পাহাৰৰ নীলা বিচাৰি (-শৈলেন তালুকদাৰ )

এদিন সুদূৰ পাহাৰৰ নীলাখিনিৰ প্ৰেমত পৰিছিলো
চকু চাৎ মৰা ৰ’দত নীলাখিনি
কঁপি কঁপি তৰান্বিত হৈছিল
আৰু ক্ৰমশঃ মোৰ ঔৎসুকতা বাঢ়িছিল
ঠিক মই যেন কুমেৰু
আৰু নীলাখিনি সুমেৰু
তেজাল ঘোঁৰাৰ পিঠিত তেজাল ডেকা
লক্ষ্য তৰান্বিত সুদূৰৰ নীলা
মোৰ আৰু পাহাৰৰ ব্যৱধান ক্ৰমশঃ কমি আহিছিল
আৰু নীলাখিনি লাহে লাহে ঈষৎ নীলা হৈ আহিছিল
ক্ৰমশঃ ঔৎসুকতাৰ বিন্দুবোৰো স্ববিকৰ্ষণ হৈ
মনত তৰান্বিত হৈছিল ভাৰসাম্য হেৰুৱাই
মই পাহাৰৰ নিচেই কাষৰত কিংকৰ্তব্যবিমুঢ় হৈ!!
মই তেনেই সেউজীয়া–পাহাৰে কৈছিল!
তুমি খালী-চকুৰে চাইছা বাবেহে মোক নীলা দেখিছা
অন্তৰ্দৃষ্টিৰে চোৱা, চিৰসেউজীয়া দেখিবা!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments