পিতৃত্ব – সোণালী কলিতা

নিজৰ কেবিনত বহি অৰ্জুন হাজৰিকাই খিৰিকীৰে বাহিৰৰ ফালে চাই আছে। কোনো কামতেই আজি তেওঁৰ মন বহা নাই। অলপ আগতে পিয়নজনে কেবিনলৈ সোমাই আহি কাগজ এটুকুৰা দি থৈ গৈছিল। ঠিক তেতিয়াৰে পৰাই মনটো ক’তো বহুৱাব পৰা নাই। অথচ আজিৰ দিনটোৰ বাবেই যোৱা পাঁচ বছৰৰ পৰাই কিমান জল্পনা কল্পনা। চাৰৰ লগত কত যে কথা! কেনেকৈ কৰিব কি কৰিব ইত্যাদি….!

চাৰ অৰ্থাৎ হৰেন বৈৰাগী। গাঁৱত সকলোৱে হৰেন মাষ্টৰ বুলিয়ে জানে। কিন্তু এই হৰেন মাষ্টৰ অৰ্জুন হাজৰিকা আৰু তেওঁৰ মাকৰ বাবে ভগৱান! অৰ্জুনৰ মূৰত যদি হৰেন মাষ্টৰৰ হাতৰ পৰশ নেথাকিলে হয় হয়টো এতিয়ালৈ সি কোনোবাৰ ঘৰত গোলাম হৈ জীৱনটো পাৰ কৰিলে হয়।

এটা হুমুনিয়াহ কাঢ়ি অৰ্জুন হাজৰিকাই অতীতৰ সেই ভয়াবহ দিনবোৰলৈ ঘূৰি গ’ল। সি ছয় বছৰীয়া আছিল যেতিয়া পিতাক মহীধৰে টাউন লৈ গৈ চিলাই দোকান এখন পাতিছিল। মাকৰ সাঁচতীয়া এযোৰ সোণৰ ফুলি মহাজনৰ ওচৰত বন্ধকীত থৈ মহীধৰ টাউন গৈছিল। প্ৰথম এবছৰমান ঠিকে আছিল সকলো। সপ্তাহত এদিন কৈ আহিছিল। সপ্তাহটোৰ যিখিনি বজাৰ সমাৰ লাগে সি টাউনৰ পৰাই লৈ আহে। অৰ্জুনক পঢ়াশালিত নাম লগাই দিছিল। দময়ন্তীয়ে সপোন ৰচিছিল। অৰ্জুন ডাঙৰ মানুহ হৈছে। সুখত দিনবোৰ অতিবাহিত হৈছে। কিন্তু ভাল দিনবোৰ দময়ন্তীৰ জীৱনত খন্তেকীয়া হে আছিল। লাহে লাহে মহীধৰৰ অহাটো কমি আহিল। খবৰ পঠিয়ালে কাম ঢেৰ বাবে আহিব পৰা নাই তেনে অজুহাতবোৰ আহিব ধৰিলে। পা-পইচা পঠোৱাটোও বন্ধ হল। দুদিন দুৰাতি লঘোণে থকাৰ পিছত অৰ্জুনক কলৰ পানী খুৱাই হাতত ধৰি দময়ন্তী টাউনলৈ গ’ল। গৈ তাই দেখিলে মহীধৰে ইতিমধ্যে বৈজয়ন্তী নামৰ নেপালী ছোৱালী এজনীক চপাইছে। ঘূৰি আহোঁতে বাটত মাকৰ উখহা চকু দুটা দেখি অৰ্জুনে কিবা এটা বুজিলে। ঘৰ আহি পাওঁতে কানিমুনি সন্ধিয়া নামিছিল। জপনামুখত গাঁৱৰ মহাজনৰ মানুহ দেখি তাই অলপ আচৰিত হ’ল

: দদাইটিয়ে মাতি পঠিয়াইছে। কাইলৈ পুৱাই ওলাবিগৈ।

পিছদিনা কাহিলিপুৱাতে দময়ন্তী অৰ্জুনক লৈ মহাজনৰ ঘৰ বুলি বাট পোনালে। মহাজন ডাঙৰ মানুহ! বহাৰ সাহস তাই কৰিব নোৱাৰে। অগত্যা তাই পিৰালিৰ এচুকতে থিয় হৈ অপেক্ষা কৰি থাকিল। তাইৰ মনলৈ অৰ্জুনৰ চিন্তা এটাও লাগি আছিল। ঘূৰি গৈ তাক স্কুললৈ পঠিয়াব আছে! তাক কি খুৱাই পঠিয়াব! খুদকণ এটাও চোন নাই! মনতে গুনা গঁঠা কৰি তাই পিৰালিতে থিয়হৈ থাকিল। মহাজন যে নাতিদূৰত আছে তাই গমকে পোৱা নাই। মাতত হে তাই খকমকাই উঠিল। আঁচলখন টানি কুছি তলমুৱাকৈ থিয় হৈ ৰ’ল।

: ই মহীধৰে বোলে আৰু এজনী চপালে! তোৰ ফুলিযোৰ তিনিশ টকাত বন্ধকী থৈ টাউনত দোকান – ঘৰ পাতিলে! সুদৰ এটকাও নাই দিয়া! এতিয়া সুদে মূলে এহেজাৰ হৈছেগৈ! কি কৰিবি এতিয়া!

: আপোনাৰ ধাৰ সুজিব পৰা কৈ মোৰ ওচৰত একোৱেই নাই। এই দুখন হাত আছে। গোটেই জীৱন আপোনাৰ তলত কাম কৰি দিম।

: হুমমম! ঠিক আছে। বৌয়েৰাই দেখুৱাই দিব কি কৰিব লাগে!

: কাইলৈৰ পৰা নাহিলে নহ’ব নে? মানে লৰাটোক স্কুললৈ পঠিয়াব আছে।
মহাজনে ইতিকিং ভৰা চাৱনিৰে চাই ক’লে

: খাবলে খুদকণ নাই আৰু স্কুল যায়! লাট চাহাব বনাবি পুতেৰক!
কাম নকৰিলে খাবি কি! যা যা… দুইটাই কাইলৈৰ পৰা আহিবি!

অৰ্জুন আৰু দময়ন্তী গুচি আহিছিল। তাৰ ওন্দলা মুখখন মচি মচি তাই ক’লে

: কেইটামান দিনহে সোণ! ধাৰ মৰা শেষ হলেই আকৌ স্কুল যাবি!

সি মুখেৰে একো নেমাতিলে। এদিনতে ল’ৰাটো বৰ বুজন হল। মনতে ভাবিলে তাই।

এইফলে কেবাদিনো স্কুল নহাত প্ৰধান শিক্ষক হৰেন বৈৰাগী দময়ন্তীৰ ঘৰ গৈ ওলাল।

: অৰ্জুনৰ গা অসুখ নেকি! কেবাদিনো স্কুল নাই যোৱা! খবৰ এটাকে লৈ যাওঁ।
দময়ন্তীয়ে কিবা কোৱাৰ আগতেই অৰ্জুনে মহাজনৰ ঘৰত হোৱা গোটেই ঘটনাখিনি ক’লে। লগতে এইখিনিও ক’লে যে ধাৰ মৰা শেষ হ’লেই স্কুল যাব। অৰ্জুনৰ কথাখিনি শুনি হৰেন মাষ্টৰে সুধিলে

: কিমান টকা!

অৰ্জুনে হাত আৰু চকু দুটা বহল কৈ মেলি ক’লে
: এহেজাৰ!

: হুঁ ল! মহাজনক দিবি আৰু কাইলৈৰ পৰা স্কুল যাবি।

এখেন্তকো চিন্তা নকৰি অৰ্জুনৰ হাতত টকা এহেজাৰ গুজি চাইকেলখন ঘূৰাই মাষ্টৰ চোতালৰ পৰা আঁতৰ হল।
দময়ন্তী অলপ সময় তভক লাগি থাকিল। হঠাতে তাই অৰ্জুনক গালে মুখে থপৰিয়াব ধৰিলে। কেতিয়াও ডাঙৰ কৈ মাত নমতা মাকৰ এই ৰূপটো দেখি সি ঠাইতে থৰ হৈ ৰল।

মহীধৰ তাইৰ জীৱনৰ পৰা নোহোৱা হোৱাৰ পৰা সকলোৱে যেন সুবিধা ল’ব বিচাৰিছে! তাই তাৰ হাতৰ পৰা টকাখিনি আজুৰি নি পদূলি মুখলৈ দৌৰিলে। হৰেন মাষ্টৰক চিঞৰিব ধৰিলে। মাষ্টৰ বেছি দূৰ পোৱাগৈ নাছিল। তেওঁৰ নামটো কোনোবাই মতা যেন শুনি ঘূৰি চাই দেখে দময়ন্তী ফোপাই জোপাই দৌৰি আহিছে

: চাৰ! মই এই টকাখিনি ল’ব নোৱাৰো। কাৰণটো জানেই!

: জানো! তুমি যে ধাৰ মাৰিবলৈ অপাৰগ! কিন্তু অৰ্জুন পঢ়াত বৰ ভাল। তাৰ এটা ভৱিষ্যত আছে। তদুপৰি তাক দেখিলেই মই মোৰ মৃত সন্তানটিক পোৱা যেন পাওঁ। গাঁওখনৰ সকলোৱে জানে সেই পথ দুৰ্ঘটনাটোৰ কথা! পত্নী-পুত্ৰ সকলোকে হেৰুৱালো। অৰ্জুনৰ মাজত মোৰ সন্তানটিক দেখা পাওঁ। মই তোমাক ভনী জ্ঞান কৰি হে এইখিনি সহায় কৰিব বিচাৰিছিলো। তাৰ বাহিৰে মোৰ মনত একো বেলেগ ভাৱ নাই।

শান্ত হাঁহি এটা মুখত লৈ মাষ্টৰ পুনৰ চাইকেলত উঠি গ’লগৈ।

দময়ন্তী লাহে লাহে ক্লান্ত মানুহৰ নিচিনাকৈ ঘৰলৈ উভতি আহিল। ঘূৰি আহি ঠাইতে থিয় হৈ থকা অৰ্জুনক দেখি দোষী ভাৱত তাৰ ওচৰত বহি পৰিল। সি মাকৰ কান্ধতে মূৰটো পেলাই কৈ থাকিল

: মা…. চাৰে মোক বৰ মৰম কৰে। ভালকে পঢ়া শুনা কৰিব কয়। কিবা নোৱাৰিলে বা অসুবিধা হলে চাৰক কবলৈ কৈছিল। সেইকাৰণে হে কৈছিলো। আজিৰপৰা একো নকওঁ। তই নেকান্দিবি!

: ভৰি হাত কিটা ধুই আহ গৈ যা! প্ৰাৰ্থনাটো গা! মই চাকিটো জ্বলাই দিম!
সন্ধিয়া লাগিবৰ হৈছে। সোনকালে কিবা এটা খাই শুবি! কাইলৈ ৰাতিপুৱাই উঠি প্ৰথম মহাজনৰ তাত যাম। তাৰপৰা স্কুল!

দেৱাল ঘড়ী টোৰ কৰ্কশ শব্দত অৰ্জুন হাজৰিকা বাস্তবলৈ ঘূৰি আহিল। ঘড়ীটোত ৰাতিপুৱাৰ দহ বজাৰ সংকেত দিছে। তাৰমানে যোৱা দুঘণ্টা ধৰি সি অতীত ৰোমন্থন কৰিয়ে আছিল!

: ছেঃ দেৰীয়ে হল! চাৰো আহি পাব এতিয়া!

সি পিয়ন জনক মাতি পঠিয়ালে। কাগজৰ টুকুৰাটো হাতৰ মুঠিত লৈ ক’লে

: মানুহ জনক বাহিৰত বহিব দিবা। মই গৈ আছোঁ। টুকুৰাটোত নাম এটা লিখা আছিল। মহীধৰ!

সুদীৰ্ঘ সাধনা আৰু কঠোৰ শ্ৰমৰ অন্তত আজি অৰ্জুন আৰু দময়ন্তীৰ সপোন দিঠক হবলৈ গৈ আছে! সি ডাক্তৰ হৈ গাঁৱলৈ উলটি আহিছে! আৰু সেই চিলাই দোকানৰ ঠাইতে এতিয়া ক্লিনিক খুলিছে! গোটেই গাঁৱৰ মানুহখিনি তাৰ এই সফলতাত আশীৰ্বাদ দিবলৈ আহিছে। দময়ন্তীয়ে চকু দুটা বাৰে বাৰে চাদৰৰ আঁচলেৰে মচিচে।

দৰাচলতে মহীধৰে যোৱা কিছুবছৰৰ পৰাই অৰ্জুনক লগ পাব বিচাৰি আছে! কিছুবছৰ একেলগে থকাৰ পিছত এদিন বৈজয়ন্তী আন কোনোবাৰ লগত পলাই গৈছিল! তেতিয়ালৈ অৰ্জুন মেডিকেল কলেজত নাম লগাইছিল। মাষ্টৰে সকলো খৰচ বহন কৰিছিল।

এদিন মহীধৰ ঘৰ ওলাইছিল! ক্ষমা কৰি দিবলৈ দময়ন্তীক হাতে ভৰিয়ে ধৰিছিল। পুত্ৰ পত্নীক ঘূৰাই পাব বিচাৰিছিল!
তাই মাথোঁ শান্ত ভাৱে উত্তৰ দিছিল

: অৰ্জুনে সিদ্ধান্ত লব!

তেতিয়াৰ পৰাই সি অৰ্জুনক লগ পাবলৈ চেষ্টা কৰি আছিল। আৰু আজি তাৰ এই চেষ্টা সফল হব। অৰ্জুনে তাক আঁকোৱালি লব! নহ’লেনো তাক বহিবলৈ কৈ পঠিয়াবনে! প্ৰথম শাৰীতে সি বহিল!

অৰ্জুনৰ ক্লিনিকখন মাষ্টৰে ফিতা কাটি শুভাৰম্ভ কৰিলে। সকলোৱে হাত চাপৰি বজালে। মাকে চাকি ধূপ জ্বলালে।
তাৰপিছত অৰ্জুনে সকলোকে উদ্দেশ্যি কবলৈ ধৰিলে

: মোৰ ভগৱান! চাৰ! তেখেতে গোটেই জীৱন কেৱল মোৰ নামতে উছৰ্গা কৰিলে। মোৰ প্ৰতিটো প্ৰয়োজন তেখেতে দায়িত্বশীল পিতৃৰ দৰে ওৰে জীৱন পালন কৰিলে। সমাজৰ কথা নভবাকৈ তেখেতে মাক এজন ককায়েকৰ দৰে আৱৰি ধৰি থাকিল। আজি মই কব খুজিছোঁ তেজৰ সম্বন্ধ থাকিলেই পিতৃ নহয়! জন্মদাতাতকৈও পালনকৰ্তা হে মোৰ মনত পিতৃ! কোনোবাৰ যদি মোৰ এই জীৱনত পিতৃত্বৰ অধিকাৰ আছে সেয়া হল কেৱল চাৰ!

সকলো অলপ সময় মনে মনে থাকিল। তাৰপিছত জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বাজিব ধৰিলে!

অৰ্জুনে মাকৰ ফালে চালে। মাকে সন্তুষ্টিৰ হাঁহি এটা মাৰিলে। প্ৰথমবাৰ সি মাকৰ চকুত চকুপানী দেখা নাই!

সি হৰেন মাষ্টৰৰ ভৰি দুটা চুই সেৱা জনালে। মাষ্টৰে তাৰ মূৰটো চুই আশীৰ্বাদ দিলে। প্ৰথমবাৰ চাৰৰ চকুত সি চকুলো দেখিলে।

: চশমাৰ পাৱাৰটো বদলাব হৈছে!
মাষ্টৰে চকু দুটা মোহাৰি মোহাৰি কৈ থাকিল।

অৰ্জুনে সাৱটি ধৰি ক’লে
: পিতা!

দময়ন্তীয়ে চালে মহীধৰে বহি থকা চিটটো খালি হৈ আছে!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক