পত্নী (-ডিম্পী ডেকা)

পত্নী


ডিম্পী ডেকা

 

 

মোৰ শিৰৰ ৰঙা সেওঁতাৰে
নিতে তোমাৰ বুকুৰ মাজলৈ যাওঁ।
সদ্যস্নাতা কেশৰ সুবাসেৰে
পুৱাই ঘৰ খন সজাঁও।
নামঘৰৰ বন্তি গছি জ্বলাই ,
আৰম্ভ কৰা দিনটো চোন
ত’তকে নাপাওঁ, পলকতে শেষ কৰে
সন্ধ্যাৰ আৰতিৰ ধূপ-ধূনাই।
সদায় প্ৰাৰ্থনা এটাই
বাস্তৱৰ কুটিলতা, জটিলতাই
নিনিয়ক যাতে মৰহাই
তোমালৈ বুলি থকা
মোৰ মৰমৰ খৰিকাজাঁই।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments