পশুবলিৰ প্ৰাসংগিকতা আৰু বেদ -পুলকেশ শৰ্মা

“ইন্দ্ৰিয়াণি পশুন হত্বা“ – ইন্দ্ৰিয়ৰূপী পশুক হত্যা কৰা উচিত৷
“অবধত্ৰ পুৰুষং পশুন“- যজ্ঞত নিজকেই পশুজ্ঞান কৰি সমৰ্পন কৰা৷
ঋক বেদৰ দশম মণ্ডলত উল্লেখ আছে যে বেদৰ মন্ত্ৰৰ শব্দবোৰ প্ৰতিকী আৰু অৰ্থবহ৷ সেইকাৰণে পাঠকে শব্দবোৰৰ আভিধানিক অৰ্থৰ সৈতে বেদৰ বিশ্লেষণ কৰাটো অনুচিত৷ বেদৰ বিশ্লেষক সকলে কয়, বিভিন্ন সময়ত বেদত উল্লিখিত বলি বা আহুতি বিষয়ক শ্লোকত নাম লোৱা পশুবোৰ আচলতে আমাৰ ভিতৰৰ ৰিপু, দোষ, গুণ, মনৰ ভাৱ বা ইন্দ্ৰিয়বোৰৰ ঠাইত ব্যৱহাৰ কৰা প্ৰতীকহে৷ উদাহৰণ স্বৰূপে ঘোঁৰাৰ বলিদান মানে মানুহৰ নিজৰ ফালৰ জীৱিকা শক্তিক দমন কৰি ইয়াক ঐশ্বৰিক দিশত আগুৱাই নিয়া৷
এহেজাৰ বছৰীয়া বিদেশী শাসনৰ সময়ত হিন্দু ধৰ্ম ধ্বংস কৰিবলৈ মঠ মন্দিৰৰ লগতে বেদ উপনিষদবোৰো ধ্বংস কৰা হৈছিল৷ উদ্দেশ্যপ্ৰণোদিতভাৱে বেদত গোমাংস ভোজন, ঈশ্বৰৰ ওচৰত বলি দি প্ৰসাদ হিচাপে মাংস খোৱা আদি উল্লেখ আছে বুলি বহুল প্ৰচাৰ হৈছিল৷ বিভিন্ন বিশ্লেষকে বিভিন্ন সময়ত উল্লেখ কৰিব খোজে যে কিছুমান মাংস লুভীয়া মানুহে মাংস খোৱাৰ উদ্দেশ্যে পশুবলি প্ৰথা আৰু প্ৰসাদ হিচাপে মাংস খোৱাৰ নিয়ম উলিয়াইছিল৷
বেদ হল বিজ্ঞান৷ বেদৰ কোনো লিখক নাই৷ বেদৰ কোনো আদি নাই, নাই কোনো অন্ত৷ বেদত এনে কোনো কথাই নাই যি মানুহৰ ইচ্ছা অনুসৰি পৰিৱৰ্তন হব পাৰে৷ বেদ সদায় প্ৰাসংগিক৷ বেদ হল আদি গ্ৰন্থ৷ কোৱা হয় যে কলি কালত যাতে মানুহে পঢ়িব পৰে, সেই উদ্দেশ্যে ব্যাস মুণিয়ে বেদ লিখি উলিয়াইছিল৷ বেদ অধ্যয়নৰ বাবে প্ৰয়োজন শিক্ষা, ব্যাকৰণ, নিৰুক্ত,নিঘণ্টু ছন্দ, জ্যোতিষ, কল্প আদিৰ জ্ঞান৷ বিগত সময়চোৱাত হকে বিহকে কৰা বেদৰ অনুবাদ আৰু তাৰ বহুল প্ৰচাৰেই সমাজত পশু বলিৰ নিচিনা কাৰ্য্যক বৈধতা দিয়া বুলি ভবাৰ থল আছে৷
অশ্বমেধম্ গৱলম্ভম্ সন্যাসম্ পল-পইত্ৰকম্
দেৱৰেন সুতোতপত্তিম কালৌ পঞ্চ ৱিৱৰ্জয়েৎ
“In this Age of Kali, five acts are forbidden: the offering of a horse in sacrifice, the offering of a cow in sacrifice, the acceptance of the order of sannyāsa, the offering of oblations of flesh to the forefathers, and a man’s begetting children in his brother’s wife.
“পাঁচটা কাম কলি কালত বৰ্জন কৰা উচিত, ঘোঁৰা বলি, মহ বলি, ত্যাগী হবলৈ দিয়া আদেশ গ্ৰহণ, পুৰ্বপুৰুষক মাংসৰ নৈবদ্য দিয়া আৰু ভাতৃভাৰ্যাৰ গৰ্ভত পুৰুষে সন্তান জন্ম দিয়া“
বেদত উল্লেখ থকা মতে আগৰ দিনত ব্ৰাহ্মণ বা ঋষিমুণিসকলে যি বলি বিধান দিছিল বেদৰ মন্ত্ৰ শুদ্ধ উচ্চাৰণেৰে, ত্যাগ আৰু ভক্তিৰ বিনিময়ত পোৱা শক্তিৰে বলি দিয়া জীৱবোৰক পুনৰ জীয়াই তুলিছিল৷ কলি কালত ব্ৰাহ্মণ বা ঋষিমুণিৰ সেই শক্তি নাই৷ সেইকাৰণে কলি কালত বলি বৰ্জনৰ কথা গীতা বা পুৰাণৰ দুই এঠাইত পোৱা যায়৷
আমি শাক্ত৷ দেৱীৰ বিভিন্ন ৰূপক আমি সংসাৰৰ সমস্ত শক্তিৰ উৎস বুলে বিশ্বাস কৰোঁ৷ যাৰ বাবে আমি দুৰ্গা, কালি, মনসা আদি দেৱীক বিভিন্ন ৰূপত পূজা কৰো৷ কিন্তুু পূজা কৰা মানেই যে বলি দিব লাগিব বা বলি দিলেই যে পশুহে বলি দিব লাগিব তাৰ কোনো ধৰাবন্ধা নিয়মৰ কথা উল্লেখ পোৱা নাযায়৷
বলিপ্ৰথা এক তাহানিৰ পৰা চলি অহা পৰম্পৰা৷ পৰম্পৰা হল ধৰ্মতকৈও গাঢ় আৰু সদূৰপ্ৰসাৰী৷ পৰম্পৰা না সহজে আৰম্ভ হয় না ই সহজে শেষ হয়৷ কিন্তুু যিবোৰ পৰম্পৰাই আমাৰ (মানুহৰ) অনিষ্ট কৰিছিল যেনে নৰবলি, সতীদাহ সেইবোৰ আমি অন্ধবিশ্বাস বুলি নোহোৱা কৰি পেলালোঁ৷ দুখৰ বিষয় এইটো যে নিৰীহ প্ৰাণীৰ বলি বিধানৰ পৰম্পৰাটো আমি বিভিন্ন যুক্তি দৰ্শাই ৰাখি থলোঁ৷
শেষত,
কুক্কুৰ শৃগাল গৰ্দভৰো আত্মা ৰাম
জানিয়ো সবাকো কৰিয়ো প্ৰণাম৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক