পথাৰ (- নৱ কোঁৱৰ)

আহাৰ! হাত লাগি ভাগিল।
পুৱাতেই খাওঁ খাওঁ ৰ’দৰ মেল।
দাইটিৰ মৰা কান্ধত আইজং কঠীয়াৰ ভাৰ
দাইটিক আগচি পুৱাৰ বতাহজাকে
আগাভেটা কৰে, আগলতি কলপাতৰ দৰে
দাইটিৰ পুৰণি বনিয়টো লাহে লাহে কঁপে,
খোজত দ হোলাটোৰ পানী ভাঙে।
টোবোৰ মাৰ যায় নিলগত।
এখুজি দুখুজিকৈ আগবাঢ়ে॥
জলপানৰ টোপোলাৰে পথাৰৰ আলিত বহি
অকলেই এবিঘা কঠীয়া ৰোৱা
সৌজনী ৰাংঢ়ালী, সোনপাহী খুৰী!!
পোৱালীৰ আমনি নহ’লে
দুপৰৰ আগতেই হবগৈ
চাৰি-ডৰা মাটিৰ ৰোৱনী মৈ!!
হলেও, খেতি কৰাটো বৰ টান। বৰ দুখ
তথাপিও আছে সুখ!
দুখৰ মাজত সাঁচতীয়া, সঁচা সুখ!!
আঘোণত সোণগুটি চপোৱাৰ সুখ !!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক