পিৰানহা – অঞ্জনা দত্ত

ঘৰখনত কিবা নহয় কিবা এটা খুট্-খাট লাগিয়ে থকা হ’ল সদায়৷ এইবোৰ দেখি -শুনি প্ৰতীমে ঘৰলৈ অলপ দেৰিকৈয়ে অহা কৰিছিল
মাজে মাজে৷
মানসীৰ মুখখন কম নে! কথা ক’বই নোৱাৰি! তাইৰ লগত কথা পতা মানে এখন কন্দলৰ সৃষ্টি কৰি লোৱা৷ সেয়ে প্ৰতীমে এতিয়া ড্ৰইং ৰূমটোতে, নিজে বনাই লোৱা মাছৰ একুৰিয়ামটোৰ ওচৰতে বহি থাকি মানসীৰ
চিঞৰ-বাখৰবোৰৰ পৰা সকাহ পোৱাদি পায় …৷

ড্ৰইং ৰূমটো এটা সৰু-সুৰা চিনেমা হলৰ দৰেই
হৈ উঠিছে তাৰ বাবে এতিয়া৷ এতিয়া সি তাৰ অফিচৰ সময়খিনিৰ বাহিৰে, দিনটোৰ বাকীখিনি সময় এই একুৰিয়ামটোৰ ওচৰতেই কটায়৷

এঞ্জেল, গাপ্পী, নিয়ন টেট্ৰা, ফাইটাৰ, ব্লু গ’ৰামি, বটিয়া, টাইগাৰ বাৰ্ব, ব্লেক মলী, ক্ৰক’ডাইল ফিছ, গল্ড ফিছকে আদি কৰি ধুনীয়া ধুনীয়া
ৰঙ-বিৰঙী কেইটামান দেশী-বিদেশী মাছ আৰু
সৰু সৰু জলজ উদ্ভিদেৰে তাৰ এই একুৰিয়ামটো, সাগৰতলিৰ মোহময় পৃথিৱীখনৰ দৰেই লাগে!

মুঠতে ঘৰখনত মানসীৰ কাৰ্য্যকলাপ আৰু হূলস্থুলৰ পৰা পৰিত্ৰাণ পাবলৈ, এই একুৰিয়ামটো প্ৰতীমৰ বাবে যথেষ্ট সহায়ক হৈছে বুলিয়ে ভাবে সি৷
একুৰিয়ামটো বনাই লোৱাৰ আগতে, ঘৰলৈ অলপ দেৰিকৈয়ে সোমোৱা কৰিছিল প্ৰতীমে৷ তাতো মানসীৰ হাজাৰটা প্ৰশ্ন! টিভিটোৰ
ওচৰতো বেছি সময় বহি থাকিব নোৱাৰি৷ কোনোমতে নিউজটোহে চায় সি৷ মানসীয়ে চিৰিয়েলবোৰ চাবলৈ নাপালে, তাৰ ফালে
শেষেই! সেয়েহে সি আজি-কালি টিভি চোৱাও কমাইছে৷ একান্তমনে একুৰিয়ামটোৰ ওচৰতে
বহি সময়বোৰ কটায়৷

কেইদিনমান আগতে কাম কৰা সৰু ছোৱালী এজনীও আনি ৰাখিছিল প্ৰতীমে৷ কিন্তুু মানসীৰ দাবি -ধমকি আৰু মাৰৰ কোবত ছোৱালীজনী ঘৰলৈ যাওঁ যাওঁ লগালত, প্ৰতীমে
ছোৱালীজনীক ঘৰলৈ পঠিয়াই দিলে৷ আজি-কালি সৰু সৰু ল’ৰা-ছোৱালী মানুহৰ ঘৰত কাম কৰিবলৈ ৰখাটো অপৰাধ৷ তথাপিও প্ৰতীমে লগৰ এজনক কোৱাই-মেলি, মানসীৰ সহায় হ’ব বুলিয়েই আনিছিল ছোৱালীজনী৷ কিন্তুু অৱশেষত মানসীৰ কাৰণে হ’ব পৰা ভয়ংকৰ বিপদৰ কথা ভাবিয়েই প্ৰতীমে ছোৱালীজনী ঘৰলৈ পঠিয়াই দিয়াটোৱেই মঙ্গল হ’ব বুলি ভাবিলে৷

প্ৰতীমহঁতৰ ঘৰৰ লগতে লাগি থকা ওচৰৰে ৰঞ্জন বৰুৱাৰ মানুহজনীৰ লগত মানসীৰ সৈতে হোৱা ঘটনাটোৰ কথা ভাবিলে প্ৰতীমৰ বৰ লাজ
লাগে৷ প্ৰতীম আৰু ৰঞ্জন বৰুৱাহঁতৰ ঘৰৰ মাজত থকা দেৱালখনৰ গাতে লাগি থকা ৰঞ্জন বৰুৱাহঁতৰ কঁঠালৰ গছজোপাৰ কেইটামান ডাল, দেৱালৰ ইটো পাৰে থকা প্ৰতীমহঁতৰ ঘৰৰ ফালে অলপ আগবাঢ়ি আহিছে৷ গছজোপাৰ পৰা
ডাল -পাত দুটামান কেতিয়াবা বতাহে সৰুৱাই আনি প্ৰতীমহঁতৰ ঘৰৰ চোতালত পেলায়হি৷ তাকে লৈ মানসীৰ সদায় অশান্তি৷ ইয়াকে লৈ ৰঞ্জনৰ পত্নী দিপালীৰ লগত ভালকৈয়ে এখুন্দা লাগি লৈ প্ৰতীমকো কথাটো কাণ চোৱালেহি
এদিন মানসীয়ে৷

“ হেৰা, মই সদায় সদায় এই জাবৰবোৰ চাফা
কৰি থাকিব নোৱাৰোঁ কিন্তুু! বৰুৱাক গছজোপা কাটি পেলাবলৈ ক’বা৷ চোতাল আমাৰহে
লেতেৰা হয়! তেওঁলোকৰতো নহয়! নহ’লে আমাৰ ফালে অহা ডালকেইটা কাটি দিবলৈ ক’বা বৰুৱাক!”

“ ডাল-পাতকেইটা পৰোঁতে চোতালখন সাৰিবলৈ ইমান টান পালা! কিন্তুু আমাৰ পিনে অহা কঁঠালকেইটাচোন হাঁকুটি লৈ পাৰোঁতে সৰি পৰা পাতবোৰ মনে মনে সাৰি চাফা কৰি পেলোৱা!”

“ তেওঁলোকৰ ঘৰলৈ গৈ চুৰ কৰি আনি খোৱা নাই নহয় কঁঠালকেইটা! আমাৰ ফালে অহাকেইটাহে খাওঁ!”

“ কথা একেটাই! এনেকৈ খালেও, চুৰ কৰাটোকেই বুজায়৷ ডালকেইটা কাটি দিলে আৰু কঁঠাল কিন্তুু খাবলৈ নাপাবা!”–প্ৰতীমে হাঁহে৷
মানসী মনে মনে থকা হ’ল তাৰ পিছৰ পৰা৷

মিছাকৈয়ে লাগি ল’লে মানসীয়ে দিপালীৰ লগত৷ ৰঞ্জনহঁতে কেতিয়াও প্ৰতীমহঁতৰ ফালে যোৱা কঠালকেইটা পাৰি লৈ নাযায়৷ কঠাল পাৰিলে, সিহঁতকো দুটা কঠাল সদায় দি থৈ যায়৷ অথচ, মানসীয়ে আগ-পিছ নাভাবি-নিচিন্তি লাগি ল’লে মানুহঘৰৰ লগত!

মানসীৰ কাৰণে নিজৰ মানুহবোৰকো ঘৰলৈ মাতিবলৈ ভয় কৰে প্ৰতীমে–মানসীৰ কিবা কথাত বেয়া পায় বুলি৷ কিয় জানো মানুহজনী এনেকুৱা হ’ল! –প্ৰতীমে ভাবে৷
মানসীক বহুত বুজায় সি৷ কিন্তুু তাৰ কথা শুনিবলৈ, তাইৰ সেইখিনি ধৈৰ্য নাই! দিনটোত মানসী আৰু প্ৰতীমৰ মাজত কিবা নহয় কিবা
এটা কথাত লাগেই৷

এতিয়া আকৌ প্ৰতীমক একুৰিয়ামটোৰ ওচৰত বহি থকাটোও মানসীৰ কিবা সহ্য নোহোৱা হ’ল৷

“হেৰা, এই পানীৰ টেংকীটো ইয়াত থ’লেহে হয় নেকি? ড্ৰইং ৰূমটোত কিমান ঠাই লৈছে এইটোৱে, দেখিছানে? এইটো আন ক’ৰবাত থ’বা!”

“ এই পানীৰ টেংকীটোৱেহে মোক ৰক্ষা কৰি আছে বুজিছা!”

“ মানে?” –মানসীৰ প্ৰশ্ন৷

“ মানে তুমি নুবুজিবা!”

“ কি নুবুজিবা? ক’লেহে বুজিম!”

“ আজিলৈকে জানো কিবা এটা কথা বুজিবলৈ
চেষ্টা কৰিছা?”

“ হ’ব, হ’ব৷ মুঠতে এইটো ড্ৰইং ৰূমৰ পৰা আঁতৰাবা! বাৰাণ্ডাত থ’বা!”

“ ইয়াতেই থাকিব এইটো! এইটো ড্ৰইং ৰূমতেই থয়! এদিন বহি চাবা একুৰিয়ামটোৰ মাছবোৰ, বুজিছা! শান্তি পাবা অলপ মনটোত!”

“ নালাগে, নাচাওঁ! মই শান্তিতে আছোঁ!”

“ ওঁ, তুমিহে আছা! বাকীবোৰতো নাই!”

“ মানে?”

“ মানে সব কথা বুজাই ক’ব নোৱাৰি! নিজেই বুজিবলৈ চেষ্টা কৰাচোন!”
মানসীয়ে কিবা এটা কৌতূহলভাৱে প্ৰতীমলৈ চাই আঁতৰি যায়৷

প্ৰতীম অফিচলৈ ওলাই যোৱাৰ পিছত মানসীয়ে কেতিয়াবা একুৰিয়ামটোৰ ওচৰত বহি মাছবোৰ চায়গৈ৷ ৰঙ-বিৰঙ্গী দেশী-বিদেশী মাছবোৰ দেখি তাইৰো মনটো ভাল লাগে৷ কিন্তুু সেই কথা প্ৰতীমক তাই কেতিয়াও জানিবলৈ দিয়া নাই৷

এইকেইদিন প্ৰতীমে দুদিনমানৰ আগতে অনা
মাছ কেইটামানৰ লগত খুব ব্যস্ত হৈ পৰিছে৷ মাছকেইটাৰ কাৰণে প্ৰতীমে বেলেগ এটা একুৰিয়ামৰ ব্যৱস্থা কৰিছে৷ এইটো একুৰিয়ামো প্ৰতীমে ড্ৰইং ৰূমতে ৰাখিছে৷ ড্ৰইং ৰূমটোত এতিয়া একুৰিয়াম হ’ল দুটা৷ আগতকৈ সি এতিয়া বেছিকৈহে ব্যস্ত হৈ পৰিছে এই একুৰিয়াম দুটাৰ লগত৷ একুৰিয়াম দুটাৰ ওচৰত বহি থাকিলে
তাৰ নিজকে সাগৰৰ তলৰ পৃথিৱীখনত বিচৰণ কৰি ফুৰা যেন লাগে …৷ মানসীয়েও কথাটো লক্ষ্য নকৰাকৈ থকা নাই৷ কি ভাল পায় বাৰু প্ৰতীমে এই একুৰিয়াম দুটাৰ ওচৰত ঘণ্টাৰ পিছত ঘণ্টা বহি? কিন্তুু এটা কথা ঠিক যে, প্ৰতীমে একুৰিয়াম দুটাত থোৱা মাছকেইটা সঁচাই বহুত ধুনীয়া! প্ৰতীমে এনেয়ে ইয়াত বহি নাথাকেহি! –মানসীয়ে ভাবে৷

এদিন থাকিব নোৱাৰি মানসীয়ে একুৰিয়াম দুটাৰ ওচৰত বহি থকা দেখি সুধিয়ে দিলে প্ৰতীমক–

“ হেৰা, এই পানী টেংকী দুটাৰ ওচৰত বহি বহি তোমাৰ অলপো আমনি নালাগেনে? কি চাই থাকা এইকেইটাৰ পিনে ইমানকৈ একান্তমনে?”

“ মাছবোৰ চাই থাকিলে মনটো ভাল লাগে৷ ইমানেই!”

“ মাছ চাই মন ভাল লগাবৰ কিটো আছে?”

“ আছে৷ তুমি নুবুজিবা!”

“ কোৱাচোন! কিজানিবা বুজোঁৱেই!”

“ ওঁ, ইয়াত তুমিও থাকা যে! সেয়ে ভাল লাগে!” —

প্ৰতীমৰ এই কথাকেইটাত মানসীৰ কিবা এটা
ভাল লাগি গ’ল৷ প্ৰতীমে সেই ধুনীয়া ধুনীয়া মাছকেইটাৰ লগত তাইক তুলনা কৰিছে! সঁচাকৈয়ে তাই প্ৰতীমৰ চকুত ধুনীয়াই চাগৈ! মানুহটোৱে মুখ ফুটাই নক’লে কি হ’ব! নিজৰ মানুহটোৰ চকুত কেৱল তায়েই নহয়, প্ৰত্যেকজনী পত্নীয়েই ধুনীয়া! — মানসীয়ে ভাবিবলৈ ধৰিলে৷

“ আহাঁচোন, চোৱাহি এবাৰ! তোমাৰো ভাল
লাগিব!”–প্ৰতীমে তাইক একুৰিয়াম দুটাৰ
ওচৰলৈ মাতিলে৷

মানসী ওচৰ চাপি আহিল প্ৰতীমৰ৷ প্ৰতীমে
কেঁচুৰ সৰু সৰু পোৱালী কিছুমান বিভিন্ন
প্ৰজাতিৰ ভিন্নৰঙ্গী মাছ থকা একুৰিয়ামটোত পেলাই দি মাছবোৰক খুৱাবলৈ ধৰিলে৷ মানসীয়ে একান্তমনে চাই থাকিল৷ তেনেতে প্ৰতীমে এটুকুৰা সৰু তেজ লগা কেঁচা মাংসৰ টুকুৰা প্লাষ্টিকৰ ৰচী এডালত ভালকৈ বান্ধি লৈ, আনটো একুৰিয়ামৰ মাছকেইটাৰ ওচৰলৈ নি পানীত ধৰিলেগৈ৷ মাছকেইটাই মাংসৰ টুকুৰাটো যি ধৰণে চকুৰ পলকতে তীব্ৰ গতিত আহি আক্ৰমণাত্মকভাৱে টানি-আজুৰি খাই শেষ কৰি পেলালে, মানসীয়ে দেখি অবাক হৈ ৰ’ল কিছুসময়!

“ এইকেইটা মাছ নে কি? ? ” –মানসীয়ে প্ৰতীমৰ পিনে চাই আচৰিত হৈ সুধিলে৷

“ এইবোৰ পিৰানহা৷ ইহঁত খুব হিংস্ৰ আৰু ভয়ংকৰ মাছ! ইহঁতবোৰে এটা মানুহ বা আন
জীৱ, কেইটামান মিনিটৰ ভিতৰতে খাই শেষ
কৰি দিব পাৰে! ইহঁততকৈ ভয়ংকৰ আৰু হিংস্ৰ মাছ চাগৈ একোৱে নাই! সেয়েহে ইহঁতক বেলেগে থ’ব লগা হৈছে৷ তুমি কিন্তুু ভুলতো কেতিয়াও পানীত হাতখন সুমুৱাই নিদিবা দেই! ইহঁতে তোমাৰ হাতৰ আঙুলি চিঙি লৈ যাব!” — কথাটো কৈ প্ৰতীমে মানসীৰ পিনে চালে৷

পিৰানহা! ! ! –এই শব্দটো তাই সিদিনা প্ৰতীমৰ মুখত তাৰ সৈতে কাজিয়া লাগোঁতে শুনিছিল! প্ৰতীমে কৈছিল তাইক–
“হেৰা, তুমি পিৰানহাটোৰ নিচিনা কেলেই হ’লা হাঁ?”
“ পিৰানহা? ? মানে? ” –তাই প্ৰতীমৰ ওচৰ পাইছিলহি৷
“ একো নহয়৷ “– কথাটো কৈ প্ৰতীম আঁতৰি গৈছিল তাইৰ ওচৰৰ পৰা সিদিনা …৷

তাই সঁচাকৈয়ে ইমান ভয়ংকৰ নে! তাই কেতিয়াও নিজৰ পিনে মূৰ তুলি চোৱাই নাছিল ইমানদিনে! আজি প্ৰতীমে তাইৰ স্বভাৱটোৰ
কথা তাইক বুজাই দিলে! ভিতৰি ভিতৰি অনুশোচনাৰ একুৰা জ্বলা জুইত তাই দগ্ধ হ’ব ধৰিছে এই মুহূৰ্তত …! সঁচাকৈয়ে তাই এটা পিৰানহাৰ দৰেই হৈ পৰিছে সকলোৰে মনত! আক্ৰমণাত্মক! ভয়াবহ …! তাই কিছু সময় মৌন হৈ ৰ’ল …৷

হঠাৎ মানসীৰ ভিতৰৰ মানুহজনীৰ যেন কিবা
এটা সলনি হৈছে! –তাইলৈ চাই প্ৰতীমে বুজিব
পাৰিছে৷
মানসীয়ে লাহে লাহে প্ৰতীমৰ ওচৰৰ পৰা
আঁতৰি আহি, কিবা এটা চিন্তা কৰি কৰি ড্ৰইং ৰূমটোৰ পৰা ওলাই গ’ল …৷

প্ৰতীমে মানসী যোৱাৰ পিনে চালে –মানসীৰ বিবেকৰ কোনোবাখিনিত এটা প্ৰচণ্ড আঘাত লাগিছে! লাগক! ইয়াৰ বাহিৰে মানসীক তাইৰ স্বভাৱটোৰ কথা বুজাই দেখুৱাবলৈ তাৰ আন উপায় নাছিল …৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক