‘পিতাইৰ বাটামী ঘৰ’ (আব্দুছ চাজিদ)

(শ্ৰী প্ৰতিম প্ৰতাপ বৰুৱাৰ হাতত, হেঁপাহেৰে…।)

নিজৰ কাপোৰ নিজে ধোৱা আৰু ইস্ত্ৰি কৰাটো আন বহুতৰ দৰেই কেতিয়াৰ পৰানো নিজে কৰি আহিছোঁ তাৰ তাৰিখ, বাৰ ক’ব নোৱাৰিম৷ সিদিনাও নিজৰে শুকান কাপোৰ কেইটামান ইস্ত্ৰি কৰি আছিলোঁ৷ তেনেকুৱাতে একাষৰীয়াকৈ থৈ দিয়া ম’বাইল ফোনটো সশব্দে বাজি উঠিল৷ স্ক্ৰীণখনলৈ চাই দেখিলোঁ, সিমূৰে সেইটো ইকু৷

‘দাদা, আপোনাৰ লগত আমাৰ অ’.চি. ছাৰে কথা পাতিব বিচাৰিছে৷’ আগ-গুৰি নোহোৱাকৈ সি সিমানখিনিয়েই ক’লে, আৰু ফ’নটো কাষৰজনক দি দিলে৷

হ’ল আৰু! পুলিচ, উকিল আৰু ডাক্তৰৰ পৰা পৰাপক্ষত নিজকে আঁতৰত ৰাখোঁ৷ এতিয়া আহিল পুলিচৰ ফ’ন৷ কি বা কথা আকৌ! সঁচাকৈ কৈছোঁ, মনৰ ভিতৰৰ ভাবটো সেই মুহূৰ্তত তেনেকুৱাই আছিল মোৰ৷

‘নমস্কাৰ, মই …এ কৈছোঁ৷ মোৰ কবিতা কেইটামান আছিল, তাকে কিতাপ এখন কৰি পেলাওঁ বুলি ভাবিছোঁ৷ সেয়ে আপোনাক লগ পাব বিচাৰিছোঁ৷ গধূলি গ’লে পামনে?’

কে’ছ নহয়, কবিতা৷ যিহওক ৰক্ষা! পুলিচ-কবিক গধূলি আগমনৰ সন্মতি দি দিলোঁ৷ উপায়োযে নাই৷

গধূলি৷ নিজৰ প্ৰতিষ্ঠানত একান্তমনে কামত ডুবি আছোঁ৷ তেনেকুৱাতে বাহিৰত বগা জীপচি এখন ৰ’লহি৷ সাংগোপাংগৰ দলটোক ক’ৰবাতে পিছ পেলাই খাকী পোছাক পৰিহিত বিশাল বপুৰ লোক এজন গপগপাই সোমাই আহিল৷ বেজটোলৈ দৃষ্টি দিয়ে খাটাং হ’লোঁ… এখেতেই তেখেত৷ নমস্কাৰ জনাই বহিবলৈ আসন পাৰি দিলোঁ৷ তাৰ পিছত চলিল বাক্য বিনিময়৷

এই লোকজনক মই ডিফু ক্লাবত মাঘ বিহু উদযাপনৰ উপলক্ষ্যত (২০১২) প্ৰথমবাৰৰ বাবে লক্ষ্য কৰিছিলোঁ৷ কণী যুঁজত তেখেতে প্ৰথম পুৰস্কাৰ পাইছিল৷ টেকেলি ভঙা প্ৰতিযোগিতাতো মাটিৰ টেকেলিটো সিদিনা তেখেতেই একেমাৰে চূৰ্চুমৈ কৰি পেলাইছিল৷ তেতিয়া খাকী সাজত নাছিল যদিও আশে-পাশে ৰোৱা সৈন্য-সামন্তসৱক দেখি মনতে প্ৰশ্ন হৈছিল, কোননো এইজন বুলি৷ ধৰি লৈছিলোঁ যে নিশ্চয় পুলিচ বা তেনেকুৱা বিভাগৰে লোক হ’ব৷ পুলিচৰ পৰা সততে শতযোজন আঁতৰত অৱস্থান কৰোঁ যেতিয়া অৱধাৰিতভাৱে বিহুতলীত মানুহজনক মাত-বোল কৰাৰ আগ্ৰহো মনলৈ স্বাভাৱিকতে অহা নাছিল৷

আৰু আচৰিতভাৱে, সেই লোকজনেই এতিয়া এয়া মোৰ সন্মুখত বিৰাজমান৷ সম্পূৰ্ণ ইউনিফৰ্মত৷ কঁকালত খাপৰ ভিতৰত ৰিভলভাৰ, হাতত এখন মস্ত ডায়েৰী৷

লাহে লাহে আমাৰ পৰিচয় পৰ্ব সমাপ্ত হ’ল৷ তাৰ পিছত কবিতাৰ জগতত বিচৰণ৷ ডায়েৰীত লিখি থোৱা কবিতাবোৰ মানুহজনে মোক দেখুৱাই গ’ল৷ সুন্দৰকৈ আবৃত্তিও কৰি শুনালে তাৰে দুই-এটা৷ ৰাইজৰ নিৰাপত্তাৰ দৰে গুৰুত্বপূৰ্ণ আৰু দায়িত্বশীল পদবীত আসীন হৈও তেখেতে নিৰন্তৰভাৱে চলাই অহা এই চৰ্চা আৰু প্ৰগতিশীল চিন্তা-চেতনা দেখি মানুহজনলৈ মোৰ শ্ৰদ্ধাভাব জাগি উঠিল৷ তাৰোপৰি তেখেতে কোৱা কথা এষাৰেও মোক বিশেষ ধৰণে আকৰ্ষণ কৰিলে৷ বাক্যশাৰী আছিল… ‘কবিতাত ডুবি থকাৰ সময়ত কোনোবাই মোক পুলিচ বুলিলে সহ্য নহয়৷’

ডিউটিৰ সময়ত গাড়ীত গৈ থাকোঁতেও ফটা কাগজত মনৰ ভাব লিখি ৰখা মানুহজনে পিছলৈ পেট্ৰ’লিঙৰ সময়তো আনকি সুবিধা বুজি ‘প্ৰিণ্টৱেল’ত ভুমুকিয়াবলৈ ধৰিলে৷ তেনেকৈয়ে এপ্ৰিল ২০১২ত ‘পিতাইৰ বাটামী ঘৰ’ ছপা হৈ ওলাল৷ তেনেকৈয়ে এই কবি তথা ডিফু থানাৰ অ.চি. নৱ কুমাৰ বৰাদেউ পিছলৈ আমাৰ একেবাৰে ঘৰুৱা মানুহ হৈ পৰিল৷ আনকি চাকৰিৰ অনেক ব্যস্ততাৰ মাজতো তেখেতে লখিমপুৰৰ পৰা ডিফুলৈ ফুৰাবলৈ অনা নিজৰ মাক-দেউতাকক আমাৰ ঘৰলৈকো এপাক আনিবলৈ নাপাহৰিলে৷ ডিফুৰ পৰা বদলি হৈ সম্প্ৰতি ডিব্ৰুগড়ত কৰ্মৰত যদিও মনত পৰিলেই মই সময়জ্ঞান পাহৰি ‘অ.চি. ছাৰ’ৰ নম্বৰটো ডায়েল কৰি দিওঁ, মাতষাৰ শুনা পাবলৈকে৷ বিহু বুলিলে ৰ’ব নোৱাৰা পাহুৱাল মানুহজনৰ ‘বিহুৱা’ বুলিও সমাজত আন এটি ভাল লগা পৰিচয় আছে৷

মোৰ তালৈ আহোঁতে শ্ৰী বৰা ডাঙৰীয়াক মই কেতিয়াবাতে ‘অকব’ খুলি দেখুৱাইছিলোঁ৷ তেখেতো আকৰ্ষিত হৈছিল৷ নিজৰ কবিতা ৱালত দিব পৰা যাব নেকি বুলিও মোক তেতিয়াই সুধিছিল৷ পিছে মোৰ চিন্তা-চেতনা সময় অনুপাতে জাগ্ৰত নোহোৱাৰ বাবেই বিশেষ ক্ষণটিলৈ মাননীয় সদস্যসকলে আজি পৰ্যন্ত ৰ’ব লগা হ’ল৷

ইতিমধ্যে দ্বিতীয় সংস্কৰণ (এপ্ৰিল ২০১৩) প্ৰকাশ পোৱা ‘পিতাইৰ বাটামী ঘৰ’ কবি নৱ কুমাৰ বৰাৰ চতুৰ্থখন কাব্যপুথি৷ ইয়াত সন্নিৱিষ্ট ৫১টা কবিতাৰ প্ৰতিটোৱেই জীৱনৰ সৈতে মুখামুখি হোৱা সত্য কাহিনীৰ স্তাৱক বুলি কবিয়ে নিজমুখে কৈ থৈছে৷ কবিয়ে আৰু কৈছে… ‘নিজা ঘৰখনৰ একো একোটা সঁচা চৰিত্ৰক কবিতাৰ তুলিকাৰে বান্ধিব বিচৰা হৈছে৷’ ‘মোৰ আৰক্ষীৰ ডায়েৰীখন এনেদৰেই লিখাৰ প্ৰয়াস কৰিছোঁ’ বুলি কবিয়ে কিতাপখন পাঠক সমাজলৈ আশাৰে আগ বঢ়াই দিছে৷ তদুপৰি নিৰ্বাচিত সাতোটি কবিতাৰ সমাহাৰত একে নামেৰে অডিঅ’ চিডিৰ শ্ৰাব্য গ্ৰন্থন এটিও প্ৰকাশ পাইছে৷ তাৰে শীৰ্ষক কবিতাটি আমাৰ মাননীয় সদস্য-সদস্যাসকলে পঢ়ি চাব বুলি আজি ‘অকব’ৰ ৱালত তুলি দিলোঁ৷

‘পিতাইৰ বাটামী ঘৰ’

বৰ আমনি লাগিছে অ’
ৰুদ্ধ কোঠাটোত৷
কিযে নিষ্ঠুৰ গৃহিণী
ঘৰচিৰিকাটো দূৰৰ কথা
মকৰাৰো প্ৰৱেশ নিষেধ৷

ঐ ভাই, আকৌ সাজোঁ নেকি
পিতাইৰ বাটামী ঘৰ?
সেই যে, বাঁহৰ খুঁটাত চঁছালি পৰা
সাতজনীয়াখন!
কাৰ ভৰি, কাৰ গাত
ক’ত থাকে, কাৰ হাত?

সৰুভনী বৰ কচুৱা
চেপেটীজনীক দুটাৰ জেগা লাগে
পাছে, কেঁচাকলাৰ যখিনীৰ
কথা ক’লে টোপনি আহে৷
বিছনাত দুপদেই অস্ত্ৰ
ঠাণ্ডাত ফঁটা কেঁথা
গৰমত আইৰ বিচনীখন৷

পিতাইৰ মাটি-ঘৰ
নিপোটল মজিয়াত দহোটা খাৱৰীয়া৷
আখলত এচৰু উখোৱা ভাত৷
তাকে লৈ অবুজনৰ ঠেহ্-পেচ্৷
মাজে-মাজে আইৰ ধমক
চুপ্, মনে মনে থাক
খাওঁতে একো কথা নেপাত্৷

ঘূৰি চায় পিতাই!
হেৰি ঐ মাক
কিহেৰেনো সাঁজ?
থাকিবনো কি!
বাৰীৰ খুতৰা শাক৷

চাৰিআলিত বাছৰ চিৎকাৰ
কলেজীয়াই পাব লাগে মেজৰৰ ক্লাচ
নাকে-কাণে নিগিলিলে
সময়নো কাৰ?
টুক্-টুক্ খোজেৰে কণমানিয়েও জানে
পিতায়ো বাট ললে গুৰুৰ স্থানে৷
বান্ধোনত দুপৰত এপাল গৰু
আইৰ টেঁটুত৷

‘কটা ঘাঁহ’ খোৱা৷
ব্যস্ততাৰে ভৰা আবেলিৰ পদূলি
এমুঠি পঁইতা খাই সৰু গ’ল গৰু লৈ
জাকৈয়া ছোৱালী, বাই
দলনিত পোনা চুঁচিবলৈ৷
তালযুৰীয়া দুয়ো ভাই
পথাৰৰ আলিপাহ চুক্-কাণ চায়
কাইলৈ ছকঠা মাটিৰ বোকা৷
পিতাইৰ দৌৰা-দৌৰি
খুলিবহি চুবুৰিৰ দোকান
কিজানিবা জোৰা মৰে সন্ধিয়াৰ ৰেচন৷

যন্ত্ৰৰ দৰে চলিছিল অ’ পিতাই
পথাৰৰ হালোৱা, গৰুৰ গৰখীয়া
গুৰুকুলৰ গুৰু, দোকানৰ দোকানী৷
এজনেই পিতাই, এটাই খাৰে ধৰা কামিজ৷
তোৰো চাগে’ মনত পৰে
আইৰ ঢেঁকীৰ চাবে পুৱাৰ বতৰা দিয়া
শাওণৰ পথাৰত, শিৰৰ সেন্দূৰে
দুগাল ৰাঙলী কৰা৷

পিতাইক চাবি অ’
আইৰ পকা-থেকেৰাযেন মুখখনৰ
হাঁহিটো থাকিব দিবি৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments