পাহাৰ -কিশোৰ দাস

মনত পৰা কথাবোৰৰ ভিতৰত পাহাৰখনেই আছিল ৰূঢ়
যি চটা শিলত বহি সূৰ্যাস্ত চাম চাম বুলিও অতদিনে আমাৰ সাহস নাছিল

শেঁতা পৰা সময় বৈ যোৱা নদীখনৰ গৰাখহনীয়াই মনলৈ পুনৰ উন্মাদনা আনে
নতুনকৈ জগা দমৰাটোৰ দৰে কলিজাত আমি উৎসাহ বান্ধো

অভিনয় আৰম্ভণি অতিথি
কোন কাৰ কি ক’ত?

এই পাহাৰতলিত দুদিন সজীৱ মাথোঁ
পিছতেই শিলৰ ৰাজ্য, শিয়ালৰ দেশ

বছৰটোৰ শেষত পাহাৰখনে পুনৰ ভেঙুচালি কৰিব
আমাৰ অভিমানক, অভিনয়ক
সকলোবোৰ মিথ্যা প্ৰমাণিত কৰিবলৈকে ৰৈ থাকিব পাহাৰখন
মৰা নৈ জীয়া নৈৰ সমান্তৰালকৈ

হতাশাগ্ৰস্ত ৰাতিপুৱাটো পাহৰিবলৈ সূৰ্য্যৰ তাপ সিদিনাও নাছিল
ভাগৰুৱা দেহটো অধিক স্পৰ্শকাতৰ কৰি তুলিবলৈ আছিল হালধীয়া ফুলবোৰৰ মাজেৰে বৈ অহা বতাহজাকত নৈৰ সতেজতা আৰু পাহাৰৰ দৃঢ়তা

আৰু ঠিক তেনেতে ঘূৰি যোৱাৰ এক প্ৰবল স্পৃহাই মনটো ভাৰাক্ৰান্ত কৰিছিল

অসহায়

গৈ থকাটোৱেই যে জীৱন
শিলৰ মাজে মাজে বাট মোকলাবলৈ হাতত একো নাই

কথা নাই দুখন হাত
দুখনৰ লগত আৰু দুখন….

পাহাৰখনেই শেষ সঁচা, পাহাৰখনেই আপোন
বছৰটোৰ শেষত সকলোবোৰ পাহৰি আমি আকৌ পাহাৰখন বগাম৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক