পিয়াঁজৰ মুল্যবৃদ্ধি আৰু ধৰ্মীয় মৌলবাদ – অসমৰ দুটা আমদানিকৃত সমস্যা (দেৱব্ৰত গগৈ)

পিয়াঁজৰ মুল্যবৃদ্ধি আৰু ধৰ্মীয় মৌলবাদ – অসমৰ দুটা আমদানিকৃত সমস্যা

 

এচামৰ বিসম্বাদ, কাৰোবাৰ বিয়া আৰু কাৰোবাৰ হ’বলগীয়া নিৰ্বাচনক লৈ পাটিগণিতৰ অংক এইবোৰৰ মাজতে খাদ্য, ইন্ধন আদিবোৰৰ দামে জনসাধাৰণে ঢুকি নোপোৱা স্থানত অৱস্থান কৰিছেগৈ। দাম বৃদ্ধিত পিয়াঁজৰ যেন কোবটো এখোপ চৰা। সংবাদ মাধ্যেমেও পিয়াঁজক এনে গুৰুত্ব দিলে, যেন পিয়াঁজ নহ’লে অসমীয়াৰ আখলৰ জুইকুৰা নজ্বলিবই! পিছে বাস্তবত কথাটো ওলোটা, কাৰণ পিয়াঁজৰ অসমীয়াৰ চাংমাইশালত সোমোৱাৰ ইতিহাস বৰ বেছিদিনৰ নহয়। তাকো মধ্যবিত্তৰ অসমীয়াৰ আখলঘৰতহে পিয়াঁজৰ আদৰ-সাদৰ বেছি, সাধাৰণ খাঁটি খোৱা অসমীয়াই পিয়াঁজলৈ কেৰেপ নকৰাকৈ হেঁপাহেৰে এতিয়াও অন্ন মুঠি ধৰি আছে আৰু আগলৈও ধৰি থাকিব বুলি ক’ব পাৰি। কাৰণ পিয়াঁজক প্ৰত্যাহ্বান জনাবলৈ সেইসকলৰ আখল ঘৰত আছে আমাৰ থলুৱা মৰাণ আদা, বগা নহৰু, মেজেঙা ইত্যাদিবোৰ। মুঠৰ ওপৰত পিয়াঁজ নহ’লেও অসমীয়াৰ আখলৰ জুই জ্বলিবই। তেন্তে আলহী পিয়াঁজক গুৰুত্ব কিয় দিব লাগে? পিয়াঁজৰ মুল্যবৃদ্ধিৰ সমস্যা, এক আমদানিকৃত সমস্যা। পিয়াঁজক আওকাণ কৰক, অবহেলা কৰক, সমস্যা আপোনা-আপোনি নাইকীয়া হ’ব।

 

বৰগীত কি বস্তু? নিজকে হিন্দু আৰু হিন্দুত্বৰ ৰক্ষাকাৰী বুলি জাহিৰ কৰা হিন্দী বলয়ৰ কাৰোবাক সুধিলে হয়তো কিছুমান নেতিবাচক উত্তৰেই পোৱাৰ সম্ভাৱনা বহু বেছি। সেইসকলে ‘ধন্য নৰ তনু ভাল’ লেখকৰ নামটো জানিলে হয়তো আচৰিত হ’ব। আৰু তেনেবোৰ ব্যক্তিয়ে যেতিয়া অসম মূলুকলৈ আহি হিন্দুত্ব ৰক্ষাৰ শ্লোগান দিয়ে সেইসকল হতাশ হ’বলৈ বেছি পৰ নালাগে।

 

জিকিৰ আৰু জাৰি কি বস্তু? ধৰ্মীয় সংখ্যালঘুৰ আবেগেৰ ধোৱাই নিবলৈ বিচৰা সেইসকল ঈশ্বৰৰ প্ৰতিনিধিয়ে যেতিয়া জিকিৰৰ ইতিহাস সৰ্ম্পকে জানিব তেতিয়া হয়তো নিজৰ কাণকে বিশ্বাস নকৰিব।

 

বৰগীতৰ আৰু জিকিৰক অসমীয়াই কেনেকৈ আলফুলে বুকুৰ মাজত লৈ জীয়াই আছে সেই কথা নাজানি কোনোৱে যেতিয়া অসমত ধৰ্মীয় আবেগৰ হুৰহুৰনি তুলিবলৈ আহে, তেন্তে সেয়া হ’ব মাথোন মূৰ্খামি। কোনোবাই এই মূৰ্খামি কৰিব পাৰে আৰু আন কোনোবাই হয়তো সেই মূৰ্খামিক লৈ ভীতিগ্ৰস্থ হ’ব পাৰে। কিন্তু ধৰ্মক সদায় ব্যক্তিগত ৰুচি হিচাবে চাবলৈ চেষ্টা কৰা অসমীয়াই সেই মূৰ্খামিবোৰক কেতিয়াও কেৰেপ নকৰে। এই ক্ষেত্ৰত অসমৰ একাংশ নবপ্ৰজন্মই যি ধাৰাবাহিকতা প্ৰদৰ্শন কৰিছে, সেয়া জানিলে হয়তো আমি আৰু বহুখিনি আশ্বস্ত হ’ব পাৰিম।

 

যিটো সময়ত প্ৰযুক্তিবিদ্যাক এতিয়াও অসমৰ বৌদ্ধিক সমাজে আওকণীয়া মনোভাবেৰে চাই আছে, সেইসময়তে একাংশ নৱপ্ৰজন্মই প্ৰযুক্তিবিদ্যাক অসমৰ ভাষা-সংস্কৃতিক চিৰযুগমীয়া কৰি ৰখাৰ আহিলা হিচাবে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। কোনোবাই যদি কীৰ্তন ঘোষাক ইণ্টাৰনেটত উপলব্ধ কৰি বিশ্বৰ যিকোনো স্থানতে মেলি চোৱাৰ সুবিধা কৰি দিছে, তেন্তে আন এজনে হেৰাই যাবলৈ ধৰা জিকিৰক ইউনিকোডৰ ৰূপ দি চিৰযুগমীয়া কৰিছে। এইবোৰ কোনে, কেতিয়া কৰিছে তাৰ হিচাব সেইসকল নৱপ্ৰজন্মই ৰখা নাই। মাথোন অবিৰামভাবে তেওঁলোকৰ কামবোৰ কৰি গৈছে। কীৰ্তনৰ কেইপৃষ্ঠামান যদি কোনোবা আহমেদে টাইপ কৰিছে, তেন্তে জিকিৰখিনি লিখিছে কোনোবা গোস্বামীয়ে। কাৰণ তেওঁলোকৰ বাবে সেইবোৰ অসমৰ সম্পদ তথা গৌৰৱ, সেইবোৰ কোনটো ধৰ্মৰ আহিলা সেইয়া তেওঁলোকৰ হিচাবৰ বাহিৰত। আমদানিকৃত এই মৌলবাদী সমস্যা তেওঁলোকৰ বাবে মূৰৰ কামোৰণি নহয় , তেওঁলোকে ক’ৰবাত গাই বাই ফুৰাতকৈ হাতে-কামে সেইচাম ধৰ্মীয় মোল্লাক সকিয়নী দিছে যে আমাৰ অসমত তোমালোকৰ কাম নাই। ধৰ্মীয় মৌলবাদৰ বিৰোধিতা কৰাটো কাৰোবাৰ বাবে আজৰি পৰৰ ধেমালি হ’ব পাৰে, কিন্ত ধৰ্মীয় মৌলবাদৰ দৰে আমদানিকৃত সমস্যাক গুৰুত্ব নিদিবলৈ এইসকল নৱপ্ৰজন্মই নিজৰ কামেৰে আৰ্হি দেখুৱাইছে।

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
rana bhabani
7 years ago

very good thinking. it should be flow over the nation.