পিৰানহা : উজ্জ্বল ফুকন

 

চিগাৰেটৰ ধোঁৱাবোৰ উৰুৱাই সি দূৰলৈ চাব ধৰিলে। চাচা, পান দৌথৌ বনাও।সুমন্তই পান দোকানী ওৰফে চাচালৈ নোচোৱাকৈয়ে কলে।
কাথা আৰু ডাব দুটুকুৰামান মোক বেছিকে দেনা চাচাবিধানে মাত লগালে।
চাচাই দিয়া পানখন মুখত ভৰাই সুমন্তই দূৰৰ পথটোৰ কাষত থকা বৰগছজোপালৈ আঙুলিয়াই কলে বিধান, তই এটা কথা মন কৰিছনে?”
কি?” বিধানেও তাৰ দৃষ্টি অনুসৰণ কৰি সুধিলে।
সৌ বৰগছজোপাৰ এটা ডালত সম্পূৰ্ণ পাত আছে। বাকী কেইটা ডাল লঠঙা। ফাগুনৰ বতৰত যেতিয়া সকলো গছৰে পাত সৰিছিল তেতিয়াও বৰগছজোপাৰ দুই তিনিটা ডাল নতুন পাতেৰে ভৰি আছিল। আৰু এতিয়া বহাগ সোমোৱাৰ সময়ত নতুন পাত ওলোৱাৰ বিপৰীতে ডাল দুটামান সম্পূৰ্ণ লঠঙা।সুমন্তই কলে।
কথাটো হয়। মইও আজিহে মন কৰিছোঁ।ওঁঠৰ চুকত লাগি থকা পিকখিনি মচি বিধানেও ৰ লাগি গছজোপাৰ ফালে চাই থাকিল।
খখছছছছ খখছছছছছছছকিবা এটা চুঁচৰি আহি থকা যেন পাই দুয়োটাই তললৈ চালে।
এটা অদ্ভুত মানুহ চুঁচৰি সিহঁতৰ ফালে আহি আছে। সি হয়তো সিহঁতৰ কথা শুনা পাইছিল। তাৰ ভৰি দুটা নাই বুলিবই পাৰি। চকু এটা সম্পূৰ্ণ ঢাক খাই আছে। আৰু সিটো চকুৰ মণিটো এটা চুকত ওলমি আছে। মুখখনতকৈ তাৰ পেটটো আগতে চকুত পৰে। একেৰাহে চাই থাকিব নোৱাৰা এটা প্রানী।

সেই গছজোপা প্রকৃতিৰ নিয়ম মতে নচলে। পানী নালাগে সেইজোপাক। তেজ লাগে, তেজ। হিহিইইইস হিহিইইইস হিহিইইইসসি কথাখিনি কৈ এটা অদ্ভুত হাঁহি মাৰি সিহঁতলৈ চালে।
পাগল চাল্লা। যাৱনে ইয়াৰপৰা।সুমন্তই খঙত তালৈ চাই কলে।
খা খা পান খা, চিগাৰেট খা। যিমান পাৰ খাই ল। বেছি দিন নাই। তোকো খাব সি। হিহিইইইস হিহিইইইস হিইইইস।আকৌ সেই বিকৃত হাঁহি মাৰি সি তাৰপৰা আঁতৰি গল।
ভায়া,আপ থৌড়া চম্ভল কে ৰহিয়ে। য়ে কৌন হে মে নহি জানতা। লেকিন ইচকা বাত চছ হৌতা হে।চাচাই পাগলটোৰ ফালে ভয়ে ভয়ে চাই সুমন্তক লাহেকৈ কলে।
বাদ দে সেইবোৰ। তই নন্দিনীৰ কথা কলি নে ঘৰত?” বিধানে কথাটো সলনি কৰি সুমন্তক সুধিলে।
ঘৰত কলো। কিন্তু মনা নাই। তাইৰ ঘৰৰ মানুহৰ লগত কথা হব বিচাৰে মা দেউতাই। আৰু জান মায়ে মোলৈ কি কুৰিয়াৰ কৰি পঠাইছে?” সুমন্তই বিধানলৈ চাই কলে।
কি?” বিধানে সুধিলে।
এটা তাবিজ আৰু এখন সৰু চিঠি।সুমন্তই কলে।
তাবিজ? চিঠি?” বিধানৰ চকুত যেন বহুত প্রশ্ন।
মায়ে বিশ্বাস কৰা কোনোবা সন্যাসী এজনৰ মতে মোৰ ওপৰত অতৃপ্ত আত্মাৰ প্রভাৱ পৰিছে। সেইকাৰণে তাবিজটো পিন্ধিব কৈছে। ফাল্টু চব চাল্লা।সুমন্তই হাঁহি হাঁহি কলে।
মায়ে দিছে যেতিয়া তই পিন্ধি থাক। বিশ্বাস কৰ নকৰ সেইটো পিছৰ কথা।বিধানে কলে।
তইও ইমান পঢ়া শুনা কৰি এতিয়া অন্ধবিশ্বাসীৰ দৰে কথা কৈছ। মই সিদ্ধান্ত ললো। মা দেউতাৰ মতৰ বাবে ৰৈ থাকি লাভ নাই। মই নন্দিনীৰ অবিহনে জীয়াই থাকিব নোৱাৰো। আজি ৰাতি মই তাইক ডিনাৰৰ কাৰণে লৈ যাম। তাতে আঙুঠি পিন্ধাই গোটেই জীৱন একেলগে থকাৰ প্রতিশ্রুতি দিম।সুমন্তই কলে।
ভাল কথা। তথাপিও ভাবি চাবি আকৌ এবাৰ।বিধানে কলে।
সুমন্তই একো উত্তৰ নিদি চিগাৰেটৰ আধা টুকুৰাটো বিধানলৈ আগবঢ়াই দিলে।
ধোঁৱা উৰুৱাই সিঁহত আগবাঢ়িল।
সিঁহত যোৱালৈ চাই চুঁচৰি থকা পগলাটোৱে দূৰৰ বৰগছজোপালৈ চাই আকৌ সেই অদ্ভুত হাঁহিটো মাৰিলে হিহিইইইস হিহিইইইস হিইইইস
———–
সি যিমান পাৰে চকুদুটা মেলিবলৈ চেষ্টা কৰিলে। তাৰ চকুৰ পটাৰ কপনিয়ে যেন ওচৰতে থকা নাৰ্চজনীক তৎপৰ কৰি তুলিলে।
আপুনি লাহে লাহে চকুদুটা মেলিবলৈ চেষ্টা কৰক। জোৰ নিদিব।নাৰ্চজনীৰ মাতটো সুমন্তৰ কাণত পৰিল। সি লাহে লাহে চকুদুটা মেলিব ধৰিলে। প্রথমতে অলপ ধোঁৱা ধোঁৱা আৰু তাৰপিছত এজাক চিন্তিত চিনাকি মানুহৰ চকুৱে তাক আগুৰি থকা দেখিলে। বন্ধু বিধানক কিবা এটা সুধিব খুজিও সি ৰৈ গল। হয়তো তাৰ পিয়াহ লাগিছিল। কিন্তু টেবুলত থকা পানী বটলটো আনিবলৈ গৈ সি আচৰিত হল। সোঁহাতখনৰ ফালে চাই সি চিঞৰি উঠিল। মাক দেউতাকৰ সেমেকি অহা চকুকেইটাই বুজাই দিলে যে তাৰ সোঁহাতখনে চিৰদিনৰ বাবে তাক এৰি থৈ গুছি গল।
মাক দেউতাককো সম্পূৰ্ণ এটা বছৰৰ পিছত দেখিছে সি। লাহে লাহে সি আগ ৰাতিৰ কথাবোৰ মনত পেলাব চেষ্টা কৰিলে। ডিনাৰ কৰি সিহঁত প্রায়েই এনেকৈ লং ড্রাইভত ওলাই যায়। দিনটো চেম্বাৰত ব্যস্ত থকাৰ পিছত এই সময়খিনি যেন সিহঁতৰ একান্ত ব্যক্তিগত। নন্দিনীক সি লগ পোৱা এবছৰৰ বেছি হল। তাৰ মনটো নন্দিনীক প্রথম লগপোৱা মূহুৰ্তটোলৈ উৰি গল। সেইদিনা ৰাতিও সি বিধানৰ ঘৰৰ পৰা দেৰিকৈ ওলাইছিল। হয়তো ৰাতি ১ মান বাজিছিল। বিধানে আনদিনাৰ দৰে তাক জোৰ কৰিছিল ড্রিঙ্কছ কৰি ড্রাইভ নকৰিবলৈ কিন্তু সি যে নিজৰ বিছনাখন কেতিয়াও এৰিব নোৱাৰে সেইটো বিধানে ভালকৈ জানে। নিতাল মৰা নিশাটোত ভাগৰত পৰি থকা আলিবাটটোক দ্রুতগতিৰে মহতিয়াই তাৰ গাড়ীখন গৈ আছিল। সুৰাৰ ৰাগীত তাৰ মূৰটো মাজে মাজে ষ্টেয়াৰিঙৰ ফালে হালি গৈছিল। হঠাৎ সেই পুৰণা বৰগছজোপাৰ কাষত কিবা এটা পৰি থকা যেন পাই মনটোৱে বুজি পোৱাৰ আগতেই তাৰ ভৰি ব্রেকত পৰিল। গাড়ীৰপৰা নামি সি তলং ভটঙকৈ আহি দেখিলে এজনী ছোৱালী বেয়াকৈ আঘাটপ্রাপ্ত হৈ পৰি আছে। তাৰ যেন সুৰাৰ ৰাগী নিমিষতে নোহোৱা হল। ততালিকে তাইক দাঙি গাড়ীত বহুৱাই ওচৰৰ হস্পিটালখনলৈ লৈ গল সি। বিশেষ একো চিকিৎসা কৰিবলগা নহল। দুখপোৱা ঠাই কেইটুকুৰাত অলপ বেন্দেজ কৰি সেই ৰাতিয়েই তাইক ৰিলিজ দিলে। কিন্তু ডক্টৰে কোৱামতে তাইৰ স্মৰণশক্তি নোহোৱা হৈছে। নামটোৰ বাহিৰে তাই একো মনত পেলাব পৰা নাই। সেইৰাতিৰপৰা নন্দিনী সুমন্তৰ লগতে আছে। তাইক সুমন্ত আৰু বিধানে যিমানপাৰে পুৰণা কথাবোৰ মনত পেলাবলৈ জোৰ দি থাকে। কিন্তু তাই যেন কোনোপধ্যেই একো মনত পেলাব নোৱাৰে।
নন্দিনী আছিল নেকি তোৰ লগত?” বিধানৰ প্রশ্নত সুমন্ত স্মৃতিৰ মাজৰপৰা ওলাই আহিল।
তাই ক? নন্দিনীও আছিল মোৰ লগতসুমন্তই যেন তেতিয়াহে নন্দিনীক বিচাৰিব ধৰিলে।
কি হৈছিল কছোন কালি?” বিধানে সুধিলে।
আনদিনাৰ দৰে আমি কালি ৰাতিও ওলাই গৈছিলোঁ। ফিৰ ফিৰ বতাহ মাৰি থকা ৰাতি। মোৰ এখন হাত ষ্টিয়াৰীঙত আৰু আনখন হাতেৰে তাইক সাৱতি সেমেকা ৰাতিটো ফালি আগবাঢ়িছিলো।তাই মোৰ বুকুৰ মাজত কুচিমুছি সোমাই আছিল। ভাৱ হৈছিল জীৱনত যেন আৰু একো নালাগে। হঠাত এটা মেকুৰী মোৰ গাড়ীৰ সন্মুখৰ গ্লাছত জপিয়াই পৰিল। মই ভয়ত গাড়ীৰ নিয়ন্ত্রন হেৰুৱাই সেই বৰগছজোপাত গৈ খুন্দা মাৰিলো। মেকুৰিটো ভঙা গ্লাছৰ মাজেৰে মোৰপিনে আগবাঢ়ি আহিছিল। মই গোটেই গাতে বেয়াকৈ বিষ অনুভৱ কৰিছিলো। নন্দিনীলৈ চাব খুজিও চাব নোৱাৰিলো। মোৰ শক্তিবোৰ যেন নোহোৱা হৈ আহিছিল। কোনোবাই যেন মোৰ ডিঙিত কামুৰি তেজবোৰ শুহি লৈছিল। তাৰপিছত আৰু মই একো কব নোৱাৰো।সুমন্তই কৈ গল।
সেই বৰগছজোপাৰ ওচৰত আগতেও আমাৰ গাড়ী পাংচাৰ হৈছিল। সেইদিনা নন্দিনীও আমাৰ লগত আছিল। আমি টায়াৰ সলনি কৰি থাকোতে তাই সেই বৰগছজোপৰ কাষলৈ গৈ কিবাকিবি কথা কৈ আছিল। মই তোক দেখুৱাইছিলোঁ। তোৰ মনত পৰিছেনে?” বিধানে কলে।

মনত পৰিছে। বিধান, তই মোক সেই বৰগছজোপাৰ ওচৰলৈ লৈ যাবিনে? কিবা এটা যেন ৰহস্য আছে তাত। মই এবাৰ যাব খোজো তালৈ। সুমন্তই কলে।
তই এই অৱস্থাত কেনেকৈ যাবি? তই নোৱাৰ কতো যাব।মাকে সুমন্তলৈ চাই কলে।
ভয় নকৰিব খুড়ী, মই থাকিম তাৰ লগত। তাৰ ভয়টো ভাঙি দিয়া ভাল। আৰু মোৰো আচল কথাটো জানিবৰ মন গৈছে।বিধানে কলে।
জানো পাই তহঁতে যি ভাল দেখ তাকে কৰ।মাকে কলে।
ল মোৰ গাড়ীতে যাবি।বিধানে সুমন্তলৈ চাই কলে।
গাড়ীখন এক নিৰ্দিষ্ট দূৰত্বত ৰাখি সিহঁত বৰগছজোপাৰ কাষলৈ আগবাঢ়িল।
একেবাৰে গছজোপাৰ ওচৰ পাই কাষতে থকা জোপোহা এটাত বিধানে কিবা এটা খছমছাই থকা দেখিলে। ভালকৈ জুমি চোৱাত দেখিলে সেই কিম্ভুত পগলা মানুহটোৱে কিবা এটা চোঁচৰাই আনিছে গছজোপাৰ ফাললৈ। মাজে মাজে এটা মূৰ শুহি শুহি খাইছে। বিধানে তাৰ ওচৰলৈ গৈ ভালকৈ চোৱাত দেখিলে সি কটা হাত এখন খোৱাত ব্যস্ত। বিধানৰ মূৰটো আচন্দ্রাই কৰা যেন লাগিল।
ই মোৰ হাতখন দেপগলাটোলৈ চাই সুমন্তই চিঞৰি উঠিল।
তাৰ হাতৰপৰা কটা হাতখন আজুৰি নিজৰ গাত লগাই সুমন্তই বিধানলৈ চাই কলে বন্ধু, তই বেয়া নাপাবি। মই তোক এৰি থাকিব নোৱাৰোঁ। ৱেলকম টু আৱাৰ ৱৰ্ল্ড।
জোপোহাটোৰ আঁৰৰ পৰা সেই অদ্ভুত হাঁহিটো ভাহি আহিল হিহিইইইস হিহিইইইস হিইইইস
বিধানে দৌৰিব খুজিও যেন পৰা নাই। কিবা এক অদ্ভুত শক্তিয়ে যেন তাৰ হাত ভৰি অৱশ কৰি পেলাইছে। লাহে লাহে সেই পগলাটো আৰু সুমন্ত তাৰ ফাললৈ আগবাঢ়ি আহিল। গছজোপাৰ পিছফালৰ পৰা নন্দিনীয়ে এক লুভীয়া দৃষ্টিৰে তাৰ ফালে চাই আছিল। আৰু বহুত মানুহ লাহে লাহে বিধানৰ ফালে আগবাঢ়ি আহিল। মানুহৰ জুমটোত দুবছৰৰ আগতে দূৰ্ঘটনাত মৃত্যুক সাৱটি লোৱা খুৰাককো দেখিলে বিধানে। লাহে লাহে মানুহৰ জাকটোৱে তাক আগুৰি ধৰিলে। তাৰ তেজবোৰ নোহোৱা হৈ যোৱা যেন লাগিল। যেন এজাক পিৰানহাই তাৰ তেজ শুহি শুহি গছজোপাৰ ফাললৈ টানি নিছে।
মেকুৰি এটাই বিকট চিঞৰ মাৰি চাচাৰ দোকানৰ কাষত ৰৈ কান্দিব ধৰিলে। চাচাই ভয়ে ভয়ে দূৰৰ বৰগছজোপালৈ চালে। কালিলৈকে লঠঙা হৈ থকা ডালকেইটা আজি পাতেৰে ভৰি পৰিছে। পাতবোৰে যেন বতাহৰ সৈতে লগ হৈ আনন্দত কিৰিলী পাৰিছে। মৃত্যুৰ কিৰিলী।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক