পিতাইলৈ চিঠি – শান্তনু চেতিয়া

প্ৰতি,
শ্ৰী ৰসেশ্বৰ চেতিয়া,
বেতবাৰী দ-গাওঁ, পো: অ: -মিঠাপুখুৰী,
জিলা-শিৱসাগৰ, অসম, পিন-৭৮৫৬৯৭

চেনেহৰ পিতাই,
মোৰ দূৰণিবটীয়া সেৱা গ্ৰহণ কৰিবি৷ সেই সেৱাৰ ভাগ আইকো দিবি৷ আশাকৰো শ্ৰী হৰিৰ কৃপাত তহঁত কুশলে আছ’৷ মোৰো একপ্ৰকাৰৰ ভাল বুলিয়েই জানিবি৷ কাতি মাহ প্ৰায় শেষ হ’বৰে হ’ল৷ তই চাগৈ এইকেইদিন শাকতলী চিকণোৱাত ব্যস্ত৷ আমাৰ কঠীয়ানিখনৰ চুকৰ পুখুৰীটো সিঁচিলি নেকি? তাত আগৰদৰে মাছ-পুঠি আছেনে? গাঁৱৰ পথাৰবোৰ চাগৈ এতিয়া সোণালী ধানেৰে উপচি পৰিছে৷ আমাৰ পথাৰত ধান ভাল হৈছেনে? কিমান দিন যে পথাৰখন চাবলৈ পোৱা নাই! সেইখন পথাৰৰ ধান আৰু বাৰীৰ দুই-চাৰিটা শাক-পাচলি বেচিয়েই তই মোক মানুহ (?) কৰিলি৷ আজি মই গুৱাহাটী চহৰৰ অন্যতম ধনী মানুহ৷ মোক এই অৱস্থালৈ নিবলৈ তই আৰু আয়ে কমখন কটনা-কাটিলিনে! অথচ তহঁতৰ এই ত্যাগৰ মুল্য মই শুজিব পৰা নাই৷ ভুল নুবুজিবি পিতাই, তহঁতৰ সেই ত্যাগ মই কোনোদিনে পাহৰিব নোৱাৰো৷ সহজ সৰল গাঁৱৰ জীৱনটোৱে মোক অহৰহ হাত বাউল দি মাতে, কিন্তু কংক্ৰীটৰ অৰণ্য এই মহানগৰৰ মায়াজালত মই বন্দী হৈ পৰিলোঁ! কি ক’বলৈ গৈছো তই চাগৈ বুজি পোৱা নাই, নহয়৷

পিতাই তই অনাখৰী মানুহ৷ কিন্তু মই কোনোদিনে তোৰ দৰে শিক্ষিত হ’ব নোৱাৰিলো৷ এতিয়া মই গুৱাহাটীস্থিত অন্যদেশৰ কোম্পানী এটাৰ এজন বিয়াগোম বিষয়া৷ তই যে মোক আগতে কৱ, হাকিম হ’ব লাগিব ঠিক তেনেকুৱা ধৰণৰ চাকৰি৷ লগুৱা-লিকচৌৰে ভৰপুৰ৷ অ’ তোক এটা কথা কোৱা হোৱাই নাই নহয়, তোৰ বোৱাৰী আজিকালি এটা বৰ ধনী সংঘৰ সম্পাদক৷ তেওঁ ইমানেই ব্যস্ত যে সপ্তাহত মাত্ৰ কেইঘণ্টামানহে আমাৰ দেখা-সাক্ষাৎ হয়৷ উচ্চাকাংক্ষী মানুহজনীৰ লগত হোৱা সেই সাক্ষাতো বৰ সুবিধাজনক নহয়৷ তোৰ নাতি মানে আমাৰ ল’ৰাটোক দিল্লীৰ এখন ব’ৰ্ডিং স্কুলত পঢ়ুৱাইছো৷ তাক বছৰত মাত্ৰ এবাৰ দেখা পাওঁ৷

পিতাই, গাড়ী-ঘোঁৰা, টকা-পইচা, চাকৰ-নাকৰেৰে মই এজন তথাকথিত আঢ্যৱন্ত মানুহ৷ অথচ মই কিমান নিসংগ চাচোন৷ তহঁতলৈ মোৰ ইৰ্ষা হয়৷ দৰিদ্ৰক্লিষ্ট জীৱনত জীৱনবোধৰ অগণিত সম্ভাৰেৰে তহঁত ইমান চহকী আৰু প্ৰাচুৰ্যৰ বিৰামহীন প্ৰতিযোগিতাত হাবাথুৰি খাই ফুৰা মই যে কিমান নি:কিন!

মোৰ আৰু চাকৰি কৰি ধন ঘটিবলৈ ইচ্ছা নাই, বহুত হ’ল৷ স্বেচ্ছামুলক অৱসৰ ল’ম বুলি থিৰাং কৰিলো৷ লগতে এই গুৱাহাটী চহৰো এৰিম৷ গাঁৱলৈ উভতি গৈ আমাৰ বাঁহৰ ছটি-খুঁটাৰ ঘৰটো মজবুতকৈ বনাই লৈ জীৱনৰ বাকী দিনকেইটা আইৰ হাতৰ অমৃত খাম৷ গাঁওখনৰ উন্নয়নৰ হকে কিছু কাম কৰিম৷ মোৰ ল’ৰাটো চাগৈ বাহিৰতে সংস্থাপিত হ’ব৷ এওঁ যদি গাঁৱলৈ যাবলৈ ইচ্ছা নকৰে, গুৱাহাটীৰ অট্টালিকাতে থাকিব৷ মাকৰ ঘৰখনো তাতে যেতিয়া সমস্যা নহ’ব৷

আজিলৈ সামৰো, পাৰিলে চিঠিৰ উত্তৰ দিবি৷ তোক এই চিঠিখন যিয়ে পঢ়ি শুনাব আৰু নুবুজাবোৰ বুজাই দিব মানে পবিত্ৰ পিয়ন, তেখেতলৈ মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা থাকিল৷

শেষত তহঁত দুয়োলৈ পুনৰ সেৱা আৰু শ্ৰদ্ধা জনালোঁ৷

ইতি,
তোৰ
বাপুকণ
গুৱাহাটী৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক