পুত্ৰ প্ৰেম মূল: মুন্সী প্ৰেমচন্দৰ “পুত্ৰ-প্ৰেম” অনুবাদ: মিতালী নাৰায়ণি

 চৈতন্যদাস বাবুৱে অৰ্থশাস্ত্ৰৰ বিতং অধ্যয়ন কৰিছিল; আৰু কেৱল অধ্যয়ন কৰাই নহয় বাস্তৱ জীৱনত তাৰ যথোপযুক্ত প্ৰয়োগো কৰিছিল৷ পেছাত তেওঁ উকীল আছিল, দুই-তিনিখন গাঁৱত তেওঁৰ জমিদাৰীত মাটি-বাৰীও আছিল, বেংকতো কিছু ধন আছিল৷ এই সকলোবোৰ অৰ্থশাস্ত্ৰৰ পৰা আহৰণ কৰা জ্ঞানৰে ফল আছিল৷ যেতিয়া ক’ৰবাত কিবা খৰছ কৰাৰ কথা ওলায় তেতিয়া তেওঁৰ মনত স্বভাৱগতভাৱে এটা প্ৰশ্নৰ উদয় হয়- “ইয়াৰ পৰা মোৰ নিজৰ কিবা উপকাৰ হ’ব নে আন কোনো মানুহৰ হ’ব?” যদি দুয়োৰে ভিতৰত কাৰো একো উপকাৰ নহয় তেতিয়া তেওঁ বৰ নিৰ্দয়ভাৱে সেই খৰছৰ মুদা মাৰিছিল৷ অবাবত খৰছ কৰাটোক তেওঁ বিষৰ দৰে জ্ঞান কৰিছিল৷ অৰ্থশাস্ত্ৰৰ সিদ্ধান্তসমূহ তেওঁৰ জীৱন-স্তম্ভস্বৰূপ হৈ পৰিছিল৷

বাবু চাহাবৰ দুজন ল’ৰা আছিল৷ ডাঙৰজনৰ নাম প্ৰভুদাস আৰু সৰুজনৰ নাম শিৱদাস৷ দুয়ো কলেজত পঢ়ি আছিল৷ দুয়োৰে মাজত মাথোঁ এটা বছৰৰ ব্যৱধান আছিল৷ দুয়ো বুদ্ধিমান আৰু যোগ্য যুৱক আছিল৷ কিন্তু প্ৰভুদাসলৈ পিতাকৰ চেনেহ অধিক আছিল৷ সি খুব উদ্যমী ল’ৰা আছিল আৰু পিতাকে তাৰ পৰা যথেষ্ট আশা কৰিছিল৷ তেওঁ তাক উচ্চশিক্ষাৰ বাবে ইংলেণ্ডলৈ পঠিয়াবলৈ বিচাৰিছিল৷ তাক বেৰিষ্টাৰ ৰূপে দেখাটো তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ অভিলাষ আছিল৷

কিন্তু বিধিৰ বিপাকত প্ৰভুদাসৰ বি.এ. পৰীক্ষাৰ পাছত জ্বৰ উঠিল৷ ডাক্তৰসকলে চিকিৎসা আৰম্ভ কৰিলে৷ এমাহলৈ প্ৰতিদিনে ডাক্তৰ চাহাবৰ অহা-যোৱা চলিল, কিন্তু জ্বৰ হ’লে নকমিল৷ আন এজন ডাক্তৰে চিকিৎসা কৰিবলৈ আৰম্ভ কৰিলে, কিন্তু তাৰ পৰাও একো লাভ নহ’ল৷ প্ৰভুদাস দিনে দিনে শুকাই খীণাই যাবলৈ ধৰিলে৷ উঠা-বহা কৰিবলৈয়ো তাৰ গাত বল-শক্তি নোহোৱা হ’ল৷ আনকি, পৰীক্ষাত প্ৰথম শ্ৰেণী পাই উত্তীৰ্ণ হোৱা শুভ সংবাদটো শুনাৰ পাছতো তাৰ মুখত আনন্দৰ কোনো লেখ দেখা নগ’ল৷ সি সদায় গভীৰ চিন্তাত নিমগ্ন হৈ থকা হ’ল৷ জীৱনটো তাৰ বোজা যেন লাগিবলৈ ধৰিলে৷ এদিন চৈতন্যদাসে ডাক্তৰক সুধিলে – এয়া আকৌ কেনে কথা, দুমাহ হৈ গ’ল আৰু এতিয়ালৈ যে দৰৱে কোনো গুণ দিয়া নাই?

ডাক্তৰ চাহাবে সন্দেহজনকভাবে উত্তৰ দিলে – মই আপোনাক অনিশ্চয়তাত ৰাখিবলৈ বিচৰা নাই৷ মোৰ সন্দেহ হৈছে যে এয়া টিউবাৰকুল’চিচ৷

চৈতন্যদাসে অস্থিৰভাবে সুধিলে- যক্ষ্মা?

ডাক্তৰ – হয়৷ তাৰেই সকলোবোৰ লক্ষণে দেখা দিছে৷

তেওঁ যেন কিবা বিস্ময়কৰ কথাহে শুনিলে ঠিক তেনে এক অবিশ্বাসৰ ভাবেৰে চৈতন্যদাসে সুধিলে – যক্ষ্মা হৈছে?

ডাক্তৰে আফচোচ কৰি ক’লে – এই ৰোগবিধ খুব সন্তৰ্পণে শৰীৰত প্ৰৱেশ কৰে৷

চৈতন্যদাস – মোৰ বংশততো কাৰোৱে এই ৰোগ নাছিল৷

ডাক্তৰ – লগ-বন্ধুৰ পৰাও এই বীজাণু আহিব পাৰে৷

কেইমুহূৰ্তমান চিন্তা কৰাৰ পাছত চৈতন্যদাসে মাত দিলে – এতিয়া কি কৰা উচিত?

ডাক্তৰ – দৰৱ খুৱাই থাকক৷ এতিয়ালৈকে হাওঁফাওত ক্ৰিয়া কৰা নাই৷ এওঁৰ ৰোগ নিৰাময় হোৱাৰ আশা আছে৷

চৈতন্যদাস – আপোনাৰ মতে কেতিয়ালৈ দৰৱে কাম কৰিবলৈ আৰম্ভ কৰিব?

ডাক্তৰ – নিশ্চয়তাৰে একো ক’ব নোৱাৰি৷ কিন্তু তিনি-চাৰিমাহমানত তেওঁ আৰোগ্য হৈ যাব৷ জাৰকালি এই ৰোগবিধৰ জোৰ কমি যায়৷

চৈতন্যদাস – সুস্থ হৈ উঠাৰ পাছত পঢ়া-শুনাত পৰিশ্ৰম কৰিব পাৰিবনে?

ডাক্তৰ – মানসিক পৰিশ্ৰম কৰাৰ জোখাৰে ক’তনো আৰু ইমান শক্তিশালী হ’ব পাৰিব!

চৈতন্যদাস – কোনোবা ‘চেনেট’ৰিয়াম’ (পাহাৰত থকা স্বাস্থ্যকেন্দ্ৰ)লৈ পঠিয়াই দিলে কেনে হয়?

ডাক্তৰ – অতি উত্তম৷

চৈতন্যদাস – তেতিয়া সি সম্পূৰ্ণকৈ সুস্থ হৈ উঠিবনে?

ডাক্তৰ – হ’ব পাৰে, কিন্তু এই বেমাৰটোক দমন কৰি ৰাখিবলৈ এওঁক মানসিক পৰিশ্ৰমৰ পৰা দূৰত ৰখাই ভাল হ’ব৷

চৈতন্যদাসে নিৰাশভাবে ক’লে – তেনেহ’লেতো ইয়াৰ জীৱনটোৱে নষ্ট হৈ গ’ল৷

জহকালি অতিবাহিত হ’ল৷ বাৰিষাৰ দিন আহিল, প্ৰভুদাসৰ অৱস্থা দিনে দিনে বেয়াৰ ফালে ঢাল খালে৷ সি শুই শুই এই ৰোগৰ বিষয়ে নামজ্বলা ডাক্তৰসকলে আগবঢ়োৱা ব্যাখ্যাসমূহ পঢ়ি থাকে আৰু তেওঁলোকৰ অভিজ্ঞতাৰ লগত নিজৰ অৱস্থাৰ তুলনা কৰি থকা হ’ল৷ প্ৰথম কিছুদিনততো সি বাৰুকৈয়ে অস্থিৰ-ব্যাকুল হৈ পৰিছিল৷ দুই-চাৰিদিন অৱস্থাটো অলপ ভালে থাকিলে কিতাপ পঢ়া আৰম্ভ কৰে আৰু বিলাত যাত্ৰাৰ আলোচনা কৰিবলৈ ধৰে৷ আকৌ দুই-চাৰিদিন জ্বৰৰ কোপ বাঢ়িলে তাৰ জীৱনৰ প্ৰতি নিৰাশা বাঢ়ি যায়৷ কিন্তু কেইমাহমানৰ পাছত এই ৰোগৰ পৰা মুক্ত হোৱাটো কঠিন বুলি যেতিয়া তাৰ বিশ্বাস হ’ল তেতিয়া সি জীৱনৰ চিন্তা এৰি পেলালে; পথ্যাপথ্যৰ বাচ-বিচাৰ নকৰা হ’ল, পৰিয়ালৰ মানুহৰ চকুত ধূলি মাৰি ঔষধবোৰ মাটিত পেলাই দিয়া হ’ল আৰু বন্ধু-বান্ধৱৰ সৈতে আড্ডা দি, সময় কটাই মনটোক ভাল লগাবলৈ ধৰিলে৷ যদি কোনোবাই তাৰ স্বাস্থ্য বিষয়ক কিবা সোধে সি বিৰক্ত হৈ আনফালে মুখ ঘূৰায়৷ তাৰ ভাব-ভংগীত এক শান্তিময় উদাসীনতা আহিছিল আৰু কথা-বতৰাতো দাৰ্শনিক ভাবধাৰা ফুটি উঠিছিল৷ সি লোক-ৰীতি আৰু সামাজিক প্ৰথাবোৰৰ বিষয়ে খুব নিৰ্ভীকভাবে আলোচনা কৰিছিল৷ য’ত পৰিণামটো জ্ঞাত তাত এইদৰে ধনৰ অপব্যয় কৰি কি লাভ বুলি বাবু চৈতন্যদাসৰ মনটো শংকাত ৰৈ ৰৈ কঁপি উঠে যদিও পুত্ৰ স্নেহ আৰু মানুহৰ অপবাদৰ ভয়ত ধৈৰ্য ধৰি তেওঁ দৰৱ-জাতিৰ ব্যৱস্থা কৰি আছে৷

জাৰকালিৰ বতৰ আছিল৷ চৈতন্যদাসে পুতেকৰ মূৰ শিতানৰ ফালে বহি থকা ডাক্তৰ চাহাবলৈ প্ৰশ্নবোধক দৃষ্টিৰে চাই আছিল৷ যেতিয়া ডাক্তৰ চাহাবে থাৰ্মোমিটাৰেৰে তাপমান জুখি চকীত বহিলে তেতিয়া চৈতন্যদাসে সুধিলে – এতিয়াতো জাৰ পৰিল৷ আপুনি কিবা পাৰ্থক্য দেখিছেনে?

ডাক্তৰ – মুঠেও দেখা নাই৷ বৰঞ্চ বেমাৰটো আৰু বেছি দুৰূহ হৈ গৈ আছে৷

চৈতন্যদাসে কঠোৰ মাতেৰে সুধিলে – তেন্তে জাৰৰ দিনত বেমাৰ ভাল হৈ যাব বুলি আপোনালোকে মোক কিয় ফুচুলাই ৰাখিছিল? এইদৰে আনৰ সৰলতাৰ সুযোগ লৈ নিজৰ স্বাৰ্থ সিদ্ধি কৰাটোৱে যদি কাৰোবাৰ উদ্দেশ্য তেন্তে তেনে উদ্দেশ্যক কেতিয়াও মহান বুলি ক’ব নোৱাৰি৷

ডাক্তৰে নম্ৰস্বৰত ক’লে – এনেবোৰ অৱস্থাত আমি কেৱল অনুমানহে কৰিব পাৰোঁ আৰু অনুমান সদায় শুদ্ধ নহ’বও পাৰে৷ আপোনাৰ কষ্ট হোৱা বুলি বুজিছোঁ, কিন্তু বিশ্বাস কৰক আপোনাক ফুচুলাই ৰখাৰ মোৰ কোনো অভিপ্ৰায় নাছিল৷

শিৱদাস বহুদিনৰ মূৰত বন্ধত ঘৰলৈ আহিছিল৷ সেইসময়তে সি কোঠালিটোত প্ৰৱেশ কৰিলে আৰু ডাক্তৰক ক’লে – পিতাই কিমান কষ্ট পাইছে সেয়া আপুনি নিজে অনুমান কৰিব পাৰিছে৷ যদি তেওঁৰ কথাত বেয়া পাইছে তেন্তে তেওঁক ক্ষমা কৰি দিব৷

চৈতন্যদাসে সৰু পুতেকৰ ফালে স্নেহপূৰ্ণ দৃষ্টিৰে চাই ক’লে – তুমি ইয়ালৈ অহাৰ কি প্ৰয়োজন আছিল? মই তোমাক কিমানবাৰ কৈছোঁ যে ইয়ালৈ নাহিবা৷ কিন্তু তুমি দেখোন ধৈৰ্য ধৰিবই নোৱাৰা!

শিৱদাসে লাজ পাই ক’লে – মই এতিয়াই যাম৷ আপুনি খং নকৰিব৷ মই মাথোঁ ডাক্তৰ চাহাবক ইয়াকে সুধিবলৈ আহিছিলোঁ যে ককাইদেউৰ বাবে এতিয়া কি কৰা উচিত!

ডাক্তৰ চাহাবে ক’লে – এতিয়া মাথোঁ এটাহে উপায় আছে৷ এওঁক ইটালীৰ কোনোবা ‘চেনেট’ৰিয়াম’লৈ পঠিয়াই দিয়া উচিত৷

চৈতন্যদাসে সচকিত হৈ সুধিলে – কিমান খৰছ হ’ব?

ডাক্তৰ – বেছিতকৈ বেছি তিনি হাজাৰ৷ গোটেই বছৰটো থাকিব লাগিব৷

চৈতন্যদাস – তাৰ পৰা যে সম্পূৰ্ণ আৰোগ্য হৈ আহিব তাৰ কিবা নিশ্চয়তা আছেনে?

ডাক্তৰ – নাই৷ সাধাৰণ বেমাৰ-আজাৰতে একো কথা নিশ্চয়তাৰে ক’ব নোৱাৰি, তাতে আকৌ এয়াতো এটা ভয়ংকৰ ৰোগ৷

চৈতন্যদাস – ইমান খৰছ-পাতি কৰাৰ পাছতো যেনেকৈ গৈছিল তেনেকৈয়ে তাৰ পৰা ঘূৰি আহে যদি?

ডাক্তৰ – তেন্তে সেয়া ঈশ্বৰৰ ইচ্ছা৷ আপুনি অন্ততঃ সান্ত্বনা পাব যে আপুনি এওঁৰ বাবে যিখিনি কৰিব পাৰি, সকলোখিনি কৰিলে৷

মাজনিশালৈ প্ৰভুদাসক ইটালীলৈ পঠিওৱা প্ৰস্তাৱটোৰ ওপৰত বাদ-বিবাদ চলি থাকিল৷ চৈতন্যদাসৰ যুক্তিটো আছিল, এটা আনুমানিক আৰু অনিশ্চিত পৰিণামৰ বাবে তিনি হাজাৰ টকা খৰছ কৰাটো বুদ্ধিমানৰ কাম নহয়৷ শিৱদাসে তেওঁৰ সৈতে সহমত পোষণ কৰিলে৷ কিন্তু সিহঁতৰ মাকে দৃঢ়তাৰে এই কথাৰ বিৰোধ কৰি আছিল৷ অৱশেষত মাকৰ তিৰস্কাৰত লাজ পাই শিৱদাসে মাকৰ পক্ষ ল’লে আৰু বাবু চাহাব অকলশৰীয়া হ’ল৷ তপেশ্বৰীয়ে যুক্তি-তৰ্কৰ শৰণ ল’লে৷ গিৰিয়েকৰ সৎ আচাৰ-আচৰণ, সৎ ভাববোৰৰ ওপৰত আলোকপাত কৰিবলৈ চেষ্টা কৰিলে৷ ধন-সম্পত্তিৰ নশ্বৰতা বিষয়ক প্ৰবাদ-প্ৰবচনবোৰ গাই শুনালে৷ এইবোৰ যুক্তি-তৰ্কৰ অস্ত্ৰৰে কাম নিসিজাত শেষত তাই কান্দিবলৈ ধৰিলে৷ বাবু চাহাব এই অশ্ৰুধাৰাৰ প্ৰহাৰত ধৰাশায়ী হৈ পৰিল৷ শেষত এইদৰে তেওঁ পৰাজয় স্বীকাৰ কৰিলে – হ’ব বাৰু, নাকান্দিবাচোন! তুমি যি বিচাৰিছা সেয়ে হ’ব৷

তপেশ্বৰী – তেন্তে কেতিয়া?

চৈতন্যদাস – টকা-সিকিকেইটা হাতলৈ আহিবলৈতো দিয়া৷

তপেশ্বৰী – তেন্তে ইয়াকে নোকোৱানো কিয়, যে তোমাৰ পঠিয়াবলৈকে মন নাই?

চৈতন্যদাস – পঠিয়াবলৈয়ে বিচাৰিছোঁ, কিন্তু এতিয়া একেবাৰে হাত খালী৷ তুমি নাজানা নেকি?

তপেশ্বৰী – বেংকততো টকা আছে? সম্পত্তিওতো আছে? দুই-তিনি হাজাৰ টকাৰ যোগাৰ কৰাটো কিনো ইমান কঠিন কাম?

চৈতন্যদাসে ঘৈণীয়েকলৈ এইদৰে চালে যেন তাইক গিলিহে পেলাব! আৰু এক মুহূৰ্তৰ পাছত ক’লে – একেবাৰে সৰু ল’ৰা-ছোৱালীৰ দৰে কথা কৈ আছা৷ ইটালীত একো সঞ্জীৱনী ৰাখি থোৱা নাই যে তৎক্ষণাতে কিবা চমৎকাৰ হৈ যাব৷ তাতো কেৱল ভাগ্য পৰীক্ষা কৰোৱাৰ দৰেহে হ’ব যেতিয়া সাৱধানেৰে আগবাঢ়িম৷ পূৰ্বপুৰুষৰ সঞ্চিত সম্পত্তি আৰু জমা থকা টকা-পইচা এনেকৈ কোনো অনিশ্চিত ফলৰ আশাত শেষ কৰিব নোৱাৰি৷

তপেশ্বৰীয়ে ভয়ে ভয়ে ক’লে – কিন্তু তাৰেতো আধাভাগ প্ৰভুদাসৰো?

বাবুচাহাবে তিৰস্কাৰ কৰি ক’লে – আধা নহয়, তাক মই সৰ্বস্ব দি দিলোঁহেঁতেন, যদিহে তাৰ পৰা মই কিবা আশা কৰিব পাৰিলোঁহেঁতেন, সি বংশৰ মৰ্যাদা আৰু ঐশ্বৰ্য বঢ়াব পাৰিলেহেঁতেন আৰু এতিয়া তাৰ নামত খৰছ কৰা টকাকেইটাৰ পৰিণামস্বৰূপে সি কিবা এটা কৰি দেখুৱাব পাৰিলেহেঁতেন! কেৱল আবেগৰ বান্ধত পৰি মই টকা খৰছ কৰিব নোৱাৰোঁ৷

তপেশ্বৰী অবাক হৈ পৰিল৷ জয়ী হৈয়ো তাই হাৰি গ’ল৷

এই প্ৰস্তাৱৰ ছমাহৰ অন্তত শিৱদাসে বি.এ. পাছ কৰিলে৷ চৈতন্যদাস বাবুৱে তেওঁৰ জমিদাৰীৰ কিছু মাটি বন্ধকত থৈ আইন পঢ়িবৰ নিমিত্তে তাক ইংলেণ্ডলৈ পঠিয়ালে৷ তাক বোম্বাইলৈ তেওঁ নিজে আগবঢ়াই থৈ আহিল৷ তাৰ পৰা ওভটাৰ বাটত তেওঁৰ মন-মগজুত ভৱিষ্যতৰ লাভৰ আশাই জলমলাই আহিল৷ তেওঁ ঘূৰি অহাৰ এসপ্তাহ পাছত দুৰ্ভগীয়া প্ৰভুদাসে নিজৰ উচ্চাভিলাষবোৰ সামৰি পৰলোকলৈ গমন কৰিলে৷

চৈতন্যদাসে মণিকৰ্ণিকা ঘাটত তেওঁৰ ইষ্ট-কুটুম্বৰ সৈতে বহি চিতাৰ জুইকুৰালৈ চাই আছিল৷ তেওঁ চকুৰে অহৰহ অশ্ৰুধাৰা নিগৰি আছিল৷ এটি ক্ষণৰ বাবে অৰ্থ-শাস্ত্ৰৰ সূত্ৰবোৰে পুত্ৰ-প্ৰেমকো চূৰ্ণ-বিচূৰ্ণ কৰি পেলাইছিল৷ সেই শোকাকূল সময়তো তেওঁৰ মনে কল্পনা কৰিবলৈ ধৰিলে যে, ইটালীলৈ গৈ কিজানি প্ৰভুদাসৰ ৰোগ সম্পূৰ্ণকৈ নিৰাময় হ’লহেঁতেন! হায় হায়! মই তিনিহাজাৰ টকাৰ কথা ভাবিলোঁ আৰু পুত্ৰৰত্নক হেৰুৱাই পেলালোঁ৷ এই ভাবনাই বাৰে বাৰে তেওঁক সচকিত কৰি তোলে আৰু গ্লানি, শোক আৰু অনুতাপে তেওঁক ক্ষত-বিক্ষত কৰে৷ এই অনুতাপে ৰৈ ৰৈ তেওঁৰ হৃদয় দগ্ধ কৰিবলৈ ধৰিলে৷ তেওঁৰ এই অন্তৰ্দ্বন্দ্বৰ পোৰণি জ্বলি থকা চিতাগ্নিতকৈ কম নাছিল৷ অকস্মাৎ সানাইৰ সুৰ এটি তেওঁৰ কাণত পৰিল৷ ওপৰলৈ মূৰ তুলি তেওঁ দেখিলে যে এখন সাঙীৰ লগে লগে এদল মানুহ আহি আছে৷ তেওঁলোক সকলোৱে ঢোল বজাই, গীত গাই, ফুল ছতিয়াই ছতিয়াই আহি আছিল৷ ঘাট পাই তেওঁলোকে সাঙীখন নমালে আৰু চিতা সাজিবলৈ আৰম্ভ কৰিলে৷ তেওঁলোকৰ মাজৰ পৰা এজন যুৱক আহি চৈতন্যদাসৰ ওচৰত থিয় হ’লহি৷ বাবু চাহাবে সুধিলে – কোনটো চুবুৰীত থাকা?

যুৱকজনে উত্তৰ দিলে – আমাৰ ঘৰ দেহাত জিলাত৷ এওঁৰ কালি সন্ধিয়া দেহাৱসান হ’ল৷ এওঁ আমাৰ পিতা আছিল৷ আমি ইয়ালৈ খুব কমকৈ আহোঁ, কিন্তু “মোক মণিকৰ্ণিকা ঘাটলৈ লৈ যাবি” – এয়ে পিতাৰ শেষ ইচ্ছা আছিল৷

চৈতন্যদাস – এই সকলোবোৰ মানুহ তোমাৰ লগত আহিছে?

যুৱক – হয়, পিছে পিছে আৰু কিছু মানুহ আহি আছে৷ কমেও এশজনমান মানুহ আহিছে৷ ইয়ালৈ আহোঁতে কেইবাশও টকা খৰছ হ’ল; কিন্তু মনতে ভাবিছোঁ, বৃদ্ধ পিতৃৰ মুক্তিৰ দ্বাৰ খোল খাই গ’ল৷ ধননো আৰু কিয় লাগে?

চৈতন্যদাস – তেওঁৰ কি বেমাৰ হৈছিল?

যুৱকজনে যেন নিজৰ কোনো আত্মীয়ৰ লগতহে কথা পাতি আছে তেনেকৈয়ে বৰ সৰলতাৰে কথা পাতি আছিল – কি বেমাৰ হৈছিল কোনেও একো ধৰিব নোৱাৰিলে৷ নেৰানেপেৰাকৈ জ্বৰ উঠি আছিল৷ শুকাই-খীণাই হাড়ে-ছালে লগ লাগি গৈছিল৷ চিত্ৰকূট, হৰিদ্বাৰ, প্ৰয়াগ সকলো ঠাইলৈ লৈ গ’লোঁ৷ বেজসকলে যি যি কৰিবলৈ কৈছিল একো বাকী নাৰাখিলোঁ৷

সেইসময়তে যুৱকজনৰ লগত অহা এজন মানুহ আহি তাত উপস্থিত হ’ল আৰু ক’লে – চাহাব, এনেয়ে কোৱা কথা নহয়, নাৰায়ণে পুত্ৰ সন্তান দিলে এনেকুৱা সন্তানে দিব লাগে৷ ই টকা-পইচাৰ প্ৰকৃত মূল্য বুজি পাইছে৷ ঘৰৰ সকলো জমাধন পিতাকৰ দৰৱ-জাতিৰ নামত উৎসৰ্গ কৰিলে৷ মাটি-বাৰী পৰ্যন্ত বেচিলে, কিন্তু কাল-ব্যাধৰ আগত মানুহৰনো কি শকতি!

যুৱকে গদগদ সুৰেৰে ক’লে – দাদা, টকা-পইচা হাতৰ মলি৷ কেতিয়া আহে, ক’লৈ যায় একো ঠিক নাই; কিন্তু এবাৰ গ’লে মানুহ আৰু ঘূৰি নাহে৷ আয়ুসত চাউল থাকিলে উপাৰ্জন কৰি খাম৷ কিন্তু এতিয়া অন্ততঃ মনটোত এই উদ্বিগ্নতা নাথাকিব যে হায়, পিতাৰ বাবে এইটো নকৰিলোঁ, সেই বৈদ্যজনৰ ওচৰলৈ নিনিলোঁ, নিয়াহ’লে জীয়াই থাকিলেহেঁতেন! আনকি মোৰ এনে হৈছিল যে কোনোবাই যদি আমাৰ সকলো ঘৰ-দুৱাৰ নিজৰ নামত লিখাই লোৱাৰ বিনিময়ত পিতাৰ মুখৰে দুটা শব্দও উলিয়াব পাৰে তেন্তে তাকে হওক! এই মায়া-মোহৰ নামেই জীৱন, অন্যথা ইয়াতনো কি আছে? ধনতকৈ প্ৰিয় প্ৰাণ, প্ৰাণতকৈয়ো প্ৰিয় সততা৷ আপোনাক সঁচাকৈ কৈছোঁ বাবু চাহাব, যদি পিতাৰ বাবে মোৰ সাধ্যত থকা কিবা কৰিবলৈ ৰৈ গ’লহেঁতেন তেন্তে আজি মই কন্দাৰ যোগ্যও হৈ নাথাকিলোঁহেঁতেন! নিজৰ হৃদয়ে নিজকে ধিক্কাৰ দি থাকিলেহেঁতেন! এই মুহূৰ্তত মোৰ নিজৰ মুক্তিৰ বাট মোৰ বাবে এক বৃহৎ বোজাৰ দৰে যেন এনে অনুভৱ হ’লহেঁতেন! তেওঁৰ আত্মাই সুখ আৰু শান্তিত থাকিলে মোৰ সকলোফালে কল্যাণেই হ’ব৷

চৈতন্যদাস বাবুৱে তল মূৰকৈ কথাখিনি শুনি আছিল৷ এটা এটা শব্দই তেওঁৰ হৃদয়ত শেলে বিন্ধা দি বিন্ধিলে৷ উদাৰতাৰ এই আলোকত তেওঁ নিজৰ হৃদয়ৰ দীনতা, শূন্যতা, জড়তা অত্যন্ত ভয়ংকৰভাবে দেখা পালে৷ প্ৰভুদাসৰ অন্ত্যোষ্টিক্ৰিয়া-সংস্কাৰত তেওঁ যেতিয়া হাজাৰ হাজাৰ টকা খৰছ কৰি পেলালে তেতিয়া তেওঁৰ মন-মগজুত এই যুৱকজনৰ ঘটনাটোৱে কিমান প্ৰভাৱ পেলাইছিল তাৰ ধাৰণা কৰিব পৰা হ’ল৷ তেওঁৰ সন্তাপিত হৃদয়ে শান্তি লাভ কৰাৰ বাবে একমাত্ৰ এই উপায়টোৱে ৰৈ গৈছিল৷


Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক