চিঠিৰ লগত জড়িত বাল্যকালৰ স্মৃতি (ডা০ ভূপেন্দ্ৰ শইকীয়া)

চিঠিৰ লগত জড়িত বাল্যকালৰ স্মৃতি

–   ডা০ ভূপেন্দ্ৰ শইকীয়া

মই তেতিয়া শিৱসাগৰৰ কালুগাঁওত ৷ আমাৰ গাঁওৰ ঘৰত মাৰ সৈতে থাকোঁ ৷

মা মগৰাহাট এম,ভি স্কুলৰ শিক্ষয়ত্ৰী ৷ চাকৰিসূত্ৰে দেউতা ডিব্ৰুগড়ত থাকে ৷ মাহৰ মূৰত দেউতা দুই-তিনি দিনৰ বাবে ঘৰলৈ আহে ৷দেউতালৈ প’ষ্টকাৰ্ডত চিঠি লিখিবলৈ মায়ে শিকাইছিল –

“শ্ৰীহৰি, পৰম পূজনীয় শ্ৰীযুত দেউতা — পত্ৰে মোৰ সেৱা গ্ৰহণ কৰিব৷———–

ইতি ……….”

প’ষ্টকাৰ্ডৰ ডাঙৰ পৃষ্ঠাটোত মই আৰু সৰু পৃষ্ঠাটোত মাই খা-খবৰ জনাই চিঠি লিখিছিলোঁ ৷কালুগাঁও বৰপাত্ৰদ’ল চাৰিআলিত থকা ৰঙা চিঠিৰ বাকচটোত চিঠিখন প’ষ্ট কৰিবলৈ বৰদেউতাৰ ল’ৰা সোণকাইদেউৰ লগত ময়ো গৈছিলোঁ ৷দেউতাই ঘৰলৈ আহোঁতে সেই সময়ত প্ৰাপ্তবয়স্কৰ শিক্ষাৰ বাবে প্ৰচলিত ‘জনশিক্ষা’ আলোচনীখন লৈ আহিছিল ৷জনশিক্ষাৰ কেইটামান পৃষ্ঠা ডাঙৰ ডাঙৰ আখৰেৰে লিখা ৷তাত ছবি আৰু সাধুকথা প্ৰকাশিত হৈছিল ৷মোৰ প্ৰথম পাঠ্যপুথিও আছিল ‘জনশিক্ষা’ই ৷

মাই জনশিক্ষাৰ সাধুবিলাকৰ যোগেদি আখৰ-জোঁটনি শিকাই মোক লিখা-পঢ়াৰ আদিপাঠ শিকাইছিল ৷মাৰ বিয়োগ হ’বৰ আজি পাঁচ বছৰ হ’ল ৷মায়ে মোক পঢ়িবলৈ শিকোৱা, ৰামায়ণ-মহাভাৰতৰ সাধু কৈ কৈ জুহালৰ গুৰিত টোপনিয়াই থকা মোক ভাত খুৱাই দিয়াৰ দৃশ্য মানসপটত ভাঁহি উঠিলে চকু চলচলীয়া হয় ৷এসময়ত মাক এৰি দেউতাৰ লগত ডিব্ৰুগড়লৈ গুচি আহিলোঁ ৷তৃতীয় শ্ৰেণীত এবছৰ আমোলাপট্টি নিম্ন বুনিয়াদী বিদ্যালয়ত পঢ়াৰ পিছত ডিব্ৰুগড় চৰকাৰী হাইস্কুলত নাম লগালোঁ ৷৬ষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে কেন্দ্ৰীয় চৰকাৰৰ মেধাৱী বৃত্তি পাই বাৰাণসীৰ ৰাজঘাট বেচেন্ত স্কুলৰ ছাত্ৰ হ’লোঁহি ৷ৰাজঘাট বেচেন্ত স্কুলখন এনি বেচেন্তে স্থাপন কৰিছিল; প্ৰখ্যাত দাৰ্শনিক জে০ কৃষ্ণমূৰ্তি জীৱিত থকালৈকে এই স্কুলৰ লগত ওতঃপ্ৰোতভাবে জড়িত আছিল ৷বাৰাণসীৰ পৰা দেউতালৈ, মালৈ আৰু ডিব্ৰুগড়ৰ বাল্যবন্ধু কেইজনমানলৈ পত্ৰ  লিখি থাকোঁ ৷বন্ধু ৰাণাই ভাল গান গাইছিল ৷আমোলাপট্টিৰ নাট্যমন্দিৰত ফণী শৰ্মাৰ ‘কিয়’ নাটকত ৰাণাই শিশু শিল্পী হিচাপে অভিনয় কৰিছিল ৷ৰাণালৈ লিখিছিলোঁ – সি গোৱা “অ’ ফুট গধূলিতে কপিলী খুটিত কোন গোৰখালী গাভৰুৰে গাইজনী হেৰাল” আৰু “অ’ ধুন ধুনীয়া মোৰ আইটি জনী”- গীত দুটি লিখি পঠাবলৈ !

নতুন স্কুলত ন ন বন্ধু হ’ল ৷বন্ধুৰ লগত তেওঁবিলাকৰ ঘৰলৈ, আগ্ৰা আৰু দিল্লীলৈ ফুৰিবলৈও গ’লোঁ ৷ ইংলেণ্ডৰ দুজনী পেনফ্ৰেণ্ডো বন্ধুৰ তালিকাত যোগ হ’ল ৷ অষ্টম শ্ৰেনীত এটি ঘটনা হ’ল ৷সুনীল দত্ত আৰু  নূতন অভিনীত “মিলন” চিনেমাখন চাবলৈ আমাক দীপক টকীজলৈ স্কুলৰ ফালৰ পৰাই লৈ গৈছিল ৷লতা মংগেশকাৰৰ “শাৱন কা মহিনা, পৱন কৰে সোৰ……” গীতটো বিখ্যাত হৈছিল ৷কিন্তু মোৰ ভাল লাগিছিল আন এটি গীতহে, “ৰাম কৰে মেৰী নিন্দিয়া তুঝে লগ জায়ে….” ৷ চিনেমাত সুনীল দত্তই গীতটো গাইছিল ৷ এদিনাখন দুপৰীয়া জিৰণিৰ সময়ত মই সেই গানটো নিজৰ ৰূমত ডাঙৰ ডাঙৰকৈ আপোনপাহৰাহৈ গাই আছিলোঁ ৷ হঠাতে দুৱাৰত টুকুৰিয়াই ৱাৰ্ডেন সুধাকৰ তিৱাৰীজী চাৰ সোমাই আহিল ৷ মোক ক’লে- “চিনেমাৰ গানৰ ইমান ভিতৰত সোমাব নালাগে”! মই স্তব্ধ হৈ ৰ’লোঁ ৷ পিছদিনাখন তিনি পৃষ্ঠাৰ এখন চিঠি দুপৰীয়া জিৰণিৰ সময়ত চাৰৰ হাতত দি আহিলোঁ ৷কি কি যুক্তি লিখিছিলোঁ একো মনত নাই ৷ চিঠিখন পঢ়ি উঠি চাৰে মোক মাতি পঠালে ৷চাৰে একো নক’লে । মোৰ চিঠিখনৰ তলত এইদৰে লিখিলে – “তুমি স্বইচ্ছাই জীৱন সংগীত গাই যোৱা, মোৰ ফালৰ পৰা কোনো বাধ্যবাধকতা নাই” ! লগেলগে মোৰ দুচকুৰে ৰোধ কৰিব নোৱাৰাকৈ লোতক বৈ আহিল ৷ চাৰে মোক আকোঁৱালি ল’লে ৷ এইদৰে এইজনা গুৰুৰ লগত মোৰ ঘনিষ্ঠতা বাঢ়ি গ’ল ৷ চাৰে আমাক হিন্দী শিকাইছিল ৷স্কুল এৰাৰ পিছতো ৪-৫ বছৰৰ মূৰে মূৰে কেইবাবাৰো বাৰাণসীলৈ চাৰক লগ পাবলৈ গৈছিলোঁ ৷ চাৰৰ বিয়োগ হ’বৰ আজি চাৰি বছৰ হ’ল ৷ তেখেতৰ অৱদানক আজি  শ্ৰ্ৰদ্ধাৰে সুঁৱৰিছোঁ ৷

ৰাজঘাটৰ আন এজন চাৰ আছিল ৷ইতিহাস আৰু সমাজ বিজ্ঞান পঢ়োৱা – টি০ পি০ টেলংগজী ৷চাকৰিৰ পৰা অৱসৰ পোৱাৰ পিছতো চাৰে অবৈতনিকভাবে পাঠদান কৰি আছিল ৷ফুল-পাত, গছ-গছনি চাৰে অতিকৈ ভাল পাইছিল ৷ অবাবতে এখিলা গছৰ পাত চিঙাটোও চাৰে ভাল নাপাইছিল ৷ সকলোৱে আদৰেৰে তেখেতক  ‘গুল্লুজী’ বুলি মাতিছিল ৷ গুল্লুজী চাৰেই মোক চিকিৎসক হ’বলৈ পৰামৰ্শ দি কৈছিল-“ডাক্তৰ হিচাপেও ভাল হ’বা আৰু মানুহ হিচাবেও ভাল হ’বা ৷” প্ৰৱেশিকা পৰীক্ষা শেষ কৰি স্কুল এৰাৰ পিছত চাৰৰ লগত শাৰীৰিক সাক্ষাৎ আৰু নহ’ল ৷মই ডাক্তৰ হোৱাৰ আগলৈকে চাৰৰ পৰা প্ৰেৰণাদায়ক চিঠি পাই থাকিলোঁ ৷

তিৱাৰীজী চাৰ আৰু গুল্লুজী চাৰ, এই দুয়ো মহৰ্ষি ব্যক্তি মোৰ অন্তৰাত্মাত সদায় থাকিব ৷অশেষ প্ৰেৰণাৰ উৎস দুয়োজন শিক্ষাগুৰুৰ চিঠিসমূহ মোৰ ট্ৰাংকত আজিও সযতনে আছে ৷

এয়াই হ’ল চিঠিৰ লগত মোৰ এৰাব নোৱৰা ওতঃপ্ৰোত: সম্বন্ধ ৷একান্ত ব্যক্তিগত এই কথাবোৰ লিপিবদ্ধ কৰোঁতে মই দুচকুৰে বাগৰি অহা লোতকক নিয়ন্ত্ৰণ কৰিব পৰা নাই !

ড’হা – কাটাৰ

ইং ০৬-১২-২০১১

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক