পুণ্য অৰ্জনৰ ভোক(-দিগন্ত যাদৱ শৰ্মা)

“তেওঁলোকৰ ইমান ভোক লাগেনে?
চোৱাচোন কেনেকৈ সৰু ল’ৰাটোৱে জাবৰৰ দ’মটোৰ পৰা বস্তু বিচাৰি খাইছে!
দেউতা তেওঁলোকে কিয় কাম নকৰে?
দেউতা কুকুৰটো চোৱাচোন। ইমান মৰমলগা!
তেওঁলোক মন্দিৰৰ সন্মুখতে কিয় বহি থাকে?
দেউতা তেওঁলোক কিয় পথৰ ওপৰত শুই থাকে?
দেউতা বলানা আমিও মন্দিৰৰ ভিতৰলৈ যাওঁ।
দেউতা ভগবান আছে নে নাই?
ভগবান ক’ত থাকে?
মন্দিৰত থাকে নেকি?”
ভগবানে তেওঁলোকক খোৱাবস্তু নিদিয়ে নেকি?

দেওবাৰৰ দিনটোত সাত বছৰীয়া ইমনৰ ইমানবোৰ প্ৰশ্নৰ সন্মুখিন হ’ব বুলি জনা হ’লে হয়তো ডেকাই কেতিয়াও পুতেকক ব্ৰহ্মপুত্ৰ নদী দেখুৱাবলৈ নানিলেহেতেন! ইমনে বহুদিনৰ পৰাই ব্ৰহ্মপুত্ৰ চাম চাম বুলি জোৰ দি থকাত ডেকাই লৈ আহিছিল। দুপৰীয়াৰ ভাত খাই ভেটাপাৰাৰ পৰা বাছত উঠি শুক্ৰেশ্বৰ মন্দিৰ পাইছিলহি। তেওঁ ভাবিছিল মন্দিৰটোৰ পাছফালৰ খটখটিৰ পৰাই পুতেকক সুন্দৰকৈ ব্ৰহ্মপুত্ৰ নদী দেখুৱাব পাৰিব। ছয় বছৰীয়া পুতেকৰ আঁকোৰগোজালিৰ বাবেই বাপেকৰ দৰে সিও চিট এটা দখল কৰি আহিছিল। ডেকাই অতিৰিক্ত বাছভাড়া দিব লগা হৈছিল।

ইমনে হেপাহ পলুৱাই ব্ৰহ্মপুত্ৰ নদীৰ সৌন্দৰ্য্য উপভোগ কৰিলে। জোৰ কৰিছিল যদিও বতৰ বেয়া হোৱাৰ আশংকাত দেউতাকে মন্দিৰৰ ভিতৰলৈ ইমনক লৈ নগ’ল। বাহিৰখনকে দেখুৱাই দুয়ো পানবজাৰ ‘চিটিবাছ’ আস্থানলৈ বুলি মন্দিৰৰ দুৱাৰেৰে লাহে লাহে খোজ কাঢ়ি আহি থাকিল। কেইটামান দৃশ্য বাপেকৰ লগতে ইমনৰো চকুত নপৰকৈ নাথাকিল! সচাঁকৈয়ে আমিবোৰ আজিকালি পুণ্য অৰ্জনৰ প্ৰতিযোগিতা নামি পৰিছো! বন্ধৰ দিন বাবে কিছুলোকে গাড়ীৰ পৰা নামি পদপথৰ ওপৰত বহা ভিক্ষাৰীবোৰৰ মাজত নানা ধৰণৰ খাদ্য সামগ্ৰী বিলাবলৈ ধৰিছিল। পদপথৰ ওপৰত ভিৰৰ বাবে ইমনৰো খোজৰ গতি মন্ঠৰ হৈ পৰিছিল। তাৰ মাজতে কিছুমান দৃশ্যই ডেকাৰ লগতে ইমনৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ বাধ্য কৰিছিল। লগত আছিল পুতেকৰ এৰাব নোৱাৰা বহুতো প্ৰশ্ন? বোধকৰো ইমনৰ মনতো নানা কথাই দোলা দি গৈছিল।
: দেউতা সেই মানুহকেইজনে তলত বহি থকা লেতেৰা মানুহবোৰক কিয় নতুন কাপোৰ আৰু খোৱা বস্তু দিছে।
: তেওঁলোক দুখীয়া মানুহ বাবে কিনিব নোৱাৰে।
: কিনি দিয়া মানুহবোৰ তেওঁলোকৰ পৰিচিত নেকি?
: নহয়।
: তেন্তে কিয় দিছে?
: এনে লোকক সহায় কৰাটো ভাল কাম। তুমি যে এদিন সুধিছিলা পুণ্য কি? এইটোও এটা পুণ্যৰ কাম।
: তেওঁলোক বৰ ভাল মানুহ। তেওঁলোকৰ বহুত পুণ্য হ’ব। নহয়নে দেউতা? তুমিও তেওঁলোকক কিবাকিবি কিনি দিয়ানা। আমাৰো পুণ্য হ’ব।

ডেকাই পুতেকক একো উত্তৰ নিদিলে। তেওঁ আয় অনুপাতেহে খৰচ কৰিব পাৰে। ইমনে আৰু দুবাৰমান কৈ চাইছিল। সিও জানে দেউতাকে একো নামাতিলে মানে কামটো নকৰে। ডেকাই স্বগতোক্তি কৰিলে- “মই ইমান মহানো নহয়। আৰু মহান হ’বও নোৱাৰো! প্ৰধান চিন্তাটো হৈছে সীমিত আয়েৰে ইমনক মানুহ হিচাপে গঢ়ি তোলা। মোৰ পুণ্যৰ ভোকো নাই!” পদপথৰ ওপৰত বান্ধি থোৱা কুকুৰটোৱে ইমনৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁলোক দুয়ো তাৰ পৰা আহি থাকোতে দৃশ্য এটাই ইমনক মনত বৰকৈ আঘাট দিলে। এটা পুণ্য অৰ্জনৰ দৃশ্য। ডেকাৰ এই সুন্দৰ বন্ধৰ দিনটো অথলে যোৱা যেন লাগিল! তেওঁলোকৰ সন্মুখত হোৱা পুণ্য অৰ্জনৰ এই কাহিনীটো আছিল এনে ধৰণৰ। কাহিনীটো বুজিবলৈ নায়কৰ এটা নাম দিয়া হওঁক- জয়ন্ত। পুণ্য অৰ্জনৰ বিলাসিতাৰ মুল নায়ক।
জয়ন্তৰ হাতলৈ হঠাতে বহুত টকা আহিল। ল’ৰা-ছোৱালী হালক নামজাদা শিক্ষানুষ্ঠানত পঢ়ুৱাইছে। তেওঁ হয়তো ভাবিলে -‘মইতো বহুত অৰ্জন কৰিলোঁ। এতিয়া পুণ্যকে অৰ্জন কৰোঁ।’ সেয়ে আজি জয়ন্তই পৰিয়ালৰ লগত শুক্ৰেশ্বৰ মন্দিৰৰ পদপথত বাস কৰা ভিক্ষাৰীবোৰক খাদ্যবস্তু বিলাই পুণ্য অৰ্জন কৰিবলৈ আহিছে। পথৰ কাষত ৰখাই থোৱা গাড়ীখনলৈ এবাৰ চালে। ভিতৰত বিলাতী কুকুৰটোৰ লগত ছোৱালীজনীয়ে গান শুনি বহি আছে। ভিক্ষাৰীবোৰ বৰ লেতেৰা। তাইৰ ঘিণ লাগে। সেইকাৰণে মাকে কৈছে- “মাজনী তুমি আহিব নালাগে। গাড়ীত বহি গানেই শুনি থাকা।” খোৱাবস্তু বিতৰণ কৰি থাকোতে হঠাত জয়ন্তৰ পত্নীৰ শাড়ীখনত টান পৰাত দেখিলে খাবলৈ নোপোৱা লেৰেলা-চেপেটা দেশী কুকুৰ পোৱালী এটাই খাবলৈ পোৱাৰ আশাত শাড়ীৰ পাতলিত লাহেকৈ টানি ধৰিছে। ইমান দামী শাড়ীখনত লেৰেলা দেশী কুকুৰ পোৱালীটোৱে মুখ লগোৱা আৰু পত্নীৰ বিৰক্তিভৰা খং দেখি জয়ন্তই পিন্ধি থকা জোতা এপাতেৰে এক গোৰ মাৰিলে। সি হয়তো বহুত দুখ পালে, ভয়ো খালে। চিঞৰি চিঞৰি সি ভিক্ষাৰী এজনীৰ গাত কুচিমুচি সোমাবলৈ চেষ্টা কৰিলে। জয়ন্তই দেখিলে ৰচী এদালেৰে পদপথৰ ৰেলিঙত কুকুৰটোক বন্ধা আছে। পাত এখন লৈ ভিক্ষাৰীজনীয়ে অপেক্ষা আছিল তাইৰ পাল পৰালৈ। পত্নীয়ে যেতিয়া জানিব পাৰিলে কুকুৰটো তাইৰেই তেতিয়া তাইক ভাগ নিদিয়াকৈ আগবাঢ়ি গ’ল। কিন্তু তাই বৰকৈ কাকূতি-মিনতি কৰাত পাতখনত অলপমান দলিয়াই থৈ গ’ল। কাগজৰ প্লেটখনৰ কাষৰ অংশ ফালি তাত তাইৰ নিজৰ ভাগৰ পৰা কুকুৰটোকো খাবলৈ দিলে। কুকুৰ পোৱালিটোৱেও দুখ পাহৰি নেজ জোকাৰি জোকাৰি খাবলৈ মুখ লগালে। মাকৰ পিছ পিছে থকা তেওঁলোকৰ বৰ পুত্ৰই ভৰিৰে কুকুৰটোৰ সন্মুখৰ খোৱা বস্তুখিনি মোহাৰি নৰ্দমাটোত পেলাই দিলে। কুকুৰটো নিশ্চুপ হৈ ৰ’ল। ভিক্ষাৰীজনীয়ো খাবলৈ এৰি ল’ৰাটোৰ ফালে চাই ৰ’ল। এই কাৰ্য্যত মাক-পুতেক দুয়ো এক অনাবিল আনন্দ লাভ কৰিলে। মন্দিৰটোৰ দুৱাৰমুখতে সেৱা লৈ তেওঁলোক হাঁহি হাঁহি আগবাঢ়ি গ’ল।
: দেউতা তুমি কুকুৰটোক এপেকেট বিস্কুট কিনি দিয়ানা। মই বাছত তোমাৰ কোলাতে উঠি যাম। তুমি মোৰ ছিটৰ পইচা দিব নালাগে।
-ডেকাই ইমনৰ মুখৰ পৰা এইষাৰ কথা শুনাৰ বাবেহে যেন ৰৈ আছিল। তেওঁ ইমনৰ হাতত ধৰি এপেকেট বিস্কুট কিনিবলৈ সন্মুখত থকা দোকানখনলৈ খোজ ল’লে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক