“পলায়ন” ..চুটিগল্প (উচ্চজিৎ কলিতা )

ৰাতিপুৱা ইমান ভিৰ হয় পল্টন বজাৰ ষ্টে’চনত । কেতিয়াবা বৰ অশান্তি হয় । আচলতে অশান্তি ভিৰৰ পৰা নহয়, হয় নাকটো বেছিভাগ সময় বন্ধ কৰি থাকিব লগা হয় বাবেহে । বাংগালোৰ এক্সপ্ৰেছ্ এৰিবলৈ এতিয়াও পঞ্চলিশ মিনিট আছে । ‘এচ্-২’ দবাটো বিচাৰিবলৈ বেছি অসুবিধা নহ’ল । মই ‘চাইড্ ল’ৱাৰ্’ বাৰ্থত যাত্ৰা কৰি ভাল পাওঁ, বিশেষকৈ দীঘলীয়া যাত্ৰা হ’লে । দিনতো হাত-ভৰি পোনাই আৰামকৈ যাব পাৰি ।

নিৰ্ধাৰিত সময়তকৈ আধাঘণ্টা দেৰিকৈ, প্ৰায় সাত বজাত বাংগালোৰ এক্সপ্ৰেছ্ এৰিলে । ৰঙিয়া এৰাৰ পিছত একাপ ফিকা চাহ খাই মনটো ভাল লাগি গ’ল । মোৰ বাৰ্থৰ ওপৰৰ বাৰ্থলৈ কোনো অহা নাই এতিয়ালৈকে । হয়তো আগৰ কোনোবা ষ্টে’চনত উঠিব । ৰে’লৰ খিৰিকীৰে বৈ থকা বতাহছাটি গৰমৰ দিনত বৰ ভাল লাগে । আমেজ লাগি আহে !

-“অকণমান চাবচোন, মই বেগটো ছীটৰ তলত থওঁ ।” কাৰোবাৰ মাতত টোপনিৰপৰা সাৰ পাই গ’লোঁ। ৰে’ল আহি কেতিয়া বঙাইগাওঁ পালে গমেই নাপালোঁ । মোৰ সহযাত্ৰী, সাতাইছ-আঠাইছ বছৰীয়া ডেকা ল’ৰা এজন ডাঙৰ বেগ এটা লৈ ঠিয় হৈ আছে । বেগটো ছীটৰ তলত থোৱাত সহায় কৰিবলৈ মই উঠি দিলোঁ ।

অফ্-চীজনত বাংগালোৰ এক্সপ্ৰেছত অসহ্য ভিৰ নহয় । যাত্ৰাপথত ভালকৈ কথা পাতিবলৈ পালে সময়বোৰ নিয়াৰিকৈ পাৰ হৈ যায় । দবাৰ সহযাত্ৰীসকলৰ লগত কথা পাতি যাবলৈ মই ভাল পাওঁ । অৱশ্যে সদায় যাত্ৰাসংগীৰ মাজত বাৰ্তাসংগী লগ পোৱা নাযায় । তেনে অৱস্থাত হামিয়াই-হিকটাই যোৱাৰ গত্যন্তৰ নাই ।

– “ক’লৈ যাব আপুনি ?” চিনাকি হোৱাৰ মানসেৰে সহযাত্ৰী যুৱকক সুধিলোঁ ।
– “অ’ মই, চেন্নাইলৈ যাম ! আপুনি ?” যু্ৱকে মিচিকিয়া হাঁহিৰে উত্তৰ দিলে ।
– “মই বাংগালোৰলৈ যাম । মোৰ নাম অনন্ত শইকীয়া, গোলাঘাটত ঘৰ ।”
– “মই অতনু বসুমতাৰী, বিজনীত ঘৰ, গুৱাহাটীতে বেছিকৈ থকা হয় ।”

লাহে লাহে আমাৰ মাজত কথা-বতৰা আৰম্ভ হ’ল । অতনুৰ বিভিন্ন বিষয়ৰ জ্ঞান আছে । মোতকৈ ছয় বছৰ সৰু, পিছে অভিজ্ঞতা আৰু কথা-বতৰাত বেছ গাঢ় । মোৰ কাপোৰৰ ব্যৱসায়ৰ কথা ওলাল । আমাৰ মুগা শিল্পক কেনেকৈ বিশ্বমূখী কৰিব পাৰি সেই বিষয়ে বাস্তৱিক উপায় কিছুমানৰ কথা ক’লে । কথা পাতি ভাল লাগি আহিল । চেন্নাইলৈ কি কামত গৈ আছে সোধাত ক’লে এন.জি.অ’ৰ কামত আইিছে ।

অতনু্হঁতে অসমত এইদৰে সজাগীকৰণৰ বাবে এটা বেচৰকাৰী সংস্থা খুলিছে আৰু মানু্হৰ মাজত এইদৰে প্ৰকৃত কাৰণ আৰু এই ৰোগ কেনেকৈ বিয়পে সেইবিষয়ে সজাগতা আনিবলৈ চেষ্টা কৰিছে । লগতে মানু্‌হৰ মাজত থকা ভুল ধাৰণাবোৰ আঁতৰাবলৈও চেষ্টা কৰি আহিছে ।

– “শইকীয়াদা, বহুতে এতিয়াও নাজানে যে অকল তেজ বা অসুৰক্ষিত যৌন সম্পৰ্ক দ্বাৰাহে এজন মানু্হৰ গাৰ পৰা আন এজনৰ দেহলৈ এই ৰোগ বিয়পিব পাৰে । অন্য সংক্ৰামক ৰোগৰ দ্বৰে স্পৰ্শ, পানী বা উশাহ-নিশাহৰ জৰিয়তে এই ৰোগ বিয়পিব নোৱাৰে । আৰু দুৰ্ভাগ্যবশত: কাৰোবাৰ এই ৰোগ হ’লেও সমাজে তেওঁক উপেক্ষা কৰিব নাপায় । তেওঁক জীয়াই থকাৰ বাবে অনুপ্ৰেৰণা জগাব লাগে । তেতিয়াহে আক্ৰান্তজনে এই বেমাৰ সমাজৰ পৰা নুলুকাব আৰু তেনে হ’লেহে এই ৰোগৰ প্ৰসাৰ কমিব, নহ’লে ই মহামাৰীৰ ৰূপ ল’ব । আমি আমাৰ সংস্থাৰ জৰিয়তে এই কথাবোৰে মানুহৰ মাজত প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছোঁ । আৰু এটা কথা, ‘এইচ আই ভি’ প’জিটিভ হোৱা মানেই এইদৰে ৰোগ হোৱা নুবুজায় । ‘এইচ আই ভি’ প’জিটিভ ব্যক্তি এজনো সুস্থ মানু্‌হ এজনৰ দৰে জীয়াই থাকিব পাৰে বহুবছৰ । অৱশ্যে তেওঁ শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰে বা ৰক্তদান কৰিব নোৱাৰে । কাৰণ তেওঁ এজন বাহক, কিন্ত তেওঁ এজন এইদৰে ৰোগী নহয় । ‘এইচ আই ভি’ ধনাত্মক ব্যক্তিক সমাজে হীন চকুৰে চালে বা অৱহেলা কৰিলে, কোনোবাই কিবা কাৰণত ‘এইচ আই ভি’ আহৰণ কৰিলে তাক সমাজৰ পৰা লুকুৱাব বিচাৰিব আৰু লুকুৱাই বিয়া-বাৰু কৰালে সি এক অক্ষমণীয় জটিলতাৰ জন্ম দিব ।”

এই সুঠাম চেহেৰাৰ যুৱকজনলৈ মোৰ শ্ৰদ্ধা উপজিল । তেওঁৰ বয়সৰ ল’ৰাবোৰে সাধাৰণতে বিয়া- বাৰু কৰাই টকা-পইচা ঘটি সংসাৰ চলোৱাত ব্যস্ত থাকে । এওঁ আকৌ মানুহক এইদৰে সংহাৰৰ পৰা বচোৱাৰ উপায় প্ৰচাৰ কৰি ফুৰিছে । ক’ৰ পৰা পালে এই উৎসাহ, ব্যতিক্ৰমী চিন্তা। নুসুধি নোৱাৰিলোঁ ।

– “অতনু, তোমাৰ চিন্তাধাৰা আৰু কাম সঁচাই শলাবলগীয়া ! ইমান কম বয়সতে কেনেকৈনো ইমান মহৎ কাম কৰাৰ হাবিয়াস জন্মিল, সোধাৰ কাৰণে বেয়া নাপাবা ।”

হঠাৎ সেই সপ্ৰতীভ যুৱকজনৰ মুখলৈ ক’লা ডাৱৰ এচপৰাহে যেন নামি আহিল । অকণমান সময় মনে মনে থাকি ক’লে – “সেয়া এক কৰুণ অধ্যায় শইকীয়াদা ! মই নিজেই এজন ‘এইস্. আই. ভি’ ধনাত্মক ব্যক্তি । আজিৰ পৰা তিনিবছৰ আগতে এই বীজাণু মোৰ শৰীৰত সোমাইছিল । এবছৰমান মানু্হৰ পৰা পোৱা অৱহেলা আৰু অৱজ্ঞাই মোক এই কাম কৰাৰ প্ৰেৰণা দিলে । মই নিজেই নিজৰ বিধাতা হ’বলৈ খুজিলোঁ আৰু অইন কাৰোবাক যাতে এই দুৰ্ভাগ্য, এই অৱহেলা, এই অৱজ্ঞাৰ পৰা ৰক্ষা কৰিব পাৰোঁ তাৰেই প্ৰচেষ্টাত ব্ৰতী হ’লোঁ । এয়াই মোৰ তপস্যা, মোৰ সাধনা ! চেন্নাইত এই ধৰণৰ বেচৰকাৰী সংস্থাবোৰৰ এখন আলোচনা-চক্ৰ অনুষ্ঠিত হ’ব । মই তাত ভাগ ল’বলৈ আহিছোঁ ।”

অতনুৰ কথা শুনি মোৰ মূৰত যেন বিনা মেঘে বজ্ৰপাত হ’ল । ভাগ্যৰ কি বিড়ম্বনা, এই সুঠাম যুৱক গৰাকী ‘এইচ আই ভি’ৰ বাহক; কি অসম্ভৱ সত্য । আৰু তেওঁ জীৱনৰ ওচৰত, ভাগ্যৰ ওচৰত হাৰি নাযাই অইনক জীৱনৰ বাট দেখুৱাইছে; কি অপূৰ্ব সাহস, সুন্দৰৰ সাধনা ।

ইতিমধ্যে ৰাতি হৈ আহিল । ৰাতিৰ আহাৰ যোগান ধৰা হ’ল । আমি খাই-বৈ শুই পৰিলোঁ ।

– “শুভৰাত্ৰি, শইকীয়াদা ।”

অতনুক প্ৰত্যুত্তৰ দি শুবলৈ যত্ন কৰিলোঁ । বাৰে বাৰে মনলৈ আহি থাকিল অতনুৰ দুৰ্ভাগ্যৰ কথা, অতনুৰ সাধনাৰ কথা । টোপনি যোৱাই ভাল ।

হঠাৎ এটা বিকট শব্দত সাৰ পাই গ’লোঁ । বহু সময় একো গম পোৱা নাই কি হৈছে, মাথোঁ হাতদুখনত অসম্ভৱ যন্ত্ৰণা অনুভৱ কৰিছোঁ । কিছুসময় পিছত অশেষ চেষ্টা কৰি উঠি শুনিছোঁ মাথোঁ চাৰিওফালে চিঞৰ, কান্দোন । পুৱাৰ কাঁচিয়লী ৰ’দত দেখিলোঁ আমাৰ ৰে’লৰ দবা কেইটামান ভাঙি-চিঙি গৈছে, এটাৰ ওপৰত এটা উঠি গৈছে । মই কেনেবাকৈ উফৰি চিৰিৰ বাহিৰত পৰি আছোঁ । মোৰ দুয়োখন হাতত তেজ, তলুৱা কাটি গৈছে । দেহৰ অইন কেইবা ঠাইতো কাটিছে । বুজিলোঁ, ৰে’লগাড়ীখন পথচ্যুত হৈছে ।

আচম্বিতে মোৰ অতনুলৈ মনত পৰিল, ক’ত তেওঁ ? ইফালে-সিফালে চালোঁ । কোনোবাই সেহাই আছে মোৰ পৰা অলপ দূৰত । দেখিলোঁ সেয়া অতনু । লোহাৰ দৰ্জ্জা এখনৰ তলত অতনু চেপা খাই আছে । গাত তেজ । দৰ্জ্জাখন তেওঁৰ গাৰ পৰা আঁতৰ কৰি তেওঁক টানি উলিয়ালে কিজানি অতনুৰ কষ্ট অলপ হ’লেও লাঘৱ হ’ব । মই দৌৰি গ’লোঁ ।

অতনুলৈ বুলি হাতখন আগবঢ়াই দিওঁ বুলি দেখোঁ, মোৰ হাতত কটা ঘাঁ, তেজ ওলাই আছে । অতনুৰ গাত চাৰিওফালে তেজ । মনত পৰিল তেওঁৰ কথাবোৰ। তেজ বা অসুৰক্ষিত যৌন সম্পৰ্কৰ দ্বাৰা ‘এইচ আই ভি’ বিয়পে।
তেন্তে মোৰ তেজে যদি অতনুৰ তেজক চোৱে, মোৰ দেহলৈও আহিব নেকি মাৰাত্মক বীজাণু । কিন্তু অতনু যে কষ্টত কেঁকাই আছে । কি কৰোঁ মই ? ‘এইচ আই ভি’ নে অতনুৰ প্রাণ ।

মই উঠি দৌৰিলোঁ বিপৰীত ফালে । নাই নাই, মই এই মানৱদৰদী যুৱকৰ যন্ত্ৰণা চাব নোৱাৰোঁ । নোৱাৰোঁ জানি-শুনি ‘এইচ আই ভি’ সাৱটি ল’ব । মই পলালোঁ অতনুৰ পৰা, সেই মুহূৰ্তটোৰ পৰা ।

অতনু নাবাচিল, পিছত গম পালোঁ । লোহাৰ দৰ্জ্জাৰ চেপাত উশাহ বন্ধ হৈ গৈছিল হেনো ।

মই আজিও পলাই আছোঁ সেই মুহূৰ্তটোৰ পৰা, মানৱতাৰ এটা কৰুণ কেঁকনিৰ পৰা । মই ভুল নে শুদ্ধ !!

 

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
9 years ago

গল্পটো পঢ়ি এটা দীঘল উশাহ লৈছো। জীৱনবোধৰ তীব্ৰতাই গল্পটোক মৰ্মস্পৰ্শী কৰি তুলিছে। কথন ৰীতি আৱাহন যুগৰ। বিস্তাৰ ভাল। সচেতন পাঠকৰ বাবে গল্পটোৰ শেষ বাক্যটো অপ্ৰয়োজনীয়। দুই এটা বানানৰ ভুল ৰৈ গৈছে।.

c. kalita
9 years ago

Moi jowakali pratham barar babe alochani ekhanat palo amar maramar bhashatir ene eti website thakar katha… manto bhal lagi gol…heye karjylayaloi ahote khuli chalo website to… galpato parhi bhal lagil… pise moi asamiya lipit likhib nuwara babe dukh lagil…aponalokar mahatt prasestar halag loisu…agaloi uttorttor kamana karilu…

Pradip Kr. Talukdar
9 years ago

It has thrown a question to us – how would We react in such a situation ?

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক