পঢ়ুৱৈৰ একাষাৰ – প্ৰাণজ্যোতি নাথ

’মেঘমালাৰ ভ্ৰমণ’ কবিতাপুথিৰ বাবে ২০১৬ চনৰ সাহিত্য অকাডেমি বঁটা বিজেতা কবি জ্ঞান পূজাৰীদেৱে এটি সাক্ষাৎকাৰ প্ৰসংগত কৈছে; কবিতাৰ মৃত্যু অসম্ভৱ৷ মানুহ থকালৈকে কবিতা থাকিব৷ আমি নিজেও এই কথাষাৰ বিশ্বাস কৰোঁ৷ জীৱনক আজীৱন জীয়াই ৰখাৰ স্বাৰ্থতেই মানুহ থকালৈকে মানুহৰ বুকুৱে বুকুৱে কবিতা থাকিব৷ স্বৰ্গতোক্তিৰ দৰে মানুহে কবিতা আওৰাব, গুনগুনাব আৰু জী চাব জীৱনক কবিতাৰ শাৰীবোৰৰ মাজত৷ কবিয়ে কোৱাৰ দৰে,
কবিতা পঢ়ি পাহৰিব পাৰি কিছু দুখ
আনকি গ্লানি
কবিতা জীৱনৰ অন্য বিষয় কুশল, অন্য প্ৰত্যাশা……

আমি নিজে প্ৰায়ে ভাবো যে সাহিত্যৰ সকলো ভাগৰ ভিতৰত প্ৰবন্ধ লিখা কলাভাগ আয়ত্ত্ব কৰাটোৱেই আটাইতকৈ সহজসাধ্য৷ যিকোনো এজন অধ্যয়নশীল ব্যক্তিয়ে সামান্য কছৰতৰে সুপাঠ্য প্ৰবন্ধ এটি লিখি উলিয়াব পাৰে৷ কিন্তু গল্প এটি লিখা উলিওৱা কামটো তাতোকৈ কঠিন, উপন্যাস এখন সম্পূৰ্ণ কৰাটো তাতোকৈ কষ্টকৰ আৰু সবাতোকৈ জটিল এটা কবিতাৰ জন্ম যন্ত্ৰণা৷ এজন কবি আমাৰ দৃষ্টিত ঈশ্বৰৰ সমকক্ষ, তেওঁ এজন ঋষি, ধ্যানস্থ তপস্বী…… যি যুগ যুগ ধৰি কৰা তপস্যাৰ অন্তত কাংক্ষিত ফল পায়, তথাপি অতৃপ্ত হয়, আকৌ ধ্যানত বহে৷ অকবিতাৰ পক্ষত থকা সময়ত আমাৰ এনে কথা স্ব-বিৰোধী যেন লাগিব পাৰে৷ যদিও ’ভাৱ বল্লৰী’ৰ কবি পুণ্য শইকীয়া চাৰে তেখেতেৰ কবিতা-সম্পৰ্কীয় এটি প্ৰবন্ধত ’কবিতা নহয়’ অৰ্থত ’অকবিতা’ শব্দটোৱেই নস্যাৎ কৰিছে__ তথাপি কবিতা নহয়… এই অৰ্থতেই অকবিতা শব্দটো প্ৰয়োগ কৰি কওঁ; অকবিতা লিখাটোও কবিতামুখী যাত্ৰায়েই, ইও কবিতামুখী চৰ্চা৷ বোধহয় সেই তপস্যাৰে প্ৰাৰম্ভণি__ যি তপস্যাৰ মাজেৰে ব্যক্তি এজন ব্যক্তিৰ শাৰীৰপৰা ’কবি’ৰ শাৰীলৈ উঠে৷ অৱশ্যে এই কবিতামুখী যাত্ৰা সহজ আৰু চিধা নহয়৷

সাধাৰণ জনৰ কেৱল প্ৰাপ্তিৰ হাবিয়াসৰ বিপৰীতে কবিৰ থাকে কিছু অপ্ৰাপ্তিৰ হাবিয়াসো৷ কবিতামুখী দুৰ্গম যাত্ৰাত অপ্ৰাপ্তিৰ সাঁথৰ ভঙাত পৰিপক্ব হৈ উঠাই কবিৰ সিদ্ধি৷
কবি ভট্টাচাৰ্যই কৈছে, ’কেৱল প্ৰাপ্তিয়েই জীৱনৰ শেষ কথা নহয়৷ ’

° °° °° °° °° °

’কথা’ পাব্লিকেচনে কবিতা বিষয়ক এখন উৎকৃষ্ট আলোচনী প্ৰকাশ কৰি উলিয়াইছিল… ’কবিতা৷ ’ ২০০১ চনত, আজিৰপৰা প্ৰায় পোন্ধৰ-ষোল্ল বছৰৰ আগতে আলোচনীখনৰ দুটা কপি বান্ধৱী এগৰাকীয়ে উপহাৰস্বৰূপে আমাৰ হাতত দিছিল৷ যিমানদূৰ মনত পৰে, ’কবিতা’ত প্ৰথম পঢ়িছিলোঁ কবি অতনু ভট্টাচাৰ্যৰ পঢ়ি পঢ়ি কণ্ঠস্থ হৈ যোৱা প্ৰথমটো কবিতা……

’কবিতা’
কান্দোন আৰু কান্দোন৷ গোটেই জীৱন মই কান্দোন শুনিছোঁ৷ ভাল নালাগে৷

নৈৰ পাৰৰ লুঙলুঙীয়া এটা ৰাস্তা৷ ৰাস্তাৰ কাষৰ গেজেপনি৷ তাৰ পৰাও ভাঁহি আহে কান্দোনৰ শব্দ৷ কোনে কান্দে?

মোৰ মাই কন্দা দেখিছোঁ৷ চুবুৰিয়াই কন্দা দেখিছোঁ৷
কান্দি কান্দি লোকক কন্দুওৱা দেখিছো৷

আমাৰ পঢ়াশালিৰ বাৰাণ্ডাত এজনী তিৰোতাই
কান্দিছিল৷ মই তেতিয়া ’খ’ শ্ৰেণীৰ শিশু৷
খাকী পোছাক পিন্ধা দুটা মানুহৰ এটাই তেওঁৰ লাঠীৰ
আগটোৰে তুলি ধৰিছিল এটা মলিয়ন ফটা ব্লাউজ৷

মই বুজা নাছিলো৷ আজিও মই বহু কান্দোনৰ অৰ্থ নুবুজো৷ বহু কান্দোনৰ ৰহস্য নাজানো৷

২১ বছৰ বয়সৰ এজনী যুৱতী ছোৱালী কলেজ ৰোডৰ
কিনাৰেদি খিলখিলাই হাঁহি আহি থকাৰ কথা৷
চিলঠ-পেঞ্চিল সামৰি আবেলি পৰত এটা শিশু
গুনগুনাই গৈ থকাৰ কথা৷ কিন্তু কান্দে৷

কান্দোন আৰু কান্দোন৷ গোটেই জীৱন মই কান্দোন শুনিছোঁ৷ ভাল নালাগে৷

শুকান পৃথিৱীত ই এক বিৰাট অপচয়৷
প্ৰান্তিকতো সময়ে-সময়ে পঢ়িছো কবিৰ বহুকেইটা অনন্য কবিতা৷ প্ৰাপ্তি-অপ্ৰাপ্তিৰে গঁঠা কবিৰ কবিতাত আছে এক জীৱনমুখী ইতিবাচক সুৰ৷ ’সূক্ষ্ম অনুভূতি নিৰ্ভৰ’__কবি ভট্টাচাৰ্যৰ কবিতাৰ ক্ষেত্ৰত এই কথাষাৰ একেআষাৰে সমৰ্থনযোগ্য, কবিৰ গল্পৰ ক্ষেত্ৰতো একেকথা৷ কবিতা পঠন আৰু মননে যিসকলৰ জীৱন ধন্য কৰিছে, যিসকলে কবিতামুখী যাত্ৰা এটিৰ বাবে উন্মুখ হৈছে, আৰম্ভ কৰিছে কবিতা গুনগুনোৱাৰ ৰিহাছ…… সেই সকলোৰে বাবে অতনু ভট্টাচাৰ্যৰ ’প্ৰাপ্তি-অপ্ৰাপ্তি’ দ্বিতীয় সংস্কৰণ বছৰৰ আৰম্ভণিতে সংগ্ৰহযোগ্য কবিতাপুথি৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments