পলাতক (কৌস্তভমণি শইকীয়া দত্ত )

পলৰীয়া ৰাতি… পলৰীয়া টোপনি…
বতাহৰ অৰ্কেষ্ট্ৰাত উটি যায়
অৰুণাচলৰ কোনোবা গাঁৱত…
মই যোৱা দুবছৰে পলাতক ।
 
মূৰত বন্দুক থৈ
সিহঁতে লৈ গৈছিল
মোৰ মৰমৰ বাইকখন ।
তাৰপিছতে,
পাঁচলাখ টকা,
অপহৰণ,
আৰু এটা নিৰ্ব্বাপিত জীৱনৰ পটভূমিত
এই পলাতক জীৱন !
 
আজিও নহ’ল মোৰ অগ্ৰিম জামিন !!
কিয়বা নহ’ল !!!
খবৰ কাগজতহে পঢ়িছিলো…
মোৰ বাইকত হেনো হাঁথিয়াৰ পাইছিল…
মই নহয়.. মই নহয়…
হাঁথিয়াৰ থৈ যোৱা সেই ল’ৰাটো ।
 
শীতৰ ৰাতি এচমকা বৰফ গলে
আইৰ বুকুৰ উম মনত পৰিলে ।
মোৰ কমলাৰ বাগিচাখন..
আৰু দেউতাৰ দুহালিচা ধান…
আইনৰ পৰিধি আৰু পথচ্যুত ভাগ্যত থানবান….।
 
প্ৰহৰে প্ৰহৰে আইৰ উচুপনি..
পলৰীয়া ৰাতি.. পলৰীয়া টোপনি..
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments