পদত্যাগৰ পিছত (বিশ্বজিত সূত্ৰধৰ)

পদত্যাগৰ পিছত


বিশ্বজিত সূত্ৰধৰ

বাস্তৱ:
মানুহজনৰ মুখৰ ৰং সলনি হৈ গৈছিল৷ তেওঁ ভবা নাছিল, কথাবোৰে এনে ৰূপ গ্ৰহণ কৰিব পাৰে৷ আচলতে তেওঁৰ মনত বহুতে কোৱাৰ দৰে অভিমান-চভিমান একো নাছিল৷ তেওঁ যি কৰিছিল সম্পূৰ্ণ পৰিকল্পনা মতেই কৰিছিল৷ কলিতা বোলাজনক নিৰ্বাচনতে ঘাইল কৰি থৈছিল৷ মাত্ৰ কিছু সক্ৰিয় হৈ আছে বৰদলৈজন৷ সেইজনকো পৰা যাব৷ সেইজনক নদী বান্ধৰ সমস্যাটো কামত লগাই শিক্ষা দিব লাগিব৷ অখিলহঁতক কামত লগাব লাগিব৷ আৰু দিনে-ৰাতিয়েতো নিজৰ টিভি চেনেলটোৱে বেবাই আছে, “ৱেব মন্ত্ৰী জিন্দাবাদ৷” টিভি চেনেলটোক এনেদৰে দায়িত্ব দিয়া হৈছে যেন মানুহজনক এজন মেকান্দি ওঁজা হিচাবেহে ৰাইজৰ মাজত সাব্যস্ত কৰা হয়৷ অৰ্থাত কাণ খজুওৱাৰ জৰা-ফুকাও কৰে মন্ত্ৰী মহাশয়ে, সাম্প্ৰদায়িক কাঁজিয়া হ’লে তাৰ নিৰাময়ৰ মন্ত্ৰও জানে মন্ত্ৰী মহাশয়ে, বৃহত নদীবান্ধৰ বিষয়েও জানে মন্ত্ৰী মহাশয়ে, মুঠৰ ওপৰত তেওঁ নজনা কথা একো নাই৷ সৰ্বজান্তা!
কিন্তু গোটেই পৰিকল্পনাটোত আউল লগাই দিলে এই অখিল বোলাটোৱে৷ এইফালে চিবিআইৰ হাতত ফাছ খোৱা বৰা বোলাজনো এই সময়তে ঘূৰি আহিব বুলি তেওঁ ধাৰণাও কৰা নাছিল৷ গতিকে চব ফালেই পয়মাল লাগি গ’ল৷ ছাৰে ইমান দিনে হাৰ লগত হা, কাৰ লগত কা কৰি আছিল৷ কিন্তু এইবেলি কথা বিষম৷
প্ৰকৃততে তেওঁ প্ৰথমতে এটা পৰিৱেশ গঢ়ি তোলাৰ কাৰণে নাটকখন আৰম্ভ কৰিছিল৷ ইতিমধ্যতো তেওঁ ৰাজহুৱাভাৱে কৈছেই যে মুখ্যমন্ত্ৰীৰ গাদীখনৰ প্ৰতি তেওঁৰ এক তীব্ৰ আকৰ্ষণ আছে৷ সেইবাবেই তেওঁ ভাবিছিল- ‘ছাৰ বুঢ়া হৈ আহিছে৷ আৰু এটা বাৰলৈ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা নাই৷ গতিকে এতিয়াই নাটক আৰম্ভ কৰিব পাৰি৷’
ভবা মতেই কাম কৰিছিল৷
কথাবোৰ ঠিকঠাকেই চলিছিল৷ ছাৰেও তেওঁৰ মতেই কাম কৰিছিল৷ কিন্তু পিছলৈ তেওঁ দেখিলে যে ছাৰৰ পুতেকটোও ৰাজনীতিত সোমাল৷ এনেয়ে কলিতা, বৰদলৈ, বৰা ইত্যাদিৰ লগত ফেৰ মাৰি ঢোকে ঢোকে পানী খাই আছে, তাতে আকৌ ছাৰৰ ছলিটো৷ এনেয়ে মৰো ঋষিৰ শাপত, তাতে দিয়া ধানৰ ভাপত৷ সেই বাবেই অলপ আগতীয়াকৈ কিবা এটা খদমদম লগাবলৈ চেষ্টা কৰা হৈছিল৷ সকলো প্ৰায় থিকেই চলিছিল৷ অৱশ্যে মাজে মাজে অখিল বোলাটোৱে সাংবাদিক মেল মাতি অলপ কেনা লগাই আছিল৷ তথাপিও নিজৰ চেনেলটোত নানান ৰঙৰ মনোৰঞ্জনৰ কাৰ্যসূচী দি, বাঘা বুদ্ধিজীৱী বৰগোহাঞি মহাশয়ক মদ খোৱাৰ কলা সম্পৰ্কে দুআষাৰ লেকছাৰ দিয়াৰ সুযোগ দি, নাচ-গান, কথাছবি ইত্যাদিৰ ব্যৱস্থা কৰি অসমৰ জনসাধাৰণক বহু পৰিমাণেই বুৰ্বক বনাই ৰাখিবলৈ সক্ষম হৈছিল৷ তাৰোপৰি যেতিয়াই কিবা এক বিৰোধী জাগৰণ অহাৰ আগজাননী পোৱা হয়, তেতিয়াই ৰাইজৰ মাজত হাঁহ-কুকুৰাৰ বেমাৰ, মোবাইলত এটা নম্বৰৰ পৰা ফোন আহিলে মোবাইলৰ বিস্ফোৰণ হয় ইত্যাদিৰ দৰে ঢৌক ৰৌ কৰা কথা কিছুমান ৰাইজৰ মাজত প্ৰচাৰ কৰি দি ৰাইজৰ মন আচল কথাৰ পৰা আঁতৰাই নিয়াৰ ব্যৱস্থা সুকলমেই কৰা হৈছিল৷ এনেকৈয়ে সকলো ভালদৰে আগবাঢ়িছিল৷
কিন্তু কেনা লগালে নিজৰ পৰিয়ালৰ মানুহেই৷ ৰাস্তাত বাৰু ছোৱালীজনীক কোনোবাই মলেষ্টেচন কৰিলেই, কিন্তু টিভিৰ “আজি সন্ধিয়া চাবলৈ নাপাহৰিব, ৰাস্তাত কিদৰে ছোৱালীক নাঙঠ কৰিব পাৰি, কিদৰে ছোৱালীৰ বুকুৰ আবৰণি টানি খুলিব পাৰি৷ কেবল আমাৰ লাইভ নিউজ চেনেলতহে উপলব্ধ এই এক্সক্লুছিভ …” বুলি বাতৰি সম্প্ৰচাৰণ কৰিবৰ বাবেই অগৌৰৱ বোপাই নিজেই ছোৱালীজনীক নাঙঠ কৰাৰ কাৰ্যসূচীৰ সক্ৰিয় সদস্য হৈ পৰিল৷ আৰু সঁচাকৈয়ে এটা মনোগ্ৰাহী ক্লীপো তৈয়াৰ কৰিবলৈ সক্ষম হ’ল৷ সকলোখিনি ভালেই চলিছিল৷ কিন্তু এইবাৰ বহুৱাৰ পাল৷ অখিল বোলাটোৱে অকাট্যৰূপত প্ৰমাণ কৰিলে যে মলেষ্টেচনৰ ঘটনাটোত অগৌৰৱ প্ৰত্যক্ষভাবে আৰু অতনুৰাম পৰোক্ষভাবে জড়িত৷ হাহাকাৰ লাগি গ’ল৷ ছাৰো কথাটোত অসন্তুষ্ট হ’ল৷ সকলোফালে হুৱাদুৱা লাগিল৷ অংকত কেনা লাগিল এইদৰেই৷ ইতিমধ্য কলিতা, বৰদলৈ, বৰা ইত্যাদিৰ সাহসতে ছাৰেও ওলোটা মাৰিলে৷
উপায় ক’ত? গতিকে মুখখন অলপ কৰুণ কৰি দিয়া হ’ল৷ এটা অভিমানৰ ভাবো ফুটাই তোলা হ’ল৷ তাৰ পিছত আৰম্ভ কৰি দিয়া হ’ল পদত্যাগৰ নাটক৷ কিন্তু পদত্যাগৰ নাটকখন ডাইৰেক্ট কৰিবলৈ ভয় হ’ল৷ ছাৰে যদি তপাতকৈ পদত্যাগ-পত্ৰখন গ্ৰহণ কৰি পেলায়৷ গতিকে পদত্যাগৰ বাবে পৃথিৱীৰ ইতিহাসত যদিও কোনেও কাৰো অনুমতি লোৱাৰ নজিৰ নাই, (অৱশ্যে ঘৈণীয়েকৰ পৰা অনুমতি ল’ব লগা হ’ব পাৰে), তেওঁ ছাৰৰ পৰা অনুমতি পোৱাৰ বাবে প্ৰাৰ্থনা কৰিলে৷ মনতে ভাবিছিল ছাৰে লগে লগে মাতি নি মৰম মিহলি মাতেৰে ক’ব, “যোৱা কি কৰিব ওলাইছা, হু, নাপায় নহয়, এনেখন কিয় কৰিছা, ঘৰৰ ল’ৰা ঘৰতে থাকা…”
কথাবোৰ কিন্তু তেনকুৱা নহ’ল৷ ছাৰে অলপো সঁহাৰি নিদিলে৷ বৰং সাংবাদিক মেলত কৈ পেলালে, “মন্ত্ৰী নাথাকিলে কোনে ফাইল চাব, মই নিজে চাম..”। গতিকে প্ৰায় খেদা খাওঁ খেদা খাওঁ অৱস্থাত পৰিল তেওঁ৷ উপায় নাপাই অসমৰ সংকট কালতো কাশ্মীৰ চাবলৈ গ’ল৷ ভাবিছিল হয়তো শেষ মুহূৰ্তত ছাৰে চকু মেলি চাব৷ কিন্তু সকলো বৃথা৷ নিৰুপায় হৈ পৰিল তেওঁ৷
তাৰ পিছত কোনোমতে ৰাজ্যখনৰ ভাগ্যনিয়ন্তা দিগবিদিগ সিঙৰ ওচৰলৈ গ’ল৷ সেইজন যদিও নিজৰ ৰাজ্যতে ঠাই নোপোৱা নেতা, আমাৰ ৰাজ্যত কিন্তু বৰ গুৰুত্বপূৰ্ণ৷ আগৰবাৰতো মন্ত্ৰীসভা গঠন কৰিবলৈ ছাৰে সেইজন তৃতীয় শ্ৰেণীৰ নেতাৰ পাছে পাছে ফাইল লৈ ঘূৰি ফুৰিছিল৷ দিগবিদিগৰ লগত ইতিমধ্যে এটা ভাল লেনাদেনৰ সম্পৰ্ক গঢ়ি তুলিছিল তেওঁ৷ পূৰ্বতে হেলমেট নিপিন্ধাকৈ মটৰ চাইকেল চলাওঁতে যিজন ভগৱানে লগত থাকি তেওঁক সহায় কৰিছিল সেইজন ভগৱানকে সাৰথি কৰি দিগবিদিগক লগ ধৰি কিবা উপায়ে মেনেজ এটা কৰি দিয়াৰ বাবে কাকুতি-মিনতি কৰিবলৈ ধৰিলে তেওঁ৷ বিনিময়ত দিগবিদিগক কিছু টকা-কড়ি দিবলৈও প্ৰস্তুত হ’ল৷তেনে লাভাংশৰ আশাত দিগবিদগেও ক’লে, “তথাস্তু..৷”
দিগবিদিগৰ সহায়ত ছাৰ অৱশেষত মেনেজ হ’ল আৰু ৱেব মিনিষ্টাৰ পুনৰ উভতি আহিল ৰাজদৰবাৰলৈ৷ কিন্তু এইবাৰ অলপ সাৱধান হ’ল৷ হকে বিহকে পেকপেকাই থকা বন্ধ কৰিলে৷ কথাবোৰ পুনৰ ভালদৰে চলিবলৈ আৰম্ভ কৰিলে৷
কল্পনা:
তেওঁ ইমান দিনে টিভি চেনেলৰ সহায়ত সকলোফালে ৰৌজাল বৌজাল কৰিছিল যে তেওঁৰ মান কৰ্মপতু আৰু কোনো নাই; তেওঁ শিক্ষাখণ্ডত এক ৰিভলিউছন আনিছে, স্বাস্থ্যখণ্ডত এক ৰেডিকেল চেঞ্জ আনিছে আৰু প্ৰমাণ কৰিছে যে এই বিভাগকেইটাৰ একেদলৰে তেওঁৰ পূৰ্বৱৰ্তী মন্ত্ৰীকেইটাই ঘোঁৰাৰ ঘাঁহহে কাটিছিল৷ তাৰোপৰি তেওঁ ইতিমধ্যে মানৱ জাতিৰ ইতিহাসত চক্ৰেটিছ, এৰিষ্টটল ইত্যাদিৰ সমপৰ্যায়ৰ এজন ব্যক্তি বুলিও নিজকে দাঙি ধৰাইছে টিভি চেনেলৰ সহায়ত৷ এতিয়া পিছে সেই এডভাৰটাইজমেণ্টটো বুমেৰাং হৈ পৰিল৷ হঠাতে ছাৰে বৰদলৈ বোলাজনৰ পৰা শক্তি দপ্তৰৰ দায়িত্তটো আনি প্ৰদান কৰিলে তেওঁৰ হাতত আৰু তেওঁৰ পৰা লেখা-পঢ়া আৰু গা-ভাল বিভাগ দুটা নি বৰদলৈজনক প্ৰদান কৰিলে৷ খবৰটো কাণত পৰাৰ লগে লগে তেওঁৰ মূৰৰ ওপৰত ধপছকৈ সচিবালয়টো যেন ভাঙি পৰিল৷ ইমানদিনে খাই থকা সান্দহৰ বাটিটো তল গ’ল৷ হায় হায়! তথাপিও নিজকে সম্বৰণ কৰিলে৷ তাৰ পিছত উপায় উলিয়াবলৈ নাক খজুৱাবলৈ ধৰিলে৷
ৰাতিলৈ তেওঁ হঠাত বিচনাতে চিঞৰি উঠিল, “ইউৰেকা, ইউৰেকা…৷ উপায় উপায় পাই গ’লো৷”
পিছদিনা ৰাতিপুৱা তেওঁ স্বাভাৱিকভাবে সচিবালয়লৈ গ’ল আৰু নতুন উদ্যমেৰে কাম কৰিবলৈ আৰম্ভ কৰিলে৷ আবেলিলৈ শক্তি দপ্তৰৰ বা-বিষয়াসকলক মাতি আনিলে৷ সভাঘৰত আলোচনা সভা বহিল কিদৰেনো বিভাগটোত এক চমক সৃষ্টি কৰিব পাৰি৷ আলোচনা সভাত দেখা গ’ল যে কোনো কাৰণতেই ৰাজ্যৰ শক্তিৰ ঘাটি পুৰণ কৰাৰ উপায় নাই৷ ৱেব মিনিষ্টাৰে হঠাত নাক খজুৱাই ক’লে, “বিষয়াসকল, আমি কিয় গোবৰ গেছৰ সহায়ত শক্তি উত্পাদন কৰিব নোৱাৰো৷ এই উপায়ে শক্তি উত্পাদন কৰিব পাৰিলে আমাৰ সমস্যা নিশ্চয় সমাধান হ’ব”
কথাটোৰ গুৰুত্ব উপলব্ধি কৰি গৰু-ম’হ বিভাগৰ শীৰ্ষ বিষয়াক মাতি অনা হ’ল আৰু এই বিষয়ে সোধা হ’ল৷ কিন্তু গৰু-ম’হ বিভাগৰ বিষয়াই একাষাৰতে এনে সম্ভাৱনা নুই কৰি ক’লে যে এইটো সম্ভৱ নহ’ব৷ কাৰণ বানপানী, চবকা ৰোগ ইত্যাদিত গৰু-ম’হ মৰি খাস্তাং হৈছে৷ তাৰোপৰি এসময়ত এলওচি কেলেংকাৰীৰ নামত গৰু-ম’হৰ সকলোখিনি ধনেই গৈ হিতাইঈশ্বৰ শইকীয়া, পৰফুল মহন্ত ইত্যাদিৰ জেপত সোমাল৷ গতিকে গৰু-মহৰ অৱস্থা তথৈবচ৷ শক্তি উত্পাদনৰ বাবে প্ৰয়োজনীয় গোবৰ পোৱাৰ কোনো আশা এতিয়া নাই৷ ৱেব মিনিষ্টাৰৰ মনটো হতাশাৰে ভৰি পৰিল৷গৰু-ম’হ বিষয়াক বিদায় দিয়া হ’ল৷
কিন্তু তেওঁ হতি যোৱা মানুহ নহয়৷ এসময়ত ছাত্ৰ নেতাগিৰী কৰি কিলাই বিদেশী খেদিবলৈ চেষ্টা কৰা মানুহ৷ গতিকে যমৰ মুখৰ পৰা ছলি কাঢি আনিবৰ শক্তি আছে তেওঁৰ৷ উপায় নিশ্চয় ওলাব৷ ততকালে কথাবোৰ ভাবি চোৱা হ’ল আৰু উপায় হিচাবে এইবাৰ মানুহৰ গোবৰেৰে শক্তি উত্পাদন কৰিব পৰা যায় নেকি তাৰে প্ৰস্তাৱটো বিষয়াসকলৰ আগত উত্থাপন কৰিলে৷ একাংশ বিষয়াই কিৰিলি পাৰি উঠিল৷ তাৰ পিছত গোটেই কথাখিনি পৰ্যালোচনাৰ কাৰণে অন্য কিছুমান বিভাগৰ বিষয়াবোৰো আহিল৷ কিন্তু সকলোখিনি আলোচনাৰ পৰা এটা কথা প্ৰমাণিত হ’ল যে এই কথাটোও ইমান সহজ নহ’ব৷ প্ৰয়োজনীয় পৰিমানৰ মানুহৰ গোবৰো প্ৰজেক্টটো সম্পূণ কৰিবৰ বাবে পোৱা নহ’ব৷ অভিজ্ঞ বিষয়া কিছুমানে গোটোই প্ৰক্ৰিয়াটোৰ বাবে মানুহৰ গোবৰ কিয় পোৱা নাযাব তাক সুন্দৰকৈ ফহিয়াই দেখুৱালে৷ ৱেব মিনিষ্টাৰৰ মনটো সেমেকি উঠিল৷ বিভাগটোত চমক সৃষ্টি কৰাৰ সপোনবোৰত যেন আউল লাগিব ধিৰলে৷
ৰাতিলৈ ৱেব মিনিষ্টাৰে কথাবোৰ ভাব চালে৷ হয়তো আজিকালি শিক্ষিত মানুহবোৰৰ এটা বা দুটাই ল’ৰা৷ আনকি বাংলাদেশ মূলৰ নাগৰিকসকলৰো ল’ৰা-ছোৱালীৰ সংখ্যা এতিয়া কমি গৈছে৷ গতিকে এতিয়া মানুহৰ গোবৰ যোগাৰ কৰাত সমস্যা হোৱাৰ কথাটো পেলাই দিব নোৱাৰি৷ তাৰোপৰি তেওঁৰ দৰে বিয়াগোম নেতা, ডাঙৰ ডাঙৰ বিষয়া, ডাঙৰ ডাঙৰ ব্যৱসায়ী ইত্যাদিয়ে নিজৰ গোবৰেৰে তেনে পদ্ধতিত শক্তি উত্পাদন কৰিবলৈ দিয়াৰ সম্ভাৱনাও নাই৷ গতিকে উপায় কি?
কিন্তু তেওঁ যে শক্তি উত্পাদন কৰিবই৷ গোটেই ৰাতিটো ভাবিলে৷ পুৱতি নিশা তেওঁৰ মনটো ফৰকাল হৈ পৰিল৷ সমস্যাৰ সমাধান এটা পোৱা গ’ল৷ অধিক মানুহৰ গোৱৰ পাবৰ বাবে তেওঁ এক নতুন উদ্যমত এটা নতুন আঁচনি গ্ৰহণ কৰিবলৈ মনস্থ কৰিলে৷ তেওঁ সিদ্ধান্ত ল’লে যে অধিক মানুহৰ গোবৰৰ বাবে অধিক পৰিমাণে বাংলাদেশী আনিব লাগিব দেশখনলৈ৷ হয়, আৰু অধিক বাংলাদেশী আনিব লাগিব অসমলৈ, সেই বাংলাদেশীৰ গোবৰেৰে শক্তি উত্পাদনৰ কাম আগবঢ়াই নিব লাগিব৷ আনন্দতে তেওঁ উন্মাদ হ’ল৷ ঘৈণীয়েকক খবৰটো দিলে৷ তাৰ পিছত লাইভ নিউজৰ কাৰ্যালয় পালে আৰু তাত সাক্ষাতকাৰ দি ক’লে যে তেওঁ অসমত প্ৰয়োজনতকৈ অধিক শক্তি উত্পাদন কৰিবলৈ সক্ষম হ’ব৷
সেইদিনাই গ’ধুলি তেওঁ ছাৰৰ ওচৰলৈ গ’ল আৰু বিদেশী বহিষ্কৰণৰ দপ্তৰৰ মন্ত্ৰীৰ দায়িত্বৰ পৰা তেওঁক অব্যাহতি দিবৰ বাবে ছাৰক অনুৰোধ কৰিলে৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক