পত্নীৰ চিঠি (স্ত্ৰীৰ পত্ৰ)- মূল-বাংলা লিখক-কবিগুৰু শ্ৰী ৰবীন্দ্ৰনাথ ঠাকুৰ (সংগ্ৰহ- গল্প গুচ্ছ) অনুবাদ-তৃষ্ণা টি. ভূঞা

শ্ৰী চৰণ কমলেষু,

আজি আমাৰ বিবাহৰ পোন্ধৰ বছৰ হ’ল, কিন্তু এতিয়ালৈ তোমালৈ বুলি চিঠি লিখা নাছিলো৷ চিৰদিন তোমাৰ আশে পাশে পৰি থাকিলো,মৌখিক কথা আমি বহুত পাতিলো, কিন্তু এজনে আনজনক কেতিয়াও চিঠি লিখি নাপালো৷

আজি মই আহিছো শ্ৰীক্ষেত্ৰৰ দৰ্শনৰ হকে পুৰীলৈ আৰু তুমি চাগে তোমাৰ অফিচৰ কামত ব্যস্ত আছা৷ শামুকৰ নিজৰ খোলটোৰ লগত যেনেকুৱা সম্বন্ধ, কলিকতা চহৰখনৰ লগত তোমাৰ সম্পৰ্ক ঠিক একেই৷ তোমাৰ কেৱল দেহেই নহয়, তোমাৰ প্ৰাণৰ লগতো এই চহৰখন এনেকৈয়ে বান্ধ খাই গৈছে৷ সেইকাৰণেই চাগে তুমি অফিচত ছুটীৰ বাবে আবেদন নকৰিলা মোক সংগ দি ইয়াত আহিবলৈ৷ বিধাতাৰ চাগে এয়ে অভিপ্ৰায় আছিল; তেখেতে কেৱল মোৰ ছুটী মঞ্জুৰ কৰিলে৷

মই তোমাৰ ঘৰৰ মাজু বোৱাৰী৷ আজি পোন্ধৰ বছৰ পিছত পুৰীৰ এই বিশাল সমুদ্ৰ ঘাটত ভৰি থৈ বুজিব পাৰিছো যে তুমি দিয়া সাংসাৰিক সম্বন্ধটোৰ বাহিৰেও মোৰ আন এক সম্বন্ধ আছে- এই বিশাল ধৰা আৰু ভগৱানৰ লগত ৷ সেই সাহসতে আজি এই চিঠিখন লিখাৰ প্ৰয়াস কৰিছো৷ ইয়াক কেৱল মাজু বোৱাৰীয়ে লিখা এখন সাধাৰণ চিঠি বুলি উপহাস নকৰিব৷

তোমাৰ সৈতে মোৰ কপালত যি লিখা আছিল সেইটো বিধাতাই মঞ্জুৰ কৰাৰ আগতেই সন্নিপাত জ্বৰত মোৰ ডাঙৰ ভাইটো ঢুকাই থাকিল৷ সেই দুৰ্ভাগ্যৰ দিনতেই মোৰ হাতৰ ৰেখাবোৰ তোমাৰ হাতলৈ ঠেলি তোমাৰ বিয়াৰ প্ৰস্তাৱ মোৰ ঘৰলৈ অনা হৈছিল৷ দুখ বেদনা পাহৰি সকলোৱে ক’লে “মৃণাল ছোৱালী যে সেইকাৰণেই সাৰি গ’ল কালৰ কু প্ৰকোপৰ পৰা, ল’ৰা হ’লে নাবাছিলেহেতেন“৷ যেন চোৰবিদ্যাত যমৰাজ নিপুণ, দামী বস্তুত তেখেতে নজৰ নিদিয়ে৷

মই মৃত্যুৰ কাৰণে জন্ম লোৱা সাধাৰণ মানুহ এগৰাকী বুলি নাভাবিবা৷ এই কথাটো বুজাই দিবলৈ এই চিঠিখন লিখাৰ উদ্দেশ্য৷

যিদিনাখন তোমাৰ দূৰ সম্পৰ্কীয় মামাজনে তোমাৰ বন্ধু নীৰদক লৈ মোক তোমাৰ কাৰণে চাবলৈ আহিছিল, মোৰ বয়স তেতিয়া মাত্ৰ বাৰ বছৰ৷ মোৰ ঘৰ এখন বহুত পিছপৰা আৰু ভিতৰুৱা গাঁওত য’ত দিনতেই শিয়ালে হুৱা দিয়ে৷ ৰেল স্টেচনৰ পৰা ১৪ মাইল দূৰৰ এই গাঁওখনলৈ আহযাহ কৰাৰ একমাত্ৰ বাহন এখন গৰুগাড়ী৷ তাৰ পিছত বাকী তিনি মাইল কেঁচা ৰাস্তা যত খোজকাঢ়ি নতুবা দোলাত উঠিহে যাব পৰা যায়৷ সেই দিনা তোমালোকৰ চাগে বৰ কস্ট হৈছিল নহয়? তাৰে ওপৰত আমাৰ পূৱ-বংগৰ খাদ্যসম্ভাৰ! তোমাৰ মামাই এতিয়ালৈ আমাৰ আপ্যায়ণৰ উপলুঙা কৰিবলৈ একো সুযোগেই নেৰে৷

তোমাৰ মাৰ একমাত্ৰ জেদ আছিল ডাঙৰ বোৱাৰীৰ ৰূপৰ অভাৱ মাজু বোৱাৰীৰ সুন্দৰ চেহেৰাৰে পূৰণ কৰা৷ নহলেনো ইমান কষ্ট কৰি আমাৰ গাঁওলৈ কিয় আহিলেহেতেন! আমাৰ বংগ দেশত জানো কেতিয়াবা হালধীয়াজ্বৰ, পেটচলা আৰু ছোৱালীৰ আকাল পৰিছে?

সেইদিনা পিতাইৰ হিয়াখনত সুখ আৰু উৎসাহৰ জোৱাৰ ভাটা উঠিছিল৷ আইৰ আনন্দই কুলাই পাচিয়ে নধৰাত তেখেতে বাৰে বাৰে দূৰ্গাদেৱীৰ জাপ জপিছিল৷ চহৰৰ দেৱতা স্বৰূপ মানুহক গাঁওৰ এই সাধাৰণ পূজাৰীয়েনো কেনেকৈ তুষ্ট কৰিব ! কন্যাৰ ৰূপৰ ওপৰতেই তেঁওলোকৰ একমাত্ৰ ভৰসা আছিল৷ কিন্তু ছোৱালীৰ ৰূপৰ মূল্য জানো নিৰ্ধাৰণ কৰিব পৰা যায়? যিয়ে চাব আহে , যি ৰূপত তাইক আদৰি লয়, সেয়াই তাইৰ দাম৷ অনন্য ৰূপ গুণেৰে আভুষিতা হোৱাৰ পিছতো চাগে সেইকাৰণে আমাৰ মনৰ পৰা নিজৰ ভৱিষ্যতক লৈ সন্দেহৰ মেঘ নুগুচে৷

কেৱল ঘৰৰে নহয়, সমস্ত চুবুৰীৰে মোলৈ অহা এই বিবাহ প্ৰস্তাৱক লৈ অনা উলহ মালহে মোৰ বুকুত অজানিতে শিল এটা হৈ বহি পৰিলে৷ এনেকুৱা অনুভৱ হ’ল যেন এই ধৰাৰ সমস্ত শক্তি সেই দুই পৰীক্ষকৰ চকুত তুলাচনী হৈ জিলমিলাইছিল যাৰ আগত এজনী বাৰ বছৰীয়া ছোৱালীক বহুৱাই দিয়া গৈছিল এখন অভিজাত ঘৰৰ বোৱাৰীৰ পদবী লাভ কৰাৰ পৰীক্ষা হিচাবে৷ সেই চাৰিজুৰি চকুৰ কঠোৰ পৰীক্ষাত মই যেন লুকাবলৈও অসমৰ্থ হৈ গৈছিলো৷

সম্পুৰ্ণ আকাশজুৰি সেইদিনা বিয়াৰ উৰুলি আৰু এক অনাময় জয়জয়কাৰ বাজি উঠিছিল যিদিনা মই তোমাৰ ঘৰত ভৰি দিছিলোঁ৷ মোৰ আন সকলো গুণ গৰিমাক আওকাণ কৰি তোমাৰ ঘৰ আৰু আত্মীয় স্বজনে একপক্ষে মানি লৈছিল যে যিয়ে নহওক মই তোমালোকে গৌৰৱ কৰিব পৰাকৈ ধুনীয়া৷ মোৰ সৌন্দৰ্য্যক লৈ কৰা কথাৰ গুণগুণনিত তোমাৰ বৌ আৰু মোৰ জেঠশাহুৰ মুখখন বিবৰ্ণ হৈ পৰিছিল৷ কিন্তু তোমালোকৰ অভাৱে চুই নোপোৱা অভিজাত ঘৰখনত মোৰ ৰূপৰ কি দৰকাৰ হৈছিল সেয়া মোৰ কুমলীয়া মগজৰ অগোচৰ আছিল৷ ৰূপ নামৰ বস্তুবিধ যদি কোনো ঋষি-মনিষীয়ে গংগামাটিৰে বনোৱা মূৰ্তি এটা হ’লহেঁতেন তেতিয়াও ইয়াৰ আদৰ সন্মান বিশ্বাসজনীয়৷ কিন্তু বিধাতাৰ সৃষ্ট এই ৰূপ যদি কোনোবাৰ ভোগ বিলাসৰ পুতলা হয় তেন্তে ইয়াৰ দাম এই সংসাৰত অনুচিত বুলি মই বুজোঁ৷

মই অনিন্দ্য ৰূপৱতী বুলি সকলোৱে একমুখে কয়৷ এই সত্য পাহৰিবলৈ তোমাক বেছি দিন নালাগিল৷ কিন্তু মোৰ এই ৰূপৱতী শৰীৰৰ ভিতৰৰ মানুহজনীৰ ভিতৰত যে প্ৰখৰ বুদ্ধি গুণো আছে সেইটো তুমি প্ৰতি খোজতে মনত ৰাখিবলগীয়া হ’ল৷ মোৰ এই বোধশক্তি সহজ-সাধাৰণ৷ নহলে জানো মই তোমাৰ ঘৰ পৰিয়ালৰ আভিজাত্যৰ ফোপোলা খেলখন এতিয়ালৈ উপভোগ কৰি থাকিলোহেঁতেন? মোৰ এই বোধশক্তি আৰু মিথ্যাক নেওচি সত্যৰ পূজা কৰা স্বভাৱটোৰ কাৰণে মোৰ আই বহু উদ্বিগ্ন থকা আছিল৷ তেখেতৰ মতে এজনী নাৰীৰ ইমান জ্ঞান এক অভিশাপত কৈ বেছি একো নহয়৷ সমাজত এই বুদ্ধিমত্তা আৰু জ্ঞান লৈ চলা নাৰীয়ে পদে পদে লাঞ্ছনা হে পায়৷ কিন্তু মই কি কৰিম তুমিয়ে কোৱা! তোমাৰ ঘৰৰ বোৱাৰী হৈ চলিবলৈ যিমান বুদ্ধিমতী বোৱাৰীৰ দৰকাৰ, ভগবানে চাগে মোক তাতকৈ অশেষ গুণ বুদ্ধি আৰু জ্ঞান ভুলতেই দিলে৷ এতিয়া তাক ঘূৰাও কেনেকৈ! তোমাৰ পৰিয়াল আৰু সমাজে মোক চতুৰ আৰু কপট বুলি দিনে ৰাতিয়ে এইটো কাৰনতে কটু কথা শুনাই বুলি মই ভালকৈ অনুভৱ কৰোঁ৷ তিতা কথাৰেই অক্ষমেও অলপ শক্তি পাওক বুলি হয়তো ইমানদিনে মই এইবোৰ আওকাণ কৰি আহিছোঁ৷

মোৰ আন এক ৰূপ তোমাৰ ঘৰ পৰিয়ালৰ মানুহৰ দৃষ্টিৰ বাহিৰত আছিল৷ মই গোপনে কবিতা লিখিছিলো৷ঁ মোৰ লিখনিসমূহ জাবৰ জোথৰেই নহওক কিয়, কিন্তু তোমালোকৰ অন্তেষপুৰৰ মজবুত বেৰেও তাক লৰাব পৰা ক্ষমতা নাছিল৷ মোৰ কবিতাবোৰৰ মাজতেই মই মোৰ মুক্তি আৰু স্বাধীনতা বিচাৰি পাইছিলোঁ৷ সেইবোৰৰ মাজতেই মই মোৰ ভিতৰৰ মানুহজনীক বিচাৰি পাইছিলোঁ৷ মাজু বোৱাৰীৰ ভিতৰৰ মই মানুহজনী, যি তোমালোকৰ কাৰনে এজনী সঁজাৰ বিলাতী পখীতকৈ বেছি নাছিলে, তোমালোকে চিনিবই নোৱাৰিলা৷

তোমাৰ ঘৰৰ মোৰ অন্যতম প্ৰিয় ঠাইখন হৈছে তোমালোকৰ মহলৰ পিছফালে পৰিত্যক্ত ঠাইত থকা গোহালিটো ৷ তোমালোকৰ ৰাজমহল নিচিনা সুন্দৰ চাৰিবেৰৰ সৌন্দৰ্য্য ম্লান কৰিব নোৱাৰাকৈ সেই গাই গৰুকেইজনীৰ কাৰনে কেইফুটমানৰ সেই সৰু গোহালিটো আছিল৷ সেই গোহালিৰ কপকপীয়াকৈ বন্ধোৱা চাৰিবেৰৰ মাজত আবদ্ধ হৈ ঘাহ চোবাই থকা গাইকেইজনীক মোৰ কিবা আপোন যেন লাগিছিল৷ মই গাঁওলীয়া ছোৱালী৷ যিদিনাই তোমাৰ ঘৰলৈ বিয়া হৈ আহিছিলো সেইদিনাই সেই গোহালিটো আৰু তাত থকা গাই দুজনী আৰু দমৰা কাঢ়লী তিনিটা দেখি চহৰৰ মাজমজিয়াত থকা তোমালোকৰ আঢ্যবন্ত ঘৰখন মোৰ আপোন গাঁওৰ পঁজাটো যেন লাগিছিল৷ যেতিয়ালৈ ন-বোৱাৰী হৈ আছিলো তেতিয়ালৈ লুকাই চুৰকৈ সিহঁতক খুৱাইছিলোঁ৷ এতিয়া মুক্তমনে খুৱাও কাৰণে হ’বলা তোমাৰ ঘৰৰ মানুহে মোৰ গাঁওলীয়া স্বভাৱটোৰ ওপৰত ঠাট্টা মস্কৰা কৰে৷

তোমাৰ মনত আছেনে আমাৰ ছোৱালী সন্তানজনী মৃত হৈ জন্ম পাইছিল? মোৰ এনে লাগিছিল যে যোৱাৰ সময়ত তাই মোক তাইৰ লগত যাব মাতিছিল৷ যদি তাই জীয়াই থাকিলেহেঁতেন মোৰ জীৱনৰ যি চৰম সত্য মোৰ আগত কিজানি তাই ডাঙি ধৰিলেহেঁতেন৷ মই কেৱল মাক হোৱাৰ বেদনাহে পালোঁ; মাতৃত্বৰ সুখ আৰু মুক্তি বৰদান লাভ কৰিবলৈয়ে নহ’ল৷

মোৰ মনত আছে সেই বিলাতী ডাক্টৰজনে যে মোৰ প্ৰসৱৰ সময়ত মোক পৰিত্যক্ত ভঁৰাল ঘৰটোত থোৱা দেখি আশ্বৰ্য্যচকিত হৈ তোমালোকক বেয়াকৈ কৈছিল৷ তোমালোকৰ মহলৰ সন্মুখৰ ফালে সুশোভিত বাগিছা আৰু বাৰান্দা চৰাঘৰ ইত্যাদি বিলাসী আচবাবে সজাই ৰাখিছিল৷ কিন্তু ঘৰৰ ভিতৰছোৱা যেন এম্ব্ৰইডাৰীৰ ওলোটা ভাগটো যত নানাৰঙী ঊণসুতাবিলাকে বিশৃংখল কোলাহল কৰে৷ ঘৰৰ ভিতৰৰ কোঠাবিলাক যেন ৰ’দ বতাহ সোমাব নোৱাৰা দূৰ্গ হে৷ ভিতৰৰ চোতালখনত আৱৰ্জনাই মূৰ ডাঙি উঠে৷ তোমাৰ ৰাজমহলৰ বেৰ, মজিয়া আদিত মলিৰ প্ৰলেপ যেন এক এৰাব নোৱাৰা ব্যথা৷ কিন্তু ডাক্টৰ চাহাবৰ ভুল হৈছিল৷ তেখেতে ভাবিছিলে যেন আমি আঠো প্ৰহৰেই দুখত ভুগিছোঁ৷ কিন্তু আচলতে কথাটো ইয়াৰ সম্পূৰ্ণ বিপৰীত৷ আমাৰ ভিতৰৰ অনাদৰখিনি যেন এক তুঁহজুইৰ সমান আছিল৷ আমি বাহিৰৰ পৰা দেখা নাপাওঁ কিন্তু ভিতৰি ভিতৰি জ্বলি আমাক তাৰ অভ্যাস কৰাই দিয়ে৷ মোৰ প্ৰসৱ বেদনাৰ সময়ত মই পোৱা অনাদৰখিনিও একেই৷ যেতিয়া আত্মসন্মানৰ জলাঞ্জলি দিয়া যায়, অনাদৰখিনি অন্যায় যেন নলগা হৈ পৰে৷ দুখ বেদনাবোৰ কমকৈ অনুভৱ হয়, সেইকাৰণেই চাগে আমি নাৰীয়ে ইমান যাতনা সহিও হাহিমুখে ৰওঁ৷ সেইকাৰণেই কওঁ যে আমি স্ত্ৰী জাতিৰ দুখী হোৱাটো নিশ্চিত, কিন্তু তোমাৰ সমাজ ব্যৱস্হাই যেতিয়া অনাদৰক ঢাল হিচাবে আঁকোৱালি লয়, আমাৰ কাৰণে চাগে সেয়াই সঠিক৷ আদৰ পালে বুকুৰ দুখ যন্ত্ৰণাবোৰ আচলতে বেছিকৈ অনুভৱ হয়৷

তুমি যেনেকৈয়ে নাৰখিছিলা কিয়, মোৰ সেই প্ৰসৱ সময়ত মোৰ মনত তিলমানো দুখ উকমুকাই উঠা নাছিল৷ সেই সৰু বন্ধ কোঠালিটোত যেন মৃত্যুদূত আহি মোৰ শেতেলীত ৰৈ আছিল৷ কিন্তু মৃত্যুত জানো কিবা গৌৰৱ আছে? আমাৰ কাৰণে মৃত্যু ইমান সহজ যে মৰিবলৈও লাজ লাগে৷

মোৰ সন্তানজনী যেন সান্ধ্য তৰাৰ দৰ্শন পোৱাৰ আগতেই মাৰ যোৱা এটি জোনবাই৷ তাই যোৱাৰ পিছত মই আকৌ মোৰ জীৱন সোঁতত বব ধৰিলোঁ৷ মোৰ জীৱনৰেখা এনেকৈয়ে মচ খালেহেঁতেন আৰু মই চাগে আজি তোমাক এই চিঠিখনো লিখিব নোৱাৰিলোহেঁতেন যদি মোৰ জীৱনলৈ বিন্দু নাহিলেহেঁতেন৷ যেনেকৈ সামান্য বতাহজাকে এটি গছৰ বীজ কৰবাৰ পৰা লৈ আহি তোমাৰ পকা মজিয়াৰ ঠেক ফাটত এটি পুলিৰ সৃষ্টি কৰে, ঠিক তেনেকৈয়ে মোৰ ঘৰ সংসাৰত লীন জীৱনত এটি সৰু কণ আহি চিটিকি পৰিলে যাৰ ফলত মোৰ সংসাৰখনত আউল লাগিব আৰম্ভ হ’ল৷

বিধৱা মাকৰ মৃত্যুৰ পিছত খুৰাক খুৰীয়েকহঁতৰ অত্যাচাৰ সহিব নোৱাৰি যেতিয়া তোমাৰ ডাঙৰবৌৰ সৰু ভনীয়েক বিন্দু তোমাৰ ঘৰলৈ আশ্ৰয় বিচাৰি আহিছিল; তোমালোকে সেই সৰু ছোৱালীজনীৰ দুখত সমভাগী হব এৰি তাইক এটি বোজাৰ নিচিনা অনুভৱ কৰিছিলা৷ মোৰ আপদীয়া স্বভাৱ কি কৰোঁ কোৱা-যেতিয়া তোমালোকে বিন্দুক আশ্ৰয় দিবলৈ বিৰক্তি প্ৰদৰ্শন কৰিছিলা, তেতিয়া মোৰ অন্তৰাত্মাই সেই নিৰাশ্ৰিতাজনীক তোমালোকৰ বাধা নেওচি হ’লেও আশ্ৰয় দিবলৈ কৈছিল৷ আনৰ ঘৰত ঘৰৰ মানুহৰ অনুমতিৰ বিৰুদ্ধেও আশ্ৰয় লবলৈ বাধ্য হোৱাটো জানো অপমানতকৈ ডাঙৰ নহয়? যিজনী ছোৱালীয়ে বিবশ হৈ এই অপমানকো আঁকোৱালি লব বাধ্য হৈছে তাইক এই ঘৰটোৰ চুক এটাত উপেক্ষিত হৈ থাকিব দিব পাৰিনে?

তোমাৰ ডাঙৰবৌৰ কৰুণ মুখখন মোৰ ভালকৈ মনত আছে৷ তেখেতে দুখত ভাগি পৰি অসহায় ভনীয়েক বিন্দুক নিজৰ ওচৰলৈ মাতি পঠিয়াইছিল৷ কিন্তু যেতিয়া তেখেতৰ স্বামী তোমাৰ ডাঙৰ ককাইদেৱে বিন্দুক তোমালোকৰ ঘৰত ৰখাৰ কাৰণে অনিচ্ছা প্ৰকট কৰিছিল, তেখেতেও বিন্দুক লোকচক্ষুত উপেক্ষা কৰিব আৰম্ভ কৰিছিল৷ নিজৰ অনাথ ভনীয়েকক মন খুলি মৰম কৰিবলৈ তেখেত অসমৰ্থ আছিল, কাৰণ তেঁও যে এজনী পতিব্ৰতা আদৰ্শ বোৱাৰী !

ডাঙৰবৌৰ এই দুবিধা দেখি মোৰ বুকুখনে উচুপি উঠিছিল৷ শাহুআই আৰু ঘৰৰ আন সদস্যৰ ককৰ্থনাৰ পৰা বচাবলৈ তেখেতে ঘৰৰ সমস্ত কামভাৰ বিন্দুৰ সেই কণমানি হাত দুখনৰ ওপৰত সঁপি দিছিল৷ মই কেৱল দুখেই নহয় লাজো পাইছিলো ইয়াকে দেখি৷

ডাঙৰবৌৰ পিতৃ বংশত উচ্চ জাতিতোৰ বাহিৰে একো গৌৰৱ কৰিবলগীয়া বস্তু নাছিল৷ তেখেত ৰূপে গুণ আৰু ধন সকলো ফালৰ পৰা উপেক্ষিতা আছিল৷ তোমালোকৰ নিচিনা অভিজাত ঘৰত তেওঁ নিজকে নগন্য বুলি মানি লৈছিল আৰু এইকাৰণেই যথাসম্ভৱ আদৰ্শ বোৱাৰীৰ নিচিনাকৈ সকলো সহি গৈছিল৷

তেখেতৰ পলৰীয়া দৃষ্টান্তৰ আগত মই বিমোৰত পৰিছিলোঁ । মই কথমপি নিজকে ইমান তললৈ ঠেলি দিবলৈ বাধ্য নাছিলোঁ৷ যিটো কথা সত্য তাক মই বেলেগৰ খাতিৰত মিছা প্ৰমাণ কৰিবলৈ কেতিয়াও ৰাজী নাছিলোঁ যাৰ বহুত প্ৰমাণ তুমি ইতিমধ্যে পাই থৈছা৷

বিন্দুক তোমাৰ মহলৰ চিৰিৰ তলত পোক পতংগৰ নিচিনা আশ্ৰয় লৈ থকা দেখি মই মোৰ কোঠলিত আশ্ৰয় দিছিলোঁ৷ “মাজু বোৱাৰীয়ে গৰীব ছোৱালীজনীক মূৰৰ ওপৰত উঠাইছে“ বুলি ডাঙৰবৌয়ে আনৰ আগত মোক ভৰ্ৎসনা কৰি দেখুওৱাও মই শুনিছোঁ৷ মই জানিছিলোঁ মোক ককৰ্থনা কৰিলেও তেখেতে মনত পৰমশান্তি পাইছিল নিজৰ ভনীয়েকক মই ইমান মৰমেৰে আগুৰি ৰখা দেখি৷ এতিয়া কিন্তু যেন সমস্ত দোষ মোৰ ওপৰতে জাপি দিয়া হৈছিল এজনী অসহায় ছোৱালীক আশ্ৰয় দিয়া বাবে৷ বিন্দুৰ বয়স কম আছিল কিন্তু ডাঙৰবৌয়ে দুবছৰমান বঢ়াই কৈছিল৷ এনে ককৰ্থনা সহ্য কৰি থকাতকৈ বিন্দুক বিয়া দি যাতে তেঁও মুক্ত হব পাৰে তাৰ কাৰণে৷

মই ওচৰলৈ মাতিলে বিন্দু বহুত ভয়ে ভয়ে মোৰ ওচৰলৈ আহিছিল যেন মোৰ শৰীৰত তাইৰ শৰীৰে স্পৰ্শ কৰিলে মই অশ্পৃশ্য হৈ যাম৷ নিজৰ ঘৰৰ মানুহে আপদ বুলি গণ্য কৰা চকুৰ আগত দেখি ডাঙৰ হোৱা বিন্দুৰ কাৰণে মৰমীয়াল মইজনী যেন আচহুৱা আছিলোঁ৷ সেইকাৰণেই যেতিয়াই বিন্দুক মই মৰমেৰে মোৰ কোঠালিত আশ্ৰয় দিছিলোঁ তাইৰ বুকুখনে ধম ধমকৈ ধান বন্ধা নিচিনা কঁপিছিল৷ মোৰ কোঠালিতে কিয় মোৰ মনতো তাইৰ কাৰণে ঠাই আছে এই কথাটো তাইক বহুত মৰমেৰে বুজাব লগা হৈছিল৷

কিন্তু মোৰ কোঠালিটো কেৱল মোৰেই নাছিল৷ সেইকাৰণে তাইক তাতে ৰখাতো ইমান উজু নাছিল৷ দুই চাৰিদিন মান পিছত তাইৰ সৰ্ব শৰীৰত ৰঙা ফোঁহাৰ নিচিনা বস্তুৱে দেখা দিছিল৷ কিজানি কিবা ঘামচি জাতীয় বেমাৰেই হব৷ তুমি কৈছিলা সৰুআই ওলাইছে৷ বিন্দুৰ ঠাইত আমাৰ ছোৱালীজনী হলে চাগে এনেকৈ নকলাহেঁতেন৷ তোমাৰ চুবুৰীৰ সেই অকৰ্মণ্য ডাক্টৰজনে দুই তিনিদিন ৰৈ পেলাই হে বেমাৰটো কি কব পাৰিব বুলি কৈছিল৷ কিন্তু দুই তিনিদিন এনেকৈ ছোৱালীজনীক ভুগিব দিব পাৰি জানো? বেচেৰী বিন্দুজনী আকৌ নিৰাশ্ৰীতা হোৱাৰ ভয়ত কঁপি উঠিছিল৷ মই কৈছিলো সৰুআই ওলাইছে যদি কি হ’ল, বেচেৰীজনীক অকলে পচিবলৈ থোৱাতকৈ ময়েই তাইৰ লগত তোমালোকৰ মহলৰ চুকত লাগি থকা পৰিত্যক্ত কোঠাটোত থাকিম৷ এই কথাটোত তোমালোক সকলো জাঙুৰ খাই উঠি সংহাৰ ৰূপ ধাৰণ কৰিছিলা৷ যেতিয়ালৈ ডাঙৰবৌৰ গাত অলপ হুচ আহি বিন্দুক হস্পিতাললৈ নিয়াটো থিৰাং কৰিলে তেতিয়ালৈ বিন্দুৰ বেমাৰটো ভাল হৈ গ’ল৷

অনাদৃত পালন পোষণৰ এটা ভাল দিশ হ’ল যে ই আমাৰ শৰীৰটোক একেবাৰে অজৰ অমৰ কৰি দিয়ে৷ বেমাৰ আজাৰেও যেন কাষ চাপিবলৈ ভয় কৰে৷ কোনো কাৰণত কিবা ৰোগে লম্ভিলেও দুদিনতে এই অনাদৃত কায়া এৰি দিয়ে৷ বিন্দুৰ শৰীৰৰ এই বেমাৰটোও ঠিক এনেকুৱা আছিল৷

বিন্দুৰ মনৰ পৰা মোৰ প্ৰতি থকা শংকা আৰু লাজ যেতিয়া লাহেলাহে মাৰ গ’ল তেতিয়া এক দুষ্ট গ্ৰহই তাইক গ্ৰাস কৰিব ধৰিলে৷ তাই মোক ইমান আদৰ আৰু সন্মান কৰিব ধৰিলে যে কেতিয়াবা মই ভয়তে বিচলিত হৈ উঠিছিলোঁ৷ মৰম চেনেহৰ এনেকুৱা প্ৰতিমা মই আগতে কেতিয়াও দেখা নাছিলোঁ৷ কেৱল কিতাপত পঢ়িবহে পাইছিলোঁ, তাকো মাত্ৰ স্ত্ৰী-পুৰুষৰ মাজৰ সম্পৰ্ক হিচাবে৷ বহু সময় হৈ গৈছিল মই নিজকে আইনাৰ আগত চোৱা৷ কিন্তু এই সৰু ছোৱালীজনী আহি যেন মোক মোৰ নিজৰ ৰূপৰ বৰষুণত তিয়াই লুতুৰি পুতুৰি কৰি দিলে৷ গোটেই দিনতো যেন মোৰ ৰূপ গুণ বখানি তাইৰ হেঁপাহ নপলায়৷ যদি ৰাতিপুৱা স্নানৰ পিছত মই নিজেই মোৰ খোপাটো বান্ধো বা শৃংগাৰ কৰোঁ তাই মুখ ফুলোৱা হ’ল৷ যেন মোৰ কেশৰাশিত আতোলতোল কৰি তাই বন্ধা খোপাটোৰ ওপৰত তাইৰ হাত দুখনৰে অধিকাৰ৷ বিয়া সবাহে গ’লে কেতিয়াও মই সাজি কাচি যোৱাৰ দৰকাৰেই অনুভৱ নহৈছিল৷ কিন্তু বিন্দুৱে মোক জোৰ জুলুম কৰি হলেও সজাই পৰাই পঠাইছিল৷

তোমাৰ হাউলীৰ ভিতৰত কেতিয়াও অলপো কেঁচা মাটি দেখা নাপালোঁ৷ কিন্তু উত্তৰ ফালে থকা কোঠাটোৰ বেৰখনৰ পিছফালৰ থকা নলটোৰ ওচৰত নাজানো কেনেকৈ এডাল গাঁওলীয়া গছপুলিয়ে ফুট মেলিলে! যিদিনাখন সেই পুলিটিত ৰঙচুৱা কোমল পাতে কোঁহ মেলা দেখিলোঁ সেইদিনা বুজিব পাৰিলোঁ যে এই ধৰাত সঁচাকৈয়ে বসন্ত নামে৷ তেনেকৈয়ে যিদিনা মোৰ এই গাৰ্হস্থ্য জীৱনৰ কোনো এক ক্ষণত সেই অনাদৃত ছোৱালীজনীৰ চেহেৰাত প্ৰথমবাৰৰ বাবে এটি সেউজবুলীয়া হাঁহি দেখিছিলোঁ সেইদিনা মোৰ মন এনেকৈ প্ৰফুল্লিত হৈ উঠিছিল যেন হৃদয় কুঞ্জত ফুলা তৃপ্তিৰ ফুলবিলাক এই ধৰাতেই পাহ মেলে, স্বৰ্গীয় সুখ বোলা বস্তু যেন ইহ জনমতে পোৱা যায়৷

মই আৰু বিন্দুৱে যেনেকৈ দুই নিস্পাপ অন্তৰেৰে পৰস্পৰক মানৱীয় মৰম চেনেহ কৰিছিলো সেয়া তোমালোকৰ কাৰণে যেন অবৈধ আছিল৷ যিদিনা মোৰ কোঠালিৰ পৰা মোৰ কেইপদমান অলংকাৰ নোহোৱা হৈছিল সেইদিনা নিৰ্লজ্জভাৱে তোমালোকে বিন্দুৰ ফালে আঙুলি টোৱাইছিলা৷ যেতিয়া স্বদেশী আন্দোলনৰ সময়ত আমাৰ ঘৰবোৰত জেৰা চলোৱা হৈছিল, তেতিয়াতো বিন্দুক ব্ৰিটিছ চৰকাৰৰ চোৰাংচোৱা বুলি সন্দেহ কৰিবলৈ তোমালোকক এক মিনিটো নালাগিল৷

বিন্দুক তোমালোকে ইমান পৰিত্যক্তা মানি চলিছিলা যে তোমাৰ ঘৰৰ বাকী আলধৰা সকলোৱেও তাইক কোনো কামত সহায় নকৰিছিল৷ সিহঁতৰ মাজৰ কোনোবাজনীক যদি মই কেতিয়াবা কিবা কাম পাচিছিলোঁ, বিন্দুৱে সংকোচতে কামখিনি কৰাৰ কাৰণে আগভাগ লৈছিল৷ এইবোৰ কাৰণতে কেতিয়াবা মোৰ অনুভৱ হৈছিল যেন বিন্দু মোৰ একান্ত দাসীহে হৈ পৰিছে৷ বিন্দুৰ মোৰ প্ৰতি শ্ৰদ্ধা আৰু মোৰ কামখিনি তাই মই নোকোৱাকৈ হাহি মুখে কৰাটো তোমালোকৰ সহ্যাতীত আছিল৷ বিন্দুৰ মলিয়ন কাপোৰৰ ঠাইত যেতিয়া মই মৰমেৰে দিয়া দামী কাপোৰবোৰে ল’ব ধৰিলে তোমালোকে ইমান আহত হ’লানে যে তুমি মোৰ হাতখৰচো বন্ধ কৰি দিছিলা? সেইবাবেই মই পিছদিনাখনৰ পৰা তুমি দিয়া দামী বস্ত্ৰ ত্যাগ কৰি সাধাৰণ তাঁতী শাৰী পিন্ধিব ললোঁ৷ আৰু যেতিয়া মোতীৰ মাকে মোৰ এৰেহা থালখন ধুবৰ কাৰণে উঠাব ওলাইছিলে মই মানা কৰি নিজে ধুব লৈ গৈছিলোঁ৷ এক সাধাৰণ জীৱন যাপন কৰিবলৈ যেতিয়া মই ঘৰুৱা কামবোৰ দাসীসকলৰ লগত কৰিব ললোঁ তেতিয়া তোমাৰ হেনো মানহানি হৈছিল৷ মোৰ সুখ শান্তিৰ অবিহনে তোমাৰ ঘৰখনচোন নিয়াৰিকৈ চলে৷ কিন্তু তোমাৰ অশান্তি হ’লে যেন এই পৃথিৱীখনো স্তব্ধ হৈ যাব৷ এই কথাটো মোৰ বিবেকে কিয় মানি লব নোৱাৰিলে তুমি নুবুজিবা!

যিমানে তোমাৰ ঘৰখনৰ মোৰ আৰু বিন্দুৰ ওপৰত ৰোষ বাঢ়ি গৈ থাকিল, বিন্দুও চাওতে চাওতে গাভৰু হ’ল৷ এই স্বাভাৱিক কথাটো যেন তোমালোকৰ অস্বাভাৱিক লাগিলে আৰু তাইক কাৰোবাৰ হাতত বিয়া দি গতাই তোমালোকে আজৰি হবলৈ তৎপৰ হৈ পৰিলা৷ মই নহ’লে চাগে এতিয়ালৈ তোমালোকে তাইক কেতিয়াবাই লেইলেই চেইচেই কৰি ঘৰৰ পৰা বাহিৰ কৰি দিলাহেঁতেন৷ কিন্তু মোৰ বুদ্ধি আৰু চতুৰতাক চাগে তোমালোকে গোপনে সমীহ কৰা আৰু তাৰ কাৰণে হয়তো বিন্দুক বিয়া দি বাহিৰ উলিয়াই দিয়াৰ বাহিৰে আৰু কোনো পথ তোমালোকে বিচাৰি নাপালা ৷

অৱশেষত বিন্দুৰ বিয়াখন হ’ল৷ ডাঙৰবৌয়ে মা কালীৰ নাম জপি বিন্দুৰ বিয়া হৈ বংশৰ নাম ৰক্ষা হোৱা কাৰণে এভাগ পূজাও আগবঢ়ালে৷

কিন্তু বিন্দুৰ দৰাজন কেনেকুৱা আছিলে তাইৰ বিয়াৰ আগতে মই জানিবই নোৱাৰিলো৷ তোমালোকৰ পৰাহে শুনিছিলোঁ যে সকলোফালৰ পৰা ভাল সেই ল’ৰাজন৷ বিন্দুৱে ভয়ে দুখে জৰ্জৰিত হৈ মোৰ ওচৰত শৰণাপন্ন হৈ কেৱল সুধিছিল “বাইদেউ, মোৰ বিবাহ হোৱাতো সকলোৰে কাৰণে ইমান প্ৰয়োজনীয় কিয়?“

মই তাইক বুজাই বঢ়াই কৈছিলো “ বিন্দু , ল’ৰাজন ভাল বুলি শুনিছো৷“

বিন্দুৱে মোৰ ফালে আচৰিত হৈ সুধিছিল “যদি ল’ৰাজন ইমান ভাল আৰু উপযুক্ত, মোক বাৰু কিয় পছন্দ কৰিলে?“

দৰা পক্ষই বিন্দুক এবাৰো নোচোৱাকৈয়ে বিবাহ ঠিক কৰিছিল৷ ডাঙৰবৌৰ লগতে মইও বহু উদ্বিগ্ন হৈ পৰিছিলোঁ এই কথাটোত৷

বিন্দুৱে এক অজান আশংকাত অহৰ্নিশে উচুপি থকা হ’ল৷ তাইৰ মনত কি ধুমুহা বলিছে মই তাক বাৰুকৈয়ে অনুভৱ কৰিছিলোঁ৷ বিন্দুৰ কাৰণে মই এতিয়ালৈ তোমালোকৰ ঘৰখনৰ লগত বহু মতভেদ আৰু বিদ্ৰোহ কৰিলোঁ৷ কিন্তু তাইৰ বিয়া ভাঙি যোৱাৰ ভয়ত কিছুমান প্ৰশ্ন উকমুকাই থকাৰ পিছতো তোমালোকৰ পৰা উত্তৰ বিচাৰিবলৈ সাহস নাপালো৷ তাইৰ বিয়া হৈ যোৱাটো মইও কামনা কৰিছিলোঁ৷ মোৰ মৃত্যুৰ পিছত তাইৰ একো আলাই আথানি নহওক বুলি ৷

এজনী ছোৱালী যিজনীৰ দুখৰ বাহিৰে নিজা আন একো নাই৷ কোৱা অনুচিত যদিও ৰূপৰ ফালৰ পৰাও বিন্দু বহু অভাগিনী৷ তাইৰ শ্যামবৰণীয়া শেতা শৰীৰটোৰ লগত তাইক জানো তাইৰ স্বামীৰ পক্ষই ভালদৰে আদৰি লব তাকে লৈ মই বহুত চিন্তাত পৰিছিলোঁ৷

বিন্দুই কৈছিল “বাইদেউ বিয়ালৈ মাথো পাঁচ দিন বাকী আছে৷ মই ভয়তে যদি তেতিয়ালৈ মৰি যাঁও?“মই তাইক কেৱল মৃদু ধমকি দি চিন্তা কৰিবলৈ মানা কৰিলোঁ৷

বিবাহৰ এদিন আগেয়ে তাই আহি ক’লে “বাইদেউ মই লাগিলে গোহালিতে পৰি থাকিম৷ আপোনাৰ শৰণতে পৰি থাকিম৷ মোক এনেকৈয়ে খেদি নিদিব৷“

কিছু দিনলৈ মই ডাঙৰবৌক মনে মনে উচুপি থকা দেখিছিলোঁ৷ বিন্দুৰ বিয়াৰ দিনাখনো তেঁও গোপনে উচুপিছিল৷ কিন্তু সমাজৰ নিয়মৰ আগত জানো হৃদয়খন ডাঙৰ! বুকুত শিল বান্ধি তেখেতে ক্ৰন্দনৰতা বিন্দুক কৈছিল “ বিন্দু তই কেলেই কান্দিছ? নাজান নেকি যে এজনী নাৰীৰ কাৰণে বিবাহেই তাইৰ মুক্তিস্থল৷ এতিয়াৰ পৰা তোৰ স্বামীয়েই তোৰ সৰ্বস্ব৷“

আচল কথাটো এয়ে আছিল যে ইয়াৰ বাহিৰে আন একো উপায় নাছিল৷ বিন্দুৰ বিয়া যেন এক অকথ্য বাস্তৱ আছিল৷

মই বিচাৰিছিলোঁ তাইৰ বিয়া আমাৰ ঘৰৰপৰা হওক৷ কিন্তু তোমালোকে কৈছিলা যে দৰাঘৰে বিয়াখন তেওঁলোকৰ ঘৰৰপৰা হোৱাতো বিচাৰিছে৷ তেওঁলোকৰ বংশত হেনো এইটো নিয়ম চলে৷

মই বুজিব পাৰিছিলো৷ বিন্দুৰ বিয়াত যদি তোমালোকে কেও কিছু খৰচ কৰিবলগীয়া হয় তেতিয়া হয়তো তোমালোকৰ গৃহ দেৱতা যেন ৰুষ্ট হৈ পৰিব৷ সেইকাৰণেই যেন মই একো নক’লোঁ কিন্তু এটা কথা এতিয়া কও যে সেই দুৰ্কপলীয়া ছোৱালীজনীৰ লগত মই মোৰ কিছু গহনা আৰু কাপোৰ মনে মনে পঠিয়াই দিছিলোঁ । ডাঙৰবৌৱে কিজানি গম পাইছিল৷ কিন্তু তেখেত মনেমনে থাকিলে যাতে বিন্দুৰ বিয়াত একো বাধা নাহে৷ তোমাক তোমাৰ ভগৱানৰ শপত, তেওঁক পাৰিলে ক্ষমা কৰিবা৷

যোৱাৰ সময়ত বিন্দুৱে মোক সাৱটি ধৰি সুধিছিল “বাইদেউ, আপোনালোকে মোক সদায়ৰ কাৰণে ত্যাগ কৰিলে নেকি?“ মই কৈছিলোঁ “ নাই বিন্দু৷ তোক মই মোৰ প্ৰাণ থকালৈ ত্যাগ কৰিব নোৱাৰোঁ“

তিনি দিন পাৰ হ’ল৷ তোমালোকৰ তালুকৰ প্ৰজাই বিন্দুৰ বিয়াত তোমালোকক ভোজৰ বাবে উপহাৰ দিয়া ভেৰা ছাগলীটো মই মনে মনে কয়লা থোৱা তোমালোকৰ পৰিত্যক্ত কোঠা এটাত লুকুৱাই থৈছিলোঁ৷ যেতিয়া সময় পাইছিলোঁ নিজে গৈ দানাপানী খুৱাই আহিছিলোঁ৷ বাকী সময়ত তোমালোকৰ আলপৈচান ধৰা কিছুমানক অনুগ্ৰহ কৰিছিলোঁ ছাগলীজনীৰ যত্ন লবলৈ৷ কিন্তু সিহঁতেও ছাগলীজনীক খুৱওা বাদ দি যেতিয়া তাইক ভোজৰ ব্যঞ্জনৰ দৃষ্টিৰে বেছিকৈ চাব ধৰিলে, তাইক নিজে যত্ন লোৱাৰ বাহিৰে মোৰ হাতত আৰু একো উপায় নাছিল৷

সেইদিনা যেতিয়া মই ছাগলীজনীক খুৱাবলৈ সেই কোঠাটোত সোমাইছিলোঁ, বিন্দুক তাৰে এচুকত উচুপি থকা দেখি শিঁয়ৰি উঠিছিলোঁ৷ মোক দেখি তাই মোৰ ভৰি দুখন সাৱটি বহুপৰ কান্দিলে৷

বিন্দুৰ গিৰিয়েক এজন মানসিক সন্তুলন হেৰোৱা অৰ্থাৎ তোমালোকৰ সহজ ভাষাত এজন পাগল আছিল৷

“সঁচাই কৈছানে বিন্দু?“-মোৰ ভৰিৰ তলৰ পৰা যেন মাটি এচপৰা খহি পৰিছিল৷

“মই আপোনাৰ আগত এতিয়ালৈ মিছা মাতিছো জানো বাইদেউ! তেখেত এজন পাগল৷ মোৰ শহুৰ দেউতাই এই বিয়াত অসন্মত আছিল৷ কিন্তু মোৰ শাহুআইৰ নেৰানেপেৰা জেদত তেওঁ হাৰ মানিলে৷ সৰু ল’ৰাজনৰ বিয়া নহ’লে তেখেতে মুক্তি নাপাব বুলিয়েই বিয়া ঠিক কৰি মোৰ শাহুআই কাশী ভ্ৰমণলৈ গুচি গ’ল৷ তেওঁলোক সকলোৱে মিছাৰ আৰত মোক তেখেতৰ লগত বান্ধি দিলে অ’ বাইদেউ!“

মই কয়লা দমটোৰ ওপৰত ঢাচকৈ বহি পৰিলোঁ৷ এজনী নাৰীয়ে আন এজনী নাৰীৰ জীৱনৰ লগত এনেকৈ খেলিব পাৰেনে?

ঘৰত সকলোৱে কথাটো গম পোৱাৰ পিছত তোমাৰ মা অৰ্থাৎ মোৰ শাহুআইয়ে ক’লে “বিন্দু এতিয়া ছোৱালী হৈ থকা নাই যে নিজৰ মন হ’লে আহিব আৰু গুচি যাব৷ পাগল হ’লে কি হ’ল? তাইৰ স্বামী যেতিয়া সেই কথাটো তাই পাহৰি গিৰিয়েকৰ ঘৰলৈ গুচি যোৱা উচিত৷“

বিন্দুৰ গিৰিয়েকজন দেখা মাত্ৰকে পাগল যেন নালাগিছিল৷ কিন্তু কেতিয়াবা সি ইমান উন্মাদ হৈ পৰিছিল যে তাক তলা লগাই কোঠাত বন্ধ কৰি থোৱাৰ বাহিৰে আন একো উপায় নাছিল৷ বিবাহৰ ৰাতি সি ঠিকেই আছিল৷ কিন্তু ৰাতি টোপনি খতি আৰু হৈ হাল্লাৰ মাজত থাকি পিছদিনা তাৰ বিকৃতি ঘটিছিল৷ বিন্দুৱে দুপৰীয়া পিতলৰ থাল এখনত ভাত লৈ খাবলৈ বহাত সি আহি তাইৰ থালখন দলিয়াই দিছিল৷ হঠাৎ সি অনুভৱ কৰিছিলে যে সেইজনী তাৰ ঘৈণীয়েক বিন্দু নহয় ৰাণী ৰাসমণি হে৷ লগুৱাজনে চাগে সোণৰ কাহীখন চুৰ কৰি নিজৰ থাল খনতহে ৰাণীক ভাত সজাই দিলে৷ তাৰ খঙৰ এইটো কাৰণ আছিল৷ বিন্দুৱে ভয়তে আৰু ভোকতে বহুত কান্দিলে৷ ৰাতি যেতিয়া শাহুৱেকে জোৰ কৰি তাইক তাৰ লগত শুব পঠালে তাইৰ প্ৰাণপখী যেন শুকাই গ’ল৷ কিন্তু শাহুৱেকৰ ক্ৰোধৰ আগত তাই একো কৰিব নোৱাৰিলে৷ বিন্দুৰ শাহুৱেকৰ মানসিক অৱস্থাও বৰ এটা ভাল নাছিল৷ তেখেত সম্পুৰ্ণ ৰূপে পাগল নাছিল কাৰণে আৰু ভয়াবহ আছিল৷ বিন্দুৱে অৱশেষত তাইৰ পাগল গিৰিয়েকৰ লগত ৰাতি কটাবলৈ বাধ্য হ’ল৷ কিন্তু ৰাতি এপৰলৈ তাইৰ টোপনি নাহিল৷ যেতিয়া তাইৰ গিৰিয়েকৰ চকু লাগিলে তাই তাৰপৰা পলাই আহি মোৰ ওচৰ পাইছিল৷

ঘৃণা আৰু খঙতে মোৰ সমগ্ৰ শৰীৰ জ্বলিব ধৰিলে৷ মই ক’লো “এনেকৈ মানুহক ঠগি পতা বিবাহৰ একো মূল্য নাই৷ বিন্দু তই আগতে যেনেকৈ আছিলি এতিয়াও তেনেকৈ থাক মোৰ লগত৷“

তোমালোকে প্ৰতিবাদ কৰি কৈছিলা “বিন্দু মিছলীয়া…!“

মই কৈছিলো “নহয়৷ তাই মিছলীয়া নহয়৷ মই বিশ্বাস কৰো তাইক৷“

তোমালোকে ভয় দেখুৱাব চেষ্টা কৰি কৈছিলা “বিন্দুৰ গিৰিয়েকহঁতে যদি পুলিচক কৈ আমাক জেলত পঠিয়াই তেতিয়া?“

মোৰ উত্তৰ আছিলে “এজনী ছোৱালীক প্ৰৱঞ্চনাৰে পতা বিয়া আৰু তাৰ পিছৰ অত্যাচাৰ দেখি আইনে তেওঁলোকক হে দণ্ড দিব৷“

তুমি কৈছিলা “এইৰ কাৰণে আমি এতিয়া কোৰ্ট কাছাৰী গলেহে হৈছে! তাইৰ লগত কিবা হ’লে আমাৰ কি আহে যায়?“

মই কৈছিলো “ মই নিজৰ গহনা বিক্ৰী কৰি হলেও আদালতত গোচৰ ৰুজু কৰিম বিন্দুৰ ন্যায়ৰ হকে৷“

তুমি কৈছিলা “এজনী পৰৰ ছোৱালীৰ কাৰণে এতিয়া তুমি উকীলৰ নিচিনা পৰপুৰুষৰ লগত হলিগলি কৰিবা ?“

তোমাৰ প্ৰশ্নৰ উত্তৰ মোৰ লগত তেতিয়া নাছিল৷ মূৰটো বেৰত আচাৰাৰ বাহিৰে মোৰ ওচৰত যেন একো উপায় নাছিল তেতিয়া!

এইফালে বিন্দুৰ বৰজনাক আহি হুলস্থুল লগালে৷ থানাত আমাৰ বিপক্ষে গোচৰ তৰিব বুলি বাৰে বাৰে ধমকিও দিলে৷

মোৰ ভিতৰৰ সহনশক্তিখিনি যেন বিলুপ্ত হৈ গৈছিল এইবোা দেখি৷ কচাইৰ হাতৰ পৰা এৰাল খাই যিজনী গাই মোৰ ওচৰত আশ্ৰয় বিচাৰিছিল, তাইক পুনৰ কচাইৰ ওচৰত কেনেকৈ সঁপি দিও? মই গুজৰি উঠি কৈছিলোঁ “কৰক থানাত গোচৰ৷“

এইখিনি কৈ মই বিন্দুক মোৰ কোঠালিলৈ লৈ গৈ তলা বন্ধ কৰি সকলোৰে বেয়া দৃষ্টিৰ পৰা দূৰত ৰাখিম বুলি ভাবিছিলোঁ৷ মই গোটেই ঘৰখন চলাথ কৰিও তাইক নাপালোঁ৷ তোমালোকৰ লগত যেতিয়া মই বিন্দুৰ হকে তৰ্ক কৰি আছিলোঁ সেই সময়তে তাই গৈ বৰজনাকৰ ওচৰত তাইৰ জীৱনৰ চাবিকাঠি সমৰ্পণ কৰি দিলে৷ তাই বুজিব পাৰিছিল, যদি তাই এই ঘৰ এৰি নাযায় তেতিয়া মোৰ জীৱন সংকটত পৰিব৷
বিয়াৰ পিছতে এনেকৈ পলাই আহি যেন বিন্দুৱে নিজৰ কষ্ট আৰু বঢ়াই লৈছিল৷ তাইৰ শাহুৱেকৰ মতে তাইৰ গিৰিয়েকজনে তাইক খাই পেলোৱা নাছিল যে পলাই যোৱাৰ নিচিনা অসন্মানৰ কাম এটা তাই কৰিলে৷ অযোগ্য পতি এই সংসাৰত দুৰ্লভ নহয়৷ তাৰ তুলনাত তেখেতৰ পুত্ৰ অৰ্থাৎ বিন্দুৰ গিৰিয়েক এটি সোণৰ প্ৰতিমাতকৈ কম নহয় যাক বিন্দুৱে ইমান অপমানিত কৰিলে৷

ডাঙৰবৌৱে কৈছিল “ যাৰ ভাগ্যখনেই বেয়া, তাৰ কাৰণে দুখ কৰাটো ব্যৰ্থ৷ পাগল হলেও তেখেত এতিয়া বিন্দুৰ স্বামী৷“

মোৰ চকুৰ সন্মুখত এখন ছবি ভাহি উঠিছিল এজনী তোমালোকৰ সমাজৰ পতিব্ৰতা নাৰীৰ যিয়ে নিজেই তাইৰ স্বামীক বেশ্যাৰ ওচৰলৈ লৈ গৈছিল৷ ইতিহাসৰ এই ধৃষ্টতাপূৰ্ণ আখ্যান প্ৰচাৰ কৰি কেতিয়াও তোমালোকৰ পুৰুষত্ব এবাৰলৈও কঁপি উঠা নাছিল৷ এইকাৰণে মানৱ জীৱন পোৱাৰ পিছতো তোমালোকে বিন্দুৰ দুৰৱস্হা বুজিব নোৱাৰিলা৷ তোমালোকৰ মূৰ লাজত দো নাখালে এবাৰলৈও৷ বিন্দুৰ কাৰণে মোৰ দুখত বুকু ফাটি পৰিছিল৷ লগতে তোমালোকৰ কাপুৰুষতা দেখি লাজ পাইছিলোঁ মানুহ হোৱাৰ৷

মই ভালদৰে বুজি উঠিছিলোঁ যি এতিয়া যদি মৃত্যুও কাষ চাপে, বিন্দু আমাৰ ঘৰলৈ কাহানিও নাহিব৷ কিন্তু মই তাইক কথা দিছিলো যে মোৰ প্ৰাণ থকালৈ মই তাইক অকলে কষ্ট পাই তিলতিলকৈ মৰিব নিদিও৷ মোৰ সৰু ভাই শৰত তেতিয়া কলিকতাৰ কলেজ এখনত পঢ়ি আছিল৷ তুমি জানাই চাগে কেনেকৈ বিভিন্ন সমাজসেৱাৰ কামত সি ব্ৰতী৷ প্লেগ মহামাৰীয়ে মাৰি নিয়া গলিবোৰত এন্দুৰ মৰাৰ পৰা দামোদৰৰ বানপানীয়ে জুৰুলা কৰা লোকৰ পৰিচৰ্য্যা কৰা এই সকলোতে শৰত ইমান উৎসাহী যে এফ এ পৰীক্ষাত দুবাৰ অনুত্তীৰ্ণ হোৱাৰ পিছতো সমাজসেৱা কৰিবলৈ সি এৰি নিদিলে৷ মই তাক মাতি কৈছিলোঁ “যেনেকৈ হলেও বিন্দুৰ খা খবৰ এতিয়া তয়েই পঠিয়াব লাগিব৷ মোলৈ চিঠি লিখাৰ সাহস চাগে এতিয়া তাই নকৰিব৷ তাই লিখিলেও যে চিঠিখন মোৰ হাত পাব সেয়া কঠিন৷“

এই কামটোৰ ঠাইত যদি মই তাক ডকাহকা দি বিন্দুক মোৰ ওচৰলৈ আনিব দিলোহেঁতেন নতুবা তাইৰ পাগল গিৰিয়েকৰ মূৰ ছিঙি আনিব ক’লোহেঁতেন সি বেছি ভাল পালেহেতেন৷ মোৰ দৰে সিও অন্যায় সহিব আৰু চাব নোৱাৰে যে !

শৰতৰ লগত বাৰ্তালাপ কৰি থকা সময়তে তুমি কোঠাত সোমাই তিৰস্কাৰৰ সুৰেৰে সুধিছিলা “এতিয়া আকৌ কি ষড়যন্ত্ৰ কৰিছা দুয়ো মিলি৷“

শৰত আৰু মোক একেলগে দেখি তোমাৰ জিজ্ঞাসা বঢ়াত আকৌ সুধিছিলা “বিন্দুক লৈ আহি কৰবাত গোপনে ৰখাৰ দিহা কৰা নাইতো তোমালোকে?“

মই কৈছিলো “বিন্দু যদি নিজেই আহিলেহেঁতেন তাইক লুকুৱাই ৰাখিলোহেঁতেন কিবা প্ৰকাৰে৷ কিন্তু এতিয়া তাই কেতিয়াও নাহে, তুমি নিশ্চিন্ত থাকা৷“

মই জানিছিলো তোমালোকে শৰত মোৰ ওচৰলৈ অহাতো ভাল নোপোৱা৷ তোমাৰ মনত ভয় আছিল যে তাৰ ওপৰত পুলিচৰ কাঢ়া দৃষ্টি আছে৷ কেতিয়াবা কিবা কাৰণত যদি সি ৰাজনীতিৰ মেৰপাকত ফচে তেতিয়া তোমালোকৰ বহুত বদনাম হ’ব৷ তোমালোকৰ এই আশংকাৰ কাৰণেই মই তাৰ কাৰণে ভাই দ্বুজৰ তিলক বেলেগৰ হাতত পঠাও প্ৰতি বছৰে৷

এদিন তোমাৰপৰাই শুনিলোঁ যে বিন্দু আকৌ পলাই গ’ল৷ তাইৰ বৰজনাক আহিছিল হেনো তোমালোকৰ ওচৰলৈ৷ শুনি মোৰ বুকুত যেন শেলে বিন্ধিলে৷ সেই হতভাগিনীজনীৰ অসহ্য কষ্টখিনি মোৰ বুকুত বাৰে বাৰে অনুভৱ কৰিলোঁ৷

শৰতে তাইৰ বিচাৰ খোচৰত তৎপৰ হৈ পৰিলে৷ সন্ধিয়া মোৰ ওচৰলৈ আহি ক’লে “বিন্দু তাইৰ সম্বন্ধীয়া ককায়েক এজনৰ ঘৰলৈ গৈছিল৷ কিন্তু তেওঁলোকে ওলোটা ক্ৰুদ্ধ হৈ তাইৰ আকৌ শহুৰেকৰ ঘৰলৈ পঠিয়াই দিলে৷ বিন্দুৰ যাত্ৰাপথত গাড়ী-ঘোঁৰাত যিমান খৰচ হৈছিল তাৰে পৰিণাম বেচেৰীয়ে বাৰুকৈ ভুগিলে৷“

তোমাৰ খুৰীদেউ শ্ৰী ক্ষেত্ৰৰ তীৰ্থভ্ৰমণৰ সময়ত তোমালোকৰ ঘৰলৈ আহিছিল ৷ মই তোমাক আগ্ৰহেৰে কৈছিলোঁ মোৰো যাবৰ ইচ্ছা আছে বুলি৷

মোৰ মনত তীৰ্থস্থান আৰু ধৰ্মৰ প্ৰতি আগ্ৰহ দেখি তুমি আনন্দতে কোনো আপত্তিয়ে নকৰিলা৷ কিন্তু তুমি এই কথাটোও মনত ৰাখিলা যে মই যদি কলিকতাত থাকিব লগীয়া হয় তেতিয়া চাগে বিন্দুৰ কথাটো লৈ আকৌ হৈ হাল্লা কৰিম৷ মোৰ কাৰণে তোমালোকৰ যাতে আৰু একো সমস্যা নহয় তাৰ কাৰণে তুমি হাঁহিমুখে মোৰ ভ্ৰমণত যোৱা কথাটোত সমৰ্থন কৰিছিলা৷

মই বুধবাৰে যাত্ৰা কৰাটো থিৰাং কৰিলোঁ৷ দেওবাৰেই সকলোখিনি ঠিকঠাক কৰিলোঁ৷ শৰতক মোৰ ওচৰলৈ আকৌ এবাৰ মাতি তাক ক’লোঁ “যেনেকৈ হলেও বুধবাৰে পুৰী যোৱা ৰেলগাড়ীখনত বিন্দুক বহুৱাই থৈ যাবি৷“

শৰতে উৎফুল্লিত হৈ ক’লে “তুমি নিশ্চিত থাকা বাইদেউ৷ মই তাইক কেৱল গাড়ীত বহুৱায়ে নহয়, তাইৰ লগত একেবাৰে পুৰীলৈও যাম৷ এ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক