পিতাৰ ছাঁ –অঞ্জনা দত্ত


 গাওঁখনৰ গোটেই মানুহখিনিয়ে বংশীধৰৰ পথাৰখনৰ কাষত থকা বুঢ়া আমজোপাৰ কাষতে নামঘৰ এটা সজাৰ কথা ভবাত, গোবিন্দ গোসাঁই আৰু মাধৱ ভকত বংশীধৰৰ দুই পুত্ৰ জগত আৰু গকুলৰ কাষ চাপিলেহি। 

 “জগত, গকুল।  ভাবিছোঁ গাওঁখনৰ বাবে তহঁতৰ বুঢ়া আমজোপাৰ ঠাইত ৰাজহুৱা নামঘৰ এটাকে পাতোঁ। বংশীধৰ থাকোঁতে কথাটো থাকিয়ে গ’ল পাতিবলৈ। এতিয়া মানুহটোও নাই। তহঁতে বা কেনে দেখ কথাটো।” ― গাঁৱৰ গোবিন্দ গোসাঁয়ে জগত আৰু গকুললৈ চালে। 

 গোবিন্দ গোসাঁইৰ কথাত জগত আৰু গকুল কিছুপৰ মৌন হৈ থাকিল। গাওঁখনৰ বাবে বুঢ়া আমজোপাৰ কাষত নামঘৰ এটা হ’ব। তাকো সিহঁতৰ পথাৰত। সঁচাকৈয়ে ভাল লগা কথা। নামঘৰ এটা সজাৰ কথা পিতাক বংশীধৰেও চিন্তা কৰিছিল। চিন্তাটো তেনেকৈয়ে ৰৈ গ’ল। আগ নাবাঢ়িল আৰু। কাৰণ মানুহটো নৰিয়াত পৰিল। এতিয়া গাঁৱৰ মানুহখিনিয়ে কথাটো চিন্তা কৰিছে যেতিয়া জগত, গকুলহঁতেও চিন্তা এটা কৰিলে। অন্ততঃ পিতাকৰ সপোন এটা সিহঁতেই পূৰাব এতিয়া। 

 “কিন্তু তাত নামঘৰ হ’লে বুঢ়া আমজোপা থাকিব জানো?” ―গকুলে গোসাঁইৰ পিনে চাই মাত লগালে। 

” অঁ। সেইটো তহঁতে চিন্তা এটা কৰচোন। আমজোপা বুঢ়াও হ’ল এতিয়া। ফল নিদিয়া হ’ল। তাত নামঘৰটো হ’লে গোটেই গাওঁখনৰ বাবেই হ’ব। মানুহৰ আহ-যাহ হ’ব। এতিয়া আমাৰ বৰ নামঘৰটোত মানুহৰো ভিৰ বাঢ়ি আহিছে। ঠাই নোহোৱা হৈছে। তাতে আকৌ ভাওনা-সবাহ আদিৰ বাবেও ঠাই লগা হৈছে। গাঁৱৰ গোটেই ৰাইজখিনিয়েও কথাটো চিন্তা কৰিছে। সেয়েহে তহঁতৰ ওচৰলৈ আহিলোঁ। বংশীধৰেও আমাৰ নামঘৰৰ কাম-কাজত যথেষ্ট সহায় কৰি মেলি দিছিল। মানুহটো থকা হ’লে কথাই নাছিল। এতিয়া তহঁতেই আমাৰ সহায়।” ―মাধৱ ভকতে গকুলৰ পিনে চালে। 

” কিন্তু আমজোপা থাকিলেওতো নামঘৰ সাজিব পৰা যাব!” ―জগতে গোসাঁইৰ পিনে চালে। 

”অঁ। আমজোপা থাকিলে হয়তো অলপ আহুকাল হ’ব। পথাৰৰ কাষৰ মাটি। সেইপিনে ৰাস্তা এটাও বনাব লাগিব। হয়তো আমজোপা থাকিলে ৰাস্তাটো কৰিব পৰা নাযাব। গাঁৱৰ ৰাইজৰ কথাটোও চিন্তা কৰিব লাগিব নহয়।” ―গোসাঁয়ে জগতৰ পিনে চাই লাহেকৈ ক’লে। 

” কথাটো বাৰু ঠিকেই কৈছে বাপ। আমিও চিন্তা এটা কৰিম, কি কৰা যায়।” ―গকুলে গোবিন্দ গোসাঁইৰ পিনে চালে। 

” কি সিদ্ধান্ত কৰ, তহঁতে সোনকালে কৰিবি। এইবাৰ গুৰুজনাৰ তিথি আমি গোটেই গাঁৱৰ ৰাইজে আমাৰ এই নতুন নামঘৰটোতেই পাতিম বুলি ভাবি থৈছোঁ। এতিয়া তহঁতৰ ওপৰত সকলো। আমাক সহায় এটা কৰ।” 

” হ’ব বাৰু। আমিও চিন্তা এটা কৰোঁ। পিতাইৰো সপোন এটা আছিল নামঘৰটোক লৈ।” ―জগত অলপ আৱেগিক হৈ পৰিল। 

”হ’ব দে। এতিয়া আমি উঠোঁহে। কাইলৈ দুপৰীয়া নামঘৰলৈকে আহিবিচোন। তাতেই কথাবোৰ আলোচনা কৰিম।” 

” বাৰু।” ―জগতে মাত লগালে। 

 গোবিন্দ গোসাঁই যোৱাৰ পিছত জগত আৰু গকুলে কথাখিনি আলোচনা কৰি সিদ্ধান্ত এটা ল’লে। বুঢ়া আমজোপা কি সতে কাটি পেলাবলৈ ক’ব বাৰু সিহঁতে! সেইডাল আমগছ পিতাকে নিজ হাতে লগোৱা। সিহঁত সেইডাল আমগছৰ তলতে খেলি ভাঙৰ হোৱা।  এই আমগছজোপাৰ সৈতে সিহঁতৰ জীৱনৰ এটা অধ্যায় জড়িত হৈ আছে। সিহঁতৰ মাক- পিতাকৰ আৱেগ জড়িত হৈ আছে। এইখিনি কথা গাঁৱৰ মানুহখিনিয়ে বুজি নাপায়। 

 সেইডাল আমগছৰ নিচিনা মিঠা আম গাঁৱৰ ক’তোৱে নাই। কিন্তু আমগছডাল নাকাটিলে নামঘৰৰ বাবে ঠাই নোলাব। গোবিন্দ গোসাঁই আৰু মাধৱ ভকতেও কথাটো বুজাই মেলি গৈছে। এতিয়া ৰাজহুৱা নামঘৰ এটাৰ বাবে এইখিনি বাধা দিলেও, সিহঁতে গাঁৱৰ মানুহখিনিৰ ওচৰত অপৰাধ কৰাৰ নিচিনা হ’ব। 

 ঘৰখনত দুয়োটা ককাই-ভাই আৰু বোৱাৰী দুজনীৰ বাহিৰে মানুহেই নাই।  ডাঙৰ পুতেক জগত আৰু সৰু পুতেক গকুলৰ বিয়া দুখন বংশীধৰে কথমপি পাতি দিছিল বুলিহে। মাকজনীক সৰুতেই হেৰুৱালে সিহঁতে। বৰ সৰল আছিল সিহঁতৰ মাক মনোমতী। মাক নোহোৱা ল’ৰা দুটাক পিতাক বংশীধৰে কিমান কষ্টত ডাঙৰ-দীঘল কৰিছে, সিহঁতৰ বাহিৰে আনে কেনেকৈ বুজি পাব! 

 ৰাতি ভাত -পানী খাই উঠি জগত বিছনাত পৰিলহি। ঘৈণীয়েক তৰাই কাম-বনবোৰ কৰি অঁটাই শুবলৈ আহি গিৰিয়েক জগতৰ পিনে চাই সুধিলে―

” কথাবোৰ কি ভাবিছা?” 

” তাকেই অ’।” 

” আমজোপা পিতায়ে নিজ হাতে লগোৱা। পিতা গুচি গ’লগৈ। এতিয়া আমজোপাকে পিতা যেন লাগে মোৰ!” ―তৰাই জগতলৈ চালে। 

 তৰাৰ কথাকেইটাই জগতৰ বুকুৰ কোনোবাখিনিত যেন খুন্দা মাৰি গ’ল। বৰ লক্ষ্মী ছোৱালী এজনী আনি তাৰ ডিঙিত জাপি দিলেহি পিতাকে। এজনী বোৱাৰী হৈয়ো তাই নিজৰ পিতাকৰ দৰে ভাবে তাৰ পিতাকক। তাৰ পিতাক সঁচাকৈয়ে বৰ উদাৰ মনৰ মানুহ আছিল। 

 সৰুতে পিতাক যেতিয়া পথাৰত ব্যস্ত হৈ থাকে,  দুপৰীয়াৰ ভাতকেইটা মাকেই টোপোলা বান্ধি পিতাকলৈ লৈ যায়। এই আমজোপাৰ তলতেই বহি পিতাকে বৰ তৃপ্তিৰে ভাতকেইটা খায়।  স্কুললৈ নগ’লে জগতে ভায়েক গকুলক লগত লৈ ভাতৰ টোপোলাটো লৈ পথাৰ পায়হি। আমজোপাৰ তলত বহি পিতাকে ভাতকেইটা খাই অঁটোৱালৈকে দুয়োটা বহি থাকে। গৰমৰ দিনত ঘামত তিতি বুৰি জুৰুলা হোৱা পিতাকৰ উদং পিঠিখনলৈ চকু পৰিলেই তাৰ চকুদুটা সেমেকি উঠে। 

”পিতাই!” 

” হুঁ।” 

” তোৰ পিঠিখন ইমান ক’লা পৰিছে!” 

” অঁ। ৰ’দত হালবোৱা কাৰণে।” 

” তই হালখনত ছাতি এটা ভালকৈ বান্ধি ল’বিচোন পিতাই!” 

”খেতিয়ক মানুহৰ পিঠি ক’লা হয়েই। এয়া তহঁতৰ কাৰণেহে কষ্ট কৰিছোঁ! তহঁতে পঢ়া -শুনা কৰি ডাঙৰ মানুহ হ’লে, মই এনেকৈ আৰু কষ্ট নকৰোঁ নহয়। তেতিয়া তহঁতে আমাক চাবি।” 

দুপৰীয়া আমজোপাৰ তলত বহি ভাত খাই থকা বংশীধৰৰ ৰ’দত ক’লা পৰি যোৱা পিঠিখনলৈ মনোমতীয়েও চাই থকাটো বংশীধৰে দেখে। দেখিলে তাইৰো মনটো মৰহি আহে। বংশীধৰে সকলো বুজে। বুজিলেও একো কৰিব নোৱাৰে সি। কৰিবনো কি! খেতি কৰিয়েই খাব লাগিব। ৰ’দত ক’লা পৰি যোৱা তাৰ পিঠিখন দেখি মনোমতীয়ে কয়―

” পইচা কেইটামান যোগাৰ হোৱা হ’লে হাল বোৱা গাড়ী এখনকে ল’ব পৰা গ’ল হয়!” 

” হালবোৱা গাড়ী?” 

” অঁ। হালবোৱা গাড়ী আকৌ।  সেই যে কিবা টেৰেক্টৰ নে কি কয় জানো!” ―মনোমতীয়েও হাঁহে। 

” অ’ ট্ৰেক্টৰ!” 

” অঁ, অঁ!” 

” হেৰ ‘, মই থাকোঁতে সেইবোৰ কিয় লাগিছে নো হয় নে!” 

” তোমাৰ পিঠিখন দেখিছা জানো কেতিয়াবা!  ৰ’দত কয়লাৰ দৰে ক’লা পৰিছে!” 

” হুম!  পইচা ক’ত ট্ৰেক্টৰ কিনিবলৈ? পইচা থকা হ’লে ৰ’দত এনেকৈ পিঠিখন ক’লা কৰিবলৈ নাহোঁ! আৰু ট্ৰেক্টৰ এখন কিনিবলৈ বহুত পইচা লাগিব বুইছ! বহুত। “

” বহুত মানে কিমান নো?” 

” কেইবা লাখ। ক’ত পাম ইমান টকা?” 

” সেইবোৰৰ হিচাপ কেনেকৈনো জানিম। ইমান পঢ়া-শুনা কৰিবলৈ পালোঁনো কেতিয়া?” 

” হুম। কেনেকৈনো আৰু পঢ়ি থাকিব পাৰিলি! মোৰ দৰে ভিক্ষাৰীটোলৈ আহিব লগা হ’ল যে! “―বংশীধৰে হাঁহে। 

” এনেকৈ কিয় কৈছা! তুমি কষ্ট কৰি খুৱাইছা আমাক!  আমাৰ কাৰণে তুমি ভগৱান!” 

” এনেকৈ নক’বি মনোমতী!  মই কোনো ভগৱান নহয়! “

” বাৰু নকওঁ। মই নক’লেও গোটেই গাওঁখনে তোমাক জানে নহয়।” 

” গাওঁখনে নালাগে জানিব বাৰু। তই মোক তোৰ মানুহটো বুলিতো জান!” 

 মনোতীৰ লাজ লাগি গ’ল। তাইৰেতো মানুহ এইটো! তথাপিও কিয় জানো লাজ এটাই তাইৰ বুকুৰ ভিতৰলৈ যেন ঠেলি -হেঁচি সোমাই গৈছে এই মুহূৰ্তত। 

 এতিয়া আমি নহয় বংশীধৰহে অকলে আছেগৈ। মানুহজনী কাহিনীবাই গ’লগৈ সৰু সৰু দুটা ল’ৰাৰ সৈতে তাক অথাই সাগৰত পেলাই থৈ। সিহঁতৰ বাবে এতিয়া সি পিতাকেই নহয়, মাকো। কথাবোৰে তাকো থকা-সৰকা কৰি যায় কেতিয়াবা। মানুহজনী যাওঁ বুলিয়ে গুচি গ’লগৈ! ছোৱালী এজনীৰ আশাই কাল হ’ল! 

 পিতাকে আমজোপাৰ তলত বহি কিমান শান্তিৰে ভাতকেইটা খায় ―জগতে জানে। আমজোপাৰ ছাঁত বহি সিহঁতে শৈশৱৰ কিমান সোণালী সপোন দেখিছিল, তাকো পাহৰা নাই। ৰ’দত ক’লা পৰি যোৱা পিতাকৰ পিঠিখন আমজোপাৰ ছাঁত সতেজ হৈ পৰা দেখিছিল সি। আমজোপাৰ পৰা কিবা এটা সুগন্ধি আহি সিহঁতৰ নাকত লাগিছিল সদায়। তেতিয়া আনকি আমজোপাত কলি এটাও লগা নাছিল। আশে -পাশে সেউজীয়া ধাননিখন দেখি তাৰ মন নাযায় ডাঙৰ মানুহ হোৱাৰ সপোনটো দেখিবলৈ। মাক-পিতাকক ডাঙৰ মানুহ হ’লেহে চাব পাৰি নেকি? খেতিয়ক হয়োতো চাব পাৰি! সিয়ো খেতিয়ক হ’ব। খেতি কৰিব। কিন্তু তেতিয়ালৈকে বাৰু এই আমজোপা এনেকৈয়ে থাকিব নে? বুঢ়া হৈ মৰি নাযায়তো! তাৰ মনত অনেক চিন্তা হয়। সি খেতিয়ক হ’লে, তাৰো পিঠিখন পিতাকৰ দৰেই ক’লা পৰি আহিব এদিন। আমজোপাৰ ছাঁত বহি সিয়ো হয়তো তাৰ সংসাৰখনৰ কথা ভাবিব। পিতাকে ভবাৰ দৰে। ধেৎ! কিবোৰ যে ভাবিছে সি! এতিয়া ডাঙৰেই হোৱা নাই সিহঁত। 

 ৰাতিপুৱা শোৱাপাটীৰ পৰা উঠি আমজোপাৰ কথাকে ভাবিলে জগতে। গকুলৰ ঘৈণীয়েক মালাই চোতালখনত বাঢ়নী বুলাইছে। দুয়োটা ককাই -ভাইৰ মাজত একেখনেই চোতাল। অথচ দুয়োজনী বোৱাৰীৰ মাজত কোনো ভুল বুজাবুজি নাই। যিজনীয়ে যেনেকৈ পাৰে, তেনেকৈয়ে কামবোৰ ভাগ-বতৰা কৰি লয়। মুঠতে ঘৰখনত লক্ষ্মী বাস কৰা যেন লাগে সিহঁতৰ। খেতিৰ যি য’ত পায়, হাটলৈ লৈ যায়। তাৰেই ঘৰ চলে সিহঁতৰ। 

 ৰাতিপুৱা গকুলৰ সৈতে কথা-বতৰা হোৱাৰ পিছত, জগত আৰু গকুল দুপৰীয়া নামঘৰ পালেগৈ। ইতিমধ্যে গাঁৱৰ মানুহখিনিও আহি পাইছেহি। 

”কি সিদ্ধান্ত ল’লি তহঁতে জগত?” ―গোবিন্দ গোসাঁয়ে সিহঁতৰ পিনে চাই সুধিলে। 

” আমজোপা নকটাকৈ নামঘৰটো সাজিব নোৱাৰিনে?” ―জগতে ৰাইজৰ পিনে চালে। 

” নামঘৰলৈ যোৱা মানুহখিনিক ৰাস্তা এটাও লাগিব নহয় জগত!” ―ৰাইজৰ মাজৰে এজনে ক’লে। 

” ৰাস্তাৰ কাৰণে আমাৰ খেতিৰ পৰাই মাটি দিম। আমজোপা নামঘৰৰ মূল কীৰ্তন ঘৰৰ মাজতে ৰাখি নামঘৰটো সজা হওক নহ’লে ৰাইজ। “―কথাকেইটা কৈ জগতে সকলোলৈ চালে। 

”আমজোপা বুঢ়া হৈছে! কেতিয়াবা এইজোপাই সৰ্বনাশ কৰিব। ধুমুহাত বাগৰি পৰিবও পাৰে। নামঘৰে মানুহে সকলো যাব! ―ৰাইজৰ এজনে চিঞৰি উঠিল। 

” আই-পিতাই বুঢ়া হ’লে আপোনালোকে কি কৰে ৰাইজ?” ―সামান্য উত্তেজিত হৈ গকুলে ৰাইজৰ পিনে চাই মাত লগালে।” 

 নামঘৰৰ চাৰিওপিনে কাঁহ পৰি জীণ গ’ল। কাৰো এটা শব্দও শুনা নগ’ল। কেওফালে নিঃশব্দতাই বিৰাজ কৰিছে। কাৰো মুখৰ পৰা এটা মাত নোলাল। 

”আপোনালোকক যদি ৰাস্তা লাগে, আমি আমাৰ খেতিৰ মাটিকে দিম। আপোনালোকে তাতেই নামঘৰ সাজক। কিন্তু এই বুঢ়া আমজোপাক এনেকৈয়ে থাকিবলৈ দিয়ক।  পিতাৰ ছাঁত আমাক থাকিবলৈ দিয়ক! “ ―জগতে ৰাইজৰ পিনে চাই হাতযোৰ কৰিলে। 

” বুজিছোঁ জগত। সকলো বুজিলোঁ। তহঁতৰ কথামতেই আমি আমজোপা মূল কীৰ্তন ঘৰৰ মাজতে ৰাখি নামঘৰটো সাজিম। তহঁতক আমি কথা দিলোঁ। আমি এটা বৰ ডাঙৰ অপৰাধ কৰিব ওলাইছিলোঁ জগত। তহঁতে আমাক পাপ কৰাৰ পৰা ৰক্ষা কৰিলি। আমজোপা কেৱল তহঁতৰে পিতা নহয় জগত! আমাৰ সকলোৰে পিতা। সেই পিতাৰ ছাঁত আমি সকলোৱে থাকিব বিচাৰোঁ জগত। আমাক ক্ষমা কৰি দিবি।” ―গোবিন্দ গোসাঁয়ে জগত, গকুলৰ পিনে চাই হাতযোৰ কৰিলে। 

ৰাইজৰ বাকীবোৰেও জগতহঁতৰ পিনে চাই হাতযোৰ কৰিলে। 

” এয়া কি কৰিছে আপোনালোকে! ক্ষমা মোক নহয়, পিতাক খোজক! “―জগতে ক’লে। 

 গাঁৱৰ মানুহখিনিয়ে বুঢ়া আমজোপাৰ ওচৰলৈ গৈ ক্ষমা খুজিলেগৈ। আমজোপালৈ চাই মাধৱ ভকতে কৈ উঠিল―

” এইজোপা আম কেতিয়াও নমৰে! এইজোপাই আমাৰ নামঘৰটো ৰক্ষা কৰি থাকিব। পিতাৰ ছাঁত থাকিম আমি এতিয়া।” 

 আগদিনা ৰাতি তৰাই কোৱা কথাটোৱে জগতৰ বুকুখনত খুন্দিয়াই গ’ল ” এতিয়া আমজোপাকে পিতা যেন লাগে মোৰ!” 

 ঠিকেই কৈছে তৰাই। এই আমজোপা সিহঁতৰ পিতাকেই হয়। জগতে আমজোপালৈ একেথৰে চাই থাকিল। 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
6 months ago

সুন্দৰ। এক নৈতিকতাৰ লিখনি । গাঁৱৰ আচল ছবিখন ফুটি উঠিছে । বহুত ভাল লাগিল ।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক