পগলাৰ ইপিটাফ (ডা° আদিত্য ৰঞ্জন দত্ত)

 

পগলাৰ ইপিটাফ

*সময়বোৰ নাযায় নুপুৱাই যেন লাগে৷ আমনি লাগে অপেক্ষা কৰি কৰি৷ ভাবি চাওঁ একো নভবাকৈ পাৰ কৰি দিব নোৱাৰি কেলেই সময়বোৰ ?  ভাববোৰ যদি শেষ হৈ যায় কি ভাবি পাৰ কৰিম আমনি লগা ক্ষণবোৰ৷ কৰ’বাত ৰৈ আছে নেকি নিৰুদিষ্ট কিছু স্মৃতি, যিবোৰ স্মৃতিয়ে জীয়াই থকাৰ প্ৰেৰণা দিছিল, ভাবিবলৈ বাট দেখুৱাইছিল !

*খৰ্গেশ্বৰ ছাৰ আহিছিল৷ ছাৰৰ জীয়েকো মোৰ লগত একেলগে পঢ়ে৷ ছাৰৰ এটাই দুখ! জীয়েকে হেনো একেলগে পঢ়া কোনোবা এটা ল’ৰাক ভাল পায়৷ তাইৰ কিতাপৰ মাজত ছাৰে আৱিষ্কাৰ  কৰিছিল জাপ জাপ চিঠি৷ কেইখিলামানত প্ৰেম, কেইখিলামানত এটা সম্বন্ধ গঢ়াৰ ইপিটাফ৷ আৰু কেইখিলামানত এখন গন্ধৰ্ব বিবাহৰ আগজাননী! পিছদিনা তাই হোষ্টেললৈ যায়গৈ৷ মাউন্ট-আবুৰ কোনোবা হোষ্টেলৰ কোঠাত তাই হেৰুৱাই পেলাই পৃথিৱীৰ শেষ টোপাল অক্সিজেনৰ সোৱাদ৷ ওলমি ৰয় তাইৰ কুমাৰী দেহ৷

*কেতিয়াবা চাবলৈ মন যায় মোৰ মৃত্যুৰ পাছৰ পৃথিৱীখন৷ মোক ভালপোৱা মানুহবোৰে মোক কিমান দিনলৈ মনত ৰাখিব! কেতিয়াবা ভাবি চাও মোৰ কামনাৰ বাবে নিজৰ নিশাবোৰ উজাগৰে ৰখা মোৰ পত্নীয়ে মোৰ বাবে আজিও কান্দে নেকি। মোৰ চিতাত জুইয়েই বা কোনে দিলে! ভাবিবলৈ বহু কথা আছে। কিন্তু বহু ভাবনাৰেই উত্তৰ নাই৷

*এন্ধাৰ গলিটোলৈ প্ৰায়েই যাওঁ মই৷ জীমণি থাকে তাৰে কোঠা এটাত৷ গড়গাঁৱৰ ফালে ঘৰ হেনো তাইৰ৷ শীতৰ কোনোবা এটা নিশা পলাই আহিছিল বিয়া পাতিবলৈ৷ পিছে তাইৰ গন্ধৰ্ব বিবাহ হ’বলৈ নাপালে! এতিয়া নিতৌ কেইটামান টকাৰ বিনিময়ত তাই মোৰ কামনাৰে লালিত হয়৷ কেতিয়াবা তাইৰ লগত খুউব কথা পাতিবলৈ মন যায়৷ তাইৰ বুকুত মূৰ থৈ শুনিবলৈ মন যায় তাইৰ কলিজাত লুকাই থকা নিষিদ্ধ কথাবোৰ৷

*কিমান অকলশৰীয়া হ’লে মই জীয়াই থাকিব নোৱাৰিম বাৰু! কিমানজনে মানুহে মোক নমৰাকৈ ৰাখিব পাৰিব! কাৰ চকুপানীত আছে মোৰ জীৱনীশক্তি! মদ খালে ভোক লাগে আজিকালি মোৰ খুউব৷ ডাক্টৰে কৈছে ইমান বেছিকৈ মদ খোৱাতো মোৰ স্বাস্থ্যৰ কাৰণে খুউবেই  বেয়া হেনো৷ কিন্তু মই জানো, মদ খালে মই যিমান সোনকালে মৰিম, মদ নাখালে তাতোকৈ বহুত আগতেই মৰিম৷

*মায়ে কৈছিল বেয়া বস্তুবোৰ নাখাবি৷ নাখাও বুলিও কৈছিলো৷ কিন্তু কি কৰিম! মোৰ জন্মৰ আগেয়েই দেউতাই এইবোৰৰ বীজ ৰুই গৈছিল মোৰ মাতৃৰ গৰ্ভত৷ আচলতে মোৰ দেউতাই কিমান মদ খাইছিল বাৰু? আৰু কিমান খালে দেউতাই মাৰ গাত হাত তুলিছিল! দেউতাই খোৱা কেইপেগ মদৰ ফলাফলত সৃ্ষ্টি হৈছিল মোৰ জন্মৰ ইপিটাফ!

এৰা ভাবিবলৈ ঢেৰ কথা আছে৷ পিছে মোৰ হাতত ইমান সময়ো নাই চাগৈ! খৰধৰ নকৰিলে সময়ে আকৌ সৃষ্টি কৰিব এক নতুন সময়ৰ য’ত নাথাকিব ভাবিম বুলি থৈ দিয়া বহুতো ভাবনা।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক