পাণ তামোলৰ কথাৰে (পিংকী বৰুৱা)

তামোল পাণ তেনেকৈ নাখাওঁ যদিও ছিক্কিমত থাকোতে কেতিয়াবা তামোল খাবলৈ বৰকৈ মন যায়৷ মই অকল তামোল আৰু পাণহে খাওঁ, তাকো কেতিয়াবা৷ চূণ আৰু চাধা দি তামোল খাই পোৱা নাই৷ তাত তামোল পাণ খোৱাৰ ব্যৱস্থা নাই৷ দুই এখন দোকানত মিঠা পাণ আৰু জৰ্দা পাণ পোৱা যায়৷ কেতিয়াবা খাবলৈ মন গ’লে মিঠা পাণকে কিনি খাওঁ৷

এদিন আমাৰ ছোৱালীজনীক নেপালী টিউচন কৰা ষ্টেইলা মিছে পাণ তামোলৰ পেকেট এটা মোক দিলে৷ তেওঁ অসমলৈ গৈছিল হেনো কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ৷ আহোতে অসমৰ চিন হিচাপে কাটি থোৱা তামোল চাৰিখনৰ পেকেট কিছুমান কিনি আনিছিল৷ চিনাকি মানুহ বোৰক তাকে বিলাইছে হেনো অসমৰ বিখ্যাত তামোল বুলি৷ মই ভাল পাম বুলি মোৰ বাবেও এটা পেকেট ৰাখিছিল৷ তামোলৰ পেকেটবোৰ শেষেই হ’ল হেনো৷ কিছুমানে তামোল নোপোৱাৰ বাবে তেওঁক বেয়াই পাইছে৷ মই হাত পাতি পেকেটটো লৈ তেওঁক ধন্যবাদ দিছিলো৷ মই মনতে বৰ আনন্দও পাইছিলো৷ আমাৰ তামোলৰ ইমান সমাদৰ দেখি বৰ ভাল লাগিছিল৷ তেওঁ তামোলৰ বিষয়ে মোক সুধিছিল৷

— আচ্ছা, আপোনালোকে তামোল কিয় খায়? ইয়াৰ বিষয়ে জানিবলৈ বৰ ইচ্ছা যায়৷ অসমলৈ গ’লে চিন হিচাপে ইয়াৰ মানুহে তামোলহে কিনি আনে৷ ষ্টেইলা মিছে মোক সুধিছিল৷
— তামোল অসমীয়া মানুহৰ আপুৰুগীয়া সম্পদ৷ অসমীয়া মানুহৰ ঘৰলৈ ফুৰিবলৈ গ’লে প্ৰথমে তামোল খনহে আগত দিয়ে৷ তাৰ পিছতহে চাহ জলপান দিয়া হয়৷ চাহ জলপান খোৱাৰ পিছতো আকৌ তামোল খোৱাইহে গৃহস্থই বিদায় দিয়ে৷ আপুনি আলহী আহিলে চাহ কাপ দিয়ক বা নিদিয়ক কিন্তু তামোলখন দিব লাগিব৷ নহ’লে বেলেগৰ আগত কৈয়েই দিব “ অমুকাৰ ঘৰত কি যাবি তামোল এখনকে দিবলৈ সামৰ্থ নাই…“৷ অসমীয়া মানুহক দিনৰে হওক বা ৰাতিৰে হওক আহাৰ গ্ৰহণ কৰাৰ পিছতো তামোল খন লাগিবই৷ তামোল নাখালে হেনো মুখ খন সেৰেকা লাগে৷ অসমীয়া মানুহৰ প্ৰতিটো অনুষ্ঠান বিয়া- সবাহ, সকাম-নিকাম সকলোতে তামোল পাণ অপৰিহাৰ্য্য৷ বিয়া এখনত যিমানেই খৰচ নকৰক কিয় তামোল পাণ নহ’লে নহ’ব৷ ছোৱালী এজনী বিয়াৰ বাবে কথা পাতিবলৈ যোৱাৰ পৰা কইনা হৈ ঘৰ সোমোৱালৈকে তামোল লাগিবই৷ জ্যেষ্ঠজনক সেৱা কৰিবলৈও তামোল লাগিব৷ আপুনি ডাঙৰ দোষ এটা কৰিছে বাবে ৰাইজে আপোনাক এঘৰীয়া কৰি থৈছে৷ আপুনি যদি তামোল পাণ এযোৰ আৰু টকা এটা বটা এখনত লৈ ৰাইজৰ ওচৰত আঁঠু লৈ ক্ষমা বিচাৰে ৰাইজে আপোনাক আকৌ আগৰ দৰে আঁকোৱালি ল’ব …… আৰু বহুত কথা আছে আপোনাক এতিয়া মই বুজাই ক’ব নোৱাৰিম৷ মুঠতে এইটো জানক তামোল এনেকুৱা এটা বস্তু যাক আপুনি গুৱাহাটীৰ পৰা আনি ছিক্কিমত বিলাইছেহি৷ মই ষ্টেইলা মিছক ক’লো৷

ষ্টেইলা মিছে অবাক হৈ কথাবোৰ শুনিছিল৷ তেওঁ ভবাই নাছিল হেনো সাধাৰণ তামোলটোত ইমান গুৰুত্বপূৰ্ণ কথা থাকিব পাৰে৷ মোৰ পিছে তেওঁক কথাখিনি ক’বলৈ পাই ভাল লাগিছিল৷
— আচ্ছা, তামোলটো সন্মানৰ বস্তু নহয়ইনে? মিছে আকৌ মোক সুধিছিল৷
— হয় মিছ৷
— আপোনালোকৰ মানুহবোৰে তামোলটোৰ বদনাম কিয় আনে?
— মানে…
— মই গুৱাহাটী এইবাৰৰ সৈতে তিনিবাৰ গৈছো৷ তাৰ এটা কথায়ে মোৰ ভাল নালাগে৷ তামোলটো খাবলৈ মোৰো ভাল লাগে৷ কিন্তু ইয়াৰ থুইটো (পিক) মানুহে কিয় য’তে ত’তে পেলায়? আমি থকা হোটেলবোৰৰ ষ্টেয়াৰকেছবোৰৰ কৰ্ণাৰবোৰত বহুত থুই দেখো৷ য’তেই যাওঁ তাতে তামোলৰ ৰঙা থুইটো দেখো৷ মুখৰ পৰা উলিয়াই দিয়া বস্তুটো মানুহবোৰে ঘৰৰ ভিতৰতো পেলাব আৰু বাহিৰতো পেলাব৷ বহুত লেতেৰা মানুহ আছে অসমত৷ আমাৰ মানুহে এইবোৰ ভাল নাপায়৷ তামোলটো বেয়া বস্তু হয়৷ মানুহ অলপ চাফা হ’ব লাগে….

একেলেঠাৰিৰে কৈ যোৱা কথাখিনি শুনি মোৰ ইমান পৰে তামোলৰ ওপৰত দিয়া ৰচনাখন এনেই ক’লো যেন লাগিল৷ মানুহ গৰাকীৰ আগত বৰ লজ্জিত অনুভৱ কৰিছিলো৷ কি ক’ম মই ভাবি পোৱা নাছিলো৷ তেওঁটো মিছাও কোৱা নাই৷ অসমত যি দেখি গৈছে তাকেহে কৈছে তেওঁ৷ তামোল কেইখন দলিয়াই দিবলৈ মন গৈছিল৷

— তেনেকুৱা কথা নহয় মিছ৷ সকলো মানুহে তামোল খাই য’তে ত’তে পিক নেপেলায়৷ আপুনি গুৱাহাটী গৈছে৷ নৰ্থ ইষ্টৰ প্ৰাণকেন্দ্ৰ হৈছে গুৱাহাটী৷ ইয়ালৈ বিভিন্ন ধৰণৰ মানুহ নৰ্থ ইষ্টৰ গোটেই কেইখন চহৰৰ পৰায়ে আহে৷ তামোল খাই তাত অকল অসমৰ মানুহে পিকাইছে বুলি ক’লে ভুল হ’ব৷ নেদেখাকৈ পটকৈ লেতেৰা বুলি কৈ দিলে অসমীয়া হিচাপে মোৰো বেয়া লাগে মিছ৷ কিবা কিবি আৰু কৈছিলো৷

— ছ’ৰী ছ’ৰী, বেয়া নাপাব৷ মই আসামিজ মানুহ ক’ব নালাগিছিল৷ মোৰে ভুল হৈছিল৷ আপুনি ঠিক কথা কৈছে তাত বহুত ৰকমৰ মানুহ যায়৷ মইটো দেখা নাই তেওঁ আসামিজ মানুহ আছিল নেকি? মিছে অলপ লাজো পালে৷

মিছৰ ঘৰৰ পৰা ইহঁতদুটাক লৈ আহোতে মনতে ভাবিলো৷ মিছে মিছা কথাটো কোৱা নাই৷ সঁচা কথায়ে কৈছে৷ আমি অসমীয়া সকলে তামোল খাবলৈহে শিকিলো৷ ইয়াৰ পিকখিনি ক’ত পেলাব লাগে নিশিকিলো৷ আমি আলহীৰ ঘৰত তামোল খালে কথা পাতি পাতি ক’ব নোৱাৰাকৈ পিক খিনি আহি দুৱাৰমুখতে পেলাই দিওঁ৷ সেইখিনি পিছত দেখিবলৈ কিমান দৃষ্টকটু হ’ব পাৰে নাভাবো৷ গৃহস্থই কাৰ্যটো ভাল পালেনে নাই সেইটোও নাভাবিলো৷ মানুহৰ ঘৰত তামোল দিলে পাণত চূণ খিনি লগাই বেছি হোৱা চূণকণ আঙুলিত লাগি থাকিলে পটকৈ বহি থকা চকীখনৰ খুৰাটোত বা বেৰত লগোৱাটো অভ্যাস৷ গৃহস্থই যে কথাটো মন কৰিছেনে নাই তালৈ আমাৰ ভ্ৰুক্ষেপ নাই৷
আমাৰ ঘৰত আগতে এনেকৈ চকী বা বেৰত চূণ লগোৱা কাৰবাৰটো দেউতাই ভাল নাপাইছিল৷ কৰ্মস্থলীৰ পৰা দেউতা বহুদিনৰ পিছত আহিলে কষ্টৰে বনোৱা ঘৰটো ইফালে সিফালে চায়৷ বেৰত আৰু চকীত চূণ লাগি থকা দেখিলে মাক মাতি দেখায়৷ — তামোল খালা বুলি আৰু য’তে ত’তে চূণবোৰ মোহাৰিব নালাগে নহয়৷

— দেতা, এইয়া তামোলী খুৰায়ে মোহাৰিছিল৷ মায়ে কিবা কোৱাৰ আগতে ভণ্টিয়ে টপককৈ মাত লগায়৷
— এইবাৰৰ পৰা তামোলী খুৰা আহিলে তামোল দিলে চূণ এনেকৈ মোহাৰিব ধৰিলে নিজৰ হাতখনকে পাতি দিবা৷ ইয়াতে মোহাৰক বুলি ক’বা৷ তেতিয়া আৰু এনে কাম কেতিয়াও নকৰে৷ দেউতাই চূণবোৰ এৰুৱাই হাঁহি হাঁহি কৈছিল৷

দেউতা ঘৰত থকা অৱস্থাত কোনোবা আলহীয়ে চকীত চূণ মোহাৰিলে দেউতাই কাপোৰ এখন আনি আলহীৰ আগতে চূণখিনি মোহাৰি দিছিল৷ আলহীয়ে লাজ পাই পিছলৈ তেনে নকৰা হৈছিল৷ তামোলৰ পিক য’তে ত’তে পেলোৱাটোও তেওঁ বৰ বেয়া পাইছিল৷

অসমৰ হস্পিতাল, চৰকাৰী অফিচ, চিনেমা হ’ল, এল আই চি অফিচ, বেংক, হোটেল আদিত ছিৰি বগাই যাওঁতে বিশেষ এডোখৰ ঠাই মানুহে তামোলৰ পিক পেলাবলৈ ব্যৱহাৰ কৰে৷ বছৰ বছৰ পিক পেলাই বেৰখনৰ ৰঙেই বেলেগ কৰি দিয়ে৷ উপাই নাপায় কিছুমানে তাত পিক নেপেলাব বুলি লিখা ফলক আৰি দিয়ে যদিও ফলক খনতহে বেছিকৈ পিক পেলাব ধৰে৷ গোলাঘাটত নতুনকৈ ষ্টেটবেংকটো বনাইছিল৷ টাইলচ আৰু বহিবলৈ আধুনিক আচবাবেৰে বৰ সুন্দৰকৈ অফিচটো বনাইছিল৷ বহুতে কৈ আছিল অফিচটো বৰ ধুনীয়া হৈছে৷ এদিন কাম এটাত তালৈ গৈছিলো৷ ছিৰিৰে উঠি যাওঁতে বিশেষ ঠাইকনতে তামোলৰ পিকে ফুল বাছি থৈছিল৷ মনটো বিতৃষ্ণাৰে ভৰি পৰিছিল৷ কোন সতেৰে বাৰু মানুহে টাইলচ লগোৱা আৰু পুটিং কটা ৱাল খনত পিক পেলালে৷ তামোল খাব জানিলে পিকখিনি ক’ত পেলাব লাগে শিকিলে ভাল৷ বাহিৰৰ মানুহে আমাক লেতেৰা নকৈ কাক ক’বনো? এটা কথা মই সদায় মন কৰো৷ য’তে “ইয়াত প্ৰসাৱ নকৰিব“ লিখা দেখো সেই ঠাইতে মানুহে প্ৰসাৱ বেছিকৈ ক’ৰে৷ আকৌ য’তে “ইয়াত পিক নেপেলাব“ লিখা থাকে তাতে বেছিকৈ পিকাব৷ আনহাতে য’তে “ইয়াত ঘোঁচ নিদিব“ লিখা থাকে তাতে ঘোঁচ লোৱাৰ কোব বেছি হয়৷ কথাটো মই বুজি নাপাওঁ৷ নকৰিব মানে সন্মতি দিয়া বুজায় নেকি? ? ?

ভাৰতৰ মানুহক পৰিষ্কাৰ পৰিছন্নতাৰ কথা প্ৰধান মন্ত্ৰী ডাঙৰীয়াই ক’ব লাগে৷ আমি ইমান লেতেৰানে? প্ৰধান মন্ত্ৰী ডাঙৰীয়াই ক’লে চাফা হ’ম৷ কাগজ পলিথিনেই নহয় য’তে ত’তে তামোলৰ পিক পেলোৱাটো বন্ধ কৰিব লাগে৷ চৰকাৰী অফিচ, হস্পিতাল, চিনেমাহল… আদিত তামোল খোৱা মানুহক সোমাবলৈ দিব নালাগে৷ যদি কেনেবাকৈ খাই পিকাইয়ো জৰিমনা দিয়াতকৈ তেওঁৰ হাতেৰে চাফা কৰিব দিব লাগে৷ তেতিয়াহে সকলো চিধা হ’ব৷ প্ৰধান মন্ত্ৰী ডাঙৰীয়াইয়ো চাগৈ আমাৰ ভাৰতৰ মানুহবোৰ লেতেৰা বুলি লাজ পাইছে৷ নহ’লেনো স্বচ্ছ ভাৰত মিছনত লাগেনে? বাহিৰৰ মানুহে আহি আমাৰ অসমখনৰ বিষয়ে ভালকৈ ক’লে ভাল লাগে৷ যেতিয়া অসমৰ মানুহে নিজৰ মুখৰ থুইখিনি ঘৰৰ ভিতৰত পেলাব লাগেনে বাহিৰত পেলাব লাগে নাজানে বুলি ক’ব তেতিয়া বাৰু আপোনাৰ কেনে লাগে? তামোল আছে খাওক কিন্তুু আপোনাৰ তামোল খোৱা বদ অভ্যাসটোৰ বাবে বেলেগে তামোলকে বেয়া বুলি ক’লে ভাল লাগিব জানো? ?
এই লেখাটো লিখি থাকোতে মোক এওঁ কি লিখি আছা বুলি সুধিছিল৷ মই তামোলৰ পিকৰ ওপৰত লিখিছো বুলি কোৱাৰ লগে লগে এওঁ ক’লে — আমাৰ অফিচৰ দুঠাইত পিক পেলোৱা ঠাই আছিল৷ এতিয়া পিছে দুই ঠাইতে সৰস্বতী পূজাৰ মূৰ্তি দুটা থৈ দিয়াৰ পৰা কোনেও পিক নেপেলোৱা হ’ল৷

এওঁৰ কথাটো শুনি মোৰ বৰ ভাল লাগিল৷ ঘৰৰ ভিতৰত পিক পেলোৱা সকলক লেকাম লগাবলৈ সুন্দৰ উপাই দেখোন৷ এইটো উপাই অৱলম্বন কৰিলে তামোলৰ পিকৰ ত্ৰাসৰ পৰা মুক্তি পোৱা যাব চাগৈ৷ আজিৰ পৰা একো নহ’লেও তামোলৰ পিক পেলোৱা কাৰ্য্যলয়বোৰত পিক পেলোৱা ঠাইত একোটাকৈ ভগৱানৰ মূৰ্তি থৈ দিলে সমস্যাৰ সমাধান হ’ব যেন পাইছো৷
☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments