পাপৰি–চন্দন নাথ

লেব’ৰেটৰী অৱ ছ’ছিয়েল চাইঞ্চ, পুনে। সময় – বাৰটা বাজিছে। তাৰিখ – চেপ্তেম্বৰ মাহৰ অষ্টম দিন, দুই হাজাৰ একসোত্তৰ চন। 

এই লেৱ’ৰেটৰীটো দুই হাজাৰ একাৱন্ন চনতে লাইফ ফাৰ্মা এণ্ড চ’ছিয়েল এণ্টাৰটেণ্ট নামৰ কোম্পানীটোৱে কিনি লৈছিল। তাৰপিছৰ পৰাই সমাজ বিজ্ঞান বিষয়ত কোম্পানীটোৰ তত্ত্বাৱধানত লেৱ’ৰেটৰীটোত জোৰদাৰ গৱেষণা চলি আছে। পৃথিৱীৰ বিভিন্ন দেশৰ পৰা পেচাদাৰী হিউমেন ছাৱজেক্ট ৰিচাৰ্ছ হায়াৰ কৰি অনা হৈছে। সাধাৰণতে নন-মেডিকেল গৱেষণাত মানুহক ছাৱজেক্ট হিচাপে ব্যৱহাৰ কৰাত আইনৰ ফালৰ পৰা আৰু মানৱাধিকাৰ সংগঠন বিলাকৰ পৰাও কোনো বাধা নাই। এয়া বৈধ হোৱা বাবেই বহুতেই ইয়াক পেচা হিচাপে বাচি লৈছে। বহুল জনসংখ্যাৰ পৃথিৱীখনত দুটা কামেই জনপ্ৰিয়- এটা ফ্ৰি লাঞ্চিং আনটো হিউমেন ছাৱজেক্ট ৰিচাৰ্ছ। 

প্ৰশান্ত এজন পেচাদাৰী হিউমেন চাৱজেক্ট ৰিচাৰ্ছ। তেওঁ কোম্পানীটোৰ সৈতে পাঁচ বছৰীয়া চুক্তি এটা কৰি লৈছে। মুনাফা ইমান ভাল নহয়। উপায় নাই – এতিয়াৰ পৃথিৱীত কাম কম, জনসংখ্যা বেছি। সকলোবোৰ কাম-কাজ প্ৰযুক্তিবিদ্যা আৰু ৰ’ব’টিক যন্ত্ৰৰে সহজতে সম্পন্ন হৈছে। মানুহৰ হাতত কাম নায়েই। সিহঁতৰ দৰে মানুহক ব্যৱহাৰ কৰি কোম্পানীবোৰে কিমান যে মুনাফা লুটি আছে! 

সি লেৱৰেটৰীৰ এটা জিৰণিকোঠাত বহি আছে। আৰু দুইমিনিট বাকী আছে তাৰ পিছতে তাক মাতিব। ইয়াত কি গৱেষণা চলি আছে বা তাক কি গৱেষণাত ব্যৱহাৰ কৰা হব সি নাজানে। চুক্তি অনুসৰি এই গোপনীয়তা অবলম্বন। কিন্তু ইয়াত দিনে-নিশাই কাম চলে। হাজাৰ হাজাৰ বিজ্ঞানীয়ে কাম কৰি আছে। বজাৰত দৈনিক নতুন নতুন ভাৰ্চুৱেল প্ৰডাক্ট মনোৰঞ্জনৰ বাবে উলিয়াই আছে আৰু তাক বিক্ৰী কৰি কৌটি কৌটি টকা উপাৰ্জন কৰি আছে। তাক আজিৰ কামটোৰ বাবে দহ হাজাৰ ভাৰ্চুৱেল কাৰেঞ্চি দিয়া হব। 

দুই মিনিট যোৱাৰ পিছত সমুখৰ দুৱাৰখন খোল খালে। এগৰাকী মহিলা সোমাই আহিল। দেহত বগা ইউনিফৰ্ম। 

-” প্ৰশান্ত ফুকন!” – তেওঁ মাতিলে। 

প্ৰশান্ত থিয় হ’ল। হাতৰ কাৰ্ডখন আগবঢ়াই দিলে। মহিলাগৰাকীয়ে হাতত থকা ই-ফাইলত মিলাই চাই সন্তুষ্ট হ’ল। “ আহক “ বুলি দুৱাৰখন খুলি ব্যস্ততাৰে ওলাই গল। তেওঁৰ পিছে পিছে প্ৰশান্তই খোজ দিলে। তেওঁলোক লিফ্টেৰে দুশ ত্ৰিশ নম্বৰ তলাত উঠিল। লিফ্টৰ পৰা ওলাই সমুখত ডাঠ ক’লা আইনাৰ দেৱালৰ দুৱাৰ খনৰ লক্ চিষ্টেমত এখন কাৰ্ড ভৰাই দুৱাৰখন খুলি ধৰি প্ৰশান্তক কলে -” সোমাই যাওক!” 

সি সোমাই গল। ভিতৰত পাঁচজনমান সেই একেই বগা ইউনিফৰ্ম পিন্ধি তালৈ বাট চাই আছিল। 

-” মিঃ প্ৰশান্ত আহক আহক!” – এজনে তাক দেখি কলে। 

ভিতৰত মোটামুটি সি নাম নজনা অত্যাধুনিক যন্ত্ৰ-পাতি আৰু মজিয়াৰ ঠিক মাজতে এখন অপাৰেচন টেবুল। টেবুলৰ এফালে মূৰ সুমুৱাই থব পৰা গোলাকৃতিৰ এটা বিৰাট কাৰুকাৰ্যৰে ভৰা যন্ত্ৰ। এজনে টাৱেল এখন প্ৰশান্তক দি দেহৰ সম্পূৰ্ণ কাপোৰ খুলি সেইখন পিন্ধি আহিবলৈ কাষৰ সংলগ্ন কোঠা এটা আঙুলিয়াই দেখুৱালে। প্ৰশান্তই তাকে কৰিলে। তাৰপিছত অপাৰেচন টেবুলখনত শুবলৈ কোৱা হ’ল। সি শুলে। এজন তাৰ কাষত চকীত বহি হাতত বহী-কলম লৈ সুধিলে – “আপুনি প্ৰশান্ত ফুকন?” 

-” হয়।” 

মানুহজন লিখি গল। 

-” আপুনি স্বইচ্ছাৰে এই কাম কৰিবলৈ সাজুনে?” 

-” যদিহে মোৰ শাৰীৰিক আৰু মানসিক একো ক্ষতি নহয়।” 

-” কোম্পানীৰ সৈতে হোৱা চুক্তিমতে তালৈ আমি দৃষ্টি দিছো। আপোনাৰ আজি প্ৰথম নেকি?” 

-” দুবাৰ কৰিছো। ইয়াতে। কিন্তু বেলেগ লেব’ত।” 

-” আমি সম্পূৰ্ণ প্ৰফেছ’নেল। পূৰ্বতে কিবা বেয়া অভিজ্ঞতা হৈছিল নেকি?” 

-” নাই হোৱা। মই সন্তুষ্ট।” 

-” তেন্তে তৃতীয়বাৰৰ বাবে সাজুনে?” 

-” হয় সাজু।” 

-” মনত ৰাখিব – আমাৰ সৈতে হোৱা কামৰ অভিজ্ঞতা আপুনি কাৰো সৈতে শ্বেয়াৰ কৰিব নোৱাৰে। দ্বিতীয়টো কথা হ’ল পৰীক্ষাৰ পিছত হোৱা চাৰ্ভেত আপুনি অনেষ্ট হব লাগিব।” 

সি মূৰ দুপিয়ালে। বহী-কলম থৈ দিয়া হ’ল। তাৰ আগতে এখন চুক্তি পত্ৰত তাৰ চহী লোৱা হ’ল। সি পঢ়ি নাচালে। জানে তাত কি লিখা আছে! কোম্পানীৰ গোপনীয়তা ৰক্ষাৰ চুক্তি। 

সকলো ব্যস্ত হৈ পৰিল। দুজন গৈ কম্পিউটাৰৰ ডাঙৰ মনিটৰ যেন লগা পৰ্দাৰ সমুখত বহিল। এজনে মূৰ শিতানত থকা গোলাকৃতিৰ যন্ত্ৰটোৰ তাঁৰ তাৰ দেহৰ কেবাঠাইত লগাই দিলে। এজনে তাৰ ব্লাড প্ৰেচাৰ, হাৰ্ট বিট চব পৰীক্ষা কৰি চালে। তাৰপিছত সুধিলে -” আপোনাৰ জন্ম ঠাই ক’ত?” 

-” গুৱাহাটী।” 

-” তেন্তে আপোনাৰ মাতৃভাষা অসমীয়া? আপুনি এই লুপ্তপ্ৰায় ভাষাটো সলসলীয়াকৈ ক’ব পাৰেনে?” 

-” হয় পাৰো। মই ককাৰ পৰা শিকি থৈছো কেতিয়াবা কামত আহিব পাৰে বুলি।” 

-” ভেৰি গুড। একবিংশ শতিকাৰ অসমখনৰ বিষয়ে আমাৰ কিছু গৱেষণা কৰি থোৱা আছে। সেয়েহে এই পৰীক্ষাটোৰ বাবে আপোনাক মতা হৈছে।” 

ইয়াৰ পিছত প্ৰশান্তৰ মূৰটো সেই গোলাকৃতিৰ যন্ত্ৰটোৰ ভিতৰত সুমুৱাই দিয়া হ’ল। মানুহজনে কলে -” আপোনাৰ টোপনি লাগিলে আপুনি শুই দিব। গুড লাক!” 

প্ৰশান্তই চকু দুটা মুদি দিলে। 

-” প্ৰশান্ত!” – এটা চিনাকি যেন লগা নাৰী কণ্ঠত তাৰ সমস্ত ভাৱজগতৰ চলন্ত গতি স্তব্ধ হৈ গল। কি কৰি আছিল সি ইমান সময়? 

ফুটপাথৰ এটা দিশত তাই দণ্ডায়মান। অন্যদিশে শেষ হব নোখোজা জনতাৰ লানি নিছিগা সোঁত। তাই যেনিবা এখন চলন্ত নদীৰ পাৰত থিয় হৈহে আছে। কৌণিক ভাৱে পৰা সূৰ্য্যৰ প্ৰখৰ ৰশ্মিত তাইৰ চুলিকোচা জিলিকিছে। মুখত চিনাকি হাঁহি। 

-” পাহৰিছা নেকি?” – তাই আকৌ সুধিলে। হাঁহিবোৰ তাইৰ চকুৱে-মুখে বগাইছে। 

আৰে এইজনী দেখোন পাপৰি! কিন্তু তাই ইয়াত কিয়? 

-” পাপৰি!” -তাৰ ওঁঠৰে হাঁহি এটি বাগৰি গল। এইজনী তাৰ দুবছৰৰ জুনিয়ৰ আছিল, একেখন কলেজৰে। ভাল কবিতা লিখে। এবাৰ কলেজ মেগাজিনৰ সম্পাদনাৰ দ্বায়িত্ব পোৱা প্ৰশান্তক কবিতা এটি দিবলৈ আহিছিল তাই। তাতেই প্ৰথম চিনাকি। তাইৰ কবিতাৰ প্ৰেমত পৰিল সি। সেয়ে সম্পৰ্ক গভীৰ হ’ল। অৱশ্য বন্ধুত্ব পৰ্য্যায়ত। কলেজ এৰাৰ পিছত আৰু তাইৰ সৈতে তাৰ কোনোদিন দেখা-দেখি হোৱা নাছিল। আজি মাটি ফুটি ক’ৰ পৰা ওলাল তাই? 

-” তোমাক জানো পাহৰিব পাৰো নাইবা তুমি জানো মোক পাহৰিবা পাৰা!” – তাৰ মুখৰে সৰকি পৰিল শব্দকেইটা। 

ৰাজপথত গাড়ীবোৰ সশব্দে দৌৰিছে। শব্দ মাথোঁ বিষ্ফোৰিত হৈ উফৰিছে চৌদিশে। পিছফালৰ কাৰখানাটোৰ পৰা জেনেৰেটৰৰ যান্ত্ৰিক শব্দই বিচিত্ৰ আৱাজত মাতিছে। কাষৰ নিৰ্মিয়মান বিল্ডিংটোত কৰ্মৰত শ্ৰমিকৰ হাতুৰী-বটালী, টাইলচ্ কটা যন্ত্ৰ, মিক্সাৰ মেচিনৰ অজস্ৰ শব্দবোৰ দৌৰি আহিছে। ফুটপাথৰ মানুহৰ বিচিত্ৰ কথোপকথনৰ লগতে কোনোবাই কাৰোবাক চিঞৰিয়ো মাতিছে। তাৰ মাজত প্ৰশান্তৰ সেই নিম্নস্বৰৰ আত্মবিভোৰ শব্দকেইটা যেন অতি নিমাখিত আছিল। সন্দেহ আছে তাই শুনিলেনে নাই! 

তাই ৰাজপথৰ সিটো প্ৰান্তত থকা কিবা এটালৈ চাই কলে -” বলা, সৌ ৰেষ্টুৰেণ্ট খনলৈ যাওঁ। কিবা এটা খাই লোৱা যাওক। ঢেৰ কথা আছে পাতিবলৈ।” 

প্ৰশান্ত পাপৰিৰ প্ৰতি এক সুতীব্ৰ আকৰ্ষণ অনুভৱ কৰিলে। এই আকৰ্ষণ মহাজাগতিক। যি নিয়মৰ বান্ধোনত প্ৰকৃতি বন্দী হৈ সৃষ্টিৰ ৰচনা কৰিছে আৰু ক্ৰমশঃ সংক্ৰমিত হৈ আছে অনন্তকাললৈ। তাই ফুটপাথৰ পৰা নামি ৰাজপথত থিয় হৈ এলানি গাড়ীৰ মাজেৰে সৰকি যাবলৈ সুযোগ বিচাৰিলে। তাইৰ কাষতে মন্ত্ৰমুগ্ধৰ দৰে সি থিয় হ’ল। 

সিপাৰে ‘খৰিকা’ নামৰ ৰেষ্টুৰেণ্টখনৰ প্ৰতিফলিত ক’লা আইনাত মহানগৰীৰ বিষণ্ণ আকাশখন জিলিকিছে। পাপৰিৰ লক্ষ্য সেয়া! 

ৰাজপথৰ সকলোবোৰ প্ৰতিযোগিতাক উপেক্ষা কৰি দুয়ো ৰেষ্টুৰেণ্টখনত উপস্থিত হ’ল। খৰিকাৰ শীত-তাপ নিয়ন্ত্ৰিত অভ্যন্তৰত পাপৰি অভ্যস্তৰ দৰে এচুকৰ এখন টেবুল অধিকাৰ কৰিলে। প্ৰশান্ত যন্ত্ৰাৱিষ্টৰ দৰে তাইৰ সমুখত বহিল। সম্পূৰ্ণ পৰিৱেশটোৱে মায়াময়, ছায়াচ্ছন্ন কোমল পোহৰত ইয়াত যেন সময়বোৰ দুলিছে। ভাঁহি ফুৰিছে শ্ৰুতিমধুৰ সংগীত আৰু গ্ৰাহকৰ মৃদু গুঞ্জন। 

-” মনে মনে আছা কিয় প্ৰশান্ত? “- তাই সোধে। 

-” তুমি যে ইয়াত মই আচৰিত হৈছো!” 

-” কবিতা বিচাৰি ফুৰিছো।” 

-” পালা জানো?” -সি সোধে। 

-” তোমাক।” – পাপৰিয়ে কয়। -”তুমি এটা জীৱন্ত কবিতা!” 

প্ৰশান্ত যত্ন কৰে এটা অনুভৱ কৰিবলৈ; কাৰোবাৰ বাবে সি এটা অস্তিত্ব – কবিতাৰ! চলন্ত জগত খনত সি যেন স্থিৰ হৈ পৰিল। 

-” ইমান দিনে ক’ত আছিলা পাপৰি!” – সি আবেগৰে কলে -” কিয় জানো মই সংগোপনে ভাবিছো এইবোৰ যেন পূৰ্ব পৰিকল্পিত আছিল। এই যে ইমান দিনৰ এৰা-এৰি, তাৰ পিছত কেবাটাও বছৰৰ মূৰত তোমাৰ সৈতে হঠাৎ সাক্ষাৎ! এয়া দৈৱনিৰ্বন্ধ নেকি?” 

-” মই অদৃষ্ট নিয়ন্তাক বিশ্বাস নকৰো। দৰাচলতে পূৰ্ব পৰিকল্পিত বোলা কোনো অস্তিত্ব এটা নাই। অস্তিত্ব যদি আছে সেয়া সময়ৰ!” তাৰপিছত অভিমানী পাপৰিয়ে সোধে -” তুমি ইমান দিনে মোক কিয় বিচৰা নাছিলা?” 

-” কিমান যে বিচাৰিলো পাপৰি! কাৰণ তোমাক কবলৈ কিমান যে কথাই বাকী ৰ’ল!” -প্ৰশান্তই কয়। 

এনেতে হাতত মেনু লৈ এজন ৱেইটাৰ আহিল। পাপৰিয়ে অৰ্ডাৰ দি নিষ্পলক নেত্ৰৰে তাইলৈ চাই থকা প্ৰশান্তক সুধিলে -” কি কথা বাকী থাকিল?” 

কেনেকৈ কব সি? সিতো ইমান দিনে এটা নিৰ্জন দ্বীপত অকলে আছিল – সেই কথা! অভাৱ অনুভৱ কৰিছিল কাৰোবাৰ অনুপস্থিতিৰ। আৰু আজি তাক সি আৱিষ্কাৰ কৰি পেলালে। 

-” মোৰো তোমাক কবলগীয়া এটা কথা আছে।” – পাপৰিয়ে কলে। 

তেনে সময়তে হঠাৎ পাপৰি কঁপি উঠিল। প্ৰশান্তৰ চৌদিশে ভূমিকম্প অহাৰ দৰে লৰা-ঢপৰা লাগিল। অবাক – বিস্ময়ত প্ৰশান্তই চিঞৰিলে “পাপৰি!” 

-” প্ৰশান্ত, মিঃ প্ৰশান্ত!” 

কোনোবাই তাক নাম ধৰি মাতিলে। চকুমেলি সি দেখিলে যে সি অপাৰেচন টেবুলত শুই আছে। তাৰ চাৰিওফালে পাঁচজন বগা ইউনিফৰ্ম পিন্ধা ব্যক্তি ঠিয় হৈ আছে। এজনে কলে – “আপুনি সপোন দেখিছিল।” 

– অসম্ভৱ! – প্ৰশান্ত পাগলৰ দৰে হ’ল। এয়া সপোন হবই নোৱাৰে। আনকি তাইৰ শৰীৰৰ সুৱাস তাৰ নাকত এতিয়াও লাগি আছে। 

– আমাৰ এক্সপেৰিমেণ্ট সফল হৈছে। প্ৰডাক্টটো বজাৰত মুকলি কৰাৰ আগতে আপোনাৰ পৰা কেইটামান প্ৰশ্নৰ উত্তৰ আমাক লাগে। আপুনি পাপৰিক চিনি পায়নে? -এজনে সুধিলে। এজনে লিখিবলৈ ধৰিলে। 

বিস্ময়াভিভূত প্ৰশান্তই কলে – তাইক মই জানো, বুজো আৰু মোতকৈ বেছি এনে আন এজন কোন আছে? 

– আপুনি দ্বিতীয় বাৰলৈ তাইক লগ পাবলৈ বিচাৰেনে? 

সি উদাসীন ভাৱে বিৰবিৰালে -” কিমান কথা কবলৈ বাকী থাকিল আমাৰ!” 

বৈজ্ঞানিক কেইজনে বুজিলে সিহঁতৰ কাম হৈ গৈছে। গতিকে আৰু নোসোধাই ভাল। সিহঁতে কাগজ-কলম সামৰি থলে। তাৰপিছত প্ৰশান্তক কাপোৰযোৰ পিন্ধিবলৈ কোৱা হ’ল। প্ৰশান্ত সাজু হ’ল। 

– আপুনি এতিয়া যাব পাৰে প্ৰশান্ত। – এজনে কলে। 

– কিন্তু মই এবাৰ মাথোঁ এবাৰৰ বাবে পাপৰিক লগ পাব বিচাৰো! – আকোঁৰগোঁজ হৈ পৰিল প্ৰশান্ত। 

– তাৰবাবে আপুনি কেইদিনমান বাট চাব লাগিব। 

– নাই নহব। মই নোৱাৰিম। মই বহুবছৰৰ মূৰত তাইক লগ পাইছিলো! – সি কন্দনামুৱা হৈ পৰিল। 

-পাপৰিৰ আচলতে বাস্তৱত কোনো অস্তিত্ব নাই।

– তাৰ মানে? 

– মানে তাই মাথোঁ এটা ভাৰ্চুৱেল কেৰেক্টাৰ। 

-” তাইক কোনে ইমান নিখুঁত ভাৱে সৃষ্টি কৰিলে?” – প্ৰশান্ত যেন পাগল হব। 

-” আপুনি। আপোনাৰ অৱচেতন মনত ইমানদিনে পাপৰি লুকাই আছিল!” 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক