পানীত শাক ৰোৱক! — শিল্পী ভূঞা গোস্বামী।

বহুত বছৰৰ আগতে শুনিছিলো ইজৰাইলত বোলে মাটি নোহোৱাকৈয়ে শাক পাচলিৰ খেতি কৰে। তেতিয়া শুনি বৰ আচৰিত লাগিছিলে পিছে এতিয়া আমাৰ দেশতো এনে ধৰণৰ খেতিৰ পদ্ধতি নতুন হৈ থকা নাই, যাক কোৱা হয় বায়’পনিক বা হাইড্ৰ’পনিক পদ্ধতি।

খেতি বাতি কৰি ভাল পোৱা মানুহ। এই পদ্ধতিটোও চেষ্টা কৰি চাবলৈ মন গৈ আছিল। সেয়েহে বিভিন্ন ঠাইত পঢ়ি ঘৰতে পৰীক্ষামূলক ভাবে অতি সহজ আৰু সাধাৰণ উপায়েৰে মেথি আৰু বুটৰ শাক বিকশিত কৰিবলৈ চেষ্টা কৰিলোঁ। চমৎকাৰী সফলতাৰ পোন্ধৰ দিনৰ ফলাফল কেমেৰাত সাঁচি থলোঁ। কোনো ধৰণৰ কীটনাশক বা আন ৰাসায়নিক দ্ৰব্য নথকা এই শাকখিনি ইমানেই সোৱাদ আছিল যে বুজাব নোৱাৰোঁ।

ৰাজস্থানত অসমৰ দৰে বহুত বেছি শাক পাত পোৱা নাযায়। মই আকৌ শাক খাই বৰ ভাল পাওঁ। তাৰোপৰি ক’ৰবাত পঢ়িছিলোঁ যে বজাৰৰ শাকত আটাইতকৈ বেছি কীটনাশক দ্ৰব্য দিয়া হয়, সেয়েহে বজাৰৰ পৰা কিনি শাক খাবলৈ ভাল নাপাওঁ। কম বেছি পৰিমাণে ঘৰতে ৰুই লওঁ। কিন্তু এইবাৰ এই পদ্ধতিৰ অভূতপূৰ্ব সাফল্যই এই কাম আৰু সহজ কৰি পেলালে। বিশেষকৈ যি সকলৰ ঠাইৰ অভাৱ/ মাটিৰ অভাৱ তেওঁলোকৰ কাৰণে খুবেই ভাল উপায় এইটো।

মই ভাবোঁ আমি সকলোৱে যিকোনো উপায়েৰে প্ৰকৃতিৰ লগত জড়িত হৈ থাকিব লাগে। মাটি নাই/ঠাই নাই/ পাত্ৰ নাই ইত্যাদি বোৰ অজুহাতৰ কোনো থলেই থাকিব নালাগে জীৱনত। এয়া প্ৰকৃতিৰ প্ৰতি আমাৰ কৰণীয় আৰু দায়িত্ব। এয়াই সময়ৰ আহ্বান। যি যেনেকৈ পাৰোঁ, নিজা সামৰ্থ্য অনুযায়ী নিজাববীয়াকৈ অলপ হ’লেও প্ৰকৃতিৰ লগত হাত মিলাও আৰু আন দহজনকো অনুপ্ৰাণিত কৰোঁ আহক। তেতিয়াহে আমাৰ উত্তৰ প্ৰজন্মইও পৃথিৱীৰ প্ৰতি নিজৰ দায়িত্ব বুজিব।

এই সহজ নিজে কৰি সুফল পোৱা হাইড্ৰ’পনিক পদ্ধতিটোৰ সবিশেষ আপোনালোকলৈ আগবঢ়ালোঁ। ফ’টোত দিয়া নাম্বাৰিঙৰ মতে ষ্টেপ সমূহ লিখি দিছোঁ। আপোনালোকো লাভান্বিত হ’ব বুলি আশা কৰিলোঁ।

(১) ক’লা বুট মাহ কেইটামান আৰু মেথি দানা কেইটামান এৰাতি তিয়াই থলোঁ। (আপোনালোকে লাই, মটৰমাহ, সৰিয়হ, পালেং আদি বিলাকৰ গুটিও ল’ব পাৰিব। বুট মাহৰ শাক ৰাজস্থানৰ ফালে খায়, বৰ সোৱাদ।)

(২) পিছদিনা পানী টুকি খৰাহী জাতীয় পাত্ৰত থৈ তিতা কাপোৰেৰে ঢাকি খৰাহী কেইটা পানীপূৰ্ণ বাচনৰ ওপৰত থৈ দিলোঁ। তলৰ পাত্ৰৰ পানীয়ে যাতে দানা কেইটা বুৰাই পেলাব নোৱাৰে তালৈ লক্ষ্য ৰাখিব। তলৰ পাত্ৰৰ পানী আৰু গুটি কেইটাৰ মাজৰ আধা ছেন্টিমিটাৰ মানৰ ব্যৱধান ৰাখিব।

(৩ আৰু ৪) পিছদিনা দেখিলোঁ গাজ ওলাইছে আৰু খৰাহীৰ তলেৰে সৰু সৰু শিপা বিকশিত হৈছে। লাহে লাহে দেখিব শিপা বিলাকে আপোনা আপুনি তলৰ পাত্ৰৰ পানী চুবলৈ গতি কৰিব, কিবা যাদুৰ দৰেই। শিপা বিলাকে পানী চুব পৰাকৈ পাত্ৰৰ পানীৰ পৰিমান নিয়ন্ত্ৰন কৰিব লাগে। শিপাই যাতে পানী চুব পাৰে কিন্তু গুটি কেইটাই নহয়, লক্ষ্য ৰাখিব। দিনটোত দুবাৰ মান ওপৰৰ ঢাকি কাপোৰ খন তিয়াই দিব।

(৫) পাঁচ দিনৰ দিনা গোটেই খিনি আয়োজন, বাহিৰলৈ ৰ’দ পোৱাকৈ উলিয়াই দিলোঁ। ইয়াৰ পাছত ভিতৰলৈ আনিব নালাগে, বাহিৰতেই থব লাগে। ঢাকি থোৱা কাপোৰ খন এতিয়া আঁতৰাই দিব পাৰে। দিনটোত দুবাৰমান গুটি কেইটাক ওপৰৰ পৰা পনীৰ স্প্ৰে মাৰি দিব। লগতে আৰু এটা কথা কওঁ, বৰ্তমান গৰম বাঢ়ি আহিছে। মই এই পৰীক্ষাটো কৰোতে ঠাণ্ডা দিন আছিল। গতিকে বাহিৰত বহুত বেছি চিধা ৰ’দ পৰা ঠাইত নথ’ব। বতৰৰ গতিবিধি অলপ চাই ল’ব।

(৬) লাহে লাহে দেখিব সেউজীয়া পাত ওলাইছে আৰু লহপহাই বাঢ়িও যাব, শিপাও সমানেই বাঢ়ি যাব, কিবা যাদুৰ দৰেই। দুদিনৰ ব্যৱধানত তলৰ পাত্ৰৰ পানী সলাবলৈ নাপাহৰিব। পানীখিনিত বহুতে নিউট্ৰিয়েনটচ মিলাই কিন্তু মই একোয়েই মিলোৱা নাই।

(৭) দহ দিনৰ দিনা যথেষ্ট ডাঙৰ হোৱা দেখা গ’ল আৰু শিপাখিনিও সুন্দৰকৈ বাঢ়ি গৈছিল। মাটিত হোৱা খেতিতকৈও বেছি তজবজীয়া হৈ পৰিছিল শাকখিনি। কিবা অদ্ভুত চমৎকাৰ যেন হে লাগিছিল মোৰ।

(৮) পোন্ধৰ দিনৰ দিনাৰ ফলাফল। শাক তুলিব পৰা হ’ল। তোলোঁতে তলৰ পৰা দুই ইঞ্চি মান এৰি কাটিব। শাক খিনি পুনৰ গজিব। কিবা চকুৰ সন্মুখতে প্ৰতিদিনে বাঢ়ি অহা শাকখিনি চাই থকাৰ অনুভৱ ব্যক্ত কৰিব নোৱাৰোঁ।

(৯) ফ’টোত চাওঁক চোন এপাচি সেউজীয়া!
পোক পতঙ্গ বিহীন! ৰাসায়নিক দ্ৰব্য বিহীন!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments