পহু খেদা আৰু পহুৱে খেদা

পঙ্কজ বৰা

———

সকলোৱে জানে নিশ্চয় যে অসমীয়াত ‘পহুখেদা দিয়া’ বুলি বাক্যাংশ এটা আছে ৷ পহুক বাঘ, সিংহ বা আন মাংসভোজী প্ৰাণীয়ে যেতিয়া আক্ৰমন কৰে তেতিয়া পহুটোৱে প্ৰাণৰ মমতাত তৰা নৰা চিগি দৌৰে ৷ একেদৰেই কোনো মানুহক কিবা কাৰণত কোনোৱে আক্ৰমন কৰিলে মানুহেও প্ৰাণ বচাবলৈ দৌৰি পলায় ৷ ইয়াকে পহুখেদা দিয়া বোলে ৷ আজিকালি দুৰ্নীতিগ্ৰস্ত ৰাজনৈতিক নেতা, বিষয়া সকলক সততে ৰাইজে পহুখেদা দিয়া দেখা যায় ৷

সকলোৱে চাগে ভাবিছে মইনো এই জনা শুনা কথাবোৰ কিয় লিখিছো ৷ হাঁহি উঠা কাৰণ এটা আছে ৷ যোৱা ৰবিবাৰৰ কথা ৷ বতৰটো আছিল ফৰকাল, উমাল ৰ’দ ৷ মই থাকো নৰৱেৰ ট্ৰনদধেইম নামৰ চহৰ খনত ৷ সপ্তাহান্তিকত শৰীৰৰ পৰা কিছু কেল’ৰি দহন কৰো বুলি দুপৰীয়া সময়ত নদীৰ পাৰত অলপ দৌৰিবলৈ ওলালো ৷ সব থিক্ থাক্ ৷ বহুত দিনৰ মূৰত ৰ’দ দেখা পায় আন বহু লোকো বাহিৰলৈ ওলায় আহিছিল৷ মই আকৌ হুলস্থুলীয়া পৰিৱেশৰ পৰা আঁতৰত অৰণ্যৰ মাজৰ লুংলুঙীয়া পথবোৰত দৌৰি ভাল পাওঁ ৷ সেইদিনা বাছি ল’লো ‘নিদেলভা’ নামৰ গ্লেচিয়াৰৰ পৰা ওলোৱা খৰস্ৰোতা নদী এখনৰ পাৰে পাৰে থকা লুংলুঙীয়া বাটটো ৷ সুন্দৰ নৈসৰ্গিক দৃশ্য ৷ দুই এজন আন মানুহকো লগ পালো ৷ খৰস্ৰোতা নদীত অনেকেই দুঃসাহসিক নৌকা (কায়াক্যিং) চলাইছে ৷ মইও মোৰ ভ্ৰাম্যমান গানশুনা যন্ত্ৰটোত গান শুনি দৌৰি আছো ৷কিছুদুৰ যোৱাৰ পাছত হঠাতে অলপ দুৰত ঘোঁৰাৰ নিচিনা জন্তু এটা দেখিলো ৷ বহুতেই জংঘলত ঘোঁৰা লৈ ঘূৰে ৷ গতিকে বিশেষ ভৱাৰ একো কাৰণ নাছিল ৷ মইও আগবাঢ়িলো ৷ হঠাৎ দেখিলো সেইটো ঘোঁৰা নহয় ৷ লগত আৰু এটা (নে এজনী গম নেপালো) আছে, মানে এটা কাপ’ল (couple) ৷ দুটা প্ৰকাণ্ড ‘মুজ’ (moose, elk, Alces alces) বা আমাৰ শৰপহুৰ দৰে জন্তু৷ এটা নদীৰ পানীৰ ধাৰত আৰু এটা ক্ৰমান্বয়ে পাহৰৰ ওখ গৰাটোৰ পৰা তললৈ নামিছে ৷ মই দুয়োটাৰে মাজত ৷ ওপৰত থকাটোৱে হঠাৎ মোৰ ফালে চো ঁছা লৈ আহিল ৷ মনত পৰিলে মোৰ এতিয়াও ধাতু বাহিৰ হৈ যাওঁহেন কৰে৷ ভাগ্যদেৱী সুপ্ৰসন্ন থকা বাবে হয়তো স্নায়ুকোষবোৰে মোক তৎক্ষণাত সম্বিৎ ঘূৰাই দিলে মই শৰীৰৰ সমস্ত শক্তি একেলগ কৰি তৰা নৰা চিঙি দৌৰিছো আৰু দৌৰিছো ৷ পাছলৈ চাবলৈ সাহস নাই ৷ মোক আধা কিলোমিটাৰ মান খেদিলে ৷ মই কিন্তু দেৰ কিলোমিটাৰ মান গৈহে বননী এদৰাত লেবেজান হৈ শুই পৰিলো ৷ মুখৰ মাত নাই ৷ উশাহ নুঘূৰাহেন অৱস্থা ৷ শৰীৰৰ সঞ্চিত সমস্ত মাইট’কন্দ্ৰিয়াবোৰে আৰু সাধাৰণতে আৰামপ্ৰিয় অলশ মাংশপেশী বোৰে সক্ৰিয় ভাৱে সহায় নকৰা হ’লে তাতেই আধ্যা পৰিল হেতেন ৷ মাইট’কন্দ্ৰিয়াৰ সঞ্চিত ভাণ্ডাৰ শেষ হোৱাৰ উপক্ৰম হৈছিল । তেতিয়া নিজকে বেটাৰী ডাউন হোৱা ম’বাইল বা লেপটপটোৰ নিচিনা অনুভৱ হৈছিল । নদীৰ পৰা কেইচলু মান পানীৰে শুকাই যোৱা অণ্ঠ কণ্ঠ তিয়াই লোৱাতহে যেনিবা আৰু কেইটামান মাইট’কন্দ্ৰিয়াৰ সংশ্লেষণ হ’ল আৰু মই ৰিজাৰ্ভত চলা বাজাজ স্কুটাৰৰ নিচিনাকৈ যেনে তেনে ঘৰ পালোগৈ । এই সপ্তাহত মোৰ ঘৰৰ বাহিৰত কৰা দুঃসাহসিক শৰীৰ চৰ্চা সাময়িক ভাৱে বন্ধ ৷ সেই এদিনতে যিমান কেল’ৰি দহন হ’ল আৰু তাক ঘূৰাই পাবলৈ এমাহ সঞ্চয় কৰিব লাগিব ৷ (এলেহুৱা মানুহে এনেও এনে বাহানা বিচাৰিয়ে ফুৰে ৷ )৷ ভোজনপ্ৰিয় মন আৰু আৰামপ্ৰিয় শৰীৰৰটোক কষ্ট দিয়াৰ এলাহত কেল’ৰি দহনৰ সহজ উপায় সম্পৰ্কে যথেষ্ট চিন্তা চৰ্চা , পঢ়া শুনা কৰিয়েই এই মহান পদক্ষেপ আছিল ।

গতিকে ‘পহু খেদা’ শব্দটোৰ লগতে ‘পহুৱে খেদা’ শব্দটোও বাস্তবিকতে যে প্ৰযোজ্য তাৰ প্ৰমান ভালকৈয়ে পালো ৷ বাঘৰ আগতেল খোৱা অমুকাও কম নহয়, খামীডাঠ কৰি লৈ মোৰ ভ্ৰাম্যমান দূৰভাষ যন্ত্ৰতোৰেই আলোকচিত্ৰ এখন তোলো বুলি আকৌ হাতত সাৰে ভৰিত সাৰে গৈ শিল এটাৰ ওপৰৰ পৰা এখন তুলিহে এৰিলো ৷ তাৰে এখন ইয়াত উঠাই দিছো ৷