পানীৰ বিষয়ে এখন অতি গহীন ৰচনা….(মাখনলাল দাস)

পানীৰ বিষয়ে এখন অতি গহীন ৰচনা….

মাখনলাল দাস

 

পানী এবিধ পনীয়া জিনিচ৷ ইয়াক সকলো ঠাইতে পোৱা যায়৷ পানী নহ’লে কোনো বাচি থাকিব নোৱাৰে৷ সেইকথা ভগবানে আগতেই জানিছিল৷ সেই কাৰণে তেখেতে গছৰ ওপৰতো পানী পোৱাৰ ব্যৱস্থা কৰি দিলে৷ নাৰিকলৰ মাজত পানী ভৰাই দিলে তেখেতে৷ আগতে খুব ডাঙৰ ডাঙৰ বানপানী হৈছিল আৰু নাদ, পুখুৰী, নৈ আদি পানীত বুৰ গৈছিল৷ মানুহবিলাকে গছত উঠি থাকিব লগা হৈছিল আৰু গছৰ ওপৰত থকা নাৰিকলৰ পানী খাই জীৱন ধাৰণ কৰিছিল৷ বান্দৰবিলাকে অৱশ্যে বানপানীৰ পানীয়েই খাইছিল৷ তাকে দেখি সকলোৱে সিহঁতক হাঁহিছিল৷ সেই কাৰণে এতিয়াও সকলোৱে কয়, বান্দৰে নাৰিকলৰ মোল কি বুজে বুলি৷

ভাল আৰু চাফা পানীৰ ৰং নাথাকে৷ যেনে মিনাৰেল ৱাটাৰ৷ সাগৰৰ পানী নীলা, পুখুৰীৰ পানী ঘোলা বা সেউজীয়া, নৈৰ পানী কেতিয়াবা ঘোলা, কেতিয়াবা বগা, কেতিয়াবা ৰঙা আৰু মাজে-মাজে পাতল নীলা৷ সেইকাৰণে গবৰমেন্টে সকলোকে মিনাৰেল ৱাটাৰ খাবলৈ কৈছে৷ আজি-কালি সকলো ঠাইতে মিনাৰেল ৱাটাৰ পোৱা যায় ৷ বিশেষকৈ ৰেল-ষ্টেচনত বেছিকৈ পোৱা যায়৷ কাৰণ মিনাৰেল ৱাটাৰৰ বটল লগত নাথাকিলে ৰেলৰ পৰা টিটিয়ে নমাই দিয়ে৷
পানী বহুবিধৰ আছে বুলি বিজ্ঞানৰ কিতাপত লিখা থাকে, যেনে, কঠিন পানী, মৃদু পানী ইত্যাদি৷ সাধাৰণতে পানী খুব মৃদু অৱস্থাত থাকে৷ পুখুৰী, নাদ, খাল-বিল, নৈ, সাগৰ, আনকি নলা-নৰ্দমাৰ পানীও মৃদু অৱস্থাতে পোৱা যায়৷ কিন্তু হিমালয়ৰ ওপৰত থকা এভাৰেষ্ট নামৰ শৃংগটোৰ পানীবিলাক ঠাণ্ডাতে ঠেৰেঙা লাগি বৰফৰ নিচিনা আকাৰ ধাৰণ কৰি থকা বাবে সেইবোৰক কঠিন পানী বোলা হয়৷ সেই কঠিন পানী পৃথিবীলৈ আনিবলৈ মহাভাৰতৰ দিনৰ পৰাই প্ৰচেষ্টা চলি আছিল৷ যুধিষ্ঠিৰৰ বাহিৰে কোনেও সেই কঠিন পানী খাব নোৱাৰিলে৷ আজি কিছুদিন আগতে আৰু দুজন মানুহে সেই কঠিন পানী পান কৰিবলৈ এভাৰেষ্টৰ ওপৰলৈ যাবলৈ সক্ষম হৈছিল৷ তাৰপাছত আৰু কোনেও সেই মৰসাহ কৰা নাই৷ সকলো মানুহ মৃদু পানী খায়েই জীয়াই আছে৷

কঠিন পানীতকৈও বেছি জনপ্ৰিয় পানীবিধ হৈছে লাওপানী৷ সাধাৰণতে জাতিলাওৰ পানী ভাল যদিও ৰঙালাও, পানীলাও আদিৰ পানীও বেয়া নহয়৷ সাহিত্য, বুৰঞ্জী আদি বেলেগ-বেলগ কিতাপত আৰু কিছুমান পানীৰ কথা উল্লেখ কৰা আছে, যেনে, গদাপানী, বীণাপানী, শাৰঙ্গপানী, শূলপানী, চক্ৰপানী ইত্যাদি৷ এইবিলাক পানীৰ আজিকালি ব্যৱহাৰ নাই৷ হয়তো শুকাই গ’ল৷

আৰু দুবিধ আচৰিত ধৰণৰ পানী আছে৷ এই পানী দুবিধ আজিলৈকে কোনেও দেখা নাই: সৰু পানী আৰু বৰ পানী৷ কিন্তু মানুহে সৰুপানী আৰু বৰপানী সদায় চুবলৈ যায়৷ চুব নোৱাৰিলেও কাকো আহি নকয়৷ সাধাৰণতে বৰপানী বৰ লেতেৰা৷ সেইবিধ পানী চুবলৈ যোৱা মানুহে প্ৰায়েই চাবোনেৰে হাত ধোৱে৷

পানী মানে পানী ৷ কিন্তু কেতিয়াবা বেলেগ বস্তুও হ’ব পাৰে৷ যেনে: “তেখেতে পানী এটুপি ধৰিছে” মানে হাতত এটোপাল পানী লৈ থকা নুবুজায়৷ তেখেতে সুৰাপান কৰিছে বুলিহে বুজিব লাগে৷ সেইকাৰণে সুৰা-ফটিকা আদিক বলীয়া পানী বুলিও জনা যায়৷ “ গৰম পানী এটুপি খাব নেকি?” বুলি সুধিলে নেখাওঁ বুলি ক’লে আপোনাৰেই লোকচান৷ কাৰণ গৰমপানী মানে চাহ খাবনে সুধিছে৷
পানী বৰ উপকাৰী বস্তু৷ পিয়াহ লাগিলে খাব পাৰি৷ নালাগিলে খালেও একো নহয়৷ খুব গৰম লাগিলে ঠাণ্ডা পানী খাই দিলে দেহা-মন শাঁত পৰি যায়৷ পানীলগা জ্বৰ হৈ নাকে-মুখে ওলাই থকা অৱস্থাত গৰমপানীৰে ভৰি ধুলে বৰ আৰাম পোৱা যায় বুলি ভুক্তভোগী সকলে কয়৷ ৰাতিপুৱা টোপনিৰ পৰা জগাবলৈ এলাৰ্ম ঘড়ী আদি বিফল হ’লেও চেঁচাপানী আজিলৈকে বিফল হোৱা বুলি শুনিবলৈ পোৱা নাযায়৷ গাত এবাল্টি পানী ঢালি দিলে বিচনাৰ পৰা নুঠাকৈ থাকিব পৰা মানুহ সেই আহোম ৰজাৰ দিনৰ ধোদৰ বাহিৰে কোনো নাই বুলি ক’ব পাৰি৷

পানী নাখালেও মানুহ মৰিব পাৰে৷ কিন্তু খালেও মৰিব পাৰে৷ সাঁতুৰিব নজনা মানুহে পানী খালেই মৃত্যু মুখত পৰে৷

পানীয়ে গান গোৱাতো সহায় কৰে৷ বহুতো মানুহে কুহুমীয়া পানীৰে গাৰ্গল কৰি কৰি কৰিয়েই ভাল গান গাব পৰা হৈছিল৷ জাৰকালি এডিঙি পানীত নামি ৰেৱাজ কৰিলে হেনো লতা মঙ্গেচকাৰতকৈও ভাল গান গাব পাৰি৷ অসমীয়া জাতি এলেহুৱা বাবে কোনেও জাৰত লেপৰ তলৰ পৰা নোলায়৷ সেইবাবে অসমীয়া লতা মঙ্গেচকাৰো ওলোৱা নাই আৰু নোলায়ো৷

পানীৰে গাও ধুব পাৰি৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক