পাৱাৰ প্লে’: পাৰ্থ পি বৰা

(ছোৱালীজনী বিতুৰো বেয়া নালাগে। কিবা এটা বিশেষ আকৰ্ষণ আছে তাইৰ মাজত। তাইৰ ওঁঠ, চকুজুৰি, গালৰ কাষৰ সৰু তিলটোৱে আজিকালি টোপনি ক্ষতিও কৰায়। “নাই নাই, মই এইবোৰ কি ভাবিছো। তাই মোক প্ৰেমৰ প্ৰস্তাৱ দিলে বুলিয়ে মই তাইৰ প্ৰতি দুৰ্বল হৈ পৰিব লাগে নে..!!)

গাভৰুৰ মন আৰু গুৱাহাটীৰ বতৰ একে ধৰণৰ। কেতিয়া কি ৰূপ লয়, আগতীয়াকৈ উমান পোৱা কঠিন। তথাপিও বিতুৱে পুৱাৰ আকাশখনলৈ চাই দিনটোৰ বতৰ ফৰকাল হ’ব বুলিয়ে ধৰি ল’লে। পুৱাৰ চাহৰ ঘণ্টা বজাত ৰুমমে’ট নিতুৰো বিছনা এৰিবৰ হ’ল। বিতু আৰু নিতু এই দুই মহা-পুৰুষ (!) গুৱাহাটী কমাৰ্চ কলেজৰ ছাত্ৰাবাসৰ ২১ নং কোঠাৰ আবাসী। বিগত তিনি বছৰ ধৰি দুয়ো একেটা কোঠাতে আছে যদিও এজনে পুৱা ধূপ জ্বলালে আনজনে জ্বলায় চিগাৰেট। দুয়োৰে চিন্তা-ধাৰা, যুক্তি, বিছাৰ-বিবেচনা, শাৰীৰিক গঠন সম্পূৰ্ণ বিপৰীত। বিতুৰ শাৰীৰিক গঠন গৰম পানী ভৰোৱা বটলৰ দৰে পোতোকা পৰাৰ বিপৰীতে নিতুৰ সাৰ-পানী ভালদৰে পোৱা লাও-বোঙেনাৰ দৰে শৰীৰ। পুথিগত বিদ্যাত বিতু নিতুতকৈ বহু আগবঢ়া। কিন্তু ব্যৱহাৰিক অভিজ্ঞতাৰ ভঁৰালটো নিতুৰহে চহকী। নিতু আৰু বিতুৰ কিজানি কেৱল এটা কথাতহে মিল, দুয়ো ক্ৰিকেট বলিয়া। বাৰাণ্ডাৰ ৰেলিঙত ভেজা দি পুৱাৰ আকাশখন চাই থাকোতে বিতুৰ মনলৈ মনাৰ প্ৰস্তাৱটোৰ কথা আহিল। ছোৱালীজনী বিতুৰো বেয়া নালাগে। কিবা এটা বিশেষ আকৰ্ষণ আছে তাইৰ মাজত। তাইৰ ওঁঠ, চকুজুৰি, গালৰ কাষৰ সৰু তিলটোৱে আজিকালি টোপনি ক্ষতিও কৰায়। “নাই নাই, মই এইবোৰ কি ভাবিছো। তাই মোক প্ৰেমৰ প্ৰস্তাৱ দিলে বুলিয়ে মই তাইৰ প্ৰতি দুৰ্বল হৈ পৰিব লাগে নে! গুৱাহাটীলৈ পঢ়িবলৈ আহি এইবোৰ প্ৰেম-চেম কৰি বৰবাদ হ’ব নোৱাৰি দেই….পঢ়িব অহিছো যেতিয়া কেৱল পঢ়িম..।” নিজকে নিজে বুজনি দি থকা বিতুক দেখি হাতত টুথব্ৰাছ লৈ দাত ঘঁহাত ব্যস্ত ৰূপে জোকালে‌– “ঐ শুই উঠি আকৌ কিয় থৰ লাগি আছ..?? ৰাতি কোনোবাক সপোনত দেখি এতিয়া হাইলাইট চাই আছ’ নেকি?”
লাজ পাই বিতুয়ে মৃদু ধমক এটা দিলে নিতুক।
দুয়োৰে জীৱন ধাৰণৰ আদৰ্শত মিল নাথাকিলেও ৰুমমে’ট হিচাপে দুয়ো দুয়োৰে সমস্যা, ভাল-বেয়াবোৰ মুকলিকৈ আলোচনা কৰে। কিছুদিনৰ আগেয়ে মনায়ে বিতুক প্ৰেমৰ প্ৰস্তাৱ দিয়া আৰু ছোৱালীজনী যে বিতুৰো বেয়া নালাগে সেই কথা নিতুয়ে জানে। নিতুয়ে বিতুক কাট মাৰিছিল—“তাৰ মানে তয়ো বেটিং পাৱাৰ প্লে’ ল’ব ওলাইছ?’’
বিতুয়ে একো বুজি নাপাই সুধিলে, “কি পাৱাৰ প্লে’ লোৱাৰ কথা কৈছ’ নো ?”
“হা হা বন্ধু..! ক্ৰিকেট খেল দেখোন খুব চাও…ইমান সৰু কথাটোকে নুবুজিলে কেনেকে হ’ব?”
‘ভালকৈ ক’না বে’!’
“এদিনীয়া খেলত বেটিং টীমটোৱে পাৱাৰ প্লে’ লোৱা আৰু এই বয়সত প্ৰেম কৰা একে কথা। পাৱাৰ প্লে’ লোৱা কাৰণে যেনেদৰে কেতিয়াবা বেটিং কৰা দলটোৰ ৰান খুব বেছি বৃদ্ধি পায় আৰু কেতিয়াবা নজন ফিল্ডাৰে ঘেৰি ধৰি বেটিং টিমটোৰ উইকেটৰ পতন ঘটাই বিপৰ্যয়ো নমাই আনে। একেদৰে এইটো বয়সত প্ৰেম কাৰোবাৰ জীৱনৰ প্ৰেৰণা হোৱাৰ বিপৰীতে আন কৰোবাৰ বাবে হৈ পৰে চৰম বিপৰ্যয়ৰ কাৰণ। গতিকে পাৱাৰ প্লে’ লোৱাৰ আগতে পৰিণতি সৰ্ম্পকে ভালদৰে চিন্তা-চৰ্চা কৰি ল’বি দোস্ত।”
“তোৰ মাথাটো..! তই ভুলতে কৰ্মাচত পঢ়িলি, দৰ্শন পঢ়িব লাগিছিল। দাৰ্শনিক হ’ব পাৰিবি।” বিতুয়ে ধেমালিৰে কথাটো উৰুৱাই দিলে..।
আজিৰ দিনটো বিতু আৰু নিতুয়ে আৰম্ভ কৰিলে এটি নতুন বিষয়ৰ বিৰ্তকৰে। এদিনীয়া ক্ৰিকেটত বেটিং পাৱাৰ প্লে’ ব্যৱস্থাটো বেটিং কৰা দলটোৰ বাবে কিমান লাভজনক দুয়ো এই বিষয়ত নিজা নিজা যুক্তি আগবঢালে। যুক্তি-তৰ্কৰ অন্তত কোনোদিন দুয়ো এটা মীমাংসাত নহাৰ দৰে আজিও দুয়ো নিজ নিজ মতত অটল। বিতুৰ মতে বেটিং পাৱাৰ প্লে’ ব্যৱস্থাটো বেটিং কৰা দলৰ বাবে কু-ফলদায়ক আৰু নিতুৰ মতে পাৱাৰ প্লে’ ব্যৱস্থাই বেটিং কৰা দলৰ ৰানৰ গতিত অতিৰিক্ত মাইলেজ প্ৰদান কৰি ৰানৰ গতি বৃদ্ধি কৰে। ঠিক গৰিমায়ে তাৰ জীৱনৰ মাইলেজ বৃদ্ধি কৰাৰ দৰে।
দুমাহমানৰ পৰা গৰিমা নামৰ সহপাঠী এগৰাকীৰ সৈতে প্ৰেমজনিত সৰ্ম্পক গঢ় লৈ উঠিছে নিতুৰ। নিতুৰ ভাষাত সিহঁতে এতিয়া বিন্দাছ লাইফ এনজয় কৰিছে। বিতুৰো মন যায় মনাৰ হাতত হাত থৈ ফুটপাথেৰে খোজ কাঢ়িবলৈ বহু দূৰ…বহু দূৰলৈ!
চান্দমৰি ফ্লাইঅ’ভাৰখনত সন্ধিয়াবোৰৰ সোৱাদ ল’বলৈ! আৰু ,বহুত কিবাকিবিয়ে মন যায়!
কিন্তু বিতুৰ সাহসে নুকুলাই। চিন্তা হয়,ভয় লাগে। পিছে চিন্তা-ভাবনাৰ কোনো পাৰাপাৰ নাথাকে। কিছুদিন চিন্তা-ভাবনা কৰি নিতুৰ লগত কেইবাৰাতিও আলোচনা কৰি বিতুয়ে মনাৰ প্ৰস্তাৱটো মানি ল’লে। মনাক সাৰথি কৰি লৈ বিতুয়েও ল’লে জীৱনৰ পাৱাৰ প্লে’ আৰু আৰম্ভণি কৰিলে এটা নতুন অধ্যায়।
……………………………………………………….
ভৰ বাৰিষাৰ লুইতৰ কোবাল সোঁতত উটি যোৱা মেটেকাবোৰৰ দৰে যৌৱনৰ সময়ৰ কোবাল সোঁততে বাধাহীনভাৱে আন বহুজনৰ দৰে উটি গ’ল বিতু আৰু নিতুৰ।
…………………………………………………………
আজি প্ৰায় দুবছৰৰ মূৰত পুৰণি আড্ডাৰ স্থান ‘পূৰ্ণিমা ছুইট শ্ব’প’ৰ সন্মুখত বিতুয়ে নিতুক লগ পালে। ইমান দিনৰ মূৰত লগ পাই দুই বন্ধুয়ে কথাত মছগুল হৈ পৰিল। চিংৰাটো মুখত লৈ নিতুয়ে সুধিলে,‘তোৰ মনা ডাৰ্লিঙৰ খবৰ কি? কেনে চলিছে?’
‘ভাল ভাল। আমাৰ দুয়োৰে সম্পৰ্ক সুন্দৰকৈ চলি আছে। তই এদিন হোষ্টেল কোৱা কথাষাৰ সঁচা। মানে বেটিং কৰা দলটোৰ বাবে অতি লাভজনক পাৱাৰ প্লে’। হা হা, দেৰিকৈ হ’লেও মোৰ মত সলনি কৰি আপোনাৰ লগত একমত হ’লো ছাৰ। মনাৰ প্ৰেৰণা, সমৰ্থনৰ অবিহনে মই আজি ইমানখিনি আগুৱাব নোৱাৰিলোহেঁতেন। ‘লাগে বন্ধু, লাগে। আমাৰ জীৱনতো পাৱাৰ প্লে’ লাগে। হা হা…’
বিতুৰ দীঘলীয়া কথাৰ অন্তত এটি নিৰস হাঁহি মাৰি নীৰৱ হৈ ৰ’ল নিতু।
বিতুয়ে সুধিলে—‘পিছে আমাৰ গৰিমা বৌৰ খবৰ কি? পুৰা বিন্দাছ চলি আছে নে?’
কিছু সময় নীৰৱে থাকি নিতুয়ে উত্তৰ দিলে—‘নাই অ’। আমাৰ মাজত কোনো ৰিলেচন নাই। এবছৰৰ বেছি হ’ল আমাৰ ব্ৰেক-আপ হোৱাৰ।’
‘কি? সঁচাকৈয়ে কৈছ’ নে?’ আচৰিত হৈ বিতুয়ে সুধিলে। যেন বাংলাদেশে বিশ্ব চেম্পিয়ন পণ্টিং বাহিনীক টেষ্ট মেচত পৰাস্ত কৰাৰ বাতৰিহে সি পালে।
‘ভালকৈ ক’চোন কি হ’ল?’
‘কিনো ক’বি আৰু…মোৰ ৰিজাল্ট বেয়া হ’ল ঘূৰা–ফুৰা কৰি। তাইৰ ভাল হোৱাত দিল্লী পালেগৈ। আৰু বিশেষ একো কাৰণ নোহোৱাকৈ আমাৰ সম্পৰ্কও অন্ত পৰিল লাহে লাহে।’
‘আৰু তই এতিয়া? মানে ক’ত কি কৰিছ?’
‘কিডালনো কৰিম আৰু…হোৱাবোৰ হৈ গ’ল, যোৱাবোৰো গুচি গ’ল..পুৰণি ভুলবোৰ ৰিভিউ কৰি শিক্ষা লৈছো আৰু ভালদৰে পঢ়াত লাগিছো ঘৰতে। এইবাৰ বেটাৰমেণ্ট দিম।’
এই মুহূৰ্তত নিতুক কি ক’ব বিতুয়ে ঠিৰাং কৰিব নোৱাৰিলে।
নিতুয়ে নিজে মাত লগালে—‘আজি লৈ যাওঁ আৰু দে। মোৰ কাম এটা আছে পাছত আকৌ লগ পালে ভালদৰে কথা পাতিম।
‘হ’ব দে, যা বাৰু…লগ পাম’—ভাবুক বিতুয়ে বিদায় দিলে আৰু নিতু যোৱা ফালে থৰ লাগিল।
কেইখোজমান গৈয়ে নিতুয়ে উভতি আহি বিতুৰ বাহুত হাত থৈ ক’লে, ‘You are right bitu..পাৱাৰ প্লে’য়ে কেতিয়াবা নিজৰ কাৰণেই বিপৰ্যয় নমাই আনে।’
নিতুয়ে পুনৰ খোজ ল’লে।
নিতুৰ কথাবোৰে বিতুক কৰি বাকৰুদ্ধ কৰি তুলিলে।
দীৰ্ঘদিনৰ অন্তত আজি দুজন পুৰণি বন্ধুৰ মিলন… নতুন ৰূপত।
সেই একেই স্থান…
সেই একেই সন্ধিয়া…
কোনো সলনি নাই…
সলনি হৈছে কেৱল তেওঁলোকৰ মত আৰু চিন্তাধাৰা..
জীৱন পাৱাৰ প্লে’য়ে সলনি কৰিলে
নিতু,বিতুৰ জীৱনৰ দিশ…!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments