পুতলা বিক্ৰী কৰা ছোৱালীজনী( — গৌতম কাশ্যপ)

“সন্ধিয়া সময় কণত এই ঠাই টুকুৰা বৰ মনমোহা হৈ পৰে নহয় নে? ” দূৰ দিগন্তত অস্ত যাব খোজা বেলি টিৰ ফালে চাই শ্ৰেয়াই কৈ উঠিল৷

মোৰ দুচকুৱে তাইৰ দৃষ্টিক অনুসৰন কৰিলে৷ লুইতৰ বিশাল বুকুত মাৰ যাব খোজা বেলি টিৰ সোণালী আভা বিচ্ছুৰিত হৈ পানীৰ মাজত এক ৰঙৰ খেলা কৰিছিল৷ যাৰ সৌন্দৰ্য্য মোৰ দৰে মানুহৰ বাবে ভাষাৰে প্ৰকাশ কৰা এক প্ৰকাৰৰ অসম্ভৱ আছিল৷

উজান বজাৰৰ এই ঘাটটো শ্ৰেয়া আৰু মোৰ অতি প্ৰিয়৷ সন্ধিয়া প্ৰায়েই খোজ কাঢ়ি এপাক মৰাটো আমাৰ একপ্ৰকাৰৰ দৈনন্দিন অভ্যাসত পৰিনত হৈছিল৷ মাজে মাজে এঘণ্টা দুঘণ্টা ইয়াতেই বহি আমি সময় পাৰ কৰো৷ দিনৰ ভাগত ঠাই কণ এটি ব্যস্ত নদী ঘাটলৈ পৰিবৰ্তন হয়৷ উমানন্দলৈ যোৱা যাত্ৰীৰে ঘাট টো ভৰি পৰে৷ পুৱা দহ বজাৰ পৰা আবেলি চাৰি বজালৈ উমানন্দলৈ অহা যোৱা কৰা ফেৰী চলে ইয়াৰ পৰা৷

“এবাৰ উমানন্দ লৈ যাব লাগিছিল বুজিছা৷ ” শ্ৰেয়ালৈ চাই ক’লো৷

“তুমি হে নিনিয়া এবাৰো মোক৷ মোৰ যে কিমান দিনৰ পৰা যাবলৈ মন গৈ আছে৷ ” অভিমানেৰে ক’লে তাই৷

এই সপ্তাহতে এবাৰ উমানন্দ লৈ এটা পাক মাৰিব লাগিব মনতে ভাবিলো৷

সন্ধিয়া সময়ত ইয়াত মানুহৰ সংখ্যা সেৰেঙা হৈ আহে৷ দুজনমান কুহিয়াৰৰ ৰস বিক্ৰী কৰা বেপাৰী, গোমধান কয়লাৰ জুইত সেকি বিক্ৰী কৰা দুজনীমান মহিলা আৰু এটা চানা বেপাৰীৰ বাহিৰে বেলেগ দোকান-পোহাৰ নাই ঘাট টোত৷ সন্ধিয়া সময়ত ঘাট টিলৈ বেছিকৈ ওচৰে পাজৰে থকা হোষ্টেলৰ ল’ৰা ছোৱালীৰ জাক, কেইহাল মান প্ৰেমিক প্ৰেমিকাৰে আগমন ঘটে৷ দুই তিনিটা মান ল’ৰাক নদীৰ কাষত বহি ভাঙ হুপি থকাও প্ৰায়েই দেখা পোৱা যায়৷

লাহে লাহে আন্ধাৰ নামি আহিছিল৷ চিগাৰেট এটাৰ প্ৰয়োজন অনুভৱ কৰিলো৷

“চিগাৰেট এটা আনো ৰ’ৱা” শ্ৰেয়াক ক’লো৷

“মোলৈ লাইট বা ব্লেক এটা আনিবা না৷ ” তাই ক’লে৷

সাধাৰণতে ল’ৰা বোৰক প্ৰেমিকাই চিগাৰেট এৰিবলৈ বাধ্য কৰে, কিন্তুু আমাৰ ক্ষেত্ৰত সেয়া একেবাৰেই বিপৰীত হৈ পৰিছে৷ মোৰ লগত থাকি থাকি তাইও মাজে এটা দুটা চিগাৰেট হুপিবলৈ লোৱা হৈছে৷ কথাটো ভাৱি হাঁহি উঠিল৷

“কি হ’ল? কিয় হাঁহিলা? ” মোলৈ চাই প্ৰশ্ন কৰিলে তাই৷

“একো নাই, বচ এনেই৷ ” উত্তৰ দিলো৷

উঠি যাবলৈ লওঁতে প্ৰায় ন-দহ বছৰীয়া ছোৱালী এজনীয়ে মোৰ বাট আগুছি ধৰিলে৷

“দাদা কিবা কিনক না৷ ” মোলৈ চাই কৈ উঠিল৷

ছোৱালী জনীলৈ লক্ষ্য কৰিলো৷ হাতত সৰু সৰু ৰঙা নীলা লাইট জলা পুতলা, পিংপং বল ইত্যাদি৷ পিন্ধনত এটা মলিয়ন ফ্ৰক৷ আৰু এযোৰ নিষ্পাপ কৰুণ চকু৷ ছোৱালী জনীয়ে বৰ আশাৰে আমালৈ চাই ৰ’ল৷ জীৱনৰ জটিলতা বুজি নোপোৱা সৰল মুখ খন আৰু গভীৰ আশাৰে ভৰা শেতা পৰা চকুযুৰিলৈ চাই দুখ লাগিল৷ কিন্তুু হঠাৎ উপলব্ধি কৰিলো যে এই কণমানি জনীয়ে খেলা ধূলা কৰা বয়সত বস্তু বিক্ৰী কৰি উপাৰ্জন কৰিব লগা হৈছে যেতিয়া জীৱনৰ জটিলতা খিনি হয়তো আমাতকৈ বহু বেছি দেখা পাইছে৷

“চোৱাচোন ইমান টিকলি জনীয়ে এইবোৰ বিক্ৰী কৰিব লগা হৈছে৷ কিবা কিনো আহা না৷” শ্ৰেয়ায়ে মোৰ ফালে চাই ক’লে৷

যদিও মোৰ মনত কণমানি জনীলৈ সহানুভূতি জাগিছিল তথাপি অদৰকাৰী খেলনা কিছুমান কিনাৰ বৰ এটা আগ্ৰহ নাছিল৷ তাতে মাহটোৰ শেষৰ সময়৷ পইচাৰ নাটনি হৈ আছিল৷

street kids

“কিনো কৰিম এইবোৰ কিনি? ” শ্ৰেয়ালৈ চাই উত্তৰ দিলো৷

“আৰে এটা কিনি মোকেই গিফ্ট কৰা না৷ আৰু এদিন চিগাৰেট নোখোৱাকৈ থাকিব পাৰিম টো আমি৷ ” তাই ক’লে৷

তাই ঠিকেই কৈছিল যেন লাগিল মোৰ৷ প্ৰতি দিনেই চিগাৰেটৰ নামত কিমান টকাৰ শ্ৰাদ্ধ কৰো৷ এদিন সেইখিনি আন কামত ব্যৱহাৰ কৰিলে যদি কাৰোবাৰ সহায় হয় তাত আপত্তি ক’ত৷

“এই লাইট জ্বলা পিংপং বল টোৰ দাম কিমান?” কণমানি জনীক সুধিলো৷

“তিছ টকা” তাই বল টো আগবঢ়াই দিলে৷

“হেই বেছি দাম কৈছা৷ বিছ টকা লোৱা৷ ” দৰদাম কৰাৰ চেষ্টা কৰিলো৷

তাই মূৰ লৰাই অসন্মতি প্ৰকাশ কৰিলে৷

“নালাগে দিয়া তেন্তে৷ ” মই কলো৷

নালাগে বুলি কলে তাই দাম কমাব বুলি মই নিশ্চিত আছিলো৷ সাধাৰণতে বস্তু বিক্ৰী কৰোতে দাম বঢ়াই কয় আৰু গ্ৰাহকে নালাগে বুলো কলেহে দাম কমাবৰ বাবে ৰাজী হয় বেপাৰী বোৰ৷ কিন্তুু আমাক আচৰিত কৰি কণমানি জনীয়ে এটা শেতা হাঁহি মাৰি আঁতৰি যাবলৈ ওলাল৷

“ৰ’ৱা৷ এয়া লোৱা ত্ৰিশ টকা৷ ” এইবুলি তাইৰ ফালে তিনি খন দহটকীয়া নোট আগবঢ়াই দি পিংপং বল টো ৰাখি থলো৷

বলটি শ্ৰেয়া লৈ আগবঢ়াই দিয়াত তাই এটি মৰমলগা হাঁহি উপহাৰ দিলে৷

কণমানিজনী আমাৰ কাষৰ পৰা আঁতৰ হ’ল৷ এনেতে আন এটি ন-দহ বছৰীয়া ল’ৰা কাষ চাপি আহিল৷

“দাদা দহ টকা দিয়ক না৷ ভোক লাগিছে দাদা৷ দিনটো একো খোৱা নাই দাদা৷ দিয়ক না দাদা৷ ” এই বুলি ল’ৰা টোৱে পেনপেনাই আমাৰ লগত লাগি থকা আৰম্ভ কৰিলে৷

“মাকৈ খাবি? ” সুধিলো তাক৷

সি সন্মতিৰে মূৰ দুপিয়ালে৷ কাষৰ কয়লাৰ জুইত সেকি গোমধান বিক্ৰী কৰা মহিলা গৰাকীৰ পৰা দহ টকা দি এটা গোমধান কিনি দিলো তাক৷

“থেংকিউ দাদা৷ ” এইবুলি কৈ সি মাকৈ চোবোৱাত লাগিল৷ আমি দুয়ো তাৰ কথাত মিচিকিয়াই হাঁহিলো৷

অলপ দূৰৰ পৰা সেই খেলনা বিক্ৰী কৰা কণমানি জনীয়ে সকলো লক্ষ্য কৰি থকা চকুত পৰিল আমাৰ৷ শিশুৰ মন৷ হয়তো তাইৰো গোমধান খাবৰ মন গৈছিল৷ হঠাৎ তাইৰ চকু দুটি উজলি উঠিল৷ পকেটৰ পৰা বল বিক্ৰী কৰি পোৱা ত্ৰিশ টকাৰ পৰা তাই এখন দহটকীয়া নোট উলিয়াই ল’লে৷ কিন্তুু আগবাঢ়িব আহিব লৈও তাই থমকি ৰ’ল৷ তাইৰ চকুযুৰিৰ উজ্জ্বলতা খিনি ম্লান পৰিল আৰু আমাক আচৰিত কৰি দহটকীয়া খন ফ্ৰকৰ পকেটত ভৰাই লাহে লাহে দূৰলৈ আঁতৰি গ’ল৷ মনটো বেয়া লাগিল মোৰ৷

“তাইকো এটা গোমধান কিনি দি আহো ৰ’ৱা৷ ” শ্ৰেয়ালৈ চাই কলো৷

“নালাগে দিয়া৷ তাই এতিয়াৰে পৰা স্বাৱলম্বী হ’বলৈ শিকিছে৷ কষ্ট কৰি আজিৰ দিনটোৰ বাবে উপাৰ্জন কৰিলে৷ খুজিবলৈ শিকা নাই তাই৷ আমি জোৰ কৰি সেই অভ্যাস তাইৰ মাজত সুমুৱাই নিদিও দিয়া৷ ” শ্ৰেয়াই কৈ উঠিল গহীন হৈ৷ তাইৰ মাজত গভীৰ আত্মবিশ্বাস দেখা পালো৷

হঠাৎ কণমানীজনীৰ প্ৰতি বুকুত বহুত বেছি মৰম আৰু শ্ৰদ্ধা জাগি উঠিল৷ এখুজ দুখোজ কৈ আঁ‌তৰি গৈ আন্ধাৰৰ মাজত নোহোৱা হৈ পৰা লৈ তাইৰ ফালে চাই ৰ’লো৷


 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments