পাটকাইৰ ইপাৰে মোৰ দেশ আৰু ৰাজনী কুঁৱৰী (খামমুন ফুকন)

পাটকাইৰ ইপাৰে মোৰ দেশ আৰু ৰাজনী কুঁৱৰী

অসমীয়া উপন্যাসত নাৰীক এক স্বকীয় আসন দিয়াৰ প্ৰয়াস আৰম্ভ হৈছিল বিংশ শতিকাৰ দ্বিতীয় আৰু তৃতীয় দশকত৷ যদিও চন্দ্ৰপ্ৰভা শইকীয়ানী, ৰাজবালা দাস আদিৰ দৰে সুশিক্ষিতা আৰু সচেতন নাৰীৰ নেতৃত্বত নাৰী-পুৰুষৰ সমঅধিকাৰৰ দাবীত সংগঠিত হৈছিল অনেক সংগঠন, তথাপি অসমীয়া উপন্যাসত নাৰীৰ সমস্যা আৰু অধিকাৰক লৈ প্ৰথমে পুৰুষসকলেই উপন্যাস ৰচনাত প্ৰবৃত্ত হয় বুলি মীৰা দেৱীয়ে ক’ব খোজে৷ উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ ‘ৰহদৈ লিগিৰী’(১৯৩০), ‘মনোমতী’, দণ্ডিনাথ কলিতাৰ ‘সাধনা’(১৯২৮), পদ্মাৱতী দেৱী ফুকননীৰ ‘সুধৰ্মাৰ উপাখ্যান’(১৮৮৪), চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ‘পিতৃভিটা’(১৯৩৭), সুপ্ৰভা গোস্বামী, স্নেহলতা ভট্টাচাৰ্য, নিৰুপমা বৰগোহাঞি, মামণি ৰয়ছম গোস্বামী আদি লেখকৰ উপন্যাসত নাৰীবাদী চেতনা স্পষ্টৰূপত প্ৰকাশ পোৱা দেখা গৈছে৷ এই সাহিত্যসমূহে যেনেকৈ প্ৰতিফলন কৰিছে অসমীয়া নাৰীৰ চৰিত্ৰ, চিন্তা, ইচ্ছা-অনিচ্ছা, তেওঁলোকৰ কৰ্তব্য, ত্যাগ ইত্যাদি ঠিক তেনেকৈ মুকলি কৰিছে অসমীয়া নাৰী জাতিৰ বাবে এক সাহসৰ বাট৷ মহেশ্বৰ নেওগদেৱে ‘অসমীয়া সাহিত্যৰ ৰূপৰেখা’ত উল্লেখ কৰিছে যে বিয়াল্লিছৰ গণ-আন্দোলনত কনকলতা, ভোগেশ্বৰী আদিৰ আত্মাহুতি দিলেও সেই সময়ত এনে কোনো অনুপ্ৰেৰণামূলক উপন্যাসে সৃষ্টি লাভ কৰা নাছিল৷ কেৱল বিয়াল্লিছৰ গণ-আন্দোলনেই নহয়, অসমৰ আকাশ বতাহত স্বাধীনতাপূৰ্বৰ সময়ৰ অনেক নাৰীৰ আত্মাহুতিৰ জীয়া কাহিনী আন্দোলিত হৈ আছে৷ যিসকল নাৰীৰ জীৱন কাহিনী বৰ্তমান সময়ৰ নাৰীসকলৰ প্ৰতি এক অনুপ্ৰেৰণাৰ উৎস হ’ব পাৰে৷ তেওঁলোক এতিয়া কেৱল কিংবদন্তী নহয়, তেওঁলোকৰ ত্যাগ আৰু সাহসক আজিৰ অসমীয়া উপন্যাসত এক বিশেষ স্থান প্ৰদান কৰা দেখা গৈছে৷ সেয়েহে বুৰঞ্জীক কেন্দ্ৰ কৰি লোৱা হৈছে উত্তৰ আধুনিক অসমীয়া উপন্যাসৰ এক অনবদ্য উপাদান হিচাপে৷ বুৰঞ্জীৰ ঘটনা পৰিঘটনাসমূহ হৈ পৰিছে উপন্যাসৰ সাৰুৱা সমল৷ ই এক বুৰঞ্জীক জীয়াই ৰখাৰ বা অতীতক জুমি চোৱাৰ অতুলনীয় প্ৰয়াস৷ সেই মানসেৰেই নবীন ঔপন্যাসিকা চন্দনা গোস্বামীয়ে লিখি উলিয়াইছিল আহোম বুৰঞ্জীৰ কেইটিমান বিশেষ মুহূৰ্তক লৈ পাটকাইৰ ইপাৰে মোৰ দেশ নামৰ এখন উপন্যাস৷ তেখেতে এইখনি উপন্যাসৰ বাবে ২০১২ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হয়৷
এম এইচ আব্ৰামছৰ মতে “The historical novel not only takes its settings and some characters and events from history, but makes the historical events and issues crucial for the central characters and narrative. Some of the greates historical novels also use the protagonists and the actions to reveal what the author regards as the deep forces that impel the historical process.” Abrams; A Glossary of Literary Terms, 2006৷ উপন্যাসখনত চিত্ৰায়ণ কৰা হৈছে কেইবাটিও সৰু-বৰ নাৰী চৰিত্ৰ৷ তেওঁলোকৰ ভিতৰত ৰাজনী কুঁৱৰী, নাংচেং গাভৰু, বৃন্দা, ৰ’ইলা, সৰু কুঁৱৰী, বৰ কুঁৱৰী অন্যতম৷ ৰাজনী কুঁৱৰীৰ বাহিৰে আনসকল নাৰী চৰিত্ৰ আছিল সংসাৰকেন্দ্ৰিক৷ বৃন্দাৰ চৰিত্ৰই যেনেকৈ একালৰ মহাকাব্যিক যুগৰ যশোদা আইলৈ মনত পেলাই দিয়ে, তেনেকৈ বৰ কুঁৱৰীয়ে এগৰাকী হিংসুক, পিশাচিনী, সতিনীবিদ্বেষী, অহংকাৰী, স্বাৰ্থলোভী আৰু স্বেচ্ছাচাৰী শাসকৰ প্ৰতিচ্ছবি মনলৈ আনি দিয়ে৷ নাংচেং গাভৰু তিপামৰ মুখিয়াল খুনতাইৰ জী, মুকলি আকাশৰ তলত নাচিবাগি ফুৰা ছোৱালী, যি গৰাকী পাছলৈ অষ্টমজনা আহোম স্বৰ্গদেউ চুডাংফাৰ পাটমাদৈ হয়গৈ৷ কিন্তু এক ষড়যন্ত্ৰৰ বলি হৈ স্বৰ্গদেউৰ লগত বিচ্ছেদ ঘটে৷ তথাপি স্বামীভক্তিৰ অটল নিদৰ্শন সৰু কুঁৱৰীৰ (ত্যাওখামথিৰ দ্বিতীয় পত্নী) দৰে নাংচেং পাটমাদৈৰ চৰিত্ৰটো পোৱা যায়৷
বুৰঞ্জীয়ে কেনেকৈ সত্যতা বিচাৰ কৰে সেইক্ষেত্ৰত আমাৰ কোনো খেদ নাই৷ এই লেখাই মাথো চৰিত্ৰসমূহক জুঁকিয়াই চোৱাৰহে প্ৰয়াস কৰিছে৷ উপন্যাসখনৰ কাহিনীভাগক আগুৱাই নিয়াত ৰাজনী কুঁৱৰীৰ হাত অনস্বীকাৰ্য্য৷ কেতিয়াবা প্ৰথম পুৰুষৰ ৰূপত(First person narrative), কেতিয়াবা সাধু কোৱাৰ ছলেৰে (story teller) কাহিনীভাগক বুৰঞ্জী প্ৰাসংগিক কৰি তোলাৰ চেষ্টা কৰিছে৷ পাঠকৰ মনক যেন তৎমুহূৰ্ততে উৰুৱাই নি সেই সময়ৰ ইতিহাসৰ এজন প্ৰত্যক্ষদৰ্শী সাক্ষী কৰি তুলিছে৷ ঔপন্যাসিকা এইক্ষেত্ৰত সফল হৈছে বুলি ক’ব পাৰি৷ ইয়ে উপন্যাসখনিক সজীৱতা প্ৰদান কৰিছে৷ পূৰ্বপুৰুষসকলৰ বহু সংগ্ৰাম, সংঘাত আৰু আবেগক ধৰি ৰখাৰ বাবে যি উপায়ৰ কথা উপন্যাসখনত বৰ্ণনা কৰা হৈছে সেয়া জীয়াই ৰখাৰ দায়িত্বও ৰাজনী কুঁৱৰীৰ দৰে মানুহক গতাই দিয়াৰ কথাও স্বীকাৰ কৰিছে৷ একেদৰেই ই হ’ব অনাগত পুৰুষলৈ কিছু সাতামপুৰুষীয়া সম্ভেদ, যি সম্ভেদ হয় আপুৰুগীয়া, অমূল্য আৰু অব্যৰ্থ৷ ডেকাদেৱে (তাখেৰু চিৰিংফুকন) সেয়ে চমজাইছিল ইয়াৰ ‘মুইল’ বুজি পোৱা মানুহ কেৱল ৰাজনী কুঁৱৰীক৷
ৰাজনী কুঁৱৰী যেন পূৰ্বপুৰুষ আৰু নপুৰুষৰ মাজৰ এডাল সাঁকো৷ তেওঁ যেনেকৈ ডেকাদেৱে যচা ‘ৰঙা কাপোৰ মেৰিওৱা টোপোলা’ৰ ভিতৰত থকা নুৰা বন্ধা সাঁচিপতীয়া বুৰঞ্জী অধ্যয়ণ কৰি আহোমৰ পূৰ্বপুৰুষৰ ইতিবৃত্তৰ বুজ লৈছিল, তেনেকৈ স্বচক্ষুৱে চাৰিজন আহোম স্বৰ্গদেউৰ শাসনৰ সাক্ষী হৈ ৰৈছিল৷ কমতেশ্বৰ প্ৰতাপধ্বজৰ জীয়াৰী হৈও আহোম কুঁৱৰী হোৱাৰ পাছত আহোমৰ ধৰ্ম, ৰীতি-নীতি, সমাজ-বিচাৰক হাড়ে হিমজুৱে অতি কম দিনৰ ভিতৰতে আকোৱালি ল’ব পাৰিছিল৷ এই বংশৰ পূৰ্বপুৰুষৰ লগত সংগতি থকা নিজে পঢ়া সাঁচিপতীয়া পুথি আৰু স্বজ্ঞানে উপলব্ধি কৰা সকলো কথা তেওঁ নিজ মুখে পুত্ৰৰ লগতে নাতিপুত্ৰকো কৈছিল৷ একোটি সাধুকথাৰ দৰে বৰ্ণিত ঘটনা প্ৰবাহে আহোম স্বৰ্গদেউসকলৰ শৌৰ্য্য-বীৰ্য্যৰ কথা সুৱৰাই দিছিল –
“…জোনাক ভৰা নিশা পিৰালিত বহি আকাশৰ তৰা চাই শুনিছিল চুহানে আইতাৰ সাধু, তাৰ পূৰ্বপুৰুষৰ কথা৷ ৰাজনী আইকুঁৱৰীদেউতাই কৈছিল – চুহান, তোৰ পূৰ্বপুৰুষ সকলো আছিল তেজী বলৱান ক্ষত্ৰিয়…” (পৃষ্ঠা ২৮৭)
লগতে ছ্যুকাংফা কোঁৱৰক দিছিল অনেক নীতিশিক্ষা, কৃষ্ণ-অৰ্জুনৰ কথা, স্বৰ্গদেউ ছ্যুকাফাৰ কৰ্মৰ কথা, তেওঁ কেনেকৈ বৰজাতি গঢ়িবলৈ চেষ্টা কৰিছিল৷ যি কথা হয়তো বুৰঞ্জীয়েও স্বীকাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰিব৷
ৰাজনী কুঁৱৰী অসমীয়া নাৰী জাতিৰ প্ৰতি এক নিৰ্দশন৷ কেৱল সেয়াই নহয়, সকলো পিতৃ-মাতৃ, অভিভাৱকৰ প্ৰতি, যাৰ সন্তানে বুৰঞ্জী পঢ়া নাই, নিজ বংশধৰ বা উপৰিপুৰুষৰ কথা জানিব নিবিচাৰে বা জনোৱা নহয় তেওঁলোকৰ প্ৰতিও ই এক আদৰ্শ৷ আজিৰ প্ৰতি গৰাকী মাতৃ যদি একোগৰাকী ৰাজনী কুঁৱৰী হয় তেনেহ’লে জাতি অস্তিত্বৰ সংকটত কেতিয়াও নপৰে৷ তেওঁলোকে যদি পাটকাইৰ ইপাৰে থকা আমাৰ দেশখনৰ কথা সোঁৱৰাই দিয়ে নিজ পুত্ৰ-নাতিসকলক, ছ্যুডাংফাৰ দৰে বীৰ পুত্ৰ আকৌ জন্ম হ’ব৷ ৰাজনী কুঁৱৰী কেৱল বুৰঞ্জীৰ সেই চৰিত্ৰৰ মাজতেই আবদ্ধ হৈ থকা নাই তেওঁ আজিৰ সমাজ খনকো নিজ কাৰ্য্য আৰু কথাৰ মাজেৰে প্ৰতিফলিত কৰিছে৷ যদি ‘পাটকাইৰ ইপাৰে মোৰ দেশ’ এখন বুৰঞ্জী হয় তেনেহ’লে সেই বুৰঞ্জীৰ এটা জীয়া চৰিত্ৰ হৈছে ৰাজনী কুঁৱৰী আৰু তেওঁ কয় বুৰঞ্জীৰ মাজৰ বুৰঞ্জী৷
ৰাজনী কুঁৱৰীৰ কেইবাটিও ৰূপ আমি উপন্যাসখনত দেখিবলৈ পাওঁ৷ প্ৰথমে কমতেশ্বৰ জী হিচাপে, স্বৰ্গদেউ ছ্যুকাংফাৰ তৃতীয়গৰাকী পাটমাদৈ হিচাপে অৰ্থাৎ আহোম সম্ৰজ্যৰ ৰাজকুঁৱৰী হিচাপে, তাৰপাছত আইকুঁৱৰীদেউতা হিচাপে আৰু অৱশেষত আইছু হিচাপে৷ তাৰমাজতে ৰাজনী কুঁৱৰী আন এটি ৰূপো আমাৰ চকুত পৰে আৰু সেইটো হৈছে মাহীমাকৰ চৰিত্ৰ৷ প্ৰত্যেক ন-ৰূপতেই প্ৰকাশিত হয় ৰাজনী কুঁৱৰীৰ গৰিমা আৰু স্বকীয়তা৷ যেনেকৈ জী হিচাপে চঞ্চলা-চপলা, প্ৰজ্ঞাৰ সাধিকা, ঈশ্বৰ ভক্তি, গহীন-গম্ভীৰ আচাৰ ব্যৱহাৰে উদ্ভাসিত৷ কম বয়সতে বিবাহ পাশত আবদ্ধ হৈছিল যদিও ৰাজকীয় কাৰবাৰ অতি সোনকালে হৃদয়ঙ্গম কৰিব পাৰিছিল৷ প্ৰত্যেকটো কথা বা সংঘাট অতি নিয়াৰিকৈ পৰিচালনা কৰিবলৈ শিকিছিল আৰু বিনা যুদ্ধই মোকাবিলা কৰিবলৈ চেষ্টা কৰিছিল৷ তেওঁ আদৰি লৈছিল অন্য এজন ঈশ্বৰক৷ তাকে দেখি ৰজাদেৱে সুধিছিল যে কমতাত তেওঁৰ পূজাৰ ঈশ্বৰ বেলেগ আছিল, ইয়াত চোমদেউক পূজিবলৈ আচহুৱা পাইছেনেকি, কিন্তু ৰজাদেৱৰ প্ৰশ্নৰ উত্তৰত ৰাজনী কুঁৱৰীয়ে কৈছিল –
“মোৰ মনৰ ঈশ্বৰ মোৰ মনৰ মাজতে আছে৷ তেওঁক পূজিবলৈ কোনো বিশেষ মন্দিৰ প্ৰাংগণৰ প্ৰয়োজন নাই, বঙহৰদেউ৷ সেইবোৰ ব্যাহিকতাহে৷ আৰু প্ৰকৃততে ঈশ্বৰটো এজনেই৷ আমিহে তেওঁক ভিন্নৰূপত পূজো৷ এতিয়া চোমদেৱেই মোৰ কৃষ্ণ মুৰাৰী, মোৰ সনাতন …”(পৃষ্ঠা ৯৩)
এই কথাই প্ৰমাণ কৰে ৰাজনী কুঁৱৰীৰ মহানুভৱতা, সু-সংস্কাৰ, তেওঁৰ জ্ঞানৰ পৰিধিৰ বিশালতাৰ কথা৷
প্ৰথমে এগৰাকী পত্নী হিচাপে স্বৰ্গদেউ ছ্যুকাংফাৰ ইচ্ছা-অনিচ্ছাৰ খবৰ ৰখা, তেওঁক সেৱা কৰাই আছিল ৰাজনী কুঁৱৰীৰ ধৰ্ম৷ আন আইকুঁৱৰীসকলৰ দৰে লিগিৰীহঁতৰ হতুৱাই গাৰ বিষ দূৰ কৰাই বহি থকা নাছিল৷ তেওঁ ৰজাদেৱৰ ৰুচি অৰুচিৰ খবৰ লৈছিল আনকি নিজে চাংমাই শাললৈ গৈ ৰজাদেৱৰ প্ৰিয় ব্যঞ্জন ৰান্ধি খুৱাইছিল৷ তেওঁ জীৱনৰ সফলতা বিচাৰিছিল ৰজাদেৱৰ সফলতাত৷
“-কুঁৱৰী, তোমাৰ জীৱনৰনো সফলতা ক’ত ?
…আপোনাৰ জীৱনৰ সফলতাত, বঙহৰদেউ !…” (পৃষ্ঠা ৯৩)
আৰু স্বামীৰ সফলতাৰ আঁৰৰ দেশখন সুচাৰুৰূপে চলাবলৈ তেওঁ প্ৰতিজ্ঞাবদ্ধ হৈছিল৷ ৰাজনী কুঁৱৰী আছিল বীৰাংগণা৷ স্বৰ্গদেউ চুকাংফাৰ অবৰ্তমানত দেশৰ মঙ্গলৰ অৰ্থে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰিছিল৷ সেয়েহে নিজপুত্ৰ চাওপুলাইৰ ষড়যন্ত্ৰৰ বলি হৈ নিজ ভাতৃ কমতেশ্বৰ দুৰ্লভনাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ আঁহোতে ৰাজনী কুঁৱৰীয়ে প্ৰতিকূল বতৰকো নেওচা দি হস্তীৰ পিঠিত উঠি অটব্য অৰণ্যৰ মাজেৰে ৰাওনা হৈছিল দুৰ্লভনাৰায়ণক বাধা দিবলৈ৷ ৰাজনী কুঁৱৰীয়ে কৈছিল –
“…মোৰ কথা নেমানি আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ খুজিছ যা৷ কিন্তু প্ৰথমে মোৰ প্ৰাণ ল …” (পৃষ্ঠা ২০২)
ৰাজনী কুঁৱৰীৰ হাতত প্ৰত্যেক কথাৰে অখণ্ডনীয় যুক্তি আছে৷ কেৱল কথাৰ বলেৰেই বিনাঅস্ত্ৰই তেওঁ শত্ৰুক দমন কৰিব পাৰিছিল৷ তাৰ প্ৰমাণ আমি ভৈৰৱ ভূঞাৰ ক্ষেত্ৰত পাওঁ৷ পিতৃহত্যাৰ প্ৰতিশোধত, প্ৰতিহিংসাৰ জুইত তগবগাই থকা নিজ ভতিজা শশাংককো অহিংসাৰ নীতিৰে বুজনি দি সুপথলৈ আনিব পাৰিছিল৷ তেওঁৰ মতে অন্যায়ৰ প্ৰতিবাদ মানেই কাৰোবাৰ প্ৰাণ লোৱা বা প্ৰাণ আহুতি দিয়া নুবুজায়৷ ‘ভগৱানে মানুহক দুখন হাত দিছে নিজৰ পৃথিৱী নিজেই পাতি ল’বলৈ৷’ সেই বুজনিত শশাংকই যুদ্ধৰ মনোভাৱ ত্যাগ কৰি ৰাজনী কুঁৱৰীৰ লগত যাবলৈ লওঁতে ভৈৰৱ ভূঞাই শশাংকক কাপুৰুষ বুলি ইতিকিং কৰোতে ৰাজনী কুঁৱৰীয়ে কথাৰ বাণেৰে ভৈৰৱ ভূঞাক ঠকা-সৰকা কৰি ভিজা মেকুৰীৰ দৰে দশা কৰিছিল৷সেয়া আছিল ৰাজনী কুঁৱৰীৰ আদৰ্শ৷ যি কথাই আমাৰ মনত জীপাল কৰি তোলে জয়মতী, মূলাগাভৰু, কনকলতাৰ দৰে বীৰাংগনা নাৰীৰ প্ৰতিচ্ছবি আৰু হয়তো এইসকল নাৰীয়ে ৰাজনী কুঁৱৰীৰ আদৰ্শৰেই অনুপ্ৰাণিত আছিল৷ যি গৰাকী ৰাজনী কুঁৱৰীয়ে কাৰেঙৰ বৰখুটা হৈ ধৰি ৰাখিছিল স্বৰ্গদেউসকলৰ আদৰ্শ আৰু পৰম্পৰা৷ অলেশ ঘাত-প্ৰতিঘাতৰ মাজেৰে ‘বংশৰ নুমাবলৈ ধৰা বন্তিগছি আজিলৈকে নুনুমোৱাকৈ পৰ দি ধৰি ৰাখিছিল কত দুৰ্যোগময় দিবা-নিশা৷’
মাতৃ হিচাপে তেওঁ যেনেকৈ চাওপুলাই আৰু ত্যাওখামথিক মৰম কৰিছিল তেনেকৈ স্বৰ্গদেউ ছ্যুকাংফাৰ প্ৰথমা পত্নীৰ দুই পুত্ৰ চুখ্ৰাং আৰু চুতুফকো সমানে মৰম কৰিছিল যদিও চুখ্ৰাং আৰু চুতুফে ৰাজনী কুঁৱৰীক ‘আই’ বুলি কোনোদিন সম্বোধন কৰা নাছিল৷এই মাহীমাক আৰু মাৰ বৈষম্যই বহুক্ষেত্ৰত ৰাজনী কুঁৱৰীৰ জীৱনত আউল লগাইছিল৷এফালে মাতৃৰ মমতাই হিয়াধাকুৰি বিনাইছিল আনফালে স্বামীৰ পৰম আদৰ্শ আৰু দায়িত্বক উপেক্ষা কৰিব নোৱাৰিছিল৷বৰকুঁৱৰীৰ পুত্ৰক ৰাজ্যৰ ৰজা পাতিবলৈ ৰাজনী কুঁৱৰীয়ে সন্মতি দিছিল, যাৰ কাৰণে তেওঁ নিজ পুত্ৰ চাওপুলাইক হেৰুৱাব লগা হৈছিল৷ কাৰণ তেওঁ চাওপুলাইক দেশৰ ৰজা পাতি নিজৰ কাৰণে অপবাদ চপাই ল’ব বিচৰা নাছিল, যাতে তেওঁক কোনেও নিজ পুত্ৰক ৰজা পাতি স্বাৰ্থলোভী বুলি হাঁহিব নোৱাৰে৷ তেওঁৰ মতে উপযুক্ত বৰপুত্ৰ থাকোতে কেতিয়াও সৰুপুত্ৰই ৰাজ্যৰ শাসনভাৰ ল’ব নোৱাৰে৷ এয়া তেওঁ মাহীমাক হিচাপে নহয় যেন চুখ্ৰাঙৰ নিজ মাতৃ হিচাপে লোৱা সিদ্ধান্ত৷
পুত্ৰশোকে ৰাজনী কুঁৱৰীৰ অন্তৰো দহি নিছিল৷ চাওপুলাইয়ে ৰাজ্য এৰি যোৱাৰ পাছত কিমান দিন যে তেওঁ উজাগৰী ৰাতি কটাইছে৷ নিজপুত্ৰৰ মুখত আই বুলি মতা শুনিবলৈ তেওঁ ব্যাকুল হৈ পৰিছিল৷ সেয়া এগৰাকী মাতৃ হৃদয়ৰ নিৰ্বাক আৰ্তনাদ৷ কিন্তু তেওঁ যে দায়বদ্ধ, আবেগক প্ৰশয় দিলে ৰাজ্যত অনিয়ম হ’ব৷ সেই কথা তেওঁ বাৰুকৈয়ে উপলব্ধি কৰিব পাৰিছিল৷ ৰজাৰ বিৰুদ্ধে বা ৰাজ্যৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচাজনক ৰাজদ্ৰোহী বুলি আখ্যা দিয়া হয়, সি নিজ পুত্ৰই বা আন কোনোবা৷ গতিকে তেওঁ চাওপুলাইৰ ষড়যন্ত্ৰৰ কথা জ্ঞাত হোৱাৰ পাছত কৈছিল –
“চাওপুলায়ে যি কৰিবলৈ ওলাইছে, সেয়া ৰাজদ্ৰোহ, পাপ৷ চুখ্ৰাঙে যদি পুলাইক শাস্তি বিহে সেয়া ৰাজদণ্ড, ৰজাৰ কৰ্তব্য, কৰণীয়, পাপ নহয়৷পুলাইৰ মোৰ পেটৰ পোৱালি বুলিয়েই যদি এই ষড়যন্ত্ৰ মই ঢাকি ৰাখো, তেন্তে ময়ো হৈ পৰিম ৰাজদ্ৰোহৰ অংশীদাৰ, পাপৰ ভাগী৷বিশ্বাসঘাতক৷মই ৰজাদেউৰ আত্মাক, মোৰ নিজৰ আত্মাক বিশ্বাসঘাতকতা কৰিব নোৱাৰো …” (পৃষ্ঠা ১৭৯)
ৰাজনী কুঁৱৰী সফল হৈছিল এজন আদৰ্শবান ৰজাই এগৰাকী পত্নীক দি যোৱা দায়িত্বপালক হিচাপে৷ সেইকাৰণে কিছু কিছু ক্ষেত্ৰত মাতৃ হিচাপে তেওঁ যথেষ্ট কষ্ট অনুভৱ কৰিছিল৷ কিন্তু ৰাজনী কুঁৱৰীয়ে জীৰ পৰা আইছুদেউতালৈকে যি এক সুদীৰ্ঘ পৰিক্ৰমাৰ মাজেৰে অসম বুৰঞ্জীৰ বিৰল অধ্যায় মুকলি কৰিল সেয়া নিশ্চয় অনুকৰণীয়৷ ঔপন্যাসিকাই মনে বিচৰা ধৰণে ৰাজনী কুঁৱৰীৰ চৰিত্ৰটো জীৱন্ত কৰি তোলাত সফল হৈছে৷ তেওঁৰ বিচাৰ বুদ্ধিৰে অসমীয়া নাৰীক উৎসাহ যোগাবলৈ সক্ষম হ’ব পাৰিছে৷ৰাজনী কুঁৱৰী বুৰঞ্জীৰ মাজৰ বুৰঞ্জী, সঁচাকৈয়ে দুৰ্বোধ্যৰ সাঁথৰ ৰাজনী কুঁৱৰী, অনন্য তেওঁৰ আদৰ্শ, অকাট্য তেওঁৰ যুক্তি, দাৰ্শনিক, সুপত্নী, মাতৃ আৰু বীৰাংগনা৷
এই বীৰাংগনাই চিনাকি কৰি দিয়ে আমাৰ দেশৰ ইতিহাস৷ এইখনেই আমাৰ দেশ, পাটকাইৰ (এ)ইপাৰে থকা দেশ৷ যিখন দেশৰ প্ৰতিটো জান-জুৰি, পাহাৰ-পৰ্বতে বহন কৰা জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে, হাড়ে হিমজুৱে এক হৈ থকাৰ বতৰা ৰাজনী কুঁৱৰীয়ে আমাক দি যায়৷ সেইখনেই চাওল্যুং ছ্যুকাফাই গঢ়ি থৈ যোৱা দেশ৷

ঠিকনা : তেজপুৰ বিশ্ববিদ্যালয়
ইংৰাজী আৰু বিদেশী ভাষা বিভাগ
ফোন- ৯৬১৩২৬৯৫৭৭

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
2 years ago

বৰ ধুনীয়া লাগিল

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক