পখিলা পখিলা মন মোৰ পখিলা -ড. লোচন শইকীয়া


অ চিত্ পখিলা….(কবিতা)

………পখিলা উৰা দি নাচ। (বিহু নাম)

 বিচিত্ৰ পৃথিবীৰ বিচিত্ৰ ৰঙৰ পয়োভৰতাৰ মাজত বিভিন্ন ৰঙী পখিলাই গছে-বনে, ফুলৰ পাহে-পাহে উৰি ফুৰা দৃশ্য এটা মনলৈ আনক৷ ফুলনি বাৰী এখনত হাতত সাৰে-ভৰিত সাৰে কঁকাল হাওলাই হাতখন মেলি তৰ্জনী আঙুলি আৰু বুঢ়া আঙুলি টোৱাই পখিলাৰ পিচ লোৱা চাৰি বছৰীয়া ল’ৰা বা ছোৱালীলৈ মনত পেলাওক৷ গ’লনে বয়সতো কমি? বয়সত ডাঙৰ হৈ উঠা মানুহেনো ক’ত পখিলাৰ পিচে পিচে দৌৰিব! ই সৰু সৰু ল’ৰা-ছোৱালীবোৰৰ কাম৷ এই কামটো যি কৰি পোৱা নাই, তেনেহ’লে একেষাৰেই কৈ দিব পাৰি তেওঁ শৈশৱৰ আচল সময়খিনি হেৰুৱাইছে৷ পখিলাৰ কাম ফুলৰ পাহে-পাহে উৰি মৌ খোৱা৷ বিনিময়ত ফুলৰ পৰাগ ৰেণু ইফালৰ পৰা সিফাল কৰি সৃষ্টিৰ ধৰ্মক জীয়াই ৰখা এক মহান কৰ্মত ৰত পখিলা৷পখিলা পতঙ্গৰ এক ৰূপান্তৰিত ৰূপ৷ সকলো পতঙ্গই পখিলাৰ ৰূপ নাপায়৷ লেপিডপ্টেৰা পৰিয়ালৰ সদস্যইৰ কণীৰ পৰা আৰম্ভ হৈ শেষৰ পৰিবৰ্ত্তিত পূৰ্ণাঙ্গ পখিলা ৰূপ পায়৷ পখিলাৰ সংখ্যা গণি শেষ কৰিব নোৱাৰি৷ নোৱাৰি তেনেকৈ ৰংবিৰঙৰ পখিলাৰ সৌন্দৰ্যৰ কথা কৈ৷ পখিলাৰ ৰূপৰ বখান শব্দ বা ভাষাৰে কৰিব নোৱাৰি৷ গোটেইবোৰ চাওঁ বুলিলেও ইয়াত ঠাইৰ অভাবত দিব নোৱাৰি৷

 জাক জাক পখিলা উৰে৷ সৌন্দৰ্য-পিয়াসী মনটোৱে সেয়ে ছোৱালী বিদ্যালয় বা কন্যা মহাবিদ্যালয়ৰ পৰা ওলাই অহা ছোৱালী জাকটো দেখিলেও উপমা দিবলৈ একে কেইটা শব্দই ব্যৱহাৰ কৰে৷ জাক জাক পখিলা উৰে৷ হিয়াৰ কোনোবা এখিনিত কোনোবা এজনীয়ে নিজেই গম নোপোৱাকৈ হেচুকা এটাও দি যায়৷ মন গহনৰ কোনোবা এখিনিত ইচাট-বিচাট লাগে৷ মানবী পখিলাই দিয়া কটাক্ষৰ শৰে ক’ত ভেদি যায়, ভূগোতাইহে গম পায়৷ ইয়াতো একে৷ একোটা বয়স সন্ধি আহে৷ আহে সকলোৰ জীৱনলৈ৷ মাথোন সকলোৰে জীৱনত পখিলাৰ প্ৰবেশ নঘটে৷ পাঠক, ইমান সময় পখিলাক লৈ অলপ আবেগ মিহলি কথা পাতিলো৷ বলক, প্ৰকৃত পখিলাৰ জগতখনত প্ৰবেশ কৰি চাওঁ৷ ইও এক সম্পূৰ্ণ এক বেলেগ জগত৷ এই মৰতক সৰগ কৰা কিবা প্ৰাণী আছে যদি ই পখিলা বাদ দি কি হ’ব পাৰে? 

 এতিয়া আপোনালোকক টাৰ্কিৰ মুগলা প্ৰদেশৰ দক্ষিণ-পশ্চিম অংশত থকা ফেটেয়ী জিলাত ১৯৭৫মিটাৰ উচ্চতাত অৱস্থিত বাদাবাগ পাহাৰৰ পাদদেশত থকা পখিলা ভূমিলৈ লৈ যাওঁ৷ এইখিনি ঠাই বিভিন্ন প্ৰজাতি পখিলাৰ কাৰণে পৃথিবী বিখ্যাত। টাৰ্কিৰ ইক’-টুৰিজিমত আটাইতকৈ বেছি অগ্ৰভাগ পোৱা পখিলা ভূমিয়ে বহু পখিলাপ্ৰেমীক আকৰ্ষণ কৰি আছে৷ এখন বালিময় ৩-৪ কিলোমিটাৰ দীঘল উপত্যকা৷ এফালে ৩৫০-৪০০ মিটাৰ ওখ পাহাৰ, আনফালে ৬০মিটাৰ ওখৰ পৰা বাগৰি অহা গোটেই বছৰযুৰি অহৰহ প্ৰবাহিত জলপ্ৰপাত৷ ওপৰৰ পৰা পৰি শান্ত হৈ ভূমধ্য সাগৰলৈ কুলু কুলু সুৰেৰে নিৰৱে বৈ যোৱা এই পাহাৰী নদীখনৰ কি এক অদভূত ৰূপ৷ তাৰ মাজতে এই অপূৰ্ব পখিলা উপত্যকা৷ ভূমধ্য সাগৰৰ পোখৰাজ-সেউজনীলা বৰণীয়া জলভাগত বাই অহা নাও খনিয়ে আপোনাক লৈ সুমুৱাই লৈ আনি মেলি দিব এই বালি খণ্ডত৷ পশ্চিম দিগন্তত পৰি অহা বেলিৰ আভাই উদ্ভাসিত কৰা সৰকি অহা ৰশ্মিৰ মাজত দেখিব সন্মুখত, কাষত আপোনাৰ বাবে ভাবিব নোৱাৰা এক কল্পলোক৷ ই হ’ল পখিলাৰ স্বৰ্গ৷ প্ৰায় ১০০ বিধ বেলেগ বেলেগ পখিলাৰ এই স্বৰ্গভূমিত লুপ্তপ্ৰায় কমলা, কলা-বগা Jersey Tiger প্ৰজাতিৰ স্বভূমি এই খণ্ড৷ এতিয়া পখিলাতকৈ বেছি তালৈ ভ্ৰমণকাৰীৰ সোঁত৷

 ইউৰোপীয়ান সাহিত্যত শিশু সাহিত্যক বহু গুৰুত্ব দিয়া হয়৷ সৰলমনা শিশুৰ মনত সহজে প্ৰতিক্ৰিয়া কৰিব পৰা সাধু কথাবোৰৰ জগতত পখিলাক মাধ্যম কৰি ভালেমান সাহিত্য সৃষ্টি হৈছে৷ আজিৰ পখিলাৰ চলেৰে শিশুৰ মনটোৰ ভিতৰত প্ৰবেশ কৰাৰ চলেৰে সমাজলৈ বাৰ্ত্তা কঢ়িওৱা কেইটামান ইংৰাজী সাহিত্যৰ পখিলা সাধু লৈ আহিছো৷

(এক)পখিলা আৰু লেটা

 এদিন এজন মানুহে পখিলাৰ এটা লেটা পালে৷ লেটাটো নি ঘৰত থৈ চাই থাকোঁতেই এদিন লেটাটোত এটা সৰু ফুটা ওলাল৷ সেই সৰু ফুটাটোৱেদি বহু কষ্ট কৰি পখিলা এজনী কেইবা ঘণ্টা চেষ্টা কৰি বাহিৰলৈ মূৰতো উলিয়াই আনিলে৷ তাৰপাচত ভালেমান সময়লৈকে একো নঘটিল৷ মানুহজনে পখিলাজনীক সহায় কৰা মনস্থ কৰিলে৷ তাকে কৰিবলৈ কেঁচী এখন লৈ ফুটাতো কাটি বহল কৰি দিলে৷ পখিলাজনী ওলাই পৰিল৷ কিন্তু পখিলাজনীৰ গাটো ফুলি আছিল আৰু সৰু সৰু দুখন কুঁচ খাই থকা পাখি আছিল৷ মানুহজনে মনে মনে ভাবি চাই আছিল যে পখিলাজনীৰ পাখি দুখন ডাঙৰ হৈ আহিব আৰু গাটোও সময়ত সৰু হৈ পৰিব৷কিন্তু তেনেকুৱা একো নঘটিল৷ সঁচা ক’বলৈ গলে পখিলাজনীয়ে জীয়াই থকা কালছোৱা কোনো দিন উৰিব নোৱাৰি চুচৰি-বাগৰি কটাবলগীয়া হল৷ মানুহজনে দয়াৰ পৰবশ হৈ সহায় কৰিবলৈ গৈ চিন্তা নকৰাকৈ কৰা কামৰ ফল পখিলাজনীয়েহে ভুগিবলগীয়া হ’ল৷ প্ৰকৃততে পখিলাজনীয়ে প্ৰকৃতিৰ নিয়মমতেই সংঘৰ্ষৰ মাজেৰেহে নিজে ওলাই আহি উৰিব পৰা হলহেঁতেন৷ এই পখিলা আৰু লেটা সাধুটোৰ এটাই বাৰ্ত্তা আৰু সেইটো হলঃ সংঘৰ্ষই জীৱন৷ প্ৰকৃতিয়ে আমাক যদি কোনো বাধা নৰখাকৈ জীৱন জীয়াই থকাৰ উপায় দিলেহেঁতেন তেনেহলে আমি নিশকটীয়া হৈ পৰিলোঁহেঁতেন৷ আমি কৰিব পৰা কামবোৰ সহজলভ্য হ’লে আমাৰ জীৱনটোও পখিলাজনীৰ দৰেই হৈ পৰিব আৰু কেতিয়াও উৰিব নোৱাৰিম। যিটো এতিয়াৰ অভিভাবকসকলৰ সৰহ ভাগেই নিজৰ সন্তানৰ লগত কৰি আছে৷ 

(দুই)

ধুনীয়া সৰু পখিলাজনীঃ সামাণ্ঠা মাৰ্কেৰ 

 এসময়ত এঠাইত এজনী গুলপীয়া হালধীয়া ৰঙেৰে ভৰা পাখি লগা পখিলা আছিল৷ দুখৰ কথা ধুনীয়া পখিলাজনীক এজনী সৰু ছোৱালীয়ে সজা এটাত ভৰাই বন্ধ কৰি ৰাখিছিল৷ পখিলাজনীয়ে ছোৱালীজনীক ভালেই পাইছিল৷ মাথো এটা দুখে পখিলাজনীক বৰ কন্দুৱাইছিল৷ পখিলাজনীয়ে তাইৰ এটা নিজৰ পৰিয়াল বিচাৰিছিল৷ ঠিক তেনেকুৱা দিনবোৰৰ মাজতে এদিন সুবিধা পাই পখিলাজনী সজাৰ পৰা ওলাই নিজৰ পৰিয়াল বিচাৰি হাবিৰ ফালে উৰি গুচি গ’ল৷ গোটেই দিনটো উৰি উৰি পখিলাজনীয়ে অকণমান জিৰাওঁ বুলি গছ এজোপাৰ পাত এখিলাৰ ওপৰত পৰিলগৈ আৰু ভাগৰুৱা হৈ থকা কাৰণে টোপনিত ঢলি পৰিল৷ টোপনিত পখিলাজনীয়ে এটা সপোন দেখিলে৷ ৰৌদ্ৰোজ্জ্বল দিনটোত তাই ওপৰলৈ উৰি উৰি গছবোৰৰ ওপৰ পালেগৈ৷ সপোন তাতে শেষ৷ সাৰ পাই উঠি পখিলাজনীয়ে দেখিলে তাই সঁচাকৈয়ে তাইৰ দৰে ধুনীয়া পখিলা এজাকে তাইক বেঢ়ি আছে৷ পখিলাজনীৰ সপোন ফলিয়ালে আৰু সঁচাকৈয়ে তাইৰ দিঠকৰ সপোনবোৰ এদিন পূৰ হল৷

(তিনি) 

পখিলা স্বাধীনতাৰ প্ৰতীক

 এইটো এটা বিদেশী স্বীকাৰোক্তিৰ কাহিনী৷ বহু বছৰৰ আগতে আবেগিক হৈ বিবাহ বান্ধোনত সোমোৱাৰ পিচত এদিন আমাৰ বিচ্ছেদো ঘটিল৷ তাৰ পিচতে মই মোৰ বাও বাহুৰ পাচফালে এটা টাটু কৰালো৷ টাটুতো হল এক পখিলাৰ৷ পখিলাই স্বাধীনতা, ধনাত্মক সলনি আৰু এক নতুন জীৱনত প্ৰবেশ বুজায়৷ মই পখিলাক সদায়েই তেনেকৈয়ে ভাবি আহিছো৷ আজি তিনিমাহ হ’ল৷ মোৰ মৰমৰ কুকুৰজনী মৰিল৷ মোৰ কাৰণে কুকুৰজনী মোৰ ভীষন লগ আছিল৷ কুকুৰজনীৰ নাম থৈছিলো চাৰা গ্ৰেচ৷ ডাক্টৰৰ ওচৰলৈ লৈ যাওঁতে মই লক্ষ্য কৰিছিলো দুজনী ডাঙৰ পখিলাই আমাৰ গাড়ীখনৰ চাৰিওকাষে চক্ৰকাৰে উৰি ফুৰিছিল৷ এই ঘটনাটোৱে মোৰ মনত ক্ৰিয়া কৰিছিল আৰু মোৰ এনে লাগিছিল যেন চাৰাই মোক এৰি যোৱা নাই৷ বৰং চাৰাই নতুন এক জগতলৈ গতি কৰিছে যি পখিলা দুজনীৰ দৰেই চিৰদিনৰ কাৰণে মুক্ত হল৷

(চাৰি)

 অনুপ্ৰাণিতকৰণ- নিউইয়ৰ্কৰ পৰা কেলী

 সদায় খোজ কাঢ়িবলৈ ওলাই যোৱাৰ দৰে আজি ওলাই যাওঁতে মন কৰিলো কিবা এটা উৰি আহি মোৰ চোলাৰ ওপৰত বহিছেহি৷ মই মনে মনে ভয় খালো যিহেতু সেইটো কি পৰিলহি মই জনা নাছিলোঁ৷ ভালকৈ ভয়ে ভয়ে মন কৰি দেখিলোঁ, সেইটো এটা ধুনীয়া মনাৰ্ক পখিলা৷ অলপ পাচতে ধুনীয়া পখিলাটি মোৰ সন্মুখত নিঃশব্দে পাখি কোবাই উৰি উৰি আঁতৰি গল৷ ইমান সময়ৰ ভিতৰত পখিলাটিয়ে মোৰ কাৰণে ফটো তুলিবলৈ ৰৈও দিলে৷ এতিয়া মই ভাষাৰে বুজাব নোৱাৰোঁ মই কেনেকুৱা মানসিক প্ৰশান্তি অনুভৱ কৰিছোঁ৷ আজি কিছুদিন ধৰি মই কেইটামান ব্যক্তিগত কাৰণত অশান্তি ভুগি আছিলোঁ৷ এই পখিলাটিয়ে মোক যেন কৈ গ’ল উৰা, উৰা, যিমান পাৰা উৰা৷ মই আৰু মোৰ মানুহজনে নাও চলাই খুউব ভাল পাওঁ৷ যেতিয়াই আমি নাও চলাবলৈ যাওঁ, তেতিয়াই এটা ঘটনা ঘটে৷ সেইটো হ’ল প্ৰায়েই মোৰ টুপীত আহি পৰা পখিলাবোৰ মোৰ মানুহজনে বা তেওঁৰ বন্ধুৱে আঙুলিয়াই দেখুৱায়৷ পানীত সাঁতুৰিবৰ সময়ত উপঙি থকা সময়ত পখিলা কেইটামানে মোৰ বুঢ়া আঙুলিৰ ওপৰত আহি বহেহি৷ মই কওঁ, মোৰ এক প্ৰয়াত বন্ধুৱে মোক এটা দেখা দি গ’ল৷ মই কেতিয়াও নাভাবোঁ যে সঁচাকৈয়ে মোৰ বন্ধুৱে পুনৰ জনম লৈ পখিলা ৰূপত ঘূৰি আহিল৷ মোৰ বোধ হয়, ভগবানে মোক ক্ষন্তেক মানসিক প্ৰশান্তি দিয়াৰ উদ্দেশ্যে মোৰ বন্ধুক পখিলা ৰূপত পঠিয়াই দিয়ে৷ হয়, পখিলাই মোক এইটো সদায়েই মনত পেলাই দিব মোৰ বন্ধু স্বাধীন জীবন এটালৈ গুচি গল য’ত প্ৰশান্তিয়েই প্ৰশান্তি৷ 

(পাঁচ) 

বন্ধুৰ উপহাৰ ৰবাৰ্টা কেলিফৰ্ণিয়াৰ পৰা

 দুটা সপ্তাহ পাৰ হৈছে৷ মোৰ বন্ধু জুয়ান ঢুকুৱা৷ মই বাগিছাত বহি আছোঁ৷ তেনেতে দেখিলো মনাৰ্ক পখিলা এজনী উৰি ফুৰিছে৷ মোৰ বাগিছাৰ ফুলে ফুলে মৌ ৰস পান কৰি উৰি ফুৰিছে৷ কেইখন মান ছবি সুবিধা পাই তুলিলো৷ এটা সময়ত পখিলাজনী গ’লগৈ৷ অনুভূতিখিনি ভগাবলৈ মোৰ মানুহজনৰ ওচৰ পালোঁগৈ৷ আমি আকৌ ওলাই আহিলোঁ বাগিছালৈ৷ আমাক আচৰিত কৰি পখিলাজনীও ঘূৰি আহিল৷ মোৰ হিয়াত আনন্দই নধৰা হ’ল৷ পাচত মই পঢ়িবলৈ পাইছিলো, মেক্সিকান সকলৰ আচাৰ-ব্যৱহাৰত পখিলাক মৃত আত্মীয় সকলৰ আত্মা বুলি উল্লেখ আছে৷ তেখেত সকল পখিলাৰ ৰূপত জীবিত সকলৰ ওচৰলৈ আহি আমি তেওঁলোকৰ প্ৰতি কি সন্মান আগবঢ়াইছোঁ তাকে চাবলৈ নবেম্বৰ মাহৰ মৃতক সকলৰ উদ্দেশ্যে উদযাপন কৰা দিনটোত বছৰি এবাৰ আহে৷ এই সময়ছোৱা অক্টোবৰৰ শেষ আৰু এই সময়তে মনাৰ্ক পখিলাই মেক্সিকৰ সেই ঠাইখিনিলৈ আগমণ কৰে য’ত মনাৰ্ক পখিলাৰ জীৱন বৃত্ত আৰম্ভ হৈছিল৷ মোৰ কিন্তু এনেকুৱা লাগিছিল যেন বন্ধু জুয়ানে মোক হেল্লো কবলৈ আহিছিল৷ পিচদিনাও মই বাগিছা পালোঁগৈ৷ সেইদিনটোত ঢেৰ বিভিন্ন পখিলা৷ স্বামীয়ে কৈছিল কালিৰ পখিলাজনীয়ে বাকীবোৰক খবৰ দি সকলোকে ইয়ালৈ লৈ আহিছে৷ এইবোৰ Western Tiger Swallowtail, Grey Hair Streak, আৰু Gulf Fritillary৷ মনে মনে কওঁ দেই, মই আজি মোৰ বাগিছাখনত কাঠৰোকা চৰাই এটিও দেখিলোঁ৷ লগতে এটা সৰু গুই বাগিছাখনত ঘূৰি ফুৰা দেখিলোঁ। মই বিশ্বাস কৰোঁ, এইবোৰ সকলো মোৰ বন্ধু জুয়ানৰ মোৰ প্ৰতি উপহাৰ৷ 

(ছয়) 

প্ৰজাপতি

 আমাৰ গাত পখিলা পৰিলে মানে আবিয়ৈ ছোৱালীৰ গাত বা কাপোৰত পখিলা পৰিলে বিবাহৰ বাতৰি আনে বুলি লোক-বিশ্বাস আছে৷ ইয়াৰ সত্যতাৰ কথা মই আপোনালোকলৈ এৰিলো৷ বিছা পখিলা পৰিলে কি হয় নক’লেও হব চাগৈ৷ যিয়েই নহ’ওক পখিলা চাওঁক, পখিলা বিচাৰি ফুলনিলৈ যাওক৷ মন পখিলা পখিলা হৈ যাব৷ সঁচা-মিছা দুইবিধ পখিলাই বিচাৰি পাব৷ কেনেকৈ গ্ৰহণ কৰে সেইয়া আপোনাৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে৷ ময়ো পখিলাৰ পিচত উৰিলোঁ দেই পাঠক বন্ধু৷ বিদায়৷ আকৌ দেখা হ’ব৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments