পাটৰ পাক – অমিতাভ মহন্ত

ৰবিবাৰৰ এটা অলস সন্ধিয়া৷ শ্ৰীমতীৰ চেফটী পিন এটাৰে কাণখন চাফা কৰি আছিল কলিতাবাবুৱে৷ টেবুলত এটা লাৰ্জ পেগ আৰু এবাটি বাদাম, মৃদু স্বৰত জয়ন্ত হাজৰিকাৰ গান বাজি আছে৷ এটা মন ভাল লগা পৰিৱেশ৷

হঠাৎ সন্মুখত এক নাৰীমূৰ্তিৰ আৱিৰ্ভাৱ৷ সচকিত হৈ বহিল কলিতা৷

– কোনপাট ভাল লাগিছে?

কি “পাট“ৰ কথা বা সুধিলে৷ আহিয়েই বাউঞ্চাৰ৷ ডাক কৰিবলৈও সুবিধা নাপালে কলিতাই৷


“অ’…… মানে মানে!


“কাণফুলিৰ কথা কৈছো৷ এইখন কাণৰপাট ভাল লাগিছে নে এইখনৰ পাট?”

সন্ধিয়াৰ আমেজটোত কোনোবাই যেন পাঁচটামান ভোট জলকীয়া সানি দিলে৷ চন্দ্ৰত নামিয়েই যেন নীল আৰ্মষ্ট্ৰঙে সন্মুখত বাপ্পী লাহিড়ীক দেখিলে৷

কাণফুলি?

– ইয়েচ্ কাণফুলি৷

কলিতাবাবুৰ মাথাৰ স্ক্ৰুবোৰ মচৰ মচৰ কৰি উঠিল৷ ফুলি৷ কাণফুলি৷ এনেই ভাবি চালে কলিতাই৷ কলিতাৰ জীৱনত কাণফুলিৰ গুৰুত্ব কিমান বাৰু ? কলিতাৰ মগজু কেতিয়াবা কম্পিউটাৰতকৈ বেছি চলে৷ সেইদিনাও কলিতাই লগে লগে প্ৰায় চাৰিশমান বস্তুৰ কথা মনত পেলালে৷ নাই, লিষ্টখনত কাণফুলি নাছিল৷

ভাল কাণফুলি নে বেয়া কাণফুলি ? এই মুহূৰ্তত GSTতকৈও গুৰুত্বপূৰ্ণ প্ৰশ্ন৷ বাদামৰ বাতিটোত চকু দি এটা হুমুনিয়াই কাঢ়িলে কলিতাই৷ পেগটো শেষ কৰিবলৈ গাহৰি ভজা দিব নে মাছ ভজা দিব, সেয়াওঁটো সুধিব পাৰিলেহেঁতেন৷

যা হওক, প্ৰশ্নটো যে এভইড্ কৰিব নোৱৰা ধৰণৰ সেয়া ইতিমধ্যে কলিতাই বুজি উঠিছে৷ কাইলৈ বজাৰ কৰিবলৈ গৈ কিবা এটা আনিবলৈ পাহৰি থাকিল, তাৰে বকনি আছেই৷ তাৰ ওপৰত আৰু এইটো টপিকত শুনিব নোৱাৰি৷ এটা ভুলৰ বাবে প্ৰায় বাইশ তেইশ বছৰমান ইনষ্টলমেণ্টত গালি শুনিব লাগে বুলি আইডিয়া এটা হৈ গৈছে কলিতাবাবুৰ৷ বৰ্তমান কলিতাবাবুৰ হাতত এক সুৱৰ্ণ সুযোগ, কালিৰ পাহৰা বস্তুটোৰ বাবে খাবলগীয়া গালিখিনি অলপ হ’লেও কমোৱাৰ৷ চোফাখনত অলপ ৰিলেক্স হৈ বহি ল’লে তেওঁ৷

“চাওঁ কেনেকুৱা কিনিছা” , কাণফুলি চাই, পিটিকি, তেল-মছলা দি চোবাই খালেও ভাল বেয়া বিচাৰ কৰাৰ দম নাই কলিতাবাবুৰ৷ তথাপি আগুৱালে, আৰে ভাই টিমস্পিৰিট্ দেখুৱাব লাগিব না!

“আৰু অলপ ওচৰলৈ আহাচোন৷ ভালকৈ চাওঁ” ,

ভালকৈ চেষ্টা কৰি চালে হয়তো পানীৰ পৰা হাইড্ৰজেন আৰু অক্সিজেন বেলেগকৈ উলিয়াই দিব পৰা যাব৷ কিন্তু কাণফুলিৰ ভাল বেয়া? আজিহে আজি৷ সিদ্ধান্ত নিদি উপায় নাই, সেয়াও ইতিমধ্যে কলিতাবাবুৱে বুজি উঠিছে৷

“সোঁফালৰপাটত এটা খুউব হেৰি ভাব আছে বুজিছা, মানে তামাম গৰ্জিয়াছ৷ কিন্তু মই কম বাওঁফালৰপাট বেছি মজ্জা৷ মানে আচলতে কি জানা, তোমাৰ যিটো ইনহেৰেণ্ট হেৰি, সেইটো বাওঁফালৰপাটে বেছি ফুটাই তুলিছে”,

হেৰি! ! কেতিয়াবা হেৰিতকৈ মজবুত শব্দ বিছাৰি পোৱা নাযায়৷ যত্ৰ, তত্ৰ, সৰ্বত্ৰ ইয়াক ব্যৱহাৰ কৰি সাৰি পলাব পৰা যায়৷

“বাওঁফালৰ কাণফুলি!”, ঠিক সময়ত কেনেকুৱা এটা গুৱেভাৰা ফ্লেভাৰৰ উত্তৰ দি দিলে৷ ভাবিয়েই তৃপ্তি পালে কলিতাই৷ ঠিক তেতিয়াই যেন মিথুনে চাইকেলৰ আঁৰত লুকাই লৈ মৰা গুলীয়ে বিদ্ধ কৰি পেলালে কলিতাক৷

“চব জানো মই৷ কেতিয়াবা মোৰ মাৰ ঘৰৰ পৰা অনা কিবা বস্তু তোমাৰ পচন্দ হৈছেনে আজিলৈকে? সদায় একেই স্বভাৱ৷ মোৰ মা- দেউতাই তোমাৰ কি ক্ষতি কৰিছিল কোৱা”, কলিতাৰ বুকুৰ ভিতৰত প্ৰকাণ্ড “আজি মল্লু যাহ“ এটাই ডবা কোবাই গ’ল৷ কি কাণফুলি, কি সোঁফাল, কি বাওঁফাল…… সোনকালে ভাতকেইটা হ’লে শুই থাকিবই পৰা গ’লহেঁতেন৷

“নহয় অ’, তুমি বুজা নাই৷”

“কি বুজা নাই?


“সমস্যাটো হৈছে টিউব লাইটটোৰ বাবে৷ নিজেই চোৱা, তোমাৰ মুখৰ সোঁফালে একদম আন্ধাৰ৷ মই কালিয়েই ’এল ই ডি বাল্ব’ লগোৱাম ৰ’বা৷ চাওঁ এইফালে ঘূৰি দিয়া, বেছ৷ এইবাৰ বঢ়িয়াকৈ দেখিছো, একদম স্পষ্ট৷ অ’ মাই গড! সোঁফালৰ পাটৰ ফিনিছিং চোৱা৷ হেৰিয়েই বেলেগ একদম৷ মই এতিয়াও কম, বাওঁফালৰপাট ধুনীয়া, কিন্তু সোঁফালৰপাটে ফিনিছিঙত গেইম খেলি দিলে৷ তোমাৰ মায়ে পছন্দ কৰিছে চাগে ন’?

অ’৷

ঠিক জানিছিলোঁ৷ তোমাৰ মাৰ পচন্দ সদায় ইউনিক হয়েই৷অহা ৰবিবাৰে এটা প্লেন ভাবিছো৷”

“কিনো? কোৱাচোন৷”
” তোমাৰ ভণ্টিয়ে যে তোমাক এখন সেউজীয়া কাঞ্জীৱৰমৰ শাড়ী গিফ্ট কৰিছিল, সেইখনৰ লগত মায়ে দিয়া এইযোৰ পিন্ধি ওলাবা৷ সোণাপুৰৰ ফালে ওলাম, মানুহে তোমাক ঘূৰি ঘূৰি চাব!

কলিতা এতিয়া ইণ্টাৰনেচনেল হস্পিটেলত বহি আছে৷ ডাক্তৰে মূৰৰ চিলাইকেইটা কৰা হ’লেই ঘৰলৈ যাব পাৰিব বুলি কৈছে, এডমিট হ’ব নালাগে হেনো!

শাড়ীখন কাঞ্জিৱৰমৰ নাছিল, পাটৰ আছিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক