পানীৰ মুকুতা- সোণালী সন্দিকৈ

পানীৰ মুকুতা বিচাৰি বিচাৰি
ৰ’দৰ চাপৰিত আৰম্ভ কৰিছোঁ জীৱনৰ পাঠ,
চোৱাহি আহা পাৰভঙা কোবাল সোঁতত
কিদৰে উটুৱাই দিছোঁ অপৰিসীম মনৰ ব‍্যথা,
এতিয়া মাথোঁ বুকুয়েদি উজাই আহে
তেজোময় শব্দৰ নদীময় ঠিকনাৰ জোৱাৰ;
স্বপ্নই ছাঁ দিয়া বয়সত তুমি এৰি গ’লা
তুমি সজাই থৈ যোৱা দীপলিপ সপোনবোৰত হাত বুলাই চাওঁ
অনুভৱ, এজাক ধাৰাসাৰ প্ৰীতিৰ জোনাক
নিঃসংগ নৌকাবিহাৰ মাদকতাহীন
নেদেখা নদীৰ সিপাৰে তুমিটো একেই আছা
মোৰহে অকলশৰীয়া প্ৰাণীত মাথোঁ স্পন্দনহে আছে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments