পিতাই ( দীপাঞ্জলি পাঠক )

নিশ্বাসৰ জুমুঠিটোত প্ৰাচীনতম ফুক্ টো মাৰি

মোৰ কামিহাড়ৰ কাঁথিচুকত

তেওঁ গুজিছিল এটা বীজ

এটা সপোনৰ আকলুৱা অংকুৰণ

ছাঁৰ মোহ এটা তেওঁৰো চকুত আছিল নেকি

নে তেওঁ নিজেই আছিল ছাঁৰ অনুঘটক

তেওঁক চিনি পোৱাৰ মোৰ বয়সেই বা ক’ত

মোৰ মূলৰ পৰা কাণ্ডলৈ মাথোঁ বৈ আছিল

তেওঁৰ উশাহৰ ৰক্ত বৰ্ণ

খেলৰ লগৰীয়া পৰত তেওঁ চলেৰে শুনাইছিল

এজোপা বটবৃক্ষৰ জন্ম বৃত্তান্ত

আৰু মই মোৰ তিল চানেকীয়া মগজুৰে

পাৰোমানে বুজিবলৈ চেষ্টা কৰিছিলো

কাকনো কয় শিপাৰ খামোচ

দুভৰিত জিয়াঁৰ পাখি গজাৰ পৰতে

তেওঁ মোক লৈ গৈছিল সৌ হাবিতলীয়া বাটটোৰে

য’ত পোহৰে কেৰঘেঁহা হাতেৰে বিলাইছিল

ৰ’দৰ প্ৰাচুৰ্য্য

আৰু গছবোৰে প্ৰাণটাকি উধাইছিল

গিলিবলৈ জীৱনৰ অৱলম্বন

আধা আলো আধা ছাঁয়াৰ গেজেপনি ফালি

তেৱেইচোন মোক আঙুলিয়াই দেখুৱাইছিল

মহীৰুহৰ উন্নত শিৰত জিলিকি থকা

অগণন পোহৰৰ মুকুত

আৰু মোৰ চেঁচা সেমেকা হাতৰ মুঠিত গুজি দিছিল

এন্ধাৰে পোহৰে উচ্চাৰিত সেই অমোঘ মন্ত্ৰ …..

সদায় মূৰ তুলি খোজ কাঢ়িবি আইজনী

ৰাজহাড় পোন হ’ব৷

————————————–

পুনশ্চ – ছাঁ ঘন ডাঠ হাবিত গছবোৰ ওখ হয়৷ তাহানিতে পিতায়ে শিকাইছিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments