পগলাৰ এপিটাফ-৩ (আদিত্য ৰঞ্জন দত্ত)


১) “মোৰ বুকুৰ চোমনিত মুগা পলু পুহিছে কোনে,
নুনিগছৰ পাতবোৰ যে নাই!
শাওণৰ এনিশা এনেকৈয়ে আইক পিতায়ে পলুৱাই আনিছিল।”
 
আইৰ বয়স চাগে’ তেতিয়ালৈ পোন্ধৰমান হৈছিলেহে। ওৰণি ল’বলৈ আইতাই শিকাইছিল। ককাই শিকাইছিল তামোল কাটিবলৈ। আৰু পিতায়ে! পিতায়ে আইক শিকাইছিল নিশা নিশা জোনৰ পোহৰত চকুলো টুকিবলৈ। এনিশা পিতায়ে আইক কৈছিল, “মই নোখোৱাকৈ ভাত কাহানিও নাখাবি! তোৰ পেটলৈ সোমাই গৈ ভাত উলিয়াই আনিম।” সেই দিন ধৰি আইৰ পেটলৈ আজিও এটাও ভাত সোমোৱা নাই। তাৰপিছত আইৰ উদৰত শগুন হৈ জন্মিছিলোঁ মই।
 
কেতিয়াবা খঙতে ঘৰটো জ্বলাই দিম বুলি ভাবো। ডিক্ৰঙৰ এহেজাৰ বানত ডুবি মৰাৰ কথা ভাবো। ভনীজনীৰ গাটো খুৰাইদেৱে লেতেৰা কৰি যোৱাৰ পাছত আইয়ে কান্দি থকা দেখিলে কি ভাবিম নাজানো। পিছদিনা সেইজন খুৰাদেৱৰ ঘৰতে পিতায়ে ৰাতিপুৱা চাহ খাই থকা দেখোঁ। মই একো নাভাবি লাহেকৈ ডিক্ৰঙত বুৰ মাৰোগৈ।
 
ডিক্ৰঙে মোক সাৱটি লয়। সেই ডিক্ৰঙেই মোক প্ৰেম কৰিবলৈ শিকায়, যৌনতা শিকায়। ডিক্ৰঙৰ কথা শুনিয়েই এদিন পিতাইক কুঠাৰেৰে ঘপিয়াইছিলোঁ। আইয়ে নেদেখা ভাও ধৰিছিল। পিতায়েও গমেই নাপালে আইৰ পেটৰ শগুনটো আজি প্ৰকাণ্ড বাঘ এটা হ’লহি বুলি। পিতাইৰ মৰাশটো ডিক্ৰঙকে দি দিছিলোঁ লুকুৱাই থ’বলৈ। দুসপ্তাহৰ পাছত কেন্দুগুড়ি গাঁৱত বান আহোতে উদ্ধাৰ হৈছিল এটা দুৰ্গন্ধময় মৰাশ। গাঁৱৰ ৰাইজে পিতাইৰ মাংসপিণ্ডৰ টোপোলাটো পুতি থ’লে নদীৰ বালিয়া মাটিত। মই কেতিয়াবা চাওগৈ ঠাইডোখৰ। বুঢ়া শগুন এটা ঠাইডোখৰত মাজে মাজে পৰি থাকে। যেন নদীয়ে বালিখিনি উটুৱাই নিলেই মোৰ পিতাইৰ মৰাশটোত সি মুখ দিব। খং উঠি যায় মোৰ খুউব। মাৰি পেলালো এদিন শগুনটো। আই আৰু ময়ে মিলি খাই পেলালো শগুনটো। আইয়ে মোক বেছিকৈ খং কৰি থাকিবলৈ মানা কৰে, নহ’লে বোলে এদিন মই আইকো খাই পেলাম!
 
২) “তোক ভাল পাবলৈ লৈ
বৰশী বাবলৈ শিকিলো।
কালি নিশা দলনি পথাৰত কান্ধুলি এজনী শ্বহীদ হ’ল।”
 
তোক চাই থাকোতেই তোৰ প্ৰেমত পৰিছিলোঁ। জলপৰী এজনী হৈ ডিক্ৰঙৰ পৰা উঠি আহিছিলি সোঁত ফালি ফালি। তোৰ লিপিত খাই পৰা ব্লাউজত মূৰ থৈ শুইছিলোঁ। বাপেৰে অসংযত অৱস্থাত ধৰা পেলাইছিল আমাক ওচৰৰ চোমনিডৰাত।
তই মোৰ বুকুৰ মুগা পলু!
কলহৰ কাণে ঢলা বৰষুণবোৰত আমি খুউব তিতিছিলোঁ। বুজি উঠিছিলোঁ বৰষুণ আৰু প্ৰেমৰ অভিন্ন সম্পৰ্কবোৰৰ কথা। পিছলৈ সেই বৰষুণত কোনো নহাৰ সুযোগ লৈছিলোঁ বন্ধ কোঠাত। তোৰ নাকৰ গৰম উশাহত ভিজিছিল মোৰ বুকু।
 
মই বলিয়া হৈছিলোঁ। এদিন নিশা ডিক্ৰঙত দুয়ো জাপ দিছিলোঁ। তই মৰি থাকিলি সাতুৰিব নাজানি। মই বাচিলোঁ কাষৰ নল-খাগৰিত সাৱটি ধৰি। তই উটি গ’লি ডিক্ৰঙত এবুকু স্মৃতি হৈ। পিছদিনা মই বিষ্ণু যজ্ঞ পাতিছিলোঁ। তোৰ নামত শপত লৈছিলোঁ নাস্তিক হোৱাৰ!
এতিয়া, ৰাতি ৰাতি কেতিয়াবা সাৰ পাওঁ হঠাতে। সাৰ পাই পদুলিলৈ ওলাই গ’লে বকুল জোপাৰ গোন্ধে নাকত ধৰেহি। কেতিয়াবা তই তই যেন লাগে গোন্ধটো। কেতিয়াবা আকৌ দিঠকত বকুল ফুল হৈ নিজেই সৰি ৰওঁ। ময়েই কৈছিলোঁ এসময়ত, “প্ৰেমিক মানুহবোৰ বেছিদিন বিৰহত নাথাকে।”
 
আজিও ময়েই ক’লো, “প্ৰেমিক মানুহবোৰে বিৰহত জীয়াই থাকিব নোৱাৰে, সিহঁত পলাই যায় ক’ৰবালৈ”। ময়ো পলাই গ’লো। বকুল জোপাত পুৱালৈ মৰাশ এটা হৈ ওলমি ৰ’লো।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments