দিলে। তাৰ সতে ইমান বেয়াকৈ বদনাম ওলোৱাৰ পাছত কোনোবা ল’ৰাই তাইক বিয়া পাতিবনে …..সি জানো সুখত থাকিব পাৰিব তাইক তেনেকৈ দেখি? জীৱনত এই প্ৰথমবাৰৰ বাবে কোনোবা এজনী ছোৱালীৰ বাবে ৰংমনৰ বুকুখন হাঁহাকাৰ কৰি উঠিল।

আঁঠুত মুৰ গুজি বনতে বহি পৰিল সি।

-সখা।

সখাক দেউতিৰ মাতত ৰংমনে মুৰ দাঙিলে। ৰংমনে দেউতিক দেউতাকে কোৱা সকলো কথা কৈছে।

-কি কৰিম বুলি ভাবিছ এতিয়া? বৰদেউতাইটো আদেশেই দিলে….

ৰংমনে একো নকৈ তাৰ ফালে প্ৰশ্নবোধক দৃষ্টিৰে চালে।

-ৰহদৈৰ লগত মোৰ বিয়া ঠিক হৈ নথকা হলে সোণমণিক মইয়ে লৈ আনিলোঁহেঁতেন। সেই মাহীমাকজনীয়ে বৰ অত্যাচাৰ কৰে বোলে অ। তাতে এই কেইদিন আৰু বেছি হৈছে।

ৰংমনে কিবা এটা ভাবিলে। তাক এটা স্থিৰ সিদ্ধান্ত ল’বলৈ সোণমণিৰ মতামতৰো প্ৰয়োজন আছে। সি দেউতিৰ হাতখন ধৰি কলে-তই এটা কাম কৰি দে না সখা ৰহদৈৰ হতুৱাই যেনেতেনে সোণমণি লৈ খবৰ এটা পঠাই দে , তাইক যে মই কালিলৈ আবেলি ইয়াতে লগ কৰিব খুজিছোঁ।

-ইমানখিনি হোৱাৰ পাছত সোণমণি আহিব জানো, মাকে জানো আহিবলৈ দিব?

-মই সেয়া নাজানোঁ তই মাথোন ৰহদৈক কবি কিবা এটা কৰি যেনেতেনে যেন সোণমণিক ইয়ালৈ আহিব কয়।

ৰংমনে আবেগেৰে কলে। দেউতিয়ে কোনো দিনে ৰংমনক তেনেকুৱা ৰূপত দেখা নাছিল। সি ৰংমনৰ হাতৰ ওপৰত নিজৰ হাতখন থৈ কলে –হ’ব বাৰু।

বৰষুণ আহিব চাগৈ। মেঘবোৰে আকাশখন কলা কৰি পেলাইছে। মাজে মাজে এজাক বতাহে বাটৰ ধূলিবোৰ উৰুৱাই নিছে। ধূলি ধূলি গোন্ধেৰে ভৰি পৰিছে গাওঁৰ আলিবাটটো। তল মুৰ কৰিয়েই সি আগবাঢ়িছে। মনটো দৃঢ়তাৰে ভৰি পৰিছে যদিও কিবা এক শংকাত তাৰ বুকুখন কঁপিও উঠিছে –যদি তাই নাহে, যদি তাই তাৰ কথাত মান্তি নহয় তেতিয়া ………কঠীয়ানিখন পাৰ হৈয়ে নৈ পাৰৰ সেই আমজোপা। সেইয়া দূৰৰ পৰা সি দেখিছে, তাই ৰৈ আছে! তাই আহিছে! মনটো ভাল লাগি গ’ল তাৰ।

-ৰংমন কাই!

হঠাতে কোনোবা এজনী আহি তাৰ সমুখত থিয় হল হি। ৰংমন চক খাই ৰৈ গল। কাষত কলহটো লৈ এইজনী চোন জয়া! পানী নিবলৈ আহিছিল হ’বলা। জয়াক দেখি আন দিনাৰ দৰে সি ৰোমাঞ্চিত হৈ নুঠিল। এইসময়ত কোনোবাই তাৰ অলপ সময়ো নষ্ট হোৱাটো সি নিবিচাৰে।

-তোক বহু দিনৰ পৰাই এটা কথা কম কম বুলি ভাবি আছিলোঁ। মই জানো গাওঁৰ মানুহে সোণমণি আৰু তোৰ যি কথা উলিয়াইছে সেয়া মিছা। মই….

ৰংমনে জয়ালৈ চালে। তাই কি কব সি গম পালে। আৰু কিবা কোৱাৰ আগতেই সি ক’লে-আজি আৰু সেই কথা নুশুন দে জয়া। সময়বোৰ বৰ খৰকৈ কোনোবা ফালে গুছি গ’ল।

জয়াক আচৰিত কৰি ৰংমন খৰখেদাকৈ তাইক দেও দি সোণমণি ৰৈ থকা ফালে আগবাঢ়িল।

-ক, কিয় মাতিছিলি ….মোক ইমান খিনি বদনাম কৰিয়ে তোৰ হেঁপাহ নপলালে নে…

ৰংমন সোণমণিৰ কাষ পোৱাৰ লগে লগে তাই খঙেৰে কলে। সি সোণমণিলৈ চালে। ছোৱালীজনী এই দুদিনতে কিবা যেন শুকাই গ’ল। এই প্ৰথম সি তাইলৈ এক প্ৰেমিকৰ দৃষ্টিৰে চালে। বুকুখন হমহমাই গল তাৰ। সোণমণিৰ হাত এখন খামুচি ধৰি কলে-সোণমণি, মই জানো মই বেয়া ল’ৰা? তথাপি এটা অনুৰোধ কৰিব খুজিছোঁ…..সমাজে কি কয় সেয়া পাছৰ কথা। তই যদি মত দিয় মই তোক এতিয়াই মোৰ কৰি পলুৱাই নিম। কথা দিছোঁ তোক মই কোনো দিনে দুখত নাৰাখোঁ। মই ভাল হ’ম। মাথো তই মোক লগ দে……মই ইয়াৰো যোগ্য নহয় নে……?

এটা পল নিৰৱেই পাৰ হৈ গ’ল। সেই পলটোৱেই এটা যুগ যেন লাগিল ৰংমনৰ। সোণমণিয়ে একো কোৱা নাই, মাথো তাৰ চকুলৈ চাই আছে। লাহে লাহে তাইৰ চকুজোৰ চলচলীয়া হৈ পৰিল। ফুটা-নুফুটা মাতেৰে তাই মাথো এটাই শব্দই কলে- ব’ল।

ৰংমনৰ মুখত যুদ্ধ জয় কৰাৰ দৰে এটা হাঁহি ফুটি উঠিল। সোণমণিক হাতত ধৰি লাহে লাহে নৈৰ গৰাই দি নামি গ’ল। তলত দেউতিয়ে নাও লৈ সিহঁতৰ বাবেই ৰৈ আছে। নৈৰ পাৰৰ বতাহজাকে যেন সিহঁতক জোৰেৰে নাওখনলৈ ঠেলি দিছে ভবিষ্যতৰ শুভকামনাৰে। অদূৰত ৰৈ সিহঁত হালক চাই থকা জয়াই বতাহৰ বিপৰীত দিশে ঘৰলৈ খোজ আগবঢ়ালে। তাই যে পলম কৰিলে….নহ’লে তাইও বতাহৰ সৈতে ফেৰ মাৰি আগুৱাই যাব পাৰিলেহেঁতেন। তাইৰ সপোনৰ সৈতে, হয়তো কালিলৈকে দেখি থকা ৰংমনৰ সপোনটোৰ সৈতে!!

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক