পখিলাৰ সাধু- অভিজিত দত্ত

ধুনীয়া সাধু এটাৰ দৰেই তাৰ জীৱনটো আছিল সেই সময়ত‌৷ বাপেকে খেতি কৰিছিল৷ মাকে ভৰ দুপৰীয়া বাপেকলৈ কিবা এটা যোগাৰ কৰি থৈছিল৷ খেতিখোলা সামৰি বাপেকে ভাত ঘুমটি মাৰিছিল৷ আবেলি পৰত সি লগৰীয়াৰ সতে ’হাউ কুটু আলি, ভবেন ছোৱালী’ ধৰণৰ শব্দ কৰি কাবাডী আৰু কিবাকিবি খেল খেলিছিল৷ গধূলি থাপনাৰ আগত ’তুমি চিত্ত বৃত্তি মোৰ’ধৰণৰ গীত একোটা গাই নেদেখাজনক প্ৰাৰ্থনা জনাইছিল৷ পঢ়া টেবুলত বহি চাকিৰ পোহৰত ’শুৱনি আমাৰ গাওঁখনি অতি’ ধৰণৰ কবিতা একোটা আওৰাইছিল৷

“তুমি ভাত ৰান্ধিব পাৰিবা ন? ইয়াৰ ’ডিক্টেচনখিনি চাব লাগিব৷ ’

“হুম, হব দিয়া৷ ৰান্ধি থ’ম৷ “

শৈশৱক সুঁৱৰি থাকোতে পত্নীৰ মাতত যেন সি সাৰ পাই উঠিল‌৷ ল’ৰাৰ পৰীক্ষা৷ মাকে ’ডিক্টেচন’ শিকাব৷ গতিকে সি ভাত ৰান্ধিব লাগিব৷

সি পাকঘৰটোৰ ফালে আগবাঢ়ি গল৷

তাৰ বিৰক্তি লাগিছে৷ এইটো এটা জীৱন হ’ল নেকি? না সি পৰিয়ালটোক সময় দিব পাৰিছে না সিহঁতে তাক সময় দিব পাৰিছে৷ এয়া যেন লাহে লাহে সিহঁত যন্ত্ৰ মানৱলৈ পৰিৱৰ্তিত হৈছে‌৷ পত্নীয়ে চাকৰি আৰু পুত্ৰৰ ভৱিষ্যত গঢ়াত ব্যস্ত হৈ পৰিছে৷ অনিচ্ছাস্বত্বেও সাত বছৰীয়া ল’ৰাটোৱে পঢ়া-শুনাত গুৰুত্ব দিবলগীয়া হৈছে৷ পখিলাৰ পথক অনুসৰণ কৰিবলগীয়া সময়ত সি পঢ়া টেবুলত বহি জটিল অঙ্ক সমাধানত গুৰুত্ব দিবলগীয়া হৈছে৷

প্ৰেছাৰ কুকাৰৰ শব্দত সি যেন সাৰ পাই উঠিল৷

ল’ৰাটোৱে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ ইঞ্জিনীয়াৰিঙত নাম ভৰ্তি কৰিলে৷ পৰিয়ালটোক সকলোৱে মনে-প্ৰাণে ভাল পোৱাৰ পিছতো কোনেও কাৰো বাবে অলপ সময় খৰচ কৰিব নোৱৰা পৰিবেশ এটা ঘৰখনত গঢ় লৈ উঠিছে৷ সি অফিচটোৰ বৰমুৰীয়া হিচাপে অধিক ব্যস্ত হৈ পৰিছে৷ তাৰ কোঠালিটো যেন এটা অফিচ ৰুমলৈ পৰ্যবসিত হৈছে৷ লৰাটোৰ কোঠাত সোমালে চকী-মেজ, বিছনা আদিত বিশাল আকাৰৰ কিতাপবোৰে মুখ মেলি পৰি থকা দৃশ্য এটা পৰিলক্ষিত হৈছে৷ ল’ৰাটোৰ মাকৰো ইতিমধ্যে তিনিবাৰ মান পদোন্নতি হোৱাৰ পিছত অফিচৰ কাম বাঢ়িছে৷ আজিকালি তেওঁ ল’ৰাক সময় দিব নলগা হৈছে৷

মানুহজনে মাজে মাজে ল’ৰালিৰ কাবাডী খেলৰ আকৰ্ষণ বিচাৰি, ইশ্বৰৰ আগত গোৱা প্ৰাৰ্থনা এটা বিচাৰি হাবাথুৰি খাইছে৷

ৰ’দত বহি আছে মানুহজন৷ ৰ’দত তেওঁ গাটো অলপ তঙাই লৈছে৷ মানুহজন লাহে লাহে শাৰীৰিক ভাবে দুৰ্বল হৈ পৰিছে৷ আশী বছৰীয়া মানুহজনে আজি দুবছৰমান আগতে পত্নীক হেৰুৱাইছে৷ তেতিয়াৰ পৰা তেওঁ শাৰীৰিক আৰু মানসিকভাবে অধিক দুৰ্বল হৈ পৰিছে৷ তেওঁৰ একমাত্ৰ পুত্ৰ বৰ্তমান অসমৰ বাহিৰৰ এখন মহানগৰত এক বৃহৎ প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছে৷ কৰ্মৰত পুত্ৰই তেওঁৰ চোৱাচিতাৰ বাবে এগৰাকী কাম কৰা মানুহ ৰাখি দিছে৷

“ককা, ব’লক৷ ভাত হ’ল৷ ভাতকেইটা খাই অলপ শুই ল’ব আপুনি৷ গাটো এতিয়াও গৰম হৈ আছে অলপ৷ “ পিছৰ কথাখিনি কোৱাৰ আগতে মানুহগৰাকীয়ে বৃদ্ধৰ কপালত হাতখন দি তেওঁৰ উত্তাপটো চাই লৈছে৷

মানুহজনে থৰক-বৰক খোজেৰে ঘৰৰ ভিতৰলৈ সোমাল৷

কাম কৰা মানুহগৰাকীয়ে এইয়া কালসন্ধ্যা ঘৰখনত অলপ ধূনা দিয়াৰ ব্যৱস্থা কৰিছে৷ ধূনাদানিটো লৈ তেওঁ মানুহজনৰ কোঠাত সোমাল৷

তেওঁ এক আচৰিত দৃশ্য দেখা পালে৷ ভালকৈ খোজ কাঢ়িব নোৱাৰা মানুহজনে মজিয়াত লেপেটা কাঢ়ি বহি লৈ কিবা যেন মন্ত্ৰ আওৰাই আছে৷

“ককা, ককা“ বুলি মানুহগৰাকীয়ে তেওঁক মাতি মাতি কোনো প্ৰত্যুত্তৰ পোৱা নাই৷ তেওঁ মানুহজনৰ গাত ধৰি হেঁচুকি দিলে৷

মানুহজনৰ মুখত যেন লাহে লাহে এক স্মিত হাঁহি ফুটি উঠিছে৷ সেই হাঁহিটো লৈ মানুহজন মজিয়াত বাগৰি পৰিছে৷

সি ম’বাইলটোত ফোন এটা অহা মন কৰিলে৷ হয়, চিনাকি নম্বৰ এটাৰ পৰাই ফোনটো আহিছে৷ দেউতাকক চোৱাচিতাৰ বাবে নিয়োজিত কৰা মানুহগৰাকীৰ ফোন সেইয়া৷

সি বিৰক্তিৰে ফোনটোলৈ এবাৰ চাই ভাইব্ৰেশ্বন ট’নত থকা ফোনটো জেপত ভৰাই থলে৷ অফিচৰ এনে এখন গুৰুত্বপূৰ্ণ সভা চলি থকাৰ সময়ত সি আনকি ইশ্বৰৰ পৰা অহা ফোনটোও ধৰিব নোৱাৰে৷

তাৰ সৰ্বশৰীৰ কঁপাই ফোনটো ভাইব্ৰেশ্বন ম’ডত তাৰ জেপত বাজি থাকিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক