পিকনিক (মানসজ্যোতি নাথ)

‘নাথ দা, কাইলৈ কিমান সময়ত যাব?’– সহকৰ্মী ভাস্কৰে সুধিলে৷
এতিয়া লৈকে তিনি বাৰ সুধিলে ৷ মই বিৰক্তিৰে ক’লো-
‘মৰনিং পাছ বজাত চাৰিআলিত আহিবা ৷ আৰু দেৰি নকৰিবা কিন্তু৷ সময় পাৰহৈ গ’লে এৰি থৈ যাম ৷’—ধেমালীৰ সুৰেৰে কথাষাৰ কৈ ফোনটো কাটি নন্দিনীলৈ চালোঁ৷ তাই লেপটপত অৰুণাচলৰ বিষয়ে পঢ়াত ব্যস্ত৷ এজন মোৰ সহকৰ্মী ভাস্কৰ, যি জনে কাইলৈ কিমান সময়ত যাম বুলি সুধি সুধি মোক
আমনি লগাই দিছে আৰু আন গৰাকী মোৰ পত্নী, নন্দিনী৷ নেটত অৰুনাচলৰ কথা পঢ়ি পঢ়ি একদম পাৰ্গত হৈ গ’ল৷ কাইলৈ যেন তেওঁহে ড্ৰাইভাৰক বাট দেখুৱাব !!
পিকনিক যাম বুলি ইমান অতিৰিক্ত আগ্ৰহ দেখুওৱা মানুহ মই এই দুই গৰাকীক হে দেখিছোঁ৷ কম্বল খন ঠিক কৰি বিচনাত বাগৰ দিলোঁ৷ কাষত নন্দিনীয়ে আহি শুলে৷ মই তাইৰ মুখনিত এক অবুজ সুখানুভূতি দেখা পালোঁ৷ তাই অধীৰ আগ্ৰহেৰে ৰৈ আছে পুৱতি লৈ.. অৰুণাচল যাবলৈ৷
লাহে লাহে ৰাতিটো দীঘল হৈ গ’ল ৷
……………………..
হোষ্টেলীয়া দিনৰ কথা৷ তেতিয়া টিভি নাছিল৷ ৰাতি পুৱা সাত বজাৰ বাতৰি কাকতখন পঢ়িবলৈ যেন সকলোৰে মাজত এক অঘোষিত প্ৰতিযোগিতা হৈছিল৷ অথচ অলপ সময়ৰ পিছত
বাতৰি কাকত খনক কোনেও তুলি নাচায়৷ সেয়ে
কোনোবা চুকত পৰি থাকে বাতৰি কাকত খন৷ মই সদায় স্কুলৰ পৰা অহা পিছত কাকত খন পঢ়ো৷ তেতিয়া কোনেও আমনি নকৰে৷ আবেলি কাকত খন পঢ়ি থাকোতে কমলে মাত দিলে-
‘কাইলৈ দাদা কেইজন মান পিকনিক যাব পানীমুৰলৈ৷ উত্তৰ কাছাৰ জিলা৷ আৰু তিনিটা ছিট খালী আছে৷
মোক সুধিছিল, সেয়ে তই,মই আৰু হিমাংশু যাম বুলি কৈ থৈ আহিলোঁ৷ তই যাবিটো?’
‘কিন্তু টকা পইছা?’– মই ক’লো৷
সি হয়ভয় দি কলে–‘টকা পইছাৰ কথা চিন্তা নকৰ ৷ মই মেনেজ কৰিম ৷ সিঁহতে জুলীয়া বিধৰ ব্যবস্থা কৰিছে ৷ তই অহা বাৰ ইলেক্চনত যে উঠিব বিছাৰিছ, সেইটো কথা খোলা-খোলিকৈ কৈ দিবি৷ এই ল’ৰা কেইটাক পটাই ল’ব পাৰিলে গোটেই কলেজ তোৰ হাতৰ মুঠিত বুলি ভাবিব পাৰিবি ৷সেয়ে এই পিকনিকটো তোৰ বাবে ইম্পৰটেন্ট৷’
মই কমলৰ কথাত সমৰ্থন কৰিলোঁ৷ কেতিয়াবা ভাব হয়, কমল নথকা হলে মোৰ কি গতি হ’লহেতেঁন! মোৰ প্ৰতিটো পছন্দ,অপছন্দ তাৰ মুখস্থ৷ তাৰ বাবে মোৰ বহুত আচাৰ ব্যৱহাৰ সলনি কৰিলোঁ৷ গুৱাহাটী দৰে যান্ত্ৰিক চহৰত তাৰ দৰে এজন বন্ধু পোৱাটো ভাগ্যৰ কথা৷ ৰাতি কাপোৰ কানি ঠিক কৰিলোঁ৷ উওৰ কাছাৰ আৰু কপিলী নৈৰ ওপৰত বহুতো লিখনি পঢ়িলোঁ৷ মই বহুত আগ্ৰহেৰে ৰৈ আছোঁ ৰাতিপুৱা লৈ৷ কিন্তু মোৰ ভাগ্য যে একেবাৰে বেয়া৷ ৰাতি পুৱা দেউতা আহি মোক লৈ যাবলৈ ৰখি আছিল৷ আইতাৰ বেমাৰ৷ মই এদিনৰ পিছত যাম বুলি ক’লো যদিও দেউতাই নামানে৷ মোক লৈ হে যাব ৷ মই অনিচ্ছা স্বত্তেও যাবলৈ ওলালো৷ মই কমলক সকলোঁ কথা ক’লো, সি বুজি পালে৷ মই ঘৰৰ পৰা অহা পিছত আকৌ পিকনিক যাম বুলি সি কথা দিলে৷ মই ঘৰত আহিলোঁ৷ আহি দেখা পাওঁ, আইতা ঠিকে আছে, মাত্ৰ অলপ
জ্বৰ৷ তীব্ৰ খং উঠিছিল দেউতাৰ ওপৰত৷ দেউতা অলপ বেছি আৱেগিক বাবে মই পিকনিক যাব নোৱাৰিলোঁ৷ দিনটো ঘৰত শান্তিৰে থাকিব নোৱাৰিলো৷ এতিয়া চাগে কমলহঁতে খেৰণী পালেগৈ, অলপ পিছত পানীমুৰ পাবগৈ৷ সিঁহতৰ কথা ভাবি ভাবিয়েই মোৰ দিনটো পাৰ হ’ল৷ পাছদিনা হোষ্টেল উভতি যোৱাৰ সিদ্ধান্ত ল’লো৷ ঘৰত ৰাতিপুৱা
বাতৰি কাকত খন মেলি ল’লো৷ অদৰকাৰী কথাৰে কাকতৰ পৃষ্ঠাবোৰ সজাই তুলিছে৷ হঠাৎ দেখিলোঁ “দীঘলী কলেজৰ বনভোজৰ গাড়ী দূৰ্ঘটনাগ্ৰস্ত : নিহত তিনি,আহত সাতাইচ৷ নিহত বোৰ ক্ৰমে যোগেন্দ্ৰ বৰা,
ৰবীন ডেকা আৰু…..” আৰু পঢ়িব নোৱাৰিলো৷ দুচকু
চকুলোৰে ভৰি গ’ল৷
এটি বিকট চিঞৰ মাৰিলো৷
………………….
“ক-ম-ল”– মোৰ বিকট চিঞৰত নন্দিনীয়ে দৌৰি আহিল৷ তাই গা ধুই আহিছে৷ তেতিয়া সময় ৰাতিপুৱা চাৰি বাজিছে৷ মই এতিয়া ক’ত আছোঁ, কি কৰিছোঁ আদি ভাবি উলিয়াবলৈ অলপ সময়ৰ দৰকাৰ হ’ল৷ কমলক হেৰুৱা বহু বছৰে হ’ল যদিও তাক পাহৰিব
পৰা নাই৷ মই নন্দিনীলৈ চালোঁ৷ তাই ভয় কৰিছে যদিও মোক জোৰকৈ সাৱটি ধৰিলে৷ মই লাহেকৈ ক’লো- “মই পিকনিক যাব নোৱাৰিম ৷ তুমি যাবা ৷”
তাই সুধিলে- “কিয় নোযোৱা ?”
মই ক’লো -“আজি কমলৰ বছেৰেকীয়া৷ আজি তাৰ মৃত্যু দিনটোত মই কেনেকৈ বাৰু মাছ মাংস খাই ফূৰ্টী কৰি থাকিম? সেয়ে মই নাযাওঁ৷”
নন্দিনীয়ে ক’লে-“ঠিকে আছে বাৰু, কিন্তু মই যে ৰাতি
পুৱাতেই ফুৰিব যাম বুলি সাজু হ’লো, সেয়ে ক’ৰবাত হ’লেওঁ যাব লাগিব ৷”
মই সুধিলো- “ক’ত যাবা?”
তাই লাহেকৈ ক’লে- “কমলৰ ঘৰলৈ, বছেৰেকীয়া সকামলৈ৷”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments