পদপথত ৰূপান্তৰৰ গদ্য – পাৰ্থ জ্যোতি বৰুৱা

ৰৌদ্ৰোজ্জ্বল আবেলিটোৱে হঠাৎ মোৰ সলালে। কোন পাকতনো আকাশ ওন্দোলাই আনিলে ততেই ধৰিব নোৱাৰি চহৰখন খৰখুজীয়া হৈ পৰিল। সাধাৰণতে দিনটোৰ সংগ্ৰামৰ পাছত ঘৰমুৱা,  ক্লান্ত মানুহেৰেই ভৰি থাকে এই সময়খিনিত। কাৰোৰে ৰ’বলৈ সময় নাই। বৰষুণজাক অহাৰ আগতেই নিৰাপদে গৈ ঘৰ সোমোৱাৰ যেন এক অঘোষিত তুমুল প্ৰতিযোগিতা।

কিন্তু এয়া কি?  আচৰিত! তাৰমাজতো এজুম মানুহ চুপাৰ মাৰ্কেটৰ ঠিক সন্মুখতে গোট খাই আছে এতিয়াও। বতৰটোৰ প্ৰতি কাৰোৰে যেন ভ্ৰূক্ষেপেই নাই। যেন বৰষুণে তিয়াব নোৱাৰা এজুম নিৰ্বিকাৰ মানুহহে। হৈছে কি তাত?  উৎসুকতাৰে কাষ চাপিলোঁ। ডিঙি মেলি চাই দেখোঁ এজন দৃষ্টিহীন যুৱকে বৰ শুৱলাকৈ টোকাৰী গীত জুৰিছে আৰু মানুহবোৰে তাকে তন্ময় হৈ শুনিছে। গীতৰ ৰাগীত হয়তো যুৱকেও অনুমান কৰিব পৰা নাই মুষলধাৰ বৰষুণ এজাকৰ আগমন। যুৱকৰ কাষতে বহি গীতৰ তালে তালে খুটি তাল বজাই থকা বৃদ্ধাগৰাকীয়ে মাথোঁ বাৰে বাৰে আকাশলৈ চাই চকুৱে মুখে অলপ উদ্বিগ্নতা সানি লৈছে। শ্ৰোতা দৰ্শকৰ মৰম, সহানুভূতিৰে সন্মুখত মেলি থোৱা মলিয়ন গামোচাখন ভৰি পৰিছে।

এপলক ডিঙি মেলি চাওঁ বোলোতেই ৰৈ গ’লোঁ মইও। ক্ৰমশঃ ভৰি আহিব খোজা মনটো আধাতেই এৰিনো আহোঁ কেনেকৈ?  মইও বৰষুণে তিয়াব নোৱাৰা মানুহজুমৰে এজন হৈ পৰিলোঁ। ৱাহ! কি যাদু, কণ্ঠ! কি যাদু, হাতৰ! অভিভূত হ’লোঁ। এজন অখ্যাত শিল্পীয়ে ইমান শুৱলাকৈ গীত গাব পাৰেনে?  মানে, ইমান সাৱলীলভাৱে,  মন পৰশাকৈ গীত গাব পৰা এজন শিল্পী অখ্যাত হৈ থাকিব পাৰেনে?  তাকো পদপথৰ? ”কেলৈ মন আহিলা/ মায়াৰ সংসাৰলৈ/একো কাম নহ’ল সিদ্ধি/ দুখ-সুখ সকলো লিখি পঠিয়ালে/ কিনো কপতীয়া বিধি..”-

যুৱকজনে গীতেৰে মোৰ প্ৰশ্নৰেই যেন উত্তৰ দি গ’ল। এনে লাগিল যেন তেওঁ নিজৰ জীৱনটোকে আকুল হৈ গাইছে।

গীতৰ শেষত যুৱকে হাতজোৰ কৰি সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিলে। বৃদ্ধাগৰাকীয়ে যুৱকৰ কান্ধৰ পৰা টোকাৰীখন সোলোকাই কাপোৰ এখনেৰে মেৰিয়ালে। ৰাইজৰ মৰম আৰু সহানুভূতিবোৰ টোপোলা বান্ধি লৈ দুয়ো ঘৰমুৱা হোৱাৰ সময় এয়া। এবাৰ ঘড়ীটো আৰু এবাৰ আকাশলৈ চাই মইও খোজ আগবঢ়ালোঁ। মন নভৰিল যদিও দেহ-মনৰ সমস্ত ক্লান্তি কিন্তু নোহোৱা হৈ গ’ল মুহূৰ্ততে। খোজ কাঢ়ি চহৰখন পাৰ হওঁতে মোক আৰু বিশ মিনিট সময়ৰ প্ৰয়োজন হ’ব। ঠাইখিনি এৰি অহাৰ পাছতো মন কৰিছোঁ, মোৰ কাণত এতিয়াও স্পষ্টকৈ বাজি আছে যুৱকজনৰ গীতটো। চকুত এতিয়াও ভাঁহি আছে যুৱকজন আৰু বৃদ্ধাগৰাকী, হয়তো তেওঁৰেই মাতৃ। মনৰ চোতালত অনেক ভাৱনাই অগা-দেৱা কৰি আছেহি। কোনোবাটো মুহূৰ্তত যুৱকৰ জীৱন সংগ্ৰাম দেখি যদি বুকু দহিছে অথবা তেওঁক দুৰ্ভগীয়া বুলি ভাবিছোঁ, কিন্তু পিছ মুহূৰ্ততে আকৌ তেওঁক পৰম সৌভাগ্যৱান বুলিও ভাবিছোঁ, কাৰণ ইমান সুন্দৰ আৰু আকৰ্ষণীয় কণ্ঠস্বৰৰ গৰাকীজন জানো দুৰ্ভগীয়া হ’ব পাৰে?  তেওঁতকৈ সৌভাগ্যৱান আৰু কোন হ’ব পাৰে,   যাৰ সুৰেই জীৱন কিম্বা জীৱনেই সুৰ?  নিজেই সংগীতৰ প্ৰতি দুৰ্বল হোৱাৰ বাবেই তেনেদৰে ভাবিছোঁ যদিও নাজানো। কিন্তু নিশ্চিতভাৱে অভিজ্ঞতাৰ ভঁৰাল মোৰ চহকী হ’ল। যুৱকজনৰ দৰে পথশিল্পী বহুতকে লগ পাইছোঁ আগতেও, কিন্তু তেওঁৰ দৰে আজিলৈকে কোনেও মোৰ মন-প্ৰাণ আটক কৰিব পৰা নাই। নিশ্চিত মই।

গৈ আছোঁ, গৈয়ে আছোঁ খোজ কাঢ়ি। যুৱকজনক এক মুহূৰ্তও আঁতৰাব পৰা নাই মনৰ পৰা। অৱশ্যে ইচ্ছাও কৰা নাই। হঠাৎ মনলৈ ভাঁহি আহিল ৰানু মণ্ডল। আহিয়েই মোৰ মনত তেওঁ এটা প্ৰশ্ন মেলি দিলেহি। হতভম্ব মই! এৰাটো! মো’বাইলৰ কেমেৰাৰে যুৱকজনৰ গীতটোৰ ভিডিঅ’ ৰেকৰ্ডিং এটাটো নিশ্চয় কৰিব পাৰিলোঁহেঁতেন। কিয় নকৰিলোঁ বাৰু?  ইণ্টাৰনেট, ফেইচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপৰ যুগ এয়া। ৰাইজক দেখুৱাব পাৰিলোঁহেঁতেন অন্ততঃ। কি ঠিক,  তাৰেই আলম লৈ যুৱকজনৰ হয়তো জীৱনৰ গতিপথেই সলনি হৈ গ’লহেঁতেন ৰানু মণ্ডলৰ দৰে। অতীন্দ্ৰ চক্ৰৱৰ্তী নামৰ ডেকা অভিযন্তা গৰাকীয়ে ৰাণাঘাট ৰে’ল ষ্টেশ্যনত গীত জুৰি থকা ৰানুক কেমেৰাৰে আবদ্ধ কৰোঁতে কেতিয়াওতো চাগে ভৱা নাছিল যে ষ্টেশ্যনত গীত গোৱা এগৰাকী সাধাৰণ শিল্পীৰ কণ্ঠই দেশবাসীক এনেকৈ মোহিত কৰিব বা তেওঁৰ জীৱনে এনেকৈ গতি সলাব। নিজকে বৰ অপৰাধী যেন লাগিল। ভীষণ অস্বস্তিত ভূগিছোঁ। বাৰে বাৰে সুধিছোঁ নিজকে,  কিয় নকৰিলোঁ, কিয় নকৰিলোঁ?

ৰানু মণ্ডল মনৰ পৰা আতঁৰিবলৈকে পোৱা নাই। ভাঁহি আহিল আমেৰিকাৰ এমিলি জামুৰকা। লছ এঞ্জেলছৰ এটা মেট্ৰ’ ষ্টেশ্যনত যাত্ৰীক গীতেৰে মনোৰঞ্জন কৰাই যাৰ জীৱিকা আছিল। অৱশ্যে ষ্টেশ্যনত গীত গাই জীৱন নিৰ্বাহ কৰা দুবছৰহে হৈছিল এমিলিৰ। তাৰ আগতে তেওঁ পদপথত ভায়’লিন বজাইছিল। ভায়’লিনৰ যাদুকৰী সুৰৰ সন্মোহনত কিমানযে শ্ৰোতা-দৰ্শক এমিলিৰ একান্ত অনুৰাগী হৈ পৰিছিল, হিচাপ নাই। কিন্তু বিধিৰ কি বিপাক! হঠাৎ এদিন তেওঁৰ জীৱনাকাশ দুৰ্ভাগ্যই ছানি ধৰিলে। কেইবাহেজাৰ ডলাৰৰ তেওঁৰ ভায়’লিনখন এটা দুৰ্বৃত্তই চুৰ কৰি লৈ গ’ল, যিখন এমিলিৰ বাবে জীয়াই থকাৰ একমাত্ৰ আধাৰ আছিল। এমিলিয়ে অনুভৱ কৰিছিল, দুৰ্বৃত্তটোৱে আচলতে তাইৰ ভায়’লিনখন নহয়,  জীৱনটোকেই চুৰ কৰি লৈ গ’ল। হঠাৎ উপাৰ্জনহীনা হৈ পৰিল এমিলি। চাৰিওফালে বিভিন্ন সমস্যা আৰু অভাৱ-অনাটনৰ খাওঁ খাওঁ মূৰ্তি। ঘৰভাড়া দিব নোৱাৰাৰ ফলত পদপথ, ষ্টেশ্যনেই তাইৰ ঘৰ হৈ পৰিল। ক্ষুধা নিবাৰণৰ শেষ উপায় হিচাপে অৱশেষত তাই গীত গাবলগীয়া হ’ল মেট্ৰ’ ষ্টেশ্যনত। আৰু ২০১৯ চনৰ ছেপ্টেম্বৰ মাহৰ কোনোবা এটা দিনত এনেকৈ গীত জুৰি থাকোঁতেই লছ এঞ্জেলছৰ এগৰাকী আৰক্ষী বিষয়াই এমিলিৰ এটা ভিডিঅ’ ৰেকৰ্ডিং কৰি ইউটিউবত আপল’ড কৰিছিল। সেই ভিডিঅ’টোৱেই এমিলিৰ জীৱন ছন্দোবদ্ধ কৰি তুলিলে। নিশাটোৰ ভিতৰতে এমিলি চৰ্চাৰে সৰৱ হৈ উঠিল সমগ্ৰ আমেৰিকা। সপোন যেন অবিশ্বাস্য জীৱন কেঁকুৰীত থিয় হৈ দূৰদৰ্শনৰ জৰিয়তে এমিলিয়ে আমেৰিকাবাসীক ক’লে,-

“মোৰ কণ্ঠই আপোনালোকৰ হৃদয় চুব পাৰিলে। মোৰ বাবে ইয়াতকৈ সুখ আৰু সৌভাগ্যৰ কথা কি হ’ব পাৰে?  আপোনালোক সকলোলৈ কৃতজ্ঞতা যাচিলোঁ।”

ইয়াৰ পাছত আমেৰিকাৰ বিভিন্ন প্ৰতিষ্ঠানে এমিলিলৈ চাকৰিৰ প্ৰস্তাৱ আগবঢ়ালে,  লগতে গীত গোৱাৰো অনেক অনুৰোধ। বিশ্বৰ বিভিন্ন দেশৰ গীতৰ সভালৈ আমন্ত্ৰিত হ’ল তেওঁ। আৰু এদিন এমিলি জামুৰকা আমেৰিকাৰ এগৰাকী অতি জনপ্ৰিয় আৰু ব্যস্ত কণ্ঠশিল্পী হৈ পৰিল। সময়ৰো যে কি প্ৰচণ্ড শক্তি! ক’ৰ পৰা কেতিয়া কাক ক’লৈ লৈ যায়,  কোনেও নাজানে। আচৰিত।

অৱশ্যে, আহোঁ আহোঁকৈ এতিয়াও অহা নাই বৰষুণজাক। খোজ কাঢ়ি গৈ আছোঁ যদিও মনৰ ভিতৰতে অহৰহ গীত জুৰিছে যাদুকৰী কণ্ঠৰ দৃষ্টিহীন যুৱকজনে। গীতেৰে বলীয়া কৰিছে মোক ৰানু মণ্ডল আৰু আমেৰিকাৰ এমিলি জামুৰকাইও। হঠাৎ কিয় জানো এনে লাগিল, জপৰা চুলিয়া ওখ-পাখ মানুহ এজন মোৰফালে আগবাঢ়ি আহিল। হাতত এখন কাগজৰ ফলক। লিখা আছে-

“I have a God given gift of voice. I am an ex-radio announcer who has fallen on hard times. Please! any help will be gratefully appreciated. Thank you and God bless you.”

এয়া বাস্তৱ নহয়, আচলতে মোৰ মনৰ অৱচেতন খিৰিকীয়েদিহে ভূমুকিয়াই গ’ল তেওঁ। হ’লেও, মই ঠিক চিনি পাইছোঁ। এওঁৱেই সেই নিউয়ৰ্কৰ টে’ড উইলিয়ামছ। সন্মোহনীয়, প্ৰগাঢ় কণ্ঠেৰে এসময়ত আমেৰিকাৰ অনাতাঁৰ শ্ৰোতাক মুগ্ধ কৰি বিশ্ৰুত হ’ব খোজা ঘোষকজন। পিছে সময় যে কিমান নিষ্ঠুৰ,  নিদাৰুণ হৈ ৰৈ থাকিব পাৰে জীৱনৰ বাটত! সুৰা আৰু ড্ৰাগছৰ আসক্তিয়ে এদিন টে’ডৰ জীৱনটো হুৰমুৰাই খহাই পেলালে। কেৱল চাকৰিৰ পৰা নিলম্বিত হোৱাই নহয়, গৃহহীন হৈ পৰা নিচাখোৰ টে’ড উইলিয়ামছে কিছুমান অপৰাধজনিত কাম কৰিবলৈও কুণ্ঠাবোধ নকৰিছিল। বিধ্বস্ত হৈ পৰিছিল আমেৰিকাৰ বাইশ বছৰীয়া এটা দুৰন্ত প্ৰতিভা। অনাই বনাই ঘূৰি ফুৰি,  বাটৰুৱা দেখিলেই এনেদৰে ফলক দেখুৱাই তেওঁ অকণমান খাদ্যৰ বাবে, সহায়ৰ বাবে হাত পাতিবলগীয়া হৈছিল। পিছে তেওঁৰ কণ্ঠত আছিল যাদু, শুনিয়েই মন্ত্ৰমুগ্ধ হয় সকলো। মুখ মেলিয়েই পৰম বিস্ময়াভিভূত কৰিছিল বাটৰুৱাক। তধা লাগি চাই সকলোৱে চিঞৰি দিওঁ যেন কৰে,  ‘ৱাহ! ইমান সুন্দৰ কণ্ঠস্বৰ,  ইমান আকৰ্ষণীয় বাকপটুতা।’

প্ৰতিগৰাকী বাটৰুৱাই অনুভৱ কৰিছিল,  এওঁতো এজন নিচাসক্ত মগনীয়া নহয়,  এওঁ দেখোন এটা মহাৰত্ন। সঁচাই,  ঈশ্বৰে উপহাৰ নিদিলে এনে কণ্ঠস্বৰ লাভ কৰাটো সম্ভৱ নহয়। শ্ৰোতাৰ প্ৰশংসা শুনি টে’ড উইলিয়ামছৰ কেতিয়াবা নিজক ঘূৰাই পাবলৈ ভীষণ ইচ্ছা জাগে, চেতন হ’বলৈ মন যায়,  পুনৰ মাইক্ৰ’ফোনৰ সন্মুখলৈ ঘূৰি আহিবলৈ মন যায়। পিছে নিচাসক্তিয়ে কেতিয়া যে ডিঙিত ধৰি চোঁচৰাই থেকেছা মাৰি বহুৱাই থয়, তেওঁ গমকে নাপায়।

এদিন এজন বাটৰুৱাই টে’ডৰ সৈতে হোৱা কথোপকথনৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি ইন্টাৰনেটত উপলব্ধ কৰিছিল। সেয়া আছিল ২০১১ চনৰ কথা। এমিলি জামুৰকাৰ দৰেই টে’ডৰ ভিডিঅ’টোৱেও আমেৰিকা তোলপাৰ লগালে। ঈশ্বৰপ্ৰদত্ত কণ্ঠস্বৰৰ অধিকাৰী নিচাসক্ত ভিকহুজনৰ বিষয়ে জানিবলৈ আমেৰিকানসকল উৎসুক হৈ পৰিল। কেৱল আমেৰিকাতে নহয়,  নিউজ চেনেল, বাতৰিকাকতকে আদি কৰি বিশ্বৰ সকলো সংবাদ মাধ্যমতে আজৱ মানুহজনৰ বিষয়ে বিতংকৈ প্ৰচাৰ কৰা হ’ল। কেইদিনমানৰ ভিতৰতে বহুতো বেচৰকাৰী সংস্থা আগবাঢ়ি আহিল টে’ডক সহায় কৰিবলৈ। নিচামুক্তি কেন্দ্ৰত চিকিৎসা কৰি প্ৰথমে তেওঁৰ নিচাসক্তি আঁতৰোৱা হ’ল। তাৰপাছতেই বিভিন্নজনৰ সহযোগত উদ্ধাৰ কৰা হ’ল এসময়ৰ বলিষ্ঠ অনাতাঁৰ ঘোষকগৰাকীক। লগে লগে বহুতো বিখ্যাত প্ৰতিষ্ঠানে টে’ড উইলিয়ামছক তেওঁলোকৰ সহযোগী হিচাপে পাবলৈও আগ্ৰহ প্ৰকাশ কৰিলে। বিভিন্ন কোম্পানীয়ে নিউজ চেনেল আৰু অনাতাঁৰ বিজ্ঞাপনত পাৰ্শ্ব কণ্ঠশিল্পী হিচাপে কাম কৰিবলৈ টে’ডক আমন্ত্ৰণ জনালে। কেৱল সেয়াই নহয়, বিশ্ববাসীয়ে টে’ডৰ কণ্ঠস্বৰক ‘গ’ল্ডেন ভইচ’  বুলি অভিহিত কৰি তেওঁৰ নতুন জীৱনলৈ শুভকামনা যাঁছিলে। আৰু এনেকৈয়ে খুব কম দিনৰ ভিতৰতে টে’ড উইলিয়ামছ হৈ পৰিল আমেৰিকাৰ আটাইতকৈ জনপ্ৰিয় আৰু দক্ষ পাৰ্শ্ব কণ্ঠশিল্পী।

গৃহহীন লোকৰ প্ৰতি সদায়েই ভীষণ দৰদী টে’ড। আমেৰিকাৰ ‘টে’ড উইলিয়ামছ প্ৰজেক্ট’  নামৰ এটা স্বেচ্ছাসেৱী সংস্থা প্ৰতিষ্ঠা কৰি গৃহহীন লোকৰ সেৱা কৰি আহিছে তেওঁ। আপুনি জানি নিশ্চয়কৈ প্ৰশান্তি লভিব যে,  লেখক হিচাপেও আত্মপ্ৰকাশ কৰিলে টে’ড উইলিয়ামছে। সহযোগী লেখক ব্ৰেট উইটাৰৰ সৈতে তেওঁ লিখি উলিওৱা A Golden Voice : How Faith, Hard work and Humanity Brought Me From Street To Salvation  নামৰ তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থখনো বিশ্বজুৰি সমাদৃত হৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল, ২০১৫ চনত এই সোণালী কণ্ঠই আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথাও ঘোষণা কৰিছিল। অৱশ্যে পৰৱৰ্তী সময়ত সেই সিদ্ধান্ত স্থগিত ৰখা হয়। ২০১৬ চনত তেওঁ পুনৰ অনাতাঁৰ কেন্দ্ৰত যোগদান কৰে। ভাবিলে আচৰিত লাগে, এসময়ৰ পদপথৰ নিচাগ্ৰস্ত অঘৰীজন এতিয়া আমেৰিকাৰ আটাইতকৈ জনপ্ৰিয় অনাতাঁৰ আৰু পাৰ্শ্ব কন্ঠশিল্পী।

অৱশেষত এজাক বৰষুণ আহিল। বৰষুণজাকত নিতিতিলোঁ যদিও পদপথৰ বাঙ্ময় অনুভৱ এটাত জুৰুলাকৈ তিতিলোঁ। অনুভৱ কৰিছোঁ আৰু নিজকে পতিয়ন নিয়াব খুজিছোঁ, আচলতে জীৱনে নাজানে পদপথ আৰু ৰাজপ্ৰাসাদৰ তফাৎ। জীৱন সকলোতে একেই। ধৈৰ্য,  সততা,  সাহস,  একাগ্ৰতা আৰু অধ্যৱসায় থাকিলে যিকোনো বিন্দুৰ পৰাই উজ্জীৱিত হ’ব পাৰে জীৱন। তাৰমাজতে ভাগ্য এটা অজুহাতহে মাথোঁ, যাক আমি কেতিয়াবা অত্যধিক গুৰুত্ব দিওঁ। অৱশ্যে উৎসাহ,  অনুপ্ৰেৰণা,  সহানুভূতি,  আশীৰ্বাদ,  শুভকামনা ইত্যাদিবোৰৰ সাংঘাতিক ভূমিকা আছে জীৱনত। জীৱনে বিচাৰে ৰূপান্তৰ। ইয়াৰ অবিহনে জীৱন যে ব্যৰ্থ, অৰ্থহীন। ৰূপান্তৰৰ সুঁতিয়েদি বৈ যাবলৈ কৰা হেঁপাহৰ বাবেই অনন্য,  অনুপম জীৱন। আচলতে ৰূপান্তৰৰ অন্য নাম জীৱন। এমিলি জামুৰকা, টে’ড উইলিয়ামছৰ দৰে দৃষ্টিহীন সুকণ্ঠ গায়কজানো (যাৰ নামটোও জানিবলৈ নহ’ল) জীৱন যুদ্ধত চকুত লগাকৈ জয়ী হওক। কেৱল তেওঁৱেই নহয়,  সংসাৰৰ প্ৰতিগৰাকী প্ৰতিভাধৰে পৃথিৱীখনক প্ৰতিনিধিত্ব কৰিব পৰাকৈ উজ্বলি উঠক। অফুৰন্ত শুভকামনা যাচিলোঁ সকলোলৈ।

০০০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক