পানীৰ চোলা – বিশাল ৰয়

 

তেওঁলোক কবি,
তেওঁলোকৰ বুকুত মুখ গুজি উমাল হৈছে
মানৰ দিনৰ কবিতাবোৰ,
ৰাসায়নিক প্ৰক্ৰিয়াৰে গঢ় লৈ উঠে শব্দবোৰ৷
সিহঁতে দিনৰ পোহৰত চকুলোৰ ৰেকৰ্ডিং কৰে৷
পাখি ভঙা পাহাৰখনৰ, বুভূক্ষা গছবোৰৰ,
বানত বিধৱা হোৱা পথাৰখনৰ৷
কলমৰ নিবটোত পূৰঠ চিঞাহীৰ দাগ,
কোটৰ পকেটত লুকাই থৈ দিয়েহি দুমুখীয়া হৃদয়
পুৱাবোৰে গাভৰু হৈ ৰাতিৰ আবিৰ সানে আৰু সিহঁতে মৰ্গৰ পৰা উলিয়াই আনে এন্ধাৰ গলিৰ লেতেৰা খেল৷
আমাক এখন পানীৰ চোলাৰ প্ৰয়োজন!
চেনেহৰ সূতাৰে সিঁয়া, ৰঙবিহীন, কুটিলতাহীন আৰু যিখন চোলাত অংকিত হৈ আছে
সপোনৰ পেইণ্টিংখন!■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক