পাখি লগা হাতী (-সমুদ্ৰ কাজল শইকীয়া )

এসময়ত এটা পাখি লগা হাতী
নামি আহিল ধৰালৈ আকাশেদি উৰি।
খেনোৱে ক’লে কোনো অৱতাৰ সেয়া
খেনোৱে সোধে সেয়া কাৰ চোৰাংচোৱা।
 
এখন আছিল হাবি। হাবিখনত হাতী এজাক।
ক’ত পায় খোৱা বস্তু তাকে কৰে চলাথ।
পাখি লগা হাতীয়ে সোধে খেলিবানে এপাক?
জাঙুৰ খালে দলপতি যি নিজকে ভাবে চালাক।
 
“তুমি আমাৰ দলৰ নোহোৱা, তোমাৰ আছে পাখি”।
দলপতিয়ে খেদাই দিয়াত অকলশৰীয়া হ’ল হাতী।
অনাই বনাই ফুৰিলে হাতী ক’লৈ যাওঁ কি কৰোঁ কৰি
উৰণীয়া হাঁহ দেখি হাতীয়ে ভাবে যাওঁ নেকি উৰি!
 
হাঁহে ক’লে হাঁহি হাঁহি কি যে কথা কোৱা,
আমাৰ স’তে উৰিবলৈ তুমি চৰাই তো নোহোৱা।
 
হাতীৰ মনত দুখ। দুখত ফাটে বুক।
হাবি এৰি বুলিলে বাট। পৰুৱা এটা আছিলে তাত।
পৰুৱাই সুধিলে কিহৰ ইমান দুখ?
পাই দুখত এষাৰি মাত, হাতীয়ে বঢ়ালে বন্ধুত্বৰ হাত।
 
পৰুৱাটো ইমানেই সৰু, সি হাতীৰ শুৰডালহে দেখে
দেখি হাতীটোকে লেতুসেতু কিবা বস্তু এটা বুলি ভাবে।
ভাবি হাতীক সাপবোৰৰ ওচৰলৈ যাবলৈ ক’লে।
ক’লত হাতী উধাতু খাই সাপবোৰৰ ওচৰ গৈ পালে।
 
সাপৰ ৰজাই আগবাঢ়ি ক’লে “হে’ৰা উঠালা হাঁহি,
তুমিতো নোহোৱা আমাৰ মাজৰ এজন। কেনেকৈ খেলিবা আহি?”
তোমাক দেখোন ওলোটাই থোৱা বাতি এটাৰ দৰেহে দেখি।
কাছৰ ওচৰলৈ নোযোৱা কিয়, তোমাৰ দেখোন কাছটোৰ দৰে পিঠি।
 
যাওঁ নেযাওঁ কৰি পাখিলগা হাতী আগবাঢ়িল কাছবোৰৰ ফালে।
কাছৰ কাষলৈ গ’ল হয়, কাছবোৰেও কিন্তু একেটা কথাকেই ক’লে,
“তুমি আমাৰ মাজৰ এজন নোহোৱা। আমাৰ মাজত তোমাৰ স্থান নাই”।
কাকেনো দুষিবা? হাতীটো অকলশৰীয়া হৈয়ে ৰ’ল- তেনেকৈয়ে দুনাই।
 
পাখিলগা হাতীটোৱে ভাবিলে, এইবেলি উৰি গুছি যোৱাটোৱেই ভাল।
এইডোখৰ ঠাই মোৰ ঠাই নহয়। ইয়াত মোৰ এধানি স্থানৰ আকাল।
হাতীটো উৰিবলৈ ধৰিলে। নজনাকৈয়ে গন্তব্য স্থানেইবা ক’ত।
বিচাৰি এটুকুৰা নিজা ঠাই, বিচাৰি নিলগাই নপঠোৱা কিছু লগ।
 
অচিৰেই সেইখন হাবি আগুৰিলে বনজুয়ে।
হাতী, পৰুৱা, কাছ, সাপ – সকলোবোৰে
ত্রাহি মধুসূদন বুলি পাৰিলে আটাহ।
জুয়ে পুৰি কৰিলে সর্বত্র ত্রাস।
 
হতাশা আৰু দুর্যোগৰ কালত পৰুৱাটোৱে ক’লে,
“আমাক পাখি থকা কোনোবা এজন লাগে
যিয়ে আমাক জিয়াই থকাৰ পথ দেখুৱাব পাৰে”।
এৰা, সকলোৱে এজনৰ কথাই মনত পেলালে।
 
অন্যহাতে আকাশেদি উৰি গৈ থাকোতে সেই
পাখিলগা হাতীটোৱে দেখে বনত লাগিছে জুই।
“এয়াই সময় যাৰ বাবে জন্ম মোৰ। এতিয়া সময় হ’ল”।
হাতীটোৱে বুজিলে “মোৰ কি কৰা উচিত এইবাৰ বুজি উঠিবৰ হ’ল”।
 
পাখিলগা হাতীয়ে জোৰেৰে কোবাবলৈ ল’লে ডেউকা মেলি,
বতাহ কঁপাই। তুমুল ধূলি আৰু বতাহৰ ধুমুহা তুলি।
তুমুল বতাহত জুই নুমাল। হাবিৰ জুই নুমাই শান্ত হ’ল।
ৰক্ষা পৰিল জীৱ জড় সকলো। দুর্যোগৰ অন্ত হ’ল।
 
প্রচণ্ড জোৰে ডেউকা কোবাই কোবাই ভাগৰি পৰিল পাখিলগা হাতী।
সি বাগৰি পৰিল। পাখিলগা হাতীয়ে সাবটি ল’লে মাটি।
তাৰ নিজৰ গাতে লাগিল শেষ কুৰা জুই। সি তেনেকৈয়ে মৰিল।
হাবিবাসী সকল কোনোমতে বাচিল। হাবিখন দুনাই সজীৱ হৈ উঠিল।
 
আজি সকলো সুখী। সকলো আছে হাঁহি মাতি।
আগৰ দৰেই চলি আছে অৰণ্যৰ দিন অৰণ্যৰ ৰাতি।
কোনেও আৰু আজি মনলৈ নানে সেই কথাটি
কেনেকৈ আমাৰ বাবেই জাহ গ’ল পাখিলগা হাতী।।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক