পদপথত সুখৰ টুকুৰা ছৱি ( নন্দিতা খাখলাৰী )

(১)

২০১০ চনত বিশেষ পৰীক্ষা এটাৰ প্ৰশিক্ষণৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ এটাত নামভৰ্তি কৰিছিলোঁ৷ প্ৰশিক্ষণ কেন্দ্ৰলৈ সাধাৰণতে বিশ্ববিদ্যালয়ৰ পৰা ৮-১০ জন ল’ৰা-ছোৱালী একেলগ হৈ মাহেকীয়া বন্দৱস্তত গাড়ী ভাড়া কৰি যোৱা হয়৷ সেইমতেই সিদিনা ইতিমধ্যে বন্দবস্ত কৰি থোৱা গাড়ীখনত আহি বহিলোঁ৷ মোৰ পিছে পিছে ছোৱালী এজনী আহি গাড়ীত আহি বহিল৷ মৃদু হাঁহিৰে সম্ভাষণ জনাই দুয়োজনীয়ে চিনাকি হ’লোঁ৷ শিখা, ৰাজস্থানৰ ছোৱালী, কথা পাতি মুহূৰ্ততে যেন কিবা এটা ভাল লাগিল৷ সিদিনা ক্লাছ শেষ হয় মানে সন্ধিয়া হৈছিল৷ পুনৰ একেখন গাড়ীতে উঠি উভতি আহি আছোঁ৷ সন্ধিয়াৰ মহানগৰীখন ক্ৰমশঃ জলমলাই মায়াবী হৈ উঠিছে৷ গাড়ীৰ খিৰিকীৰে তন্ময় হৈ চাই আহি আছো সেই চপলতা আৰু লাস্যময়তা৷ এটা সময়ত ‘ৰেড লাইট’ৰ সংকেতত গাড়ীখন ৰৈ গ’ল ট্ৰেফিক পইণ্ট এটাত৷ লগে লগে সৰু ল’ৰা-ছোৱালীৰ উত্ৰাৱল মাত কিছুমান শুনি ধ্যানভংগ হ’ল৷ উৎস বিচাৰি চকু ঘূৰালোঁ৷ ‘শিখা দিদি, শিখা দিদি …’ বুলি চিঞৰি আহি সাত-আঠটামান ফুটপাথ অথবা ফ্লাইঅভাৰৰ তলতে জীৱন নিৰ্বাহ কৰা ল’ৰা-ছোৱালীয়ে দৌৰি আহি ভিৰ পাতিছেহি গাড়ীখনৰ খিৰিকীৰ সিটো মূৰত৷ শিখাই হাতখন খিৰিকীৰে উলিয়াই আগবঢ়াই দিছে সিহঁতলৈ, খবৰ সুধিছে, ‘কেইছে হো তুমলোগ? পঢ়াই কৰ ৰহে হো না? তিন ঔৰ কিতাবে দুংগী ম্যে তুমলোগোকো..অচ্ছে সে পঢ়না ঠিক হ্যে…’৷ সিহঁতে ‘হাঁ দিদি’ বুলি কৈ খিলখিলাই হাঁহিছে৷ অন্তৰ পৰশি গ’ল সেই হাঁহিয়ে৷ গাড়ীৰ ভিতৰত সকলোৱে বিস্ময়বিমুগ্ধ হৈ চাই ৰলোঁ শিখালৈ, সেই দৃশ্যলৈ৷ ক্ষন্তেক পিছতে সেউজীয়া হৈ জ্বলি উঠিল ট্ৰেফিক লাইটতো৷ পুনৰ চলি পৰা গাড়ীৰ আন্দোলিত গতিৰ লগে লগে যেন সন্তৰ্পণে শিপাই গ’ল এটা সেউজীয়া অনুভৱ, আমাৰ মনবোৰতো৷

(২)

২০১১ চনৰ ডিচেম্বৰ মাহৰ ৩১ তাৰিখ৷ গোটেই দিল্লী চহৰখন নতুন বছৰক আদৰাৰ প্ৰস্তুতি আৰু আনন্দত উথপথপাই আছে৷ হোষ্টেলত থাকো যিহেতু আমাৰ বৰ বিশেষ আয়োজন নাই৷ গধূলি সময়ত বন্ধু এজনৰ সৈতে ওচৰৰে এঠাইৰ ম’ল এটালৈ গৈছোঁ৷ এপাকত কাপোৰ এযোৰ পিন্ধি চাবলৈ ‘ট্ৰায়েল ৰুম’ত সোমালোঁ৷ কিন্তু ওলাই অহাৰ সময়ত হাতত থকা পাৰ্চটো এৰি আহিলোঁ৷ কিছুসময় পিছত মনত পৰাত দৌৰি যাওঁ মানে পাৰ্চটো তাৰ পৰা নাইকিয়া হ’ল৷ প্ৰায় পাঁচহাজাৰমান টকাৰ লগতে বিশ্ববিদ্যালয়ৰ আই কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, এ টি এম কাৰ্ড আদিকে ধৰি অতি দৰকাৰী প্ৰায় দহখনমান কাৰ্ড সেই পাৰ্চটোৰ ভিতৰত আছিল৷ দুখ-চিন্তা আৰু দুৰ্ভাৱনাত চকুপানী ওলাল৷ তেতিয়াই মনত পৰিল মাত্ৰ পাঁচদিন পিছত বিশ্ববিদ্যালয়ত এম, ফিল গৱেষণাৰ ‘ডিজাৰ্টেশ্ব্যন’ জমা কৰাৰ দিন আৰু তেতিয়া বিশ্ববিদ্যালয়ৰ আই কাৰ্ডখন নাথাকিলে বহুত ডাঙৰ সমস্যাৰ সৃষ্টি হ’ব৷ বাৰে বাৰে ভগৱানক খাটিলো কিন্তু বহু বিচাৰ-খোচাৰ কৰাৰ পিছতো দোকানখনত পাৰ্চটো আৰু পোৱা নগ’ল৷ নতুন বছৰক আদৰাৰ সমস্ত উৎসাহ শেষ হৈ গ’ল৷

যিটো অঞ্চলত পাৰ্চটো হেৰাইছিল সেই অঞ্চলটো অন্তৰ্গত হোৱা পুলিচ থানাতহে এজাহাৰ লিখাব পাৰি বাবে ২০১২ চনৰ প্ৰথম দিনটোত সেইখন থানা বিচাৰি চাৰিখনকৈ পুলিচ থানা দৌৰিব লগীয়া হ’ল৷ এদিন দুদিনকৈ তিনিদিনৰ দিনাও একো খবৰ নহাত পাৰ্চ ঘূৰাই পোৱাৰ আশা বাদ দিলোঁ৷ আই কাৰ্ড নোহোৱাকৈ এম, ফিলৰ ‘ডিজাৰ্টেশ্ব্যন’ জমা কৰাৰ ব্যৱস্থা কৰাৰ বাবে বিশ্ববিদ্যালয়ৰ অফিচত দৌৰা-দৌৰি কৰি আছিলোঁ৷ হাতত মাথোঁ আৰু এটা দিন বাকী৷ তেতিয়াই অচিনাকি নম্বৰ এটাৰ পৰা ফোন আহিল৷ ল’ৰাজনে নিজৰ পৰিচয় দি ক’লে মোৰ পাৰ্চটো তেওঁৰ ওচৰত আছে৷ ‘ট্ৰায়ল ৰুম’ত সিদিনা পাৰ্চটো দেখা পাই আন কোনোবাই নলওক বুলিয়ে ঘূৰাই দিয়াৰ উদ্দেশ্যৰে তেওঁ পাৰ্চটো লৈছিল৷ কিন্তু দূৰ্ভাগ্যবশতঃ ইমান কেইখন কাৰ্ড থকা স্বত্তেও মোৰ ফোন নম্বৰটো ক’তো উল্লেখ নাছিল৷ ফেচবুকতো বিচাৰি তেখেতে মেছেজ কৰিছিল কিন্তু অত্যধিক ব্যস্ততাৰ মাজত মোৰ সেয়া চাবলৈ সময় হোৱা নাছিল৷ অৱশেষত বহু বিচাৰ-খোচাৰ কৰাৰ পিছত তেখেতে মোৰ ঘৰৰ ফোন নম্বৰটো বিচাৰি উলিয়ায় আৰু তেনেদৰেই মোৰ ফোন নম্বৰটো পাই মোক ফোন কৰে৷ অনিচ্ছাকৃতভাৱে হ’লেও মোক দিয়া কষ্টৰ বাবে ল’ৰাজনে ক্ষমাও খোজে৷ মোৰ মুখলৈ পানী আহিছিল৷ ল’ৰাজনক কেনেকৈ ধন্যবাদ জনাও ভাবি পোৱা নাছিলোঁ৷ সন্ধিয়া তেওঁৰ ঘৰলৈ গৈ পাৰ্চটো লৈ আহিছিলোঁ৷ মাতৃ আৰু ভগ্নীয়ে চাহ-বিস্কুটেৰে আপ্যায়নো কৰিলে৷ কৃতজ্ঞ হৈ পৰিছিলোঁ৷ দিল্লী মহানগৰীৰ মানুহে টকাৰ বাহিৰে আন একো চিনি নাপায় বুলি সততে লৈ থকা ভুল ধাৰণাটোৰ সিদিনা চিৰদিনৰ কাৰণে অৱসান ঘটিছিল৷ হাজাৰ ঋণাত্মকতাৰ মাজতো এনে ঘটনাবোৰেই উপলব্ধি কৰায়, সৎ মানুহ সকলোতে আছে, সদায় থাকিব আৰু থাকিব বাবেই পৃথিৱীখনো সুন্দৰ হৈ থাকিব৷

(৩)

‘হজ খাছ’ ষ্টেচনৰ পৰা ‘ৰাজীৱ চৌক’ অভিমুখী মেট্ৰ’ত গৈ আছোঁ৷ মানুহেৰে ঠাহ খাই আছে ট্ৰেইনখন৷ বহিবলৈ আসন পোৱা নাই, কোনোমতে থিয় হৈ গৈ আছোঁ৷ হঠাতে পিছফালৰ পৰা হুলস্থুল এটা উজাই আহিল৷ কি হৈছে বুলি ঘূৰি চালোঁ৷ উত্তৰ-পূৰ্বীয় গঢ়-পিতৰ ছোৱালী এজনীয়ে ‘চিংকী’ বুলি মাতি অশালীন ব্যৱহাৰ কৰা বাবে মানুহ এজনক গালি পাৰিছে৷ তাৰপিছতে দেখিলোঁ এটা অনাকাংক্ষিত দৃশ্য৷ ছোৱালীজনীৰ কাষতে থকা উত্তৰ ভাৰতীয় মানুহ কেইজনমানেও সমানে সেই অভদ্ৰামি কৰা মানুহজনক ভালকৈয়ে এশিক্ষা দিছে গালি পাৰি৷ সাধাৰণতে দিল্লী মহানগৰীৰ আত্মকেন্দ্ৰিক মানুহবোৰৰ মাজত এনে দৃশ্য দেখা নাযায়৷ অভিভূত হৈ কিছু ঔৎসুকতাৰে ডিঙি মেলি হ’লেও উত্তৰ-পূৰ্বীয় ছোৱালীজনীক সহযোগ কৰা মানুহকেইজনলৈ চালোঁ৷ নাই, বয়স বেছি নহয়৷ পিঠিত লোৱা বেগকেইখনৰ পৰাই বুজিব পাৰি খুবসম্ভৱ কলেজীয়া ছাত্ৰ-ছাত্ৰী৷ ক’ব নোৱাৰাকৈয়ে বুকুখন ভৰি আহিল৷ এনেবোৰ দৃশ্যই পৃথিৱীখন যেন সুন্দৰ কৰি তোলে৷ আশাবাদী কৰি তোলে মনবোৰ, হয়তো সময় সঁচাকৈয়ে সলনি হৈ আছে আমাৰ অলক্ষিতে৷

(৪)

উদ্বিগ্ন হৈ সোমাই গৈছে মহিলা গৰাকী এ টি এম টোলৈ৷ তেখেতৰ পিছত আৰু মোৰ আগত এ টি এমৰ শাৰীটোত থিয় হৈ আছে ওঠৰ-বিশ বছৰীয়ামান বয়সৰ ল’ৰা এটা৷ মহিলাগৰাকীয়ে ভিতৰত বহু সময় লগাইছে৷ ইতিমধ্যে পিছৰ মানুহবোৰে অশান্তিত ইচ্‌-আচ্‌ লগাইছে৷ কিছুদেৰি পিছত তেখেত লৰালৰিকৈ ওলাই গুচি গ’ল৷ পিছে পিছে সোমালে ল’ৰাটো৷ কিন্তু এখন্তেক পিছতে সি খৰধৰকৈ বাহিৰলৈ ওলাই আহি মহিলাগৰাকী ক’লৈ গ’ল বুলি সোধপোচ লগালে৷ কোনোবাই আঙুলিয়াই ক’লে সেই ফালেৰে খোজকাঢ়ি যোৱা দেখিলোঁ৷ সি লগে লগে দৌৰি গ’ল তেওঁক বিচাৰি৷ কথাটো কি হৈছে আমি ধৰিব পৰা নাই, মাথোঁ তালৈকে চাই ৰ’লোঁ৷ অলপ সময় পিছত সি কিছু নিৰাশ হৈ উভতি আহিল৷ মহিলাগৰাকীক বিচাৰি নাপালে৷ তাৰপিছত ক’লে যে তেওঁ হয়তো এ টি এম চলাব নাজানে অথবা অন্য কোনো সমস্যাত আছে৷ কাৰণ আৰু মাত্ৰ এবাৰ ‘ইয়েছ’ বুটামটো টিপিলেই তেওঁৰ চৈধ্য হাজাৰ টকা ওলাই আহে৷ কিন্তু তেখেতে সেইদৰেই টকাখিনিৰ লগতে এ টি এম কাৰ্ডখনো ভিতৰত এৰি থৈ গৈছে৷ ল’ৰাটোৱে সেয়া দেখি ‘ট্ৰানজেক্সন’টো বন্ধ কৰি কাৰ্ডখন উলিৱাই আনিলে আৰু সেইখন দিবলৈকে সি তেখেতক বিচাৰি দৌৰি গৈছিল৷ কথাখিনি শুনি সকলোৰে সন্মতিত পিছত কাৰ্ডখন ওচৰতে থকা বেংকখনত দি অহা হ’ল৷ ঘূৰি আহোতে গোটেই পথচোৱা ল’ৰাটোৰ কথাই ভাবি আপ্লুত হৈ আহিলোঁ৷ ইচ্ছা কৰিলেই সি চৈধ্য হাজাৰ টকা ল’ব পাৰিলেহেঁতেন, কিন্তু ক্ষন্তেকৰ বাবেও তাৰ মনত সেই ভাৱ নাহিল৷ কোনে কয় আজিৰ নৱপ্ৰজন্মৰ মাজত মূল্যবোধৰ অভাৱ?

(৫)

ডিচেম্বৰ মাহৰ হাড় কপোঁৱা দিল্লীৰ ঠাণ্ডা৷ দুটাকৈ চুৱেটাৰ-জেকেট, মাফলাৰ, জোতা-মোজা পিন্ধিও তত পোৱা নাই৷ সন্ধিয়া প্ৰায় আঠ মান বাজিছে৷ ‘হজ খাছ’ মেট্ৰ’ ষ্টেচনৰ পৰা ওলাই বিশ্ববিদ্যালয়লৈ অহাৰ উদ্দেশ্যে অটো এখনত আহি বহিলোঁ৷ চলিবলৈ ধৰাৰ লগে লগেই অটোৰ খোলা দুৱাৰেৰে চেঁচা বতাহে আহি হেঁচি ধৰিলে৷ ঠাণ্ডাৰ প্ৰকোপক আওকাণ কৰিবলৈকে অটো চালকজনৰ লগত কথা আৰম্ভ কৰিলোঁ৷ তেখেতেও যেন কথা পাতিবলৈ পাই ভালেই পালে৷ তেওঁৰ আচল ঘৰ বিহাৰত, আগতে কৰবাত নাইট চকীদাৰৰ চাকৰি কৰিছিল৷ পিছে এতিয়া বয়স হোৱাত উলিয়াই দিছে৷ পুতেকজনে মদ খায়, ঘৰত টকা নোজোৰে৷ গতিকে তেওঁ অটো চলাবলৈ ল’লে৷ কথা শুনি মানুহ জনলৈ ভালকৈ চালোঁ৷ বয়স ভালেখিনি হৈছে যেন লাগিল৷ তাৰ পিছতে চকুত পৰিল ডিচেম্বৰ মাহৰ সেই হাড় কপোঁৱা ঠাণ্ডাতো তেখেতে দীঘল হাতৰ চোলাটোৰ ওপৰত মাথোঁ এটা হাফ চুৱেটাৰ পিন্ধিছে! ‘ঠাণ্ডা লগা নাইনে’ বুলি সুধিব খুজিও ৰৈ গৈছিলোঁ৷ ঠাণ্ডা নলগাৰ প্ৰশ্নই নুঠে আৰু কিয় চুৱেটাৰ পিন্ধা নাই তাৰ উত্তৰটোও জানো মই অনুমান কৰিব নোৱাৰোঁ? এটা সময়ত হোষ্টেল আহি পাইছিলোঁ৷ ভাড়াটো দিওঁতে লক্ষ্য কৰিলোঁ তেওঁৰ হাতখন থকথককৈ কঁপিছে৷ সমুখতে কেম্পাচৰ ধাবা এখন আছে৷ ক্ষন্তেক ভাবি তেওঁক সুধিলোঁ, ‘আংকল এক কাপ চ্যাই পিয়েংগে ক্যা’? তেওঁ মূৰ দাঙি মোলৈ চালে৷ তাৰপিছত হাঁহি মাৰি ক’লে, ‘নহী বেটা, আপ পি লো৷ য়হা পে মেহেংগা হোগা’৷ তেওঁক ক’লোঁ একো নহয়, আহক৷ ইয়াতেহে চাহ আটাইতকৈ সস্তা, মাত্ৰ পাঁচ টকা৷ একাপ চাহ খাই লওক’৷ এইবাৰ তেওঁ মান্তি হ’ল, অটো ৰখাই নামি আহিলে মোৰ সৈতে৷ ধাবাখনলৈ গৈ চাহ একাপ তেওঁৰ হাতত তুলি দিলোঁ৷ বৰ আগ্ৰহেৰে প্ৰথম শোহাটো মাৰি তেওঁ মোলৈ চাই হাঁহি এটা মাৰিলে৷ তেওঁলৈ চাই এক ধৰণৰ সুখানুভূতিত মোৰো হাঁহি উঠি গ’ল৷ চাহকাপত শোহাটো মাৰি ভাবিলোঁ, ‘এৰা! বিলাব জানিলে এই অমূল্য হাঁহিবোৰ তেনেই বিনামূলীয়া’!

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Jaydeb
4 years ago

Good feelings