পঞ্চভূত – মিতালী বৰ্মন

‘ব্যোম’

 

জ্বৰীয়া গা লৈ আকাশখনে

মোৰ মুখলৈ চায়

মোৰো যে নৰীয়া!

 

মোৰ নৰীয়াপাটিৰ দুখত

কজলা মেঘকে সাৰথি কৰি

আকাশে এসোঁতা কান্দে৷

 

কান্দিলে হেনো মন পাতল হয়!

কমোৱা তুলাৰ বোকোচাত

আকাশে লুকাভাকু খেলে৷

 

আকাশ উদাৰ, আকাশ বিশাল

ধেৎ! মোৰ নৰীয়াতো কান্দে!

***************************

 

‘ক্ষিতি’

 

খোজে প্ৰতি কোন যায়-

সৌৱা মোৰ আই

বুকু জুৰি ভৰি আছে

কেৱল ভালপোৱাৰ উত্তাপ

আৰু একো নাই

একো নাই

 

মই ঘূৰি নাচালেও

কেঁকুৰীৰ মূৰলৈ আয়ে

বেঙা মেলি চায়

দুচকুত তিৰবিৰাই ডাৱৰকণাই!

 

নোখোজাকৈ তেওঁ দিয়ে আৰু মই লওঁ

তেওঁ যে আই সকলো বুজে

সকলো বুজে৷

মই কেতিয়াও দিয়া নাই,

দিছোঁ যদি কেৱল মাথোঁ

জীৱনজোৰা ভৰ!

****************************

 

‘মৰুৎ’

 

বুকুত দলিচা পাৰি বহি আছে তেওঁ

বুকুৰ পৰা সেওতালৈ এহাত মাথোন

দুপৰৰ দগমগ ৰঙা বেলি!

 

আপোনাৰ বাবে তেওঁ

বুজা-নুবুজাৰ অলেখ সাঁথৰ

আৰু মোৰ বাবে ফলিত পাতি থোৱা

এটি সৰল অংকৰ উত্তৰ

অথবা নিউটনৰ এটি গতি সূত্ৰ

 

চাকনৈয়াতো পাহৰিব নোৱাৰি যাক

স্পন্দিত স্পন্দন আৰু উশাহ

জীৱনৰ সোণোৱালী বাট

 

হাতে হাত ধৰি

খোজত মিলাই খোজ

আমাৰ এই অবিৰত যাত্ৰা শেষ প্ৰান্তলৈ!

***************************

 

‘অপ্’

 

মই কোন?

আই, পিতা আৰু তেওঁৰ আদৰৰ

পিতায়ে দিয়ে জলপটি

আয়ে পাতে কোলা

তেওঁ দিয়ে জীৱনৰ উদ্দেশ্য

 

মই নাথাকিলে তেওঁলোকৰ দুখ

থাকিলে সুখ

পাৰ ভাঙি বৈ গ’লে অসুখ

 

সকলোকে সুখী কৰাৰ দুখত

মই অসুখী

নৰীয়াপাটিত পিতায়ে দিয়ে জলপটি

আয়ে পাতে কোলা

তেওঁ দিয়ে জীৱনৰ উদ্দেশ্য!

**********************

 

‘তেজঃ’

 

কালিলৈ অৰুণোদই হ’ব

নতুন পোহৰ বিলাব

নতুনৰ তপ্ত শিখাত

শতিকাৰ এলান্ধু পুৰি

প্ৰৌজ্জ্বল হ’ম আমি

উদ্দীপ্ত উত্তাপত জাহ যাব

পুৰণি দুখবোৰ

 

সদায় অনাৰ দৰে নতুনে

বিপ্লৱ আনিব

জাগৰণ হ’ব

অদূৰত বাজিব বাঁহী

আৰু আমাৰ প্ৰশান্তিৰ হাঁহি৷

*****************************

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments