পিতৃ ভক্তি – মাতৃ ভক্তি ( বনজিত্‍ পাঠক )

বনজিত্‍ পাঠক:

পিতৃ ভক্তি – মাতৃ ভক্তি

আমাক যে সৰুৰে পৰা এটা কথা শিকাই অহা হৈছে যে নিজৰ মা/দেউতাককৈ ওপৰত কোনো নাই, পিতৃ-মাতৃ স্বয়ং ভগৱান | গল্প/কবিতা/ উপন্যাস/নাটক সকলোতে এইটো কথা পাকে প্ৰকাৰে কোৱা হয় | কথাটো আচলতে কিমান দুৰ সঁচা ? তেওঁলোকৰ বাবে আমি এই পৃথিৱীখন দেখা পোৱাটোৱেই ওপৰৰ কথা খিনি সমৰ্থন কৰাৰ বাবে এক মাত্ৰ যুক্তি হোৱা উচিত নে ? মনত ৰাখিব লাগিব পিতৃ- মাতৃ হ’লেওঁ তেওঁলোকৰো সকলো মানুহৰ থকাৰ দৰে লোভ,মোহ পক্ষপাতিত্বমূলক আচৰণ আদি থাকে |

প্ৰতিম প্ৰতাপ বৰুৱা : ‎”আইৰ সমান হ’ব কোন, নৈৰ সমান বব কোন” | যিমানেই লোভ,মোহ পক্ষপাতিত্বমূলক আচৰণ আদি থাকক , পিতৃ-মাতৃ আৰু গুৰু – এই তিনিও সকলোতকৈ ওপৰত বুলি মই বিশ্বাস কৰো | পিতৃ-মাতৃৰ বাবে আমি পৃথিৱী দেখা পালো, গুৰুৱে জ্ঞান দিলে – সেয়া সঁচা | কিন্তু শেষ সত্য হ’ল আজি যি হৈছো বা হ’ব পাৰিছো সেয়া পিতৃ-মাতৃ আৰু গুৰু – এই তিনিৰ বাবেই হ’ব পাৰিছো |

চন্দন চিৰিং ফুকন : একোজন মানুহ হিচাপে তেওঁলোকৰ মানৱীয় দোষ-ভুল থাকেই। তথাপিও দেখি শিকোঁ মা-দেউতাৰপৰা, লেখি শিকোঁ গুৰুৰপৰা। সেইকাৰণেই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ।

ৰণজিত্‍ কুমাৰ বৰা : মই প্ৰথমে কল্পনা কৰিব বিচাৰিছো পিতৃ-মাতৃক শ্ৰদ্ধা কৰিব নোখোজা লোকেৰে ভৰি থকা পৃথিৱী এখনৰ। যি কথা মনলৈ আহিলে গাৰ নোম ডাল ডাল হ’ব খোজে। এখন শৃংখলহীন, ভয়াৱহ অৰাজক পৃথিৱী। পিতৃ-মাতৃৰ প্ৰতি যি শ্ৰদ্ধাহীন তেওঁলোকৰ বাবে যিকোনো কামেই সম্ভৱ। পিতৃ-মাতৃৰ জৰিয়তে আমি এখন আস্থাৰ পৃথিৱী লাভ কৰো। মমতাৰ প্ৰথম ছবিখনো দেখো আই-পিতাৰ মাজেৰে। যিবোৰে আমাক পিচত ঘৰৰ নঙলামুখ পাৰ হৈ পৃথিৱীৰ সৈতে মুখামুখি হোৱাত আধাৰ হিচাপে কাম কৰে। মোৰ বোধেৰে পৃথিৱীখন মানুহৰ বাবে বসোপযোগী কৰি ৰখাৰ অৰ্থে আৱশ্যকীয় শৃংখলা, আস্থা, বিশ্বাস এই সকলোবোৰৰ গুৰিতেই হৈছে পিতৃ-মাতৃৰ প্ৰতি আমি মনত, চেতনাত, আৱেগত অহৰহ কঢ়িয়াই ফুৰা শ্ৰদ্ধা, ভক্তি। হয়তো সেয়ে আমাক ঘৰত, বিদ্যালয়ত সেই শিক্ষা প্ৰথমে দিয়া হয়।

বনজিত্‍ পাঠক : কিন্তু বাতৰি কাকতত মাজে মাজে প্ৰকাশ পোৱা বাতৰিবোৰে দেখোন মোক কেতিয়াবা খেলিমেলি লগায়, পুতেকে বাপেকক সাধাৰণ কেইখন মান কাগজৰ বাবে ( যিটোক আমি টকা নাম দি লৈছো), মাটিবাৰীৰ বাবে হত্যা, কেৱল ছোৱালী হোৱাৰ বাবে কন্যা সন্তানক হস্পিতেলতে এৰিথৈ যোৱা আৰু বহুতো এনে ধৰণৰ |
প্ৰতিম প্ৰতাপ বৰুৱা: জীৱন এনেকুৱাই | কিন্তু জীৱনৰ কিছুমান শাশ্বত সত্য থাকে যিখিনি আঁতৰাব নোৱাৰি |

বনজিত্‍ পাঠক : আৰু হয়টো এনেকুৱাওঁ হ’ব পাৰে সকলো লোক “মা- দেউতাক সকলোতকৈ ডাঙৰ” বুলি ভাবিব পৰাকৈ ভাগ্যৱান নহয় |

ৰণজিত্‍ কুমাৰ বৰা : সেইবাবেই কৈছিলো এনেলোকেৰে যদি ভৰি পৰে, পৃথিৱীখন মানুহৰ বাবে বসোপযোগী হৈ নাথাকিব। মাক-দেউতাৰ প্ৰতি টকাৰ বাবে তেনে আচৰণ এটা ভুল আধাৰৰ প্ৰতিফলন।

বনজিত্‍ পাঠক : আপোনাৰ কথাখিনিৰো নিশ্চয় যুক্তিযুক্ততা থাকিব পাৰে , কিন্তু পিতৃ-মাতৃক সকলোতকৈ ডাঙৰ বুলি ভাবিবলৈ টান পোৱা সকলো লোকেই যে সমাজিক ভাবে উশৃংখল জীৱন এটা কটাব সেই বুলি ভাবিবলৈ টান পালো দেখোন | কোনো এটা কাম মোৰ দেউতাই কৰিছে বুলিয়েই মনে মনে থাকিম কিন্তু অন্য এজনৰ দেউতাকে কৰিলে কিন্তু সজোৰে প্ৰতিবাদ কৰিম, এইটোৱো মোৰ মানিবলৈ অসুবিধা |

ৰণজিত্‍ কুমাৰ বৰা : টকাৰ কাৰণে যদি পিতৃ-মাতৃ হন্তা হ’ব পাৰে, তেনে মানুহৰ পৰা সামাজিক শৃংখলা আশা কৰিব পাৰি জানো? পিতৃ-মাতৃৰ কাৰ্যৰ প্ৰতিবাদ কৰিব লগা হ’ব পাৰে। সেয়া কিদৰে সাব্যস্ত কৰা হ’ব সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। সেই পন্থাতেই প্ৰতিফলন ঘটিব সংস্কাৰৰ। প্ৰতিবাদ মানেই অশ্ৰদ্ধা বা পিতৃ-মাতৃক লঘু কৰা নুবুজায়। অন্ততঃ শিক্ষিত লোক এজনে সেইখিনি কৰিব নোৱাৰে। কথাখিনি মই এনেদৰেই ভাবো।
অঞ্জল বৰা : মই ভাবো এনে বিষয়বিলাক কেতিয়াও সাধাৰণিকৰণ কৰিব নোৱাৰি৷ মানুহভেদে ইয়াৰ উত্তৰ আৰু বিশ্লেষণ বেলেগ বেলেগ হ’ব পাৰে৷ আনহাতে কিছুমান ঘটনা প্ৰাকৃতিক নিয়মৰ মতে চলি থাকে ৷ সন্তান এটা পৃথিৱীলৈ অনাত মাক-দেউতাকৰ উদ্দেশ্য থাকে গতিকে সন্তানক সঠিক পথ দেখুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ দায়বদ্ধতা অধিক ৷ আনপিনে পৃথিৱীলৈ সন্তানটো অহাৰ পিছত এটা মানৱ জীৱন লাভ কৰিবলৈ সুবিধা প্ৰদান কৰি দিয়াৰ বাবে আৰু তেওঁৰ সুখ-দুখৰ সময়ত সহায় আগবঢ়োৱাৰ বাবে সন্তানজন মাক-দেউতাকৰ প্ৰতি চিৰ জীৱন কৃতজ্ঞ হৈ থাকিব লাগে ৷ এই দুয়োটা পাৰস্পৰিক দিশত কেৰুণ সৃষ্টি হ’লেই সমাজত পিতৃ-মাতৃ আৰু সন্তানৰ মাজত সংঘাতৰ সৃষ্টি হয় ৷

ডাঃ ভুপেন্দ্ৰ শইকীয়া :
যিটো পিতৃ মাতৃ জনিলেক দেহ
পুষিলেক অনুদিন
শতেক বৎসৰে যিটো পুত্ৰ তাৰ
সুজিব নাপাৰে ঋণ ৷৷
(দশম০পদ০২১২৬)
( আমাৰ ধৰ্মপুথিত এইদৰে উল্লেখ যে জন্মদাতা পিতৃ-মাতৃৰ ধাৰ শত বছৰ সেৱা কৰিও সুজিব নোৱাৰি ৷ )

অপ্ৰিয় হলেও এইটো নিৰ্ঘাত সত্য যে সকলো মানুহৰ থকাৰ দৰে লোভ,মোহ পক্ষপাতিত্বমূলক আচৰণ আদি আমাৰ পিতৃ-মাতৃৰো থাকে | তথাপিও আমি জন্মদাতাসকলক অশ্ৰদ্ধা কৰিব নোৱাৰো ৷ তেওঁবিলাকৰ ভুল ত্ৰুতিৰ বাবে আমি কেতিয়াবা মনত বেজাৰো পাওঁ অথচ আমি নিজে কেতিয়াও অকৃতজ্ঞ আৰু অবিবেচক হৈ তেওঁলোকক প্ৰাপ্য সন্মানখিনিৰ পৰা বঞ্চিত কৰাটো সমীচিন নহয় বুলি মই ভাবো ৷ তেওঁলোকে ল’ৰালিত আমাক কেবল যতন লোৱাই নহয় সদায় সৎপথত চলিবলৈকে কৈছিল৷
দিগন্ত শইকীয়া : ‎“নিজৰ মা/দেউতাককৈ ওপৰত কোনো নাই বা পিতৃ-মাতৃ স্বয়ং ভগৱান ” এই কথাখিনিৰ দ্বাৰা সন্তানক ভয় তথা শ্রদ্ধা /ভক্তিৰে শৃংখলবদ্ধ অনুশীলনৰ প্রতি ধাউতি দিবলৈ প্রয়াস কৰা হয় ৷এজন পুৰুষ বা নাৰী প্রাপ্তবয়স্কহৈ বিবাহ বান্ধোনেৰে আবদ্ধ হ’লে ভৱিষ্যতে হ’বলগীয়া সন্তানৰ দায়বদ্ধতাৰ বিষয়েও চিন্তা কৰিব লাগিব ৷ সন্তান এটাতকৈ বেছি হ’লে সকলোকে সমানে মৰম-আদৰ তথা দায়বদ্ধতা থকা ৷ মোৰ বোধেৰে সমাজত হৈ থকা ওপৰত উল্লেখ কৰা ঘটনাবোৰে সমাজত বিষ ধালে , এই খবৰ বোৰে মনবোৰ বিষাক্রান্ত কৰি তোলে ৷ মৌলিক শিক্ষাৰ অভাৱৰ লগতে আনুস্থানিক শিক্ষাৰ অভাৱ ও এটা প্রধান কাৰক এই বিশৃংখলবোৰ ঘটোৱাৰ বাবে ৷
অৰ্থ বা সা-সম্পত্তিৰ প্রতি অবাঞ্চনীয় মোহ , ই ও এটা প্রধান কাৰক ৷ যদিও জীৱনৰ নিৰাপত্তাৰ বাবে প্রয়োজন কিছুমানে ইয়াক ক্ষমতা বা প্রাধান্য বিস্তাৰৰ বাবেহে ইয়াক ব্যৱহাৰ কৰে ৷ এই সকলোৰে ওপৰত বিবেক , যদি ইয়াক জোৰ কৰি দমাই ৰখা হয় বিষয়ী বাসনাৰ কাৰকবোৰে ব্যক্তিৰ পৰা বিয়পি পৰিয়াল তথা সমাজ/বংশ/জাতিলৈ বিয়পে , উদাহৰণ স্বৰূপে কন্যা সন্তানৰ হত্যা একমাত্র কাৰণ যৌতুক/নিজৰ সম্রাজ্যৰ গুৰি ধৰিবলৈ/কোনো কাৰণ নোহোৱাৰ ভয় ৷

বনজিত্‍ পাঠক : ‎”মই ভাবো এনে বিষয়বিলাক কেতিয়াও সাধাৰণিকৰণ কৰিব নোৱাৰি৷ মানুহভেদে ইয়াৰ উত্তৰ আৰু বিশ্লেষণ বেলেগ বেলেগ হ’ব পাৰে৷ ” অঞ্জল বৰাই কোৱাটোৰ লগত মই এক মত |

উদ্দীপ তালুকদাৰ : মইতো সদায় ব্যক্তিবাদতে বিশ্বাসী। চব কথাই individualisitic. শাস্ত্ৰত যেনেকৈ পিতৃ-মাতৃৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাৰ কথা কোৱা হৈছে, তেনেকৈ সন্তানৰ প্ৰতিও দায়িত্বৰ কথা কোৱা হৈছে। যদি পিতৃ-মাতৃয়ে নিজৰ দায়িত্ব পালন নকৰিলে, তেন্তে পুত্ৰ-দুহিতাৰ ওপৰত দোষ দিলেই হ’ব নে? আৰু পিতৃ-মাতৃৰ প্ৰতি যিখিনি কৰিব লাগে, সেইখিনি সকলোকে কৰিব লগীয়া বস্তুৱেই। আৰু যিখিনি আনক কৰিব নালাগে, সেইখিনি তেওঁলোককো কৰিব নালাগে। মানে, ধৰক কোনোবা এজন মানুহে বেয়া কাম কৰিছে, পুত্ৰ-দুহিতাই সেইখিনিও ঢাকি থ’ব নে কি?

নয়ন কুমাৰ : হয় , আপোনালোকে যিবোৰ মন্তব্য দিলে ভালেই লাগিল , কিন্তু প্ৰকৃততে কথাতো ভগৱানৰ ক্ষেত্ৰতহে প্ৰযোজ্য | কাৰণ ভগৱানেই হ’ল আমাৰ সকলোৰে প্ৰকৃত মাতা-পিতা | বা আমি ক’ব পাৰো যে প্ৰকৃত পিতৃ- মাতৃ আৰু শিক্ষক ভগৱানেই | তেওঁৱেই সকলোতকৈ ডাঙৰ বা ওপৰত | আৰু তেওঁৱেই পূজ্য | কাৰণ কাম, ক্ৰোধ, লোভ, মোহ আৰু অহংকাৰ আদি বিকাৰবোৰ থকাজন কেতিয়াও পূজ্য হ’ব নোৱাৰে | প্ৰকৃততে ভগৱানেই একমাত্ৰ পূজ্য, কিন্তু আমি তেখেতৰ লগতে দেৱ-দেৱীবোৰৰো পূজা কৰো | কাৰণ তেওঁলোকে ভগৱানৰ কথা মানি নিজলৈ তেনে যোগ্যতা বনাইছে | কিন্তু আমি নিজৰ কিছুমান দোষ আতৰাবলৈ তেওঁলোকৰ গাত কিছু দাগ লগাই দিও | যেনে শ্ৰীকৃষ্ণৰ গাতো বহু কলংক সানি দিছে, যি জনৰ স্থান ভগৱানৰ পিছতে | যি জন সৰ্বগুণ সম্পন্ন, ষোল্ল কলা সম্পন্ন, সম্পূৰ্ণ নিৰ্বিকাৰী, মৰ্য্যাদা পূৰুষোত্তম, অহিংসক | মা-দেউতাক আমি সন্মান কৰিব লাগে | সন্মান আমি সকলোকে কৰিব লাগে | আমি সাধাৰণ সন্মানকেই আজি পাহৰি গৈছো, তেনে ক্ষেত্ৰত তেওঁলোকক ভগৱানৰ ওপৰত ৰখাৰ কথা কৈ লাভ নাই | সাধাৰণ সন্মানকণ সকলোৱে কৰিব পাৰিলেই যথেষ্ট | আৰু আমি প্ৰত্যেকেই ভগৱানৰ সমতুল্য হোৱাৰ চেষ্টা কৰিব লাগে অৰ্থাত্ পূজ্য হোৱাৰ ।

মিল্টন ৰয় : ‎”নিজৰ মা/দেউতাককৈ ওপৰত কোনো নাই, পিতৃ-মাতৃ স্বয়ং ভগৱান | “- বাক্যশাৰীৰ পৰম শুদ্ধতাৰ ওপৰত মোৰ সন্দেহ আছে ৷ প্রথম কথা হল, মানৱ কেতিয়াবা ভগৱান হব পাৰে জানো ? অৱশ্যে মা-দেউতাক গুৰুৰ আসনত বহুৱাব পাৰো যাৰ শিক্ষা তথা আদৰ্শক ভেটি হিচাপে লৈ আমি জীৱনৰ বাটত আগবাঢ়ি যাও ৷ জন্মদাতা পিতৃ-মাতৃক নিশ্চয় আমি ভগৱানৰ সমতুল্য বুলি কব পাৰো, যিয়ে আমাক এই সুন্দৰ পৃথিবীখন দেখুৱালে ৷ আৰু এটা কথা , আপুনি যদি ভগৱানৰ পৰম ভক্ত তেতিয়াহলে আপোনাৰ জীৱনটোৰ বাবে মা-দেউতাৰ বিশেষ অৰিহণা কত ? আপোনাৰ জন্ম মৃত্যু ,জীৱন সকলোবোৰ দেখোন ভগৱানে স্থিৰ কৰি থৈছে ৷ গতিকে মোৰ দৰে নাস্তিকৰ বাবে মা-দেউতাৰ স্থান ভগৱানতকৈও ওপৰত…….৷ সময়ে মানুহৰ চিন্তাধাৰাৰ যথেষ্ট পৰিবৰ্তন আনিছে বিশেষকৈ জীৱন আৰু আদৰ্শৰ ক্ষেত্রত ৷ অতীজৰ পৰা চলি অহা বহুতো কথাৰেই প্রভাৱ সাম্প্রতিক কালত সমাজত কমি গৈছে আৰু তাৰেই ঋণাত্মক প্রভাৱ সময়ে সময়ে দেখা যায় |

[মতামতৰ বাবে সম্পাদক দায়ী নহয় ]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments