পলস (উচ্চজিৎ কলিতা)

পলস
উচ্চজিৎ কলিতা
তোমাৰ এটা মাত্ৰ হুমুনিয়াহে যথেষ্ঠ
তোমাৰ উদাসী আবেলিৰ খবৰ দিবলৈ
কাৰণ মোৰ মনৰ খবৰ আছে তোমাৰ নিশ্বাসত ।
যেনেকৈ,
তোমাৰ এটা মাথোঁ হাঁহিয়ে যথেষ্ঠ
তোমাৰ মনৰ অনিৰুদ্ধ খবৰ দিবলৈ
কাৰণ মোৰ প্ৰেমৰ সুবাস থাকে তোমাৰ ওঁঠত ।
সময়ৰ অগাডেৱাত কাঁইটৰ আঁচোৰ খাই
সপোনৰ ববচা বনত তুমি বকুল বুটলি ফুৰা,
তলসৰা তেনে এটি বকুলেই যথেষ্ঠ
ভাঙিবলৈ তোমাৰ আকুলতাৰ সমস্ত অৰ্থ
কাৰণ তাতেই লুকাই আছে জীৱনৰ সৰল সত্য ।
বৰ ভাগৰ লাগে নেকি জীৱনটো বুজি বুজি
নুবুজা ভাৰৰ নেওতা মাতি,
পাটিগণিতত নাথাকে জীৱনৰ গতিৰ অংক ।
সেয়া আছে আমাৰ মনত
সেয়া আছে আমাৰ প্ৰাণত ।
তাত যদি নাই, নাই কিন্তু !
তৰপে তৰপে পলস পৰিহে
ভৰি যায় জীৱনৰ সিন্ধু ।
আমাৰ পলসেৰে পলসুৱা নহ’ব পাৰে
চিনাকি-অচিনাকি প্ৰতিখন পথাৰ,
তথাপি অৰ্থ আছে আমাৰ পলসৰ ।
সেই পলসেই দি যাব পৃথিৱীক
উৰ্বৰা হৃদয়ৰ খবৰ
থৈ যাব চিন সময়-বালিত
আমাৰ প্ৰেমৰ,
দুটি সৰল প্ৰাণৰ ।
 
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments