পাণবজাৰৰ ফুটপাথ আৰু এখন চাদৰ (-মৌচুমী দাস)

পাণবজাৰৰ ফুটপাথ আৰু এখন চাদৰ

মৌচুমী দাস

 

সুব্ৰতৰ দেউতাক তাক পঢ়ুওৱাৰ বাবে কৰা অপৰিসীম চেষ্টা আৰু ত্যাগৰ কথা ভাবিলে সি অস্থিৰ হৈ পৰে৷ তাক উচ্চ শিক্ষাৰে শিক্ষিত কৰাটোৱে যেন দেউতাকৰ একমাত্ৰ লক্ষ্য আছিল৷ স্বপ্নময় আৱেশেৰে সি ঘৰখনৰে কিয়, নিজৰ জীৱনেই পূৰ্ণ কৰিব পৰা নাই৷ দেউতাকে হয়তো নাজানে যে দুৰ্গন্ধৰ মাজত জীয়াই থকা মানুহবোৰে হয় নাকত সোপা দি লয়, ন’হলে নিজকে তেনে পৰিৱেশত অভ্যস্ত কৰি তোলে৷ সুব্ৰতে নোৱাৰে, নোৱাৰে সি অজস্ৰ ধন-সম্পদৰ বিনিময়ত নিজৰ আদৰ্শক বিক্ৰী কৰিব৷ পৰা হ’লে তাৰ দৰে এজন যুৱকৰ সংস্থাপন বিচাৰি পানীত হাঁহ নচৰা অৱস্থা নহয়৷

যি কি নহওক সেইবোৰ কথা ভাবি-গুণি বহি থাকিলেতো ন’হব, গতিকে নিজৰ কাৰণে ন’হলেও ঘৰখনৰ কাৰণে কিবা এটা কৰাৰ পৰিকল্পনা কৰিছে৷ পৰিকল্পনা বুলি বিশেষ একো নাই, জীৱনক তিলে তিলে গঢ়িব বিচাৰে সি৷ নিজৰ অৱস্থাৰ বাবে হুমুনিয়াহ কাঢ়ি অথবা বৰ্তমান চলি থকা অৱস্থাটোৰ বলিশালত মূৰ ভৰাই দিয়া মানসিকতাৰ পৰা সুব্ৰতে দূৰতে অৱস্থান গ্ৰহণ কৰিছে৷ সেয়ে সৰু-সুৰা দুই-এটা ব্যৱসায় কৰি গোটোৱা পোন্ধৰ হাজাৰ মান টকাৰে সি কিতাপৰ দোকান এখন আৰম্ভ কৰাৰ উদ্দেশ্যেৰে গুৱাহাটীলৈ আহিছে৷

পাণবজাৰলৈ ঠিক সোমাই যাওঁতেই তাৰ চকুত পৰিল ‘তিৰোতাজনী’, সামান্য কাপোৰ তাইৰ দেহত আছিল৷ সম্পূৰ্ণ নগ্ন দেহাৰে তাই পাণবজাৰৰ ফুটপাথৰ ওপৰতে থিয় দি আছিল৷ মায়ানগৰী গুৱাহাটীৰ বিলাসবহুল জনজীৱনৰ মাজত সুব্ৰতে তাইক উপস্হাপন কৰিবলে গৈ থমকি ৰ’ল৷ ব্যস্ত মহানগৰীৰ ব্যস্ত নাগৰিক৷ বাটেদি অহা-যোৱা কৰা অসংখ্য মানুহ তাৰ কাষেদি পাৰ হৈ গৈছে, একো অস্বাভাৱিকতা নাই৷ মাজতে দুই এজনে পৰিৱেশটো দূষিত কৰাৰ বাবে তাইক নিজৰ মাজতে ককৰ্থনা কৰিছে৷ ভিন্ন জনৰ ভিন্ন ভিন্ন মন্তব্য, কোনোবাই যদি তাইক তাৰ পৰা খেদি কথাৰে তাইক ককৰ্থনা কৰিছে আন কোনোবাই তাইক শিলগুটি দলিয়াই ক্ষত-বিক্ষত কৰাৰ অভিমত প্ৰকাশ কৰিছে৷ আন কোনোবাই আক’ চৰকাৰকে জগৰীয়া কৰি উচিত ব্যৱস্তা গ্ৰহণ নকৰাৰ বাবে তীব্ৰ ভাষাৰে গৰিহণা দিছে৷ মানুহবোৰ ব্যস্ত, কিন্ত তেনে মন্তব্য দিয়াৰ পৰা বিৰত থকাত তেওঁলোক ব্যস্ত নহয়৷ সুব্ৰতৰ তাইৰ প্ৰতি কৌতূহল জন্ম হ’ল৷ তাই কিয় নগ্ন হৈ থাকিবলগা হৈছে৷ মগজুৰ বিকাৰ ঘটা মানুহ সি দেখিছে কিন্ত মানুহৰ জ্ঞান জন্তুৰ মস্তিষ্কলৈ অৱনমিত হ’ব পাৰে বুলি তাৰ বিশ্বাস কৰিবলৈ মন নগ’ল৷

সুব্ৰতে পাণ দোকানীজনৰ কাষতে ৰৈ তাইক লক্ষ্য কৰিলে৷ তিৰোতাজনীয়ে সন্মুখত পৰি থকা বাতৰি কাকত এখনৰ টুকুৰা এটা লৈ তাইৰ দেহৰ সন্মুখত আঁৰি চালে৷ বাৰে বাৰে আঁৰি লৈ লজ্জা নিবাৰণত তাই ব্যৰ্থ হোৱাত সেইখন ফালি-ছিৰি পেলাই দিলে৷ সুব্ৰতৰ কাষত বিলাসী গাড়ী এখন নামি আহিল এজন সুদৰ্শন যুৱক আৰু লগত এগৰাকী অত্যাধুনিকা, নাকত ৰুমাল লগাই নামি আহিছে৷ সুব্ৰতে সিহঁত হালক পতি-পত্নী বুলিয়ে অনুমান কৰিলে৷

“তিনি হাজাৰমান টকাৰ ভিতৰত যদি শাৰীখন পাই যাওঁ, তেনেহ’লে তোমালৈও শ্বাৰ্ট এটা ল’ব লাগিব৷ তোমাৰ ‘গ্ৰে পেণ্ট’টোৰ লগত ‘মেটচিং’ টি-চাৰ্ট কমি আহিছে ৷” যুৱতীৰ মৃদু ভাষ্যত যুৱকে কেৱল ‘ওঁ’ বুলি মন্তব্য কৰিলে৷ ভদ্ৰ লোকৰ সাজত থকা যুৱকৰ দৃষ্টি সোঁফালে পৰাত ঘৃণাত থুৱাই ক’লে, “সভ্য মানুহৰ বাবে পৃথিৱীখনত বাস কৰাই মস্কিল হৈ পৰিছে৷” মন্তব্যটো দিওঁতে তেওঁ এনেদৰে দিলে যেন পৃথিৱীখন সৃষ্টিকৰ্তাই তেওঁলোকৰ দৰে ভদ্ৰ সাজপাৰ পিন্ধি শিক্ষিত হৈ অভদ্ৰ আচৰণ কৰিবলৈহে সৃষ্টি কৰিছে৷ পতিৰ মন্তব্যত পত্নীয়ে আঁৰ চকুৰে তেওঁৰ দৃষ্টি আৰু বক্তব্যৰ লক্ষ্যবস্তটো নিৰীক্ষণ কৰি যুৱকৰ হাতত ধৰি আগুৱাই গ’ল৷

সুব্ৰত আগুৱাই গ’ল৷ বাৰে বাৰে তাৰ মনত নগ্ন তিৰোতাগৰাকী ভাঁহি উঠিল৷ আনৰ দৰে সুব্ৰতে এটা বেয়া বস্তু প্ৰত্যক্ষ কৰা বুলি মানি ল’ব নোৱাৰিলে। বাতৰি কাগজখনেৰে বাৰে বাৰে তাইৰ দেহ ঢাকিবলৈ কৰা বৃথা প্ৰচেষ্টাৰ ছবিখন সুব্ৰতৰ চকুৰ পৰ্দাত স্হিৰ চিত্ৰৰ দৰে থাকি গ’ল৷ সুব্ৰতৰ চকুৰ সন্মুখত মাকৰ চাদৰখনৰ আঁচলটো অহা যোৱা কৰিবলৈ ধৰিলে ৷ লগে লগে সেই নগ্ন তিৰোতাজনীয়ে তাৰ মনত তুলিলে তীব্ৰ আলোড়ণ৷ মটৰচাইকেল আৰোহী ল’ৰা দুটাই তাইক দেখি মৰা সুহুৰিকেইটা অট্টহাস্যৰ দৰে সুব্ৰতৰ কাণত বাজিবলৈ ধৰিলে ৷

কিতাপ পত্ৰ আৰু যাৱতীয় দুই এটা সম্পদ লৈ সুব্ৰত ফুটপাথটোৱেদি আহি আছিল৷ এনেতে হঠাৎ বাল্যকালৰ বন্ধু নিবিড়ক লগ পালে৷

“সুব্ৰত তই ইয়াত যে?”
“অ’ নিবিড়, বহুত দিনৰ পাছত লগ পালোঁ৷ ব্যৱসায়ৰ কামত আহিছোঁ৷”, সুব্ৰতৰ লগত নিবিড় একেলগে পঢ়িছিল৷ শিক্ষা জীৱন সুখৰ নহ’লেও বৰ্তমান তাৰ জীৱন পূৰ্ণতাপ্ৰাপ্ত বুলি নিবিড়েই এবাৰ কৈছিল৷ “সোঁতৰ লগত উটি যা ভাই” এইয়া হ’ল নিবিড়ৰ আদৰ্শ৷ তাৰ লগত সুব্ৰতৰ কলেজীয়া দিনৰ পৰাই মতানৈক্য৷ তথাপিও সি তাক বেয়া নাপায়৷ স্পষ্টবাদী সি, নিৰ্ভীকো৷ নিজকে সি এখন আঁৰবেৰেৰে ঢাকি নথয়৷ উন্মুক্ত তাৰ প্ৰাথমিক চৰিত্ৰ৷

“তই আৰু ব্যৱসায় ? ইয়ে বাট্ কুছ্ হজম্ নেহি হুঁই”, নিবিড়ে কথাখিনি কৈ হাঁহিবলৈ ধৰিলে৷

“কিয় মোৰ ব্যৱসায় ক্ষমতা নাই নেকি?” সুব্ৰতে ক্ষীণ হাঁহিৰে ক’লে৷

“নিশ্চয় আছে, পাচে মাটিত জাহাজ চলোৱা মই দেখা নাই”, নিবিড়ৰ কথাত সুব্ৰতে একো নক’লে৷ নিবিড়হঁতৰ মনত যে সুব্ৰতে এক বিশেষ স্হান দখল কৰি আছে সেইয়া সি জানে৷

সুব্ৰতৰ অন্তৰত এতিয়াও সেই তিৰোতাগৰাকীৰ কথাই তোলপাৰ লগাই আছিল৷ কিয় জানো তিৰোতাজনী পণ্য হোৱাটো সুব্ৰতে কামনা কৰা নাছিল৷ তাৰ মুখমণ্ডলত এক প্ৰকাৰ উদ্দিগ্নতা দেখা পোৱা গ’ল৷ তাৰ চিন্তাক্লিষ্ট মুখমণ্ডল দেখি নিবিড়ে সুধিলে, “তোক খুব চিন্তাক্লিষ্ট যেন দেখিছোঁ, কিবা সমস্যা হৈছে যদি ক’ !”

নিবিড়ে জানে নিজৰ সমস্যাৰ বখানি মেলি আনৰ পুতৌ আদায় কৰাবিধৰ ল’ৰা সুব্ৰত নহয়৷ কিন্ত মনৰ দোদুল্যমান অৱস্থা সুব্ৰতে বেছিপৰ ধৰি ৰাখিব নোৱাৰিলে৷ তাৰ কথা শুনি নিবিড়ে হাঁহিবলৈ ধৰিলে৷ নিবিড়ে ক’লে, “তোৰোযে আৰু কোনো পৰিৱৰ্তন নহ’ল, অলাগতীয়াল চিন্তাত মিছাই মূৰৰ কামোৰণি গোটাই লৈছ ৷ আচ্ছা, এই পথটোৱেদি দৈনিক কিমান মানুহ অহা-যোৱা কৰে তই জান! প্ৰায় দহহাজাৰ মানুহ, হয়তো তাতোকৈ বেছি৷ কিন্ত যিটো কথা দহহাজাৰ মানুহে উলাই কৰিব পাৰে তই কিয় নোৱাৰ ? তোৰ তাত কি অসুবিধা ? বাদ দে বুজিচ, বাদ দে, আজে বাজে কথা বাদ দে৷ নিজৰ কথা ভাব৷ ক’ৰ তিৰোতা ঠিক নাই, তাতে এইজনীয়ে আকৌ কাপোৰেই পিন্ধিব নাজানে, তেনে অসভ্য এজনীৰ কথা ভাবি সি আকৌ………

সুব্ৰতে ‘হুঁ’ বুলি শব্দ কৰি সেই একেটা কথাই ভাবি থাকিলে―

সুব্ৰতৰ মতে তিৰোতাজনী মানসিক ৰোগী হ’লেও তাইৰ মানবীয় মনটো যেন জাগি উঠিছে৷ কিন্ত এতিয়া তাই ইচ্ছা কৰিলেও কাপোৰ এপদ যোগাৰ কৰি ল’ব নোৱাৰে৷ এই মৌলিক প্ৰয়োজনটো পূৰাবৰ বাবে তাইৰ আৰ্থিক সামৰ্থ্য নাই৷ নহ’লেনো তাই জাবৰৰ দ’মৰ মাজত খাদ্য সন্ধান কৰি থাকেনে ? বাতৰি কাকতে শৰীৰ ঢকাৰ সেই ব্যৰ্থ প্ৰচেষ্টাই কি প্ৰমাণ কৰে ?

নিবিড়ৰ কিবা কাম থকাৰ বাবে সি গ’লগৈ৷ অলপ দূৰৈত থকা কাপোৰৰ দোকানখনলৈ চাই মাকৰ বাবে সি চাদৰ দুখন কিনাৰ কথা ভাবিলে। হাতত ইমান টকা নাই, তথাপিও চাদৰ দুখন কিনিবই লাগিব৷ ঘৰলৈ যোৱা বাছৰ ভাৰাটো ৰ’লেও হ’ব, সেইবুলি সি চাদৰ দুখন কিনিয়েই ল’লে৷ মাকে আগতে নিজেই বোৱা-কটা কৰি নিজৰ বাবে চাদৰ বৈ লয়, লগতে তাৰ আৰু দেউতাকৰ বাবেও কাপোৰ বয়৷ মাকে বৈ দিয়া শ্বাৰ্ট চিলাই পিন্ধা সুখৰ অনুভূতিয়ে বেলেগ৷ সেয়া অকল পিন্ধোঁতাজনেহে অনুভৱ কৰিব পাৰে৷ কাপোৰৰ প্ৰতিডাল সূতাৰ পাহে পাহে যেন মাকৰ মৰমৰ উম সোমাই থাকে কোনেও ক’ব নোৱাৰাকৈ৷ এতিয়া মাকৰ প্ৰয়োজনৰ সময়ত যদি সি কাণসাৰ নিদিয়ে তেন্তে সি তাৰ বিবেকৰ ওচৰতে দোষী সাব্যস্ত হ’ব৷ চাদৰ এখনৰ প্ৰয়োজন মাকে মুখ ফুটাই নক’লেও সি বুজি পায়৷

কিন্ত সেই তিৰোতাজনী ! তাইৰ নগ্নতাই যেন গোটেই সমাজখনকে উপলুঙা কৰিছে৷ উন্নতিৰ শিখৰত আৰোহণ কৰা মানুহৰ, আলোক-উজ্বল ৰাতিত বাস কৰা মানুহৰ সামৰ্থ্যৰ দৌৰ তাইৰ নগ্নতা উপভোগ কৰাতেই বা কালান্তক ব্যাধিৰ দৰে তাইক এৰি চলাতেই সীমাবদ্ধ৷

সুব্ৰতে দোকানখনৰ ভিতৰলে গৈ আৰু এখন চাদৰ কিনি আনিলে৷ চাদৰখন হাতত লৈ সুব্ৰতে অনুভৱ কৰিলে কিবা এক গভীৰ প্ৰশান্তি। অন্ততঃ কিছুদিনলৈ পাণবজাৰৰ চিৰপৰিচিত অথচ সম্পূৰ্ণ অচিনাকি এই তিৰোতাজনীয়ে বাতৰি কাকতেৰে গা ঢকাৰ বৃথা চেষ্টা কৰিব নালাগে ৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments