পদূলিটোত এতিয়াও আছে বকুলৰ গোন্ধ (দীপাংকৰ চেতীয়া)

বকুল তলৰ জোনাকত যে,
পাৰ হৈছিল কিমানটা গধূলি ,
দেউতাই আকাশত হাতেৰে
আঁকি দেখুৱাইছিল সপ্ত ঋষিক,
বশিষ্ট, মৰিচি, পুলস্ত্য….
হালধীয়া সাত আকৃতিৰ ৰেখা এডাল
ভাহি উঠিছিল চকুৰ আগত।
 
টান কিবা এডাল গছৰ ঠাৰিৰে,
বান-কাঁহী বজায় শুনাইছিল ককাই,
ৰি ৰি কৈ ওলোৱা সেই শব্দত
বৰুণেও বোলে সাৰ পায় উঠে,
ককাৰ সকাম খাই ঘূৰি ফুৰা মনটোৰ দৰে
শব্দটোৰ সতে সদায়েই পথাৰৰ মাজ পাইছিলোঁগৈ,
আইতাই ভেকাহি মাৰিছিল,
“কি খন নো বজায় থাকে অ’, বৰষুণেই আহিব এতিয়া”
আমাৰ মুখলৈ চায়, ককাই পিছে বজায়েই গৈছিল।
 
লুইতৰ পাৰৰ কোনো পথাৰৰ পৰা ভাহি আহিছিল
কোনো পাহুৱালৰ মাত,
“দৈৱকী থাক পৰি এই অন্ধকাৰ পোতাশালত!”
ল’ৰাহঁতৰ আখৰা তুংগত,
ৰাসলৈ বেছি দিন নাই,
আইতাই কয়,
দৈৱকীয়ে বোলে বলোৰামক জন্ম হোৱাৰ আগতেই
এগছি বন্তিৰ ৰূপ দি
প্ৰদান কৰিছিল ৰোহিণীক,
ওৰে ৰাতি সাৰে থাকি ভাবিছিলোঁ,
মানুহো জুই হ’ব পাৰে!
 
সন্ধিয়া অকলে বহি আছিলোঁ,
কেনিবাদি জোনৰ পোহৰ এখিনি আহি পৰিছিলহি,
বকুলৰ মালা আৰি থোৱা দুখনি মুখত,
খিড়িকীৰে দেখিলোঁ,
পদূলিৰ বকুল দুজোপা ফুলিছে
চাবৰহে সময় নাছিল,
পদূলিটোত এতিয়াও আছে বকুলৰ গোন্ধ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments