পঞ্চম খণ্ড: বাৰাংগনাৰ জুপুৰি – পৰী পাৰবীন

 

পঞ্চম খণ্ড:
——————————–
“অলংকৃতা”, আবেগিক কণ্ঠেৰে তেওঁ মাত লগায়৷

“ওমম”, শুন-নুশুন মাতেৰে সঁহাৰি দিয়ে তাই৷

“কিবা কোৱা”, তেওঁৰ গভীৰ কণ্ঠই ৰজনজনাই যায় তাইৰ মনৰ চোতাল৷ তেওঁৰ দুচকুৰ পোহৰত মুহূৰ্ততে উদুলি মুদুলি হৈ পৰে তাইৰ মনৰ পদূলি৷ আগবাঢ়িব খুজিও ৰৈ যায় তাই৷ লাজে-আবেগে নখে মাটি চিকুটে৷ ক’ব বিচৰাবোৰ ক’ব নোৱাৰি ওপৰা ওপৰিকৈ চিগাৰেট টানে তেওঁ৷ বাউলী হৈ পৰে তাই৷ বাউলী হয় সন্ধ্যামণি৷ বাউলী হয় সময়৷ চাৰিওফালে বিধিগত সতৰ্কীকৰণ, “চিগাৰেট স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক” আৰু এইফালে তাইৰ পৃথিৱীত চিগাৰেটৰ গোন্ধত পখিলা উৰে৷ ভালবোৰতো ফুল ফুলে৷ বেয়াবোৰতো মোহ জাগে৷ প্ৰিয়পুৰুষৰ প্ৰতি উন্মত্ত ভাললগাই তাইক অন্ধ কৰি তুলিছে৷ ঘাম আৰু চিগাৰেটৰ গোন্ধৰ নিচাত আছন্ন হৈ পৰা সময়খিনিতে তাইৰ সম্বিত ঘূৰি আহে৷
“নাই, আৰু নহ’ব৷ আৰু চিগাৰেটৰ অনুমতি দিয়া নহ’ব”, বুলি তিনিনম্বৰ চিগাৰেটটো আলট্ৰাচৰ ওঁঠৰ পৰা আজুৰি তাই দূৰলৈ দলিয়াই দিয়ে৷
গেটলৈকে আগবঢ়াই থবলৈ অহা তেওঁ তাইক থাপ মাৰি হাতখন ধৰি লয়৷
তেওঁৰ চকুলৈ চাই ৰয় তাই৷ ইমান তিৰবিৰ, ইমান পোহৰ৷ ডাঠকৈ চেলাউৰিকোচা৷ জোঙাকৈ নাকটি৷ থুঁতৰিত এটা ভাঁজ৷ সেই ভাঁজটোৰ বাবেই তাই নাচাওঁ নাচাওঁকৈয়ে প্ৰতিবাৰ তেওঁক আঁৰচকুৰে চাই ৰয়৷
কথাবোৰ প্ৰতিশ্ৰুতিলৈ ৰূপান্তৰ কৰিব নে নকৰিব সেই সিদ্ধান্ত ল’বলৈকে দুটিমান নিশাৰ টোপনি বিসৰ্জন দিয়ে অলংকৃতাই৷ অস্থিৰ হৈ কোনো এক বন্ধবাৰত মাকৰ কোলাত মূৰ থবলৈ নামনিমুৱা ৰেলত তাই বহি পৰে৷ মাক আৰু আলট্ৰাচ, আলট্ৰাচ আৰু ককায়েক, তিনিওজনৰে মাজত কিবা নজহা নপমা অদৃশ্য সূতাত বন্দী হৈ থাকে তাইৰ আলসুৱা কলিজা৷ প্ৰতিবাৰ ঘৰৰ পৰা কৰ্মস্থলীলৈ উভটাৰ সময়ত মাকৰ আঙুলিত খামুচি ধৰি উচুপি উঠে, বুকুত হেৰুৱাৰ গানে সুৰ লয়, বীণত তাইৰ কথাবোৰ ধ্বনিত হয়, “কিবা পাবলৈ হ’লে কিবা হেৰুৱাই পেলাম আই”৷ মৌনতাই উচুপনিত ইন্ধন যোগায়৷ তাই নীৰৱে বেগটো লৈ ৰেলষ্টেচনলৈ বুলি ওলাই ককায়েকৰ বাইকৰ পিছৰ ছিটত বহি পৰে৷

অকলশৰীয়া যাত্ৰাবোৰ বিশেষজনৰ অনুভৱৰ উপস্থিতিয়ে মধুৰ কৰি তোলে৷ এই ৰাগ প্ৰেমৰ ৰাগ৷ প্ৰেম তাইৰ ৰন্ধ্ৰে ৰন্ধ্ৰে৷ প্ৰেমত ত্যাগ কৰা যায়৷ প্ৰেম ত্যাগ কৰা নাযায়৷

মাকৰ ঘৰৰ পৰা উলটি অহাৰ পাছত আকৌ চঞ্চল হৈ পৰে চহৰৰ গলি৷ চহৰৰ গলিত উদযাপন হয় প্ৰেমিকযুগলৰ গধূলি৷

“তোমাৰ দুচকুত চকুলো হৈ সৰিবৰ মন”, কেবাদিনৰ মূৰত লগ পোৱা অলংকৃতাৰ হাতখন লিৰিকি আবেগিক হৈ উঠে আলট্ৰাচ৷ আবেগিক হৈ উঠে তাই৷ তাইৰ চকুৰ পোহৰত বাট বুলিবলৈকে চকুলো হৈ সৰে তেওঁ৷ প্ৰতিনিয়ত সৰে সেই চকুলোত তেওঁৰ অস্তিত্ব৷ বিয়াৰ আগতেও সৰিছিল৷ বিয়াৰ পিছতো সৰিছে৷ এতিয়াও তেওঁৰে নামৰ চকুলো টুকিছে তাই৷ প্ৰতিটোপাল চকুলোৰ কাৰণ ভিন্ন, প্ৰতিটোপাল চকুলোৰ ৰং ভিন্ন, প্ৰতিটোপাল চকুলোৰ ওজন ভিন্ন৷ একে নামৰ এটোপাল চকুলো সৰিছিল ককায়েকৰ সন্মুখত বিয়াৰ কেইদিনমান আগত৷

অসম ন্যায়িক সেৱাত উত্তীৰ্ণ হৈ দ্বিতীয় শ্ৰেণীৰ মেজিষ্ট্ৰেট ৰূপে যোগ দিয়াৰ পাছতে লগ পাইছিল আলট্ৰাচক৷ মানহানি কেচ এটাৰ বাবে আহিছিল আলট্ৰাচ৷ আহিয়েই চকু পৰিছিল ক’লা কোট পৰিহিতা কম বয়সীয়া ৰমনী অলংকৃতাৰ ওপৰত৷ পেশীবহুল চেহেৰাৰে সুঠাম সবল আলট্ৰাচ৷ মুহূৰ্তৰ বাবে যেন বিজুলী চমক৷ কেনেকৈ কি হ’ল, ঠিক কোনটো বিন্দুৰ পৰা কথাবোৰ আগবাঢ়িল তাই নাজানে৷ মাথোঁঁ জানে তাৰ পাছৰ গধূলিবোৰ আলট্ৰাচৰ নামৰ৷ ৰাতিৰ ৰাতিটো ফোনকল, মেচেজ, হাতত ধৰাধৰিকৈ নিৰ্জন গলি, নতুবা তাইৰ লাইব্ৰেৰীৰ শাৰী শাৰী কিতাপৰ দ’মৰ মাজত বহি গৰম গৰম কফি৷ আকৰ্ষণীয় ব্যক্তিত্ব, পুৰুষসুলভ কণ্ঠৰ প্ৰেমত পৰিছিল নেকি তাই? নাজানে সেই কথা৷ খুব কম সময়ৰ ভিতৰতেই সেই সম্পৰ্ক গভীৰ সম্পৰ্কলৈ পৰিৱৰ্তন হৈছিল৷ পৰিণামত তাইৰ অনামিকা আঙুলিত সকলোৰে অলক্ষিতে এটা আঙুঠিয়ে শোভা পাইছিল৷ আলট্ৰাচৰ নামৰ সেই আঙুঠি৷

“সি মুছলিম, তই হিন্দু৷ তই পূবে সেৱা কৰ, সি পশ্চিমে”, কোনোবাই সঁকিয়াইছিল তাইক৷ তাইৰ কাণত তেতিয়া কপাহৰ ঠিলা৷

“তাৰ পৰিয়াল আৰু তোৰ পৰিয়ালৰ মাজত আকাশ-পাতাল পাৰ্থক্য৷ তই তাত মিলিব নোৱাৰিবি”, সেয়াও কোনোবা শুভাকাংক্ষীৰ সাৱধানবাণী৷ তাই কাণৰ ঠিলা নোখোলে৷

“তোৰ মেষ ৰাশি৷ তাৰো মেষ ৰাশি৷ দুটা ডাঙৰ ৰাশিৰ মাজত ৰাহিযোৰা নাহে কৃতা”, সেইবোৰ কথা তাইৰ কাণৰ কাষেৰেই নাযায়৷

কিছুমান সম্পৰ্ক খুব আবেগিক৷ অন্ততঃ তাইৰ দৰে ছোৱালীৰ দৰে৷ এই যে তাই চকুৰে তেওঁক প্ৰতিশ্ৰুতি দিলে, সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈকে তাই বয়সৰ ব্যৱধান, ধৰ্মৰ গণ্ডী, সামাজিক স্থিতি সকলো একাষৰীয়াকৈ থ’লে৷ উদযাপন কৰি গ’ল প্ৰেমৰ লগনবোৰৰ৷

সমস্যা কেৱল এটাই আছিল৷ বাৰ্ধক্যই কোঙা কৰা তাইৰ বিধৱা মাকজনী৷ কিন্তু যৌৱনৰ প্ৰেমৰ শক্তিৰ আগত যেন আন যিকোনো সমস্যা গুৰুত্বহীন হৈ পৰে৷ কথাবোৰ ককায়েকৰ কাণত নপৰাকৈ থকা নাছিল৷ নামনি অসমৰ এক নৈষ্ঠিক হিন্দু পৰিয়ালৰ যুৱতী অলংকৃতাৰ প্ৰেম উজনিৰ মুছলিম যুৱক আলট্ৰাচৰ সতে৷ যেন ঘৰৰ মুধচত বহি ৰমলিয়াই থকা কাউৰীজনীয়ে অনাহুত খবৰ কঢ়িয়াই আনিছিল৷ কঁপি উঠিছিল সি৷ বেমাৰী মাকজনীক কোনোপধ্যে দিয়া নাযায় এই খবৰ, প্ৰেমৰ সাগৰত নিজকে ডুবিবলৈ এৰি দিয়া জীয়েকৰ খবৰ কি স’তে মাকৰ ঔষধৰ লগত মিহলোৱা যায়, সেই চিন্তাত সি ততাতৈয়াকৈ ভনীয়েকৰ কাষ পায়হি৷

“আলট্ৰাচ কোন হয়? ”, ককায়েকে তাইৰ খবৰ লবলৈ বুলি আহি হাতৰ চাহকাপ মুখলৈ নি সুধি পেলালে৷

অলপ সময়ৰ বাবে মৌনতা৷ মিছা কথা ক’লে বহুতকেইখন দুৱাৰ বন্ধ হৈ যাব৷ সঁচা ক’লে? সঁচা ক’লে হয়তো বহুতকেইখন শাণিত চুৰিৰ আঘাতে তাইক থকাসৰকা কৰি পেলাব৷

ককায়েকে ইতিমধ্যে আলট্ৰাচৰ বিষয়ে তথ্য গোটাই লৈছিল৷ অত্যন্ত বাস্তৱবাদী ককায়েকৰ মতে কিবা স্বাৰ্থ নাথাকিলে কোনো মানুহে ইমানবোৰ ত্যাগ কৰিবলৈ প্ৰস্তুত নহয়৷

ত্যাগ? কি ত্যাগ কৰিব লাগিব আলট্ৰাচে, তাই নুবুজে সেই কথা৷ তাই দেখোন ত্যাগ কৰিবলৈ প্ৰস্তুত হৈ উঠিছে আপোন ঘৰখন, আপোন মাকজনী, আপোন ঠাইৰ আপোন মাত-কথা, বাগৰুম্বাৰ চিনাকি সুৰ, চিনাকি নৈখনি, চিনাকি পাহাৰখন, কমলা বেচিবলৈ অহা ভূটীয়া কেইজনীৰ সতে মুখচুপতি- এই সকলোবোৰেইতো ত্যাগ কৰিব তাই৷ তাৰ বিপৰীতে আঁকোৱালি লবলৈ শিকিছে হাড়িয়াৰ নিচাত ডুবি থকা ঝুমুৰৰ তালবোৰ, আহোম-মোগলৰ ঠাঁচ থকা ৰঙা-বগা মুখনিবোৰ, সোণাৰু-নাহৰৰ ফুলৰ দেশৰ খবৰবোৰ৷ আটাইতকৈ প্ৰিয় হৈ পৰিছে ব্ৰহ্মপুত্ৰ নৈখন৷ তাইৰ দৰেই মুহূৰ্ততে ওফন্দি উঠি ৰদে জিলিকোৱা পানীমুকুতাবোৰ৷

“চা, তোক আকৌ কৈছো, এই বিয়া অসম্ভৱ৷ তই ঘূৰি আহ এইটো সম্পৰ্কৰ পৰা”, মৌনতা ভংগ কৰি ককায়েকে মাত লগায়৷

“নোৱাৰিম দাদা৷ মই তেওঁক কথা দিলো”, আড়স্ততা এৰি ককায়েকক জনাই দিয়ে তাইৰ শেষ সিদ্ধান্ত৷

“আসঃ, আমি মৰি গ’লো নেকি হা? কেইদিনমান লগ পোৱা লৰা এজনৰ বাবে তই অতবছৰে আশ্ৰয় দিয়া ঘৰখন পাহৰি যাবি?”

দোদুল্যমান অৱস্থাত পৰে তাই৷ প্ৰেমৰ ৰাস্তাৰ পৰা ঘূৰি অহাৰ শংকাত নহয়, বৰঞ্চ ঘৰখন হেৰুৱাব, সেই শংকাত তাই আলট্ৰাচলৈ ফোন লগায়৷ আলট্ৰাচো যেন গভীৰ চিন্তাত পৰে৷ অৱশেষত সমাধানৰ সূত্ৰ দাঙি ধৰে, “ব’লা৷ কোৰ্ট মেৰেজ কৰি লওঁ৷”

কি অপৈণত চিন্তা! তাইৰো তথা আলট্ৰাচৰো সেই অপৈণত চিন্তাৰ ফলত মাকজনী বাউলী হ’ল৷ তাইৰ নামত চৰু-হাড়ি নিকা কৰিলে৷ নৰিয়া পাটী এৰিব নোৱাৰিলে৷ বেমাৰী মানুহগৰাকীৰ বয়স যেন বহুত বাঢ়ি গ’ল৷ সেই অসহায় চকুহালে তাইক আজিও আমনি কৰে৷ তাই জানে, মাকে তাইক অভিশাপ নিদিয়ে, তাইৰ পিণ্ড কুকুৰক খুৱাব নোৱাৰে, কিন্তু প্ৰচলিত সমাজব্যৱস্থাৰ নীতি-নিয়মবোৰ তেওঁ ওফৰাই পেলোৱাৰ সাহস কৰিব নোৱাৰে৷

তাইক অত্যন্ত মৰম কৰা ককায়েকে বৰ কষ্ট পাইছিল৷ একমাত্ৰ ককায়েকেই তাইৰ বাটত হেঙাৰ হৈয়ো থিয় দিয়া নাছিল, আনে গম নোপোৱাকৈ যোগাযোগ ৰক্ষা কৰিও আছিল৷ কিন্তু সি ভাঙি পৰিছিল৷ কাণে ডিঙিয়ে গহনা ওলোমাই, দোলাত উঠাই তাৰ একমাত্ৰ ভনীয়েকজনীক সি বিয়া দিব পৰা নাছিল, সেই দুখবোধটোত সিহঁত দুটাৰ মাজৰ সম্পৰ্কটো এখন ভগা দলঙৰ দৰেই হৈছিল৷ সি নকয়, তাই বুজে৷ তাই নকয়, সি বুজে৷ ভাতৃ-ভগ্নীৰ সম্পৰ্কটোৱে ঠেহ পাতে৷ এয়াও প্ৰেম৷ এই প্ৰেমৰ আন এক নাম৷ সবাৰো ওপৰৰ সিংহাসনত ৰজাৰ দৰে অধিষ্ঠিত হৈছিল আলট্ৰাচৰ সতে প্ৰেম, যিহক পাবলৈ তাই বাকী সকলো শিকলি ছিঙি পেলাইছিল৷ প্ৰেমৰ লক্ষ্যত উপনীত হৈ বিজয়ীৰ হাঁহিটো মাৰোতেই মাকৰ এষাৰ কথাই তাইক সংকুচিত কৰি পেলালে,

“মোৰ ওচৰত ৰৈ ছোৱালীজনী খুজি নিয়াৰো সাহসকণ নাছিল নে লৰাটোৰ? এই লৰাটোৱে তাইৰ দৰে ছোৱালীজনীক সুখত ৰাখিব পাৰিবনে? ”

ধৰফৰাই উঠিছিল তাই৷ এৰাতো৷ মাকে কোৱা কথাষাৰ মিছা নাছিল৷ তাইৰ দৰে স্বভিমানী ছোৱালীজনীক প্ৰেমে এনেদৰে অন্ধ কৰি পেলাইছিল নে যে, মাকক সিহঁতে এবাৰ সোধাৰ প্ৰয়োজনবোধকণো নকৰিলে৷ মোহভংগৰ ৰাতিবোৰে নীৰৱে উচুপে৷ বুকুত বলি থাকে বিষাদৰ বা’৷ গভীৰ নিদ্ৰাৰত আলট্ৰাচৰ হাত দুখনৰ কবলৰ পৰা নিজকে মুক্ত কৰি বাৰাণ্ডালৈ ওলাই আহে তাই৷ তাইক দেখি আকাশৰ তৰাজনীয়ে মিচিককৈ হাঁহে৷ সেমেকা চকুৰে তায়ো হাঁহি এটি পঠিয়াই দিয়ে তৰাজনীলৈ৷ তৰাজনীয়ে যোগসূত্ৰ স্থাপন কৰে মাক আৰু তাইৰ মাজত৷ “মা তই মোক যিমানেই ডাঙৰ হ’বলৈ শিকালি, সিমানেই সৰু সৰু অংকবোৰ মই পাহৰি গ’লো অ’৷ নহলেনো তোক মই এবাৰ মুখ ফুটাই নকওঁনে”?

সিফালৰ পৰা তৰাজনীয়ে মাকৰ খবৰ আনে৷ “ভালে থাকচোন মাজনী৷ তই ভালে থাকিলেই সকলো মোৰ সকলো দেনা-পাওনাৰ হিচাপ শুদ্ধ হৈ পৰিব”৷

ভালে থকাৰ বাটত প্ৰশ্নটোৱে তাইক কুৰুকি খায়৷ মাকৰ আগত কিয় বুকুখন খুলিব নোৱাৰিলে, সেই কথাই বাঢ়ৈটোকা চৰাইজনীৰ দৰে কলিজাটো খুঁটি খুঁটি খায়৷ পৌনঃপৌনিক ভগ্নাংশৰ দৰেই উত্তৰ আছিল প্ৰশ্নটোৰ৷ যিমানেই ভবা যায়, সিমানেই দীঘল হৈ গৈ থাকে৷ যিমানেই দীঘল কৰা যায়, উত্তৰ ওলাই গৈ থাকে৷ অকণমান যোগাত্মক সংখ্যা যোগ কৰি এই আউল লগা অংকবোৰ সামৰি থোৱাই ভাল৷ সেই অংকবোৰ সামৰি তাই গঢ়ি তুলিছিল এখন সৰুকৈ পৃথিৱী৷

সৰু পৃথিৱী নহয়নো কি? চাকৰি আৰু ঘৰ৷ ঘৰ আৰু চাকৰি৷ দহবছৰীয়া বিবাহিত জীৱনৰ ফচল দুটি সন্তান৷ কৰ্তব্যৰ সময়ছোৱাত তাইৰ টেবুলত ভৰ দিয়ে ভিন ভিন সমস্যাই৷ ঘৰলৈ আহি ডাঙৰ ঘূৰণীয়া টেবুলখনৰ চাৰিওকাষে বহি লয় তিনিটি প্ৰাণী৷ সমস্যা সমাধানৰ দায়িত্ব লয় টেবুলখনে৷ প্ৰায়ে তাই ডুবি থাকে তেনে কোনো গ্ৰন্থৰ মাজত৷ টেবুলখনতে উবুৰি খাই পৰেহি তাইৰ সৰু সংসাৰ৷ আলট্ৰাচক কিতাপৰ গোন্ধই নাটানে৷ সেই সময়ত তেওঁ ব্যস্ত থাকে ফোন, হোৱাটচআপ, ফেচবুক, মেচেজ, টিভি, বাতৰি কাকত, শৰীৰচৰ্চা ইত্যাদিত৷ যি সময়ত তাই সমাজ-জীৱনৰ জটিল সমস্যা সমাধানৰ সূত্ৰ ফঁহিয়াই থাকে, সেই সময়ত আলট্ৰাচ ব্যস্ত থাকে বিত্তীয় লাভ-লোকচানৰ অংকত৷ দুয়োখনেই বাস্তব জীৱনৰ ছবি, দুয়োখনতেই সমাজৰ চিত্ৰ প্ৰতিফলন৷ অথচ আলট্ৰাচে তাইৰ ওপৰত কৈফিয়ৎ তোলে,

“তুমি একেবাৰেই চচিয়েল নোহোৱা”৷

কেতিয়াবা আলট্ৰাচে আপত্তি কৰে,
“মোৰ লগত পাৰ্টি এটালৈ যাবলৈ তোমাৰ সময় নহয়”

নিতান্তই এৰাই চলে এনে ওজৰ-আপত্তিবোৰ তাই৷ কেৱল আলট্ৰাচেই নহয়, যিকোনো মানুহেই বুজিব তাইক৷ কিছুমান কাম তাই কৰিব নোৱাৰে৷ মন গ’লেই ওচৰ চুবুৰীয়াৰ ঘৰত ঘণ্টাৰ পিছত ঘণ্টা ধৰি আড্ডা দিব নোৱাৰে৷ মন গ’লেই ঘোঁৰা চেকুৰাদি চেঁকুৰাব নোৱাৰে তাইৰ উচ্ছল যৌৱন৷ এয়া তাইৰ পেছাই সমৰ্থন নকৰে৷ আইনৰ ৰক্ষক তাই৷ সমাজৰ সুস্থতাৰ নিমিত্তেই সেই আইন৷ আলট্ৰাচে ইমান সাধাৰণ কথাটোকে নুবুজেনে? নুবুজে আলট্ৰাচে৷ নুবুজে বাবেই মুখ ওন্দোলাই ঘৰৰ পৰা গপগপাই ওলাই গৈ ক্লাবত বহি থাকেগৈ তেওঁ৷ তাইৰ ওঁঠেৰে মিচিককৈ হাঁহি এটি ঢৌ খেলি যায়৷ ডাঙৰ হোৱা নাই আলট্ৰাচ৷ বয়স অনুপাতে ডাঙৰ হোৱা নাই আলট্ৰাচ৷ তাইতকৈ সাত বছৰে ডাঙৰ মানুহজনে এতিয়াও সৰু লৰাৰ দৰে আচৰণ কৰে৷ তাই তেওঁৰ অভিমান ভাঙি সমাধান সূত্ৰ দাঙি ধৰে মানে ৰাতি এপৰ হয়গৈ৷

“আজিলৈ হৈছেগৈ নে? ”, টিভিৰ ৰিমৰ্ট পকাই পকাই আমনি লাগে আলট্ৰাচৰ৷

ঘড়ীটোলৈ চায় তাই৷ বাৰ বাজি পাৰ হয়৷ টেবুলৰ ওপৰৰ কিতাপখনলৈ চায়৷ জটিল কথাবোৰ আধৰুৱা হৈ ৰয়৷ আলট্ৰাচলৈ চায় তাই৷ আলট্ৰাচৰ চকুত তাইময় পৃথিৱী৷ ৰূপালী কাৰেঙৰ জোনাকী পালেং৷ সোণালী ঘোঁৰাৰে সেন্দূৰীয়া পথেৰে নামি আহি কনেঙৰ বুকুত আশ্ৰয় লব বিচৰা চেনেঙৰ ঠিকনা৷ ঐনিতমৰ সুৰেৰে বলীয়া বতাহ৷ মধুৰ৷ মধুৰ৷ প্ৰতিটো পলেই যে মধুৰ৷
মধুৰ সময়ৰ স্মৃতিৰ পাতখিলা পঢ়ি থাকোতেই মোবাইল ফোনটো বাজি উঠে তাইৰ৷ আলট্ৰাচ কালিও নাহিল৷ ডাৱৰে ঢকা আকাশখনে ফ্লাইট কেনচেল হোৱাৰ খবৰ দিছে৷ আজি আহিব আলট্ৰাচ৷ পুৱাতেই বাজি উঠা ফোনটোৱে তাকেই ক’লে৷ হুমুনিয়াহ এটাই কথাবোৰৰ পট পৰিৱৰ্তন কৰি পেলায় থিতাতে৷ কথাবোৰত এতিয়াহে শেলুৱৈ গজিছে৷ বাৰে বাৰে বুকুত বান্ধি ল’ব খোজা সম্পৰ্কটো পিছলিব খোজে৷ ক’ৰবাত যেন কিবা এক দূৰত্ব৷ ক’ৰবাত যেন এক গভীৰ একাকিত্ব৷ বিষাদৰ ফুলবোৰ ৰমকজমককৈ ফুলি অলংকৃতা নামৰ মানুহজনীৰ মুখত এক শূন্যতাৰ প্ৰচ্ছায়া সানে৷ এয়া প্ৰেম আছিল নে? নে মোহ আছিল? নে এক চুক্তি আছিল? ইমানৰ মাজতো বিধৰ্মী ছোৱালী এজনীৰ ওচৰত নিজকে সঁপি দিব খোজা সম্পৰ্কটো প্ৰেমৰ এক ভণ্ড মুখাহে আছিল নে? সেই সময় শুদ্ধ আছিল নে এই সময় শুদ্ধ, সেই উত্তৰ উলিয়াব নোৱাৰি তাইৰ মুখৰ প্ৰচ্ছায়াই কাজল বৰণ ধৰে৷ কাৰো চকুত নপৰে সেই প্ৰচ্ছায়া৷ আলট্ৰাচৰো চকুত নপৰে হয়তো৷ চকুত পৰে বিশাল তামুলীৰ৷ তাইতকৈ জুনিয়ৰ সহকৰ্মী বিশাল তামুলী৷ আইন সংক্ৰান্তীয় কামত বহুতবাৰ তাই বিশালৰ সতে কাম কৰিছে৷ বহুতবাৰেই তাইৰ উদাসীনতা বিশালৰ চকুত ধৰা পৰিছে৷ প্ৰত্যেকবাৰেই কিবা সুধিম বুলি ভাবিও তাইৰ কাজলমুখৰ প্ৰত্যয়খিনিত তেওঁ থমকি ৰয়৷ ৰূপকথাৰ নায়িকাজনীৰ দৰেই অফুৰন্ত যৌৱনৰ গৰাকী অলংকৃতাই যেতিয়া ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে বিষাদৰ ৰাগ টানে, তাইৰ স্বামীয়ে তেতিয়া চিনেমাহলত সুন্দৰী নাৰীৰ সতে বিলাসিতা কৰে৷ বিশাল তামোলীৰ অজানা নহয় এই খবৰ৷ চহৰৰ অজানা নহয় এই খবৰ৷

আধুনিকতাৰ নামান্তৰ সেই সম্পৰ্কবোৰত তাইৰ দৰে বিলাসী প্ৰেমৰ সংজ্ঞা নজনা মানুহৰ সৰল চিলাইবোৰত আউল লাগি বাৰে বাৰে সূতা চিগে৷ বিশালে ধৰা পেলায় তাইক৷ সন্ধ্যাৰ কানিমুনি আন্ধাৰত প্ৰায়েই তাইক লগ পায় ফেৰীঘাটৰ অকলশৰীয়া পদযুগলৰ সৈতে৷ ৰমেশে তেতিয়া মথাউৰিৰ তলত গাড়ী পাৰ্ক কৰি নিশ্চিন্ত টোপনি মাৰে৷ মথাউৰিৰ ওপৰত তাই ইভিনিং ৱাকৰ নামত নিজৰ সতে নিৰন্তৰ অপলাপত ব্যস্ত হৈ পৰে৷ অপলাপেইতো এয়া৷ প্ৰেমত অতবোৰ ত্যাগ কৰি অহা তাইজনীৰ প্ৰেমিকে তাইক ত্যাগ কৰাৰ প্ৰস্তুতি চলায় গোপনে৷ তাইৰ অজানিতে ওভতনি পথৰ জপনা সজাই থয়৷ সেই কথাবোৰ অপলাপ নহয়নো কি? ইভিনিং ৱাকৰ নামত বিশাল তামুলীয়েও তাইৰ কাজল চকুত ৰামধেনু অঁকাৰ প্ৰয়াস কৰে৷ অৱশ্যে তাইৰ ব্যক্তিত্বই তাক বাধা দিয়ে৷ স্বভিমানেৰে তুলবুলীয়া প্ৰিয়নাৰীৰ এহালি ভৰুণ চকু, বিশালে মূৰ তুলি চাই দিলেই যেন সৰি পৰিব বিশ্বাসৰ টোপোলা৷ সঁফুৰাত সাঁচি থয় সংযম৷ সঁফুৰাত সাঁচি থয় আস্থা৷ সঁফুৰাত লুকুৱাই থয় প্ৰেমৰ ঠিকনা৷ প্ৰেমৰ সংজ্ঞা সলাই পেলায় তেওঁ, প্ৰেম মানেই ত্যাগ, প্ৰেমত ত্যাগ নহয় বিবেক৷

ৰাতিৰ ৰাতিটো অস্থিৰ হৈ থাকে তেওঁ৷ তেওঁৰ কক্ষপথ আৰু অলংকৃতাৰ কক্ষপথ একে নহয়৷ প্ৰায়েই এই আবৰ্তনে সংঘৰ্ষৰ সম্ভাৱনা কঢ়িয়াই আনে৷ তেনে সম্ভাৱনা নস্যাৎ কৰি বিশালৰ বাবে বদলিৰ হুকুম আহে৷ প্ৰমোচনৰ সৈতে বদলি৷ নিতান্তই আনন্দদায়ক খবৰটোত তেওঁ কোনোধৰণৰ উৎসাহ অনুভৱ নকৰিলে৷ ফোনৰ ওপৰত ফোন, অভিনন্দন, শুভেচ্ছাবাণীবোৰৰ পৰা পলাই আহি সি অলংকৃতাৰ চেম্বাৰত বহি ৰ’ল৷

“হেই ইয়ংবয়, কংগ্ৰেচুলেচন”, তাইৰ অভিবাদনত বেঁকাকৈ হাঁহি এটা মাৰি সি মোবাইল ফোনটো টিপাটিপি কৰি থাকে৷

“এনি প্ৰবলেম বিশাল”, তাৰ মৰহা হাঁহিটো ধৰা পৰে অলংকৃতাৰ ওচৰত৷
তেওঁ সুখী নহয় বদলিৰ হুকুমত৷ কিয় সুখী নহয় তাৰ কোনো কাৰণ নাই৷ নতুন ঠাইত নতুন পদত যোগ দিব তেওঁ৷ অপাৰ উৎকণ্ঠা হোৱাৰ বিপৰীতে তেওঁৰ মনত যেন গভীৰ হতাশা৷

অলংকৃতাৰ ভৰুণ চকুৰ দৃশ্যই তেওঁৰ বুকু খান্দে৷ ফেৰীঘাটৰ অকলশৰীয়া খোজবোৰে কলিজা খান্দে তেওঁৰ৷ ক’ব খোজে তেওঁ, “মেডাম কথা দিয়ক মোক, অকলশৰীয়া সময়বোৰৰ উচিত সমাধান উলিয়াই আপুনি সুখী হ’ব বুলি৷ মেডাম কথা দিয়ক মোক, আপোনাৰ সুন্দৰ মনটোক আৱৰি ৰাখিবলৈ স্বাস্থ্যৰ উচিত যতন ল’ব বুলি৷ মেডাম কথা দিবনে মোক, নিজকে এনেকৈ জ্বলি জ্বলি শেষ হ’বলৈ নিদিয়ে বুলি”৷ অথচ তেওঁ ক’ব নোৱাৰে সেই কথা৷ এই কথাবোৰ সঁফুৰাত সাঁচি থোৱা কথা৷ এই কথাবোৰ কৈ তেওঁ অলংকৃতা নামৰ মহিয়সীগৰাকীক উল্কি নামৰ নাৰীগৰাকীৰ শাৰীত থ’ব নোখোজে৷ বৰঞ্চ তেওঁ কৈ উঠে,

“মাক এৰি যাবলৈ মন নাছিল মেডাম৷ মা অলপ অসুখীয়া৷ মোৰ সমানে সমানে মায়ে ঘূৰা মেলা কৰাও মুস্কিল”৷

মা মা মা! আসঃ! এই শব্দটোত কি আছে? এই শব্দটো যে তাইৰ জীৱনৰ পৰা হেৰাই যোৱাৰ আশংকা জাগে ক্ষণেপ্ৰতি৷

বিয়াৰ কেইবছৰমানৰ পিছৰ কথা৷ নৰীয়া পাটিত পৰি থকা মাকৰ খবৰ লবলৈ ঢাপলি মেলিছিল তাই৷ মাকৰ চকুৰ অসহায়তা৷ তাইৰ নামত মৃতকৰ্ম সমাপন কৰা মাকে তাইৰ হাতত পানী এগিলাচ তুলি দিবলৈকো শক্তিকণ যোগাৰ কৰিব পৰা নাছিল৷ কেৰেক্টাৰ পৰা চকুৰে মাকে তাইৰ মুখখন খুঁটিয়াই খুঁটিয়াই চাইছিল৷ বেনাৰসী চিল্কৰ ৰঙা শাৰীখন তাই পাৰে মানে থিত লগাইছিল৷

“তই সুখীনে মাজনী”, মাকে তাইৰ চকুৰ সিক্ততা ধৰা পেলাইছিল৷
“আজিৰ পৰা সুখী মা৷ তোৰ অমতত গুচি গৈ অপৰাধবোধত ভুগিছিলো৷ তই ক্ষমা কৰি দিলেই মই সুখী মা”৷

শোটোৰা-শোটোৰা পৰা হাতৰ উমাল পৰশে মেৰিয়াই লৈছিল তাইৰ আলসুৱা কলিজা৷ তাইৰ মিহি কপালখন চুই চাইছিল তেওঁ৷ ইয়াতে এটা বেলি গজাৰ সপোন দেখিছিল তেওঁ৷ মৰমৰ জীয়েকৰ সেওঁতাত সেন্দুৰীয়া পদূলি ৰচি দিয়াৰ সপোন দেখিছিল তেওঁ৷ সেই সেওঁতা এতিয়া উকা৷ তাইৰ স্বামীৰ ধৰ্মই সেয়া অনুমতি নিদিয়ে৷ তাইৰ নামত চৰু-হাড়ি ধুই চুৱা খেদা মাকজনী৷ তাই বুজি উঠে, ক’ৰবাত মাকৰ চকুলোৱেওতো বাট নেদেখে৷

“ভালেৰে থাকিবি মাজনী৷ সংসাৰখন ধৰি থাকিবি৷ কথাবোৰ কওঁতে সাৱধান হ’বি৷ তই বহুত স্পষ্টবাদী ছোৱালী৷ জোঁৱাই কেনেধৰণৰ মই দেখা নাই৷ মোতকৈ বেলেগে তোক কেনেকৈ বুজি পাব? ভয় লাগে সেইটোৱেই”৷

“কি ভয় লাগে মা? মোক লৈ কি ভয় লাগে তোৰ? ”, কৌতূহল দমাব নোৱাৰি সুধি পেলায় তাই৷

“ক’ৰবাত তোৰ কথাবোৰ যদি জোঁৱাইৰ বদজহম হৈ যায়, সেই ভয়ে মোক খুলি খায়”৷

আলট্ৰাচে তাইৰ মাকৰ সন্মুখীন আজিলৈকে হ’ব নোৱাৰিলে৷ অথচ তেওঁক নেদেখাকৈয়ে মাকে ভৱিষ্যতবাণী কৰিছিল৷ নে শংকাত ভুগিছিল মাকে? জীৱনৰ অভিজ্ঞতাই পৰিপূৰ্ণ কৰা অৰ্ধশিক্ষিতা মাকজনীয়ে কেনেকৈ বুজিছিল তাইৰ নীতি আদৰ্শবোৰে আলট্ৰাচৰ বাবে বদহজমৰ ৰূপ ল’ব৷

প্ৰেম নে মোহ? প্ৰেমহীনতা নে মোহভংগ? কিহ’ৰ তাড়নাত আলট্ৰাচে পৰনাৰীৰ মাজত জীৱনৰ সন্ধান কৰে? কিহ’ৰ বেদনাত তাইৰ খোজবোৰত ধতুৰা ফুলৰ বিহ সানি যায়? যি কথা নুবুজিছিল তাই, সেই কথা মাকে কেনেকৈ জানি যায় আগতীয়াকৈ?

আইৰ শৰীৰৰ অসুখ৷ তাইৰ মনৰ অসুখ৷ তাইৰ পৃথিৱীৰ অসুখ৷ তাইৰ সমাজখনৰ অসুখ৷ সেই প্ৰেমৰ সংজ্ঞা কি, যিহে মুহূৰ্ততে অনুভৱ সলায়৷
আলট্ৰাচে চহৰত ভৰি দিয়াৰ খবৰ আহে৷ বিশালৰ বদলিৰ হুকুম আহে৷ ধ্ৰুৱমৰ খবৰবোৰ আদবাটতে হেৰায়৷ উল্কি আৰু কঞ্জনীলৰ গধুৰ উশাহবোৰে প্ৰমাদ গণে৷ তাইৰ মাকজনী হেৰাই যোৱাৰ সময় চাপে৷ সকলো অহা-যোৱাৰ সূত্ৰবোৰত ধ্ৰুৱক সংখ্যাটিৰ দৰে বহি লয় দুইপুত্ৰ৷ দুইপুত্ৰই উৎসাহিত হৈ ফোন কৰে তাইক, হিচাপ দিয়ে, “পাপাই মোৰ কাৰণে এইটো আনিছে, সেইটো আনিছে”৷ তাই কল্পনা কৰি লয়, শোৱনি কোঠাৰ বিছনাখনত বহি আলট্ৰাচে পুত্ৰদ্বয়ৰ সতে পুতলা গাড়ীৰ মেলা পাতে৷ তাই মনৰ গাড়ী চেঁকুৰাই দিয়ে৷ আলট্ৰাচৰ সন্মুখীন কেনেকৈ হোৱা যায়, সেই অংকই সূত্ৰ পাহৰে৷ পৰনাৰীৰ শৰীৰৰ গোন্ধত তাইৰ শোৱনিকোঠাত যেন ফেঁটীসাপে ফণা মেলি ৰৈ থাকে৷ বৰবিষৰ বৰ বিষ৷ বৰবিষৰ বৰ কষ্ট৷

(আগলৈ)

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Binay Gogamukh
2 years ago

বাৰংগনা সদায় বাৰংগনা। সিহঁতৰ দেহ থাকে। হৃদয় নাথাকে।
জুপুৰি কিম্বা ৰাজ প্ৰসাদ সেয়া সিহঁতৰ বিচাৰ্য্য নহয়।